Inflation , Slowdown of GDP in India - some whatsapp msg from opposition
Inflation in India :
Inflation rate based upon the Consumer Price Index (CPI) for the year :-
2012.........9.3%,
2013.........10.92% and
2017.........01.90%
Inflation rate based upon the Consumer Price Index (CPI) for the year :-
2012.........9.3%,
2013.........10.92% and
2017.........01.90%
এইটো সকলোৱে চাবপৰা ( http://www.inflation.eu/inflation-rates/india/historic-inflation/cpi-inflation-india-2017.aspx ) তথ্য ।
বৰ্তমান whatsapp বা অন্য সামাজিক মাধ্যমত মূল্য বৃদ্ধিকে ধৰি অনেক বিষয়ে বিভিন্ন বিভ্ৰান্তিমূলক প্ৰচাৰ চলা দেখি আচৰিত নহৈ নোৱাৰি । চৰকাৰে কৰিবলৈ সমৰ্থ হোৱা বেয়া কামৰ বিষয়ে যেনেকৈ চৰ্চাৰ প্ৰয়োজন তেনেকৈ ভাল কামৰ কথাবোৰ আলোচনা হোৱা উচিত ।
মোডী চৰকাৰৰ ৰাজসাহাৰ্য কৰ্তন :
২০১৭-১৮ বত্ত বৰ্ষৰ বাবে খাদ্য , তেল আৰু সাৰৰ ওপৰত ৰাজ সাহাৰ্য্য নিৰ্দ্ধাৰণ হৈছিল Rs.2,40,338.6 কোটি টকা । অৰ্থাৎ ৰাজ সাহাৰ্য বৰ্তমানো আছে ।
Impect of Demonetization :
Demonetization ৰ প্ৰভাৱ দেশৰ বৃহৎ সংখ্যক জনসাধাৰণৰ ওপৰত পৰিল । সেইটোৰ পৰা হ'ব পৰা বহুতো কথাই আমাৰ মূৰত খুন্দিয়াই গৈছিল আৰু মাজে মাজে লিখিছিলো । ক'লা ধন বুলি নকৈ বণিয়াৰ ভাষাৰে কেঁচা টকা বুলি ক'লেও তাৰ বিলুপ্তিৰ ফলত দিন হাজিৰা কৰা মানুহ , property broker , বিভিন্ন মণ্ডি , সৰু ব্যৱসায়ী , ঘৰুৱা Handicraft উদ্যোগ আদিত অতি বেয়াকৈ পৰিছে । কিন্তু সেইবোৰ জমা কৰি বৃহৎ সংখ্যক লোক চৰকাৰৰ আয়কৰ বিভাগৰ আওঁতালৈ আহিল । এটা সমান্তৰাল অৰ্থনীতি বন্ধপ্ৰায় হ'ল । সৰু বৰ হাৱালা ত বাধা আহিল । সেইটো এটা ডাঙৰ সফলতা আৰু দেশৰ ভৱিষ্যতৰ বাবে দৰকাৰ আছিল । "Demonetization as a cleaning exercise may produce several good things in the economy. At the same time, it creates unavoidable income and welfare losses to the poor sections of the society who gets income based on their daily work and those who doesn’t have the digital transaction culture. Overall economic activies will be dampened in the short term. But the unmeasurable benefits of having more transparency and reduced volume of black money activities can be pointed as long term benefits ." চৰকাৰে এই ব্যৱস্থাৰ পৰা হ'ব পৰা impect ত অতি সাধাৰণ প্ৰজাৰ আৰ্থিক ক্ষতিৰ কিদৰে ভৰপাই কৰিব তাৰ চিন্তা কৰিব লাগিছিল । সেইটো সদায়ে ক'ম । কিন্তু ভাল হোৱাটোও ক'ম ।
চৰকাৰৰ বহু আঁচনিৰ বিপৰীত ফল জনসাধাৰণৰ ওপৰত পৰিছে যিটো অৱশ্যম্ভাৱি । সেইবোৰ ৰাইজেও আঙুলিয়াই দিবলাগিব । জনতাৰ স্বাৰ্থৰ বিপৰীতে হোৱা প্ৰতিটো কামৰ প্ৰতিবাদও কৰিব লাগিব । সেইটো চৰকাৰে শুনিব । যিটো আগতে বিৰল আছিল । সৰু সৰু একোটা আপত্তিও দেশৰ মন্ত্ৰীক দিব পৰাৰ কথা নুশুনাকৈ আমাৰ বয়সে ৬০ টা বছৰ স্পৰ্শ কৰিলে । বন্ধু Diganta Baruah ৰ সাধাৰণ সমস্যা এটাৰ কথা টুইটাৰত জনাওঁতে বিভাগৰ তৎক্ষণাত action দেখিলো । SBI ৰ EQB ৰ বাবে কৰা কৰ্তনৰ কথাবোৰ চৰকাৰে বিবেচনা কৰা বুলি শুনিবলৈ পালোঁ । ২০০০ লৈকে cashless transaction ত Service charge উঠাই দিলে । Aamir AZ Hazarika ই মৰিয়নি জংচনত কোনোবা পাষাণ পিতৃ মাতৃয়ে এৰিযোৱা কন্যা শিশুটিৰ বিষয়ে তদন্ত কৰাবলৈ ৰেল মন্ত্ৰীক কৰা অনুৰোধ তৎক্ষণাত কাৰ্যকৰী কৰা দেখিলো । এনেকুৱা অলেখ উদাহৰণ মোৰ মনতে আছে । ১৩৪ কোটিৰ দেশত আৰু কিমানৰ কি আছে ভাবিব লাগা কথা নহয়নে ? কেন্দ্ৰ চৰকাৰৰ পদক্ষেপ বোৰৰ ফল পাওঁতে কিছু সময়ৰ প্ৰয়োজন হয় । কিন্তু কম উপাৰ্জনৰ (বহুতে যাক সৰু মানুহ বুলি কয়) মানুহৰ সংখ্যা দেশত সৰ্বাধিক হেতু তেওঁলোকৰ ওপৰত চৰকাৰী policy change -ত পৰা প্ৰভাৱৰ পৰা কিবাকৈ পৰিত্ৰাণ পোৱাবৰ ব্যৱস্থা অপৰিহাৰ্য্য আছিল ।
আগৰ কোনোবা চৰকাৰৰ মন্ত্ৰীক এনেকৈ কোনোবাই ক'ব পাৰিছিল নে ?? নে তাৰবাবে MP/MLA ক খাটনি ধৰিছিল ? তেনে পৰিবেশত ৰাজহুৱা বিষয়ে কিমান প্ৰাধান্য পাইছিল বাৰু ? সহপাঠি , বন্ধু , অতি ঘনিষ্ঠ MLA/MP ক ফোন কৰি পোৱা বা গৈ লগ পোৱা কিমান সহজ আছিল ?? চৰকাৰ ৰাইজৰ ওচৰতে পোৱাৰ কথাটো সৰু কথা নহয় ।
অসমত এতিয়াও অৱশ্যে চৰকাৰক হাততে পৱৰ কথাবোৰ ইমান সুলভ হোৱা নাই । কাৰণ তেওঁলোকৰ হয়তো তেনে একোটা কৰ্মঠ IT team এতিয়াও নাই । সকলো মন্ত্ৰী এতিয়াও যুগৰ লগত খাপ খোৱাও নাই চাগৈ । সেয়ে দূৰত্ব বৰ্তমানো আছে । চৰকাৰৰ ওচৰত দিব লগা আপত্তি অনেক আছে । এজন নাগৰিকৰ প্ৰাপ্য খিনি আমাক লাগিবই । কিন্তু মিছা অপবাদ দি তাকে নকওঁ ।
I still believe all the action taken will have long-term affect. We have grown a habit of looking for short term gain. Like fast track court and punishment, we need fast track action and success.
ReplyDelete