প্ৰতিবাদৰ ভাষা আৰু স্বাধীন ভাৰতৰ চৰকাৰ
আমাৰ দাবীৰ সমৰ্থনত চৰকাৰক সৈমান কৰাবলৈ ৰাইজে আন্দোলনৰ নতুন কিবা কাৰ্যসূচী তৈয়াৰ কৰাৰ চিন্তা কৰিব লাগিব । এতিয়া দেশত নিজৰ চৰকাৰ । গান্ধীজীৰ দিনত আছিল বৃটিছ সকলৰ চৰকাৰ । বিদেশীৰ শাসনত চল, বল, কৌশল , দমনৰ বিৰুদ্ধে গান্ধীজীৰ অহিংস আন্দোলনৰ গুৰুত্ব বেলেগ আছিল । আজি দেশৰ মানুহৰ শাসনত তাৰ গুৰুত্ব ম্লান পৰিল । "ঘৰকা মূৰ্গী , ডা বৰাবৰ " বুলি কথাষাৰ মনত ৰাখি আমি আমাৰ দাবীৰ সমৰ্থনত নিজৰ পেটৰ বিৰুদ্ধে কাৰ্যসূচী ল'লে সেয়া কাৰো ত্যাগ নহ'ব । চৰকাৰৰ ক্ষতি হ'ব , চৰকাৰ চলোৱা সকলৰ নহ'ব । শেষত চৰকাৰী ক্ষতিৰ ভৰপায় কৰিবও লাগিব আমিয়েই ।
বন্ধৰ দ্বাৰা চৰকাৰৰ দৃষ্টি আকৰ্ষিত কৰাৰ নজিৰ আজিৰ যুগত নোহোৱা হ'ল । আমি প্ৰতিবাদ কি পদ্ধতিৰে কৰিছো সেইটো যিমান ডাঙৰ কথা , তাতোকৈ ডাঙৰ কথা , চৰকাৰ সমূহে তেওঁলোকৰ কৰ্মৰ বিপক্ষে ৰাইজৰ প্ৰতিবাদৰ ভাষা, তাৰ কাৰণৰ ন্যাৰ্যতা উপলব্ধি কৰাটোহে । আমি নিজৰ পেটত লঠিয়াই সাব্যস্ত কৰা প্ৰতিবাদত জন-দৰদী চৰকাৰ সমূহৰ পেটত বিষ উঠিব লাগিব । অন্যথা প্ৰতিবাদ/ আন্দোলনৰ পৰা কি লাভ ??
Comments
Post a Comment