ক'ৰবাত কিবাকিবি বিজুতি হৈছে

মানুহ বোৰৰ মাজত উদ্যম হেৰাইছে নেকি ? চৰকাৰ আৰু ভোটাৰ ৰাইজৰ মাজত ক'ৰবাত কিবাকিবি সংযোগ কম হৈছে নেকি সেইটো কথা লক্ষ্য কৰিবলগীয়া হৈছে । কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সকলৰ ভিতৰত গুৰুত্বপূৰ্ণ দায়িত্বত থকা সকলে দেশৰ ১২৫ কোটি মানুহৰ ভিতৰত বিভিন্ন ধৰণে  অহৰহ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে । কিন্তু অসমত মাত্ৰ ৩.২ কোটি মানুহৰ ভিতৰত চৰকাৰে যেন সম্পৰ্ক ৰখাত ব্যৰ্থ হ'ব ধৰিছে ।

দেশত মোডীজীৰ চৰকাৰ অহাৰ পিছত অন্যান্য কথা বাদ দি চৰকাৰৰ দৈনন্দিন কাম জনসাধাৰণক প্ৰত্যক্ষ ভাবে অৱগত কৰাটো লক্ষণীয় । ইয়াৰ উপৰিও বিদেশ মন্ত্ৰালয়কে ধৰি কেইটামান মন্ত্ৰালয়ে জনসাধাৰণৰ অভাৱ অভিযোগ সামাজিক মাধ্যম যোগে লৈ সমাধান কৰাৰ অনেক উদাহৰণ আছে । অসমত দহজন মাত্ৰ  মন্ত্ৰী  আৰু তেওঁলোকৰ সৰহ সংখ্যক যেন  জন সম্পৰ্কিত নহয় এনে লাগে । চৰকাৰৰ পৰিকল্পনা নো কি , সৰহ সংখ্যক মানুহৰ অগ্ৰাধিকাৰ ভিত্তিক প্ৰয়োজন বোৰ পূৰণ কৰাত কি কি পৰিকল্পনা লৈছে আৰু সেইবোৰ কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ কৰিব তাৰ কোনো বাৰ্তা যেন ৰাইজৰ ওচৰলৈ অহা নাই , তেনে অনুভৱ হৈছে । এয়া মোৰ অনুভৱ নহয় , ৰাইজৰ অনুভৱ । চহৰ আৰু গাওঁ সমূহৰ পথবোৰ অতিকে দুৰৱস্থা পূৰ্ণ হৈ পৰিছে । ৰোগী সকলৰ কথা বাদেই , সুস্থ লোকৰ কঁকালত বেল্টৰ প্ৰয়োজন অনিবাৰ্য্য হৈছে । সেইমতে গাড়ী মটৰৰ সঘনাই মেৰামতি হৈছে । তেলৰ মূল্য দৈনিক কম-বেছি হোৱাৰ সুবিধাই ৰাইজক slow poison দিবলৈ আৰম্ভ কৰিছে । পঞ্চাশ পইচাহে বাঢ়িছে বুলি কওঁতে সপ্তাহত তিনি টকা বাঢ়ে যিটো চৰকাৰৰ এটা অতি সাংঘাতিক বুদ্ধিৰ কাম বুলি মোৰদৰে ভেবাইও ভাবিবলৈ বাধ্য । যেতিয়া আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য কমিল তেতিয়া চৰকাৰে তাৰ শুল্ক বৃদ্ধি কৰি দিলে । এতিয়া আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য বৃদ্ধি হৈছে কিন্তু শুল্ক কমোৱা নাই  । এই বিষয়বস্তুঃ যদিও কেন্দ্ৰ চৰকাৰৰ তথাপি সি ৰাইজৰ দৃৃৃষ্টিৰে চৰকাৰৰ কামৰ আলোচ্য বিষয় হৈছে ।

চৰকাৰে পূজাৰ আগত বহু পথৰ পুখুৰী বোৰ fill-up কৰিব বুলি শুনিবলৈ পাইছো বা ক'ৰবাত আৰম্ভণি হৈছে । সেইবোৰ এবাৰলৈ মেৰামতিহে হ'ব বৰ্তমান । পথবোৰ একেবাৰতে বহল কৰিব পৰাৰ য'ত সুবিধা আছিল সেইবোৰ এতিয়াই বহল নহ'ব । বোধকৰো DPR প্ৰস্তুত হোৱাই নাই । গতিকে সেইবোৰ হোৱালৈ পুনঃ বাৰিষাৰ বতৰ হ'ব নেকি সেয়া ৰাইজৰ জনাৰ বৰ  প্ৰয়োজন । গড়কাপ্তানী মন্ত্ৰী জন সেইবোৰ বিষয়ত সৰৱ হোৱাৰ বৰ প্ৰয়োজন আছিল । মুখ্যমন্ত্ৰী মহোদয়ক বাদ দি মন্ত্ৰী পৰিষদত মন্ত্ৰী এজনহে যেন হৈ থকাটো তেওঁলোকৰ কৰ্মৰ পাৰদৰ্শীতাৰ পৰিচায়ক নহয় ।

চৰকাৰৰ ঘৰত "দুৰ্নীতিৰ আৰতী" পূৰ্ণ উদ্যমেৰে এতিয়াও চলি আছে বুলি বহু লোকে প্ৰকাশ কৰি আছে । এজনে মোক inbox কৰিছে - ''দাদা , এটিডিচি ৰ অধ্যক্ষৰ চেম্বাৰ নতুনকৈ বনোৱা খৰচ ৭০ লাখতকৈ অধিক হল বুলি খবৰ পাইছো । আগৰ অধ্যক্ষ্যা শ্ৰী হেমপ্ৰভা শইকীয়া বাইদেউ  ফুটপাথততো বহা নাছিল !!" এইবোৰ কুৎস্যাৰতনাও হ'ব পাৰে । কিন্তু শিক্ষিত সতৰ্ক মানুহৰ মাজলৈ যোৱাত msg হৈ আহিছে ।

কালি এজন সম্ভ্ৰান্ত লোকে গধুলি ফোনত সুধিলে - "বৰুৱা , আমাৰ পৌৰসভাখন কি হ'লগৈ হে ? " মই একো নেজানো বুলিয়েই তেখেতক ক'লো । সেইটো জনাৰ মোৰ কোনো উপায়ো নাই । এজন সাধাৰণ নাগৰিক হিচাবে তেখেতৰ সমানেই মোৰো জ্ঞান সীমিত । পিছতো তেখেতে মোক সুধিলে যে নাগৰিক সকলে যদি নিজৰ নিজৰ ৱাৰ্ডত সক্ষম ব্যক্তিক নিৰ্দলীয় ভাৱে নিৰ্বাচন জিকাব পাৰে তেতিয়া সভা গঠন কৰিব পাৰিব নে নোৱাৰে ? মই পাৰিব বুলি কোৱাত তেখেতে তেনে এটি প্ৰচেষ্টাৰ অংশীদাৰ হ'বলৈ পৰিকল্পনা কৰাৰ চিন্তা কেনেকৈ কৰিব পাৰি সেইটো চৰ্চা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে ।  যোৰহাট পৌৰসভাৰ যোৱা দিনবোৰৰ কাম আৰু বৰ্তমান ওলমি থকা অৱস্থা প্ৰত্যক্ষ কৰি এনেকুৱা বহু নাগৰিক আশাহঁত হৈছে । আজিৰ দিনত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে ৰাইজৰ মনত কি আছে  কথাবোৰ পৰিস্কাৰ হৈ পৰিল হেতেন । দল সমূহে এই কথাবোৰ বিশ্লেষণ কৰাৰ দৰকাৰ আছিল ।

বিদ্যুত বিভাগৰ কাম বাৰ্ষিক  APDCL ৰ লোকচানৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰি Unit rate বৃদ্ধি কৰাতেই যেন সীমাবদ্ধ , তেনে লগা হৈছে । কাৰণ বিদ্যুত বিভাগৰ অহা বছৰ বোৰত চাহিদাৰ বিপৰীতে উৎপাদন পৰিকল্পনা সম্পৰ্কে বাতৰি পঢ়াতকৈ বিদ্যুত তাঁৰত লাগি মৰাৰ বাতৰি বা নিৰিখ বৃদ্ধিৰ পৰিকল্পনাৰ বাতৰি অধিক । কৃষি , জলসিঞ্চন , উদ্যোগ , সমবায় , সমাজ কল্যাণ , PWD , শ্ৰম, ৰাজহ আদি বিভাগবোৰ চৰকাৰৰ হাতত আছে নে নাই তাৰ কোনো উমানেই  নাই । এই বিভাগবোৰ সৰু বৰ সকলো মানুহৰ সংস্পৰ্শত থাকিব লগা বিভাগ আৰু সেয়া সম্ভৱ হ'ব বিভাগীয় মন্ত্ৰীজনৰ বিভাগটোকলৈ থকা পৰিকল্পনা আৰু তাক জনমুখী কৰাৰ একান্ত ইচ্ছাৰ ওপৰত । জলসিঞ্চন বিভাগটোৱে দেশ স্বাধীন হোৱাৰ পিছৰপৰা এই পৰ্যন্ত  অসমৰ কৃষি ভূমিৰ বোধকৰোঁ ৬% ত জলসিঞ্চনৰ ব্যৱস্থা দিব পৰা নাই । সমবায় বিভাগৰ সফলতা কেৱল উদ্যোগ -বাণিজ্য বন্ধ কৰি, বিক্ৰী কৰি খালি ঘৰকেইটাত একোজন পৰিচালন সঞ্চালক বা কাৰ্যবাহী বিষয়া নিয়োগ কৰি ৰখা !! সেয়ে STATEFED, Sibsagar Dist. Central co-op Bank, Industrial Co-op Bank, Baruah Bamungaon Sugar Mill আদি অসংখ্য বন্ধ  Society কেৱল একোজন MD ৰাখিবলৈ জীয়াই থকাৰ দৰকাৰ হৈছে । APOL মিলো সেই তালিকাত স্থান পাবগৈ শীঘ্ৰে । APOL ৰ  শ শ কৰ্মচাৰীৰ শ শ আৱেদন নিবেদন পঢ়াৰ , কিবা এটা কৰাৰ সময় আৰু আগ্ৰহ -সদিচ্ছা বিভাগৰ বা বিভাগীয় মন্ত্ৰীৰ নাই ।

এইবোৰৰ মাজত চৰকাৰৰ আৰু বহু সৰু সৰু কথা মন কৰিবলগীয়া থাকে যিবোৰৰ সৈতে সাধাৰণ নাগৰিকৰ সহজ জীৱন নিৰ্বাহ নিৰ্ভৰশীল । সেইবোৰৰ ভিতৰত আইন শৃংখলা , সুলভ বজাৰ ব্যৱস্থা , ইত্যাদি বাৰেবিংকৰা  অনেক । ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলন কৰা কাগজ বা ধাতুৰ মূদ্ৰা আমি বজাৰত আদান প্ৰদান কৰাৰ আহিলা । সেইবোৰৰ ভিতৰত দহ টকাৰ নোট বা মূদ্ৰা সাধাৰণ বজাৰৰ মূল আধাৰ । যোৱা এমাহমান ধৰি যোৰহাটৰ নগৰৰ , মূল বজাৰৰ ব্যৱসায়ী সকলে দহ টকাৰ মূদ্ৰা নচলে বুলি গ্ৰাহকক  ওভতাই দিয়া পৰিলক্ষিত হৈছে । পাচলি বেপাৰীৰপৰা ৰিক্সা , টেম্পো, ফুচকাৱালা, PAN SHOP আদি অনেক লোকৰ ব্যৱসায় এই দহ টকাৰ নোট বা মূদ্ৰাৰ ওপৰত চলে । চৰকাৰ বা চৰকাৰৰ প্ৰতিনিধি উপায়ুক্ত মহোদয়ে বজাৰৰ ব্যৱসায়ী সকলক সাৱধান কৰি দিয়া প্ৰয়োজন যে RBI ৰ দ্বাৰা জাৰি কৰা সকলো টকা বা মূদ্ৰা লেনদেন কৰিবলৈ তেওঁলোক বাধ্য হ'ব লাগিব । এইবোৰ চৰকাৰৰ বিভাগীয় কামৰ উপৰুৱা কাম । চৰকাৰ ৰাইজৰ ওচৰ সম্বন্ধীয় হওঁক ,সেয়া শাসনত থকা দলৰ দীৰ্ঘকালীন ৰাজনৈতিক পৰিকল্পনা হওঁক , ৰাইজৰ সেয়াই আশা । জনতাৰ চৰকাৰ গণ বিচ্ছিন্ন হ'লে ৰাইজৰো আহুকাল অনেক ।


Comments

  1. অতি সময়োপযোগী পৰ্য্যবেক্ষণ। কিমান গম্ভীৰভাবে বিচাৰ কৰে নাজানো

    ReplyDelete

Post a Comment

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?