Posts

Showing posts from August, 2017

Jupiter moves from the sign Virgo to Libra on 12th Sept, 2017

Image
Planet of Fortune Makes a Move The Lord of happiness, wealth and fortune, planet Jupiter (Guru), moves from the sign Virgo to Libra, ruled by Venus. In Libra, Jupiter’s influence creates a lucky time period conducive for attracting wealth and fortune through noble means and acquiring merit through philanthropic activities. Life-Enriching Jupiter Transit Brings Harmony and Balance Jupiter, the Lord of the 9th house and 12th house in the natural zodiac, is moving into the 7th house of relationships and partnerships; which could bring opportunities to gain through transactions and negotiations. There is a saying in Tamil, “Guru Paarka Koodi Nanmai” which means Jupiter’s aspect can ward off negativities and bring multifold benefits. Jupiter is referred to as the pure and auspicious planet in Vedic astrology, and tends to display optimistic behavior and bestow positive blessings irrespective of his placement. So, despite Jupiter’s one-year stay in the inimical Venus’ sign Libr...

ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ শিক্ষক সকলৰ নিম্নতম দৰমহা

Image
চৰকাৰৰ শিক্ষা বিভাগে এটা অতি দৰকাৰী সিদ্ধান্ত - ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ শিক্ষক সকলৰ নিম্নতম দৰমহা নিৰ্দ্ধাৰণ সম্পর্কত ল'ব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে । ব্যক্তিগত খণ্ডৰ বিদ্যালয় বোৰৰ শিক্ষক সকলৰ নিম্নতম দৰমহা এইবাৰ  চৰকাৰে নিৰ্দ্ধাৰণ কৰিবলৈ আগবাঢ়ি আহিছে । এইটো এফালৰ পৰা অতি ভাএল কাম হ'ব । কাৰণ ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়ত শি‍ক্ষক সকলৰ দৰমহা অতি নিম্ন পৰিমানৰ আৰু এজন সাধাৰণ শ্ৰমিকৰ  দৈনিক হাজিৰাৰ চাৰিভাগৰ এভাগো নহয় ৷ এই সকল শি‍ক্ষকে পুৱা ৮ বজাৰ পৰা পাঠ দান কৰি চুটিৰ পিচতো বিদ্যালয়ত কাম কৰে বা বন্ধৰ দিনতো বিভিন্ন কার্যসূচীৰ কাম কৰিবলৈ বাধ্য ৷ এইটো শিিক্ষত মানৱ সম্পদৰ ডি‍-ভেলুৱেশ্যনৰ দৰে হৈ আছে ৷  আনফালে আকৌ এটা ডাঙৰ সমস্যা আহিব । ব্যক্তিগত খণ্ডৰ  বিদ্যালয় বোৰৰ ভিতৰত  শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত প্ৰায় ৫০০ বিদ্যালয় অসমত আছে আৰু সেইবোৰ বিদ্যালয়ৰ শৈক্ষিক মাচুল Xavier, Convent, DonBosco আদি বিদ্যালয় বোৰৰ দৰে নহয় । এই বিদ্যালয়বোৰ কোনো profit making business ও নহয় আৰু ইয়াত সংগ্ৰহ হোৱা শৈক্ষিক মাচুলৰ প্ৰায় ৮০% বা তাতোধিক শিক্ষক -কৰ্ম...

GOD MAN আৰু আমি ভাৰতীয়

Image
এচাম ধুৰন্ধৰ মানুহৰ বাহুবল আৰু ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰৰ সৃষ্টিত দেশত এনেকুৱা GOD MAN তৈয়াৰ হয় । ৰাম ৰহিম এটা সৰু উদাহৰণ বুলিয়েই মোৰ বিশ্বাস হয় । হেজাৰ হেজাৰ কোটিৰ সম্পদ আহৰণ কৰি এটা সমান্তৰাল ক্ষমতাৰ কেন্দ্ৰ তৈয়াৰ কৰা এই সকলক চৰকাৰী ভাবে ৰক্ষণাবেক্ষণ দি Z+ Security প্ৰদান কৰা সকল আচলতে কোন তাৰো এক পৰ্যাপ্ত তদন্তৰ প্ৰয়োজন আছে । ৰাজস্থান , হাৰিয়ানাৰ দুজনমান লোকৰ পৰা জানিবলৈ পালো যে পৰিয়াল লৈ দৰ্শন কৰিবলৈ যোৱা বহু লোকে এই GOD MAN ৰ দোকানত নিজৰ সুন্দৰী পত্নীক এৰি আহিব লগা হয় । সেইটো তেওঁৰ মৰ্জিৰ ওপৰত কথা । হেজাৰ হেজাৰ এনে ভগ্নীয়ে নিজৰ জীৱন বৰ্বাদ কৰি দিলে এই পিশাচ হঁতৰ হাতত । শেষত যেনিবা কোনো সাহসী ভগ্নী ওলাল আৰু বৰ্তমান চৰকাৰৰ সেইখিনি সদিচ্ছা হ'ল যে প্ৰচণ্ড প্ৰতিৰোধ ব্যৱস্থা দি এটা GOD MAN ক আইনৰ হাঁতোৰাৰে আবদ্ধ কৰিলে । তেনে এটা এসময়ত আছিল ৰাজনিশ । এই মানুহ জনৰ নাম দেখি অনুমান কৰিব পাৰি যে ই এটা মহা ভণ্ড যি ধন আৰু বাহুবলেৰে অসংখ্য গুণ্ডাক শিষ্য কৰিবলৈ সক্ষম হৈছিল । GOD MAN ক আকৌ AK47 আৰু আন অস্ত্ৰৰ প্ৰয়োজন কিয় হয় ? কিয় Z+ লাগে ? চৰকাৰে এইবোৰ কথা অনুভৱ নকৰে নেকি ? নে ৰাজনৈতিক ...

অসম , অসমীয়া জাতি আৰু দহণশীল মন

অসমত অসমীয়া জাতিৰ সংজ্ঞা বিধানসভাত নিৰূপণ নহ'ল । কিয়নো এই সংজ্ঞা বিচাৰিবলগা হ'ল ,  মই তাৰ কোনো যুক্তি সংগত কাৰণ বিচাৰি নেপালোঁ । ভাৰতৰ কোনো প্ৰদেশত এনে সংকট কেতিয়াও অহা নাই । চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত নিজেই ত্ৰিপুৰী জাতি শেষ হৈ গ'ল । সংজ্ঞাৰ প্ৰয়োজন নহ'ল । অসমতো শেষ হ'ব লাহে লাহে । কাৰণ অন্তঃকৰণেৰে জাতীয় স্বাৰ্থত চিন্তা কৰা ব্যক্তি বা সংগঠন কেতিয়াও নোলাল । সমস্যাটো উপলব্ধি কৰি ১৯৭৯ চনৰ নৱেম্বৰৰ ৬ তাৰিখৰপৰা ৬ বছৰ আন্দোলন হ'ল । অৱশেষত চুক্তি হ'ল । কিন্তু বিগত ৩৭ বছৰ অতিক্ৰম কৰা বিষয়টোৰ  কোনো সমাধান কেতিয়াও নহ'ল । বৰং এই সমগ্ৰ সময় কেৱল ক্ষমতাৰ  টনা - আজোৰা হ'ল আৰু প্ৰৱল অনুপ্ৰৱেশ হ'ল । ক'ত গ'ল জাতীয়তাবাদ ? "মোৰ কি লাভ হ'ব" সেই চিন্তা লৈ জাতীয়তাবাদ নহ'ব । এটা সৰু উদাহৰণ দিওঁ । যোৰহাটত এটা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আছে । এবছৰৰ আগত তাত কেইটামান বৈজ্ঞানিকৰ পদ ওলাইছিল হেনো  । অসমৰ ল'ৰা ছোৱালীয়েও আজিকালি পৰীক্ষাত ভাল নম্বৰ পাই । কিন্তু আগতেই ফিটিং থকাৰ বাবে নাম মাত্ৰ যি কেইজনক Interview লৈ মাতিছিল তেওঁলোকক বিশেষ সোধপোচ ...

আমাক কোনোবাই সংকীৰ্ণ মনৰ বুলি কওঁক লাগে

Image
আৰ্থিক ভাৱে অসমীয়া স্বাবলম্বি হোৱাৰ পথত যুৱ শক্তিয়ে  কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব । প্ৰচুৰ উপাৰ্জনৰ  পথ থকা ৰূপহী অসমীৰ বুকুত প্ৰৱজিত সকলৰ ৰঘুমলাক আতৰ কৰাৰ একমাত্ৰ পথ কৰ্ম সংস্কৃতিৰ পৰিবেশ আৰু জাতিটোৰ মনৰ পৰা ঈৰ্ষাৰ পৰিবৰ্তে সৰ্বাত্মক সহযোগ । কোনো চৰকাৰে এই কাম কৰা নাই আৰু নকৰে । "সবসে বৰা ৰূপয়া " আমাৰ সমস্যা । কেকোৰাৰ স্বভাৱৰো সমুলঞ্চে নাশ হ'ব লাগিব আৰু চান্দাৰ পৰিবৰ্তে কৰ্মৰ দ্বাৰা উপাৰ্জনত উৎসাহিত হ'ব লাগিবই । নহ'লে কিন্তু নিস্তাৰ নাই । বৰ্তমান ব্যৱস্থাত প্ৰকৃততে সমাজৰ কি লাভ হৈছে সেয়া যুৱ সমাজত মুকলিকৈ উপলব্ধি তথা বিচাৰ বিমৰ্ষ  হওঁক । এই ব্যৱস্থাই কেইজনমান নিমিত্তক ধনবান- ক্ষমতাবান কৰাৰ বাহিৰে  জাতিৰ কোনো সমস্যা কেতিয়াও সমাধান কৰা নাই । বৰং পদে পদে অবিশ্বাসৰ সৃষ্টি কৰিছে । জাতিৰ  ভিতৰত বিশ্বাসৰ সৃষ্টি হওঁক । short path বোৰ সদায়ে  সাময়িক আৰু অসুৰক্ষিত পথ । সেইবোৰে এটা বয়সত লগ এৰা দিয়ে । এয়া ১৯৭৯ ৰ পৰা ২০১৭ লৈ হোৱা দীৰ্ঘ পৰিক্ৰমাৰ অভিজ্ঞতা । নিজক সদায় বিশ্বাস কৰিবলৈ আৰু ভালপাবলৈ শিকিব লাগিব । ছাত্ৰ -বিষয়া - নেতা সকলোৱেই এই চিন্তাৰে কাম কৰক । বা...

জাতীয় জীৱনলৈ এটা অশুভ সংকেত

বৰ দুখজনক অৱস্থা আমাৰ । অতি বেয়া দিন আহি আছে । Good night coil বা liquid ক সহ্য কৰিব পৰা resistance হৈ গৈছে ম'হ বোৰৰ । ঢমক , ভয়-সংশয় বোৰৰো চোক কমি গৈছে । Digine > Ranitidin> Famotidine > Omeprazole > Pantoprazole > Rabiprazole এনেকৈ গৈ আছে । গেষ্ট্ৰিক কমা নাই কিয় ? তাৰ বিশ্লেষণ লাগে এতিয়া ।   আমি ম'হ বৃদ্ধি হোৱৰ কাৰণ , Acidity ৰ কাৰণ বিশ্লেষণ কৰাৰ চেষ্টা কৰা নাই । এইটো এটা অশুভ সংকেত জাতীয় জীৱনলৈ । কি কামত ভাগে ভাগে আমাক সংগঠন সংস্থা লাগে আৰু সেই সমূহৰ কৰ্মক্ষেত্ৰ কি ? বাজেট কি আৰু তাৰ উৎস কি সেইবোৰ বিচাৰ কৰিব লাগিব চাগৈ । লাগিব accountability । ক'ৰ পৰা কিমান পালো , কিমান ক'ত দিলো । সেইটোৱেহে  আমাৰ ৰোগ নিৰাময়ত সহায় কৰিব । দেহৰেই হওঁক বা সমাজৰেই হওঁক ,  সকলো অৰ্গেন নিজৰ নিজৰ স্থানত সক্ষম সক্ৰিয় হৈ থাকিলেহে  জাতিৰ দেহাটো সৱল থাকিব  । চান্দা দিয়া - চান্দা লোৱা , খৰছ কৰা - হিচাপ ৰখা , হিচাপ বোৰ প্ৰচাৰ কৰা আদি সকলো অৰ্গেনে স্বতন্ত্ৰ ভাবে সক্ষম সক্ৰিয় হোৱাৰ সময়া হ'ল ।   যি হ'ল , এটা কিন্তু  অতি জঘণ্য কাণ্ড হ'ল । পৰিকল্পিত হ'ল যেন ল...

আমি আনকy দোষমুক্ত সৰ্ব গুণাকৰ হোৱাটো বিচাৰো

বৰ্তমান সময়ত সৰহ সংখ্যক মানুহে (যি সকলে বিভিন্ন মাধ্যমত  নিজৰ ভাব প্ৰকাশ কৰে) আনসকলক সৰ্বগুণ সম্পন্ন হোৱাটো বিচাৰে । এনেকৈ আমি যদি সকলোৱেই সৰ্বগুণাকৰ হ'ব পাৰিলো হেতেন তেনে আমাৰ দেশৰ বহু ব্যস্ততাপূৰ্ণ ধৰ্মীয় ঠাই খালি কৰি দেশৰ উপাৰ্জনৰ কামত সেইবোৰ ভূমিক  ব্যৱহাৰ  কৰিব পাৰিলো হেতেন । গুণেৰে পৰিপূৰ্ণ আমাক  মন্দিৰ-মচজিদ্- গীৰ্জা- নামঘৰৰ দৰকাৰেই নহ'ব তেতিয়া ।  ভগৱানো  সকলো গুণেৰে পৰিপূৰ্ণ নাছিল হেনো  । সেয়েহে বোলে  তেওঁৰো ভুল হৈছিল ! প্ৰতিটো কাম , প্ৰতিটো ঘটনাৰ পাৰ্শ্ব ক্ৰিয়া থাকে । মোৰ দাঁত বোৰত ফুটা হোৱাৰ কাৰণ বোলে ব্ৰাচটোৰ ব্যৱহাৰ । কুকাৰৰ ভাত খালে বোলে পৰিশ্ৰম নথকা সকলৰ পেট টেকেলি সদৃশ হয় ।  অধিক AC ব্যৱহাৰ বাতাবৰণৰ বাবে ক্ষতিকাৰক । মাইক্ৰ ওভেনৰ পৰা সহজে খাদ্য গৰম বা তৈয়াৰ হ'লেও তাৰ পৰা বিচ্চুৰিত Ray আমাৰ স্বাস্থ্যৰ বাবে  ক্ষতিকাৰক ।  এনেকুৱা কি সহজ কাম আছে যি আমাৰ ক্ষতি কৰা নাই ?? এজনে বানপানীৰ পিছত শাক-পাচলিৰ মূল্য 50/60 টকা কেজিৰ তলত নাই বুলি চৰকাৰক কটাক্ষ কৰি লিখা দেখিলো । পিছে বানপানীৰ ওপৰতে হোৱা খেতিৰ আৱিষ্কাৰ কিয় কৰা নাই স...

ধর্ম যুদ্ধত কাৰ পক্ষ ল’ব সিদ্ধান্ত লওঁক

Image
গাওঁ আৰু চহৰৰ পৰিসংখ্যাৰ পৰিবর্তন হ'ল আৰু সেয়ে দেশৰ মানুহৰ মনবোৰ সমানে বিভক্ত হৈ পৰিল ৷ আগতে ভাৰতৰ ৭০ শতাংশ লোক গাওঁ অঞ্চলত বাস কৰিছিল । গতিকে কথা আৰু কামৰ মাজত পার্থক্য থকা, অর্থাত- এমুখীয়া মানুহৰ সংখ্যা কমেও মুঠ জনসংখ্যাৰ ৬০% আছিল ৷ এতিয়া চহৰ আৰু গাওঁৰ পৰিসৰ ভাৰততো ৫০-৫০ হ’ল আৰু দুইমুখী মানহৰ সংখ্যা ৭০ শতাংশৰ বেছি হ’ল ৷ আমাক এখন ভাল চৰকাৰ লাগে, ভাল সমাজ লাগে, ভাল সংস্কাৰ লাগে, ভাল শি‍ক্ষা লাগে, ভাল প্ৰচাৰ মাধ্যম লাগে, ভাল খাবলৈ লাগে ইত্যদি ইত্যাদি ৷ যি সকল লোকক ভাল লাগে‍ই তেওেঁলাকৰ মনত এই ভাল বিলাকৰ সংজ্ঞা কিন্তু সুকীয়া সুকীয় ৷ কাৰণ তেওেঁলাকে কোৱা আৰু ব্যক্তিগত জীৱনত কৰা কামৰ মাজত নিৰন্তৰ পাৰ্থক্য আছে ৷ নিজৰ ভাষা সাহিত্য ৰক্ষাৰ কথা ক'ব কিন্তু লৰা ছোৱালী কেইটা ইংৰাজীত পঢ়াব । এটা উদাহৰণ দিলো মাত্ৰ ।   আজি বামপন্থ‍ি সকলে চৰকাৰৰ সকলো কামৰ সমালোচনা কৰে , কিন্তু চৰকাৰৰ পৰা সাহিত্যিক , সাংবাদিক পেঞ্চনৰ বাবে আবেদনো কৰি তাৰবাবে তৈলমৰ্দন কৰে  ৷ সজ চিন্তা প্ৰকাশ কৰে, কিন্তু নিজৰ বিদ্যালয়ৰ নামত কলেজৰ লৰা আনি Tournament খেলে ।  বিধান মণ্ডলীয়ে চৰকাৰৰ বিধায়ক – সাংসদ ...

নিকৃষ্ট মানসিকতাই সমাজক গ্ৰাস কৰিবলৈ প্ৰয়াস কৰিছে

শিক্ষিত ( academic ) এচাম লোকৰ মাজত কেৱল কুৎসাৰটনাৰ ভাৱ দেখি আঁচৰিত হোৱাই নহয় , নিৰ্বাক হ'ব ধৰিছো । ব্যক্তিগত ক্ষেত্ৰত যি আছে আছেই । সেয়া সমাজৰ তথাকথিত শিক্ষিত সমাজত অধিক প্ৰকট্ণ হয় ।  অতিপাত ঈৰ্ষা ভাৱে সমাজত ক্ষতি কৰাৰ সীমা কেতিয়াবাই চেৰাই গৈছে । একো নেপালেও কিবা এটা ক'বলৈ সেইসকলৰ  জিভাবোৰ লট্ পতাই থাকে । সেই মানুহ মখাৰ আকৌ সামান্য লাজভাৱো নাই যে মিছা কথাৰে আনজনক হেয় কৰাৰ পিছত প্ৰয়োজনত আকৌ তেওঁৰ ভৰিত কিদৰে পৰিব সেইলৈ তেওঁলোকৰ  চিন্তা থাকিব । অতি শিক্ষিত বুলি প্ৰতিস্থা লভা (চৰকাৰৰ আৰু মেডিয়াৰ পৃষ্ঠপোষকতাত ) এচাম লোকৰ লেকাম চিগা বক্তব্যই উঠি অহা এচামক এনে হ'বলৈ উৎসাহ যোগোৱা দেখি দেখি নিজৰ জাতিৰ প্ৰতি ধিক্কাৰ আহিছে । চৰকাৰে বা ব্যক্তিয়ে কেতিয়াও কোনো ভাল চিন্তা বা কাম কৰাৰ প্ৰয়াস কৰা টান হৈ পৰিল । কেনেকৈ কোনে কি কাম কৰিব এইখন দেশত ?  জনতাৰ শ্ৰদ্ধাৰ স্থানত আৰোহণ কৰা, জনতাই  মাননীয় বুলি সম্বোধন কৰা একোজন লোকৰ প্ৰতি কিছু লোকে এনে একোটা নিকৃষ্ট মন্তব্য কৰে সেয়া দেখি শুনি কেতিয়াবা  বিব্ৰত হ'ব লাগে । সেইচাম লোকেই আকৌ ব্যক্তিগত স্বাৰ্থত  এইসকলৰ পদযুগলত প...

পৰিবৰ্তনৰ আশাত আমি বহুতেই ধৰাশায়ী

Image
দহ পোন্ধৰ জন কৰ্মচাৰী লৈ সৰু উদ্যোগ চলাই থকা ৫০০ ৰো অধিক ব্যৱসায় হয় বন্ধ হৈছে বা হোৱাৰ পথত । সৰু বেংক সমূহৰ current account transaction সাংঘাতিক ধৰণে নিম্নগামী হোৱা বুলি কোৱা শুনিবলৈ পাইছো । Infrastructure খণ্ড প্ৰায় স্তব্ধৰ দৰেই হৈছে । এনেকুৱা অৱস্থাত পৰিবৰ্তনে কিমান মানুহ উপকৃত কৰিব আমাৰ বুদ্ধিৰে ঢুকি নেপায় । Insurance ব্যৱসায় 50% কমি গ'ল বুলি জেষ্ঠ Agent (Chairman Club Member) এজনৰ পৰা জানিলোঁ । এনেকৈ কিমান দূৰ যাব আমাৰ বুদ্ধিয়ে স্পৰ্শ নকৰে । 

স্বাস্থ্য সেৱাৰ বানিজ্যিকিকৰণ আৰু সাধাৰণ ৰাইজ

সিদিনা দেউতাৰ হঠাৎ কফে ধৰাত চিকিৎসাৰ প্ৰয়োজন হ'ল । Pressure টো 80/40 পোৱা দেখি ঘৰুৱা চিকিৎসকৰ পৰামৰ্শত নাৰ্চিং হোমত লৈ আহিলোঁ । দেউতাক সঁচাকৈয়ে intensive care প্ৰয়োজন আছিল আৰু চিকিৎসকেও তৎক্ষণাত তেওঁক ICU ত ভৰাই দিলে । নিউমনিয়া আৰম্ভ হৈছিল । সকলো ঠিকেই আছিল । সন্ধিয়া ৬.৩০ মানত আমাক জনালে যে তেখেতৰ CT কৰিব । লগতে সোমাই গৈ জানিলোঁ মূৰৰ আৰু বুকুৰ কৰিব । কঁকালটোৰ অংশক  কিয় বাদ দিলে তেতিয়া  নুবুজিলোঁ ! পিছদিনা পুৱা বোলে পেটৰ Ultra sound কৰিব !! মই বুজি পালোঁ কথাটো । চিকিৎসালয় আৰু চিকিৎসক সকল, মেচিন , বাহন আদিৰ বহু টকা  বিনিয়োগ আৰু পৰিশোধ আদিৰ কথা থাকে , হয় । তেনেবোৰ ভাবি চিন্তি মনতে পকটিয়াই ICU ৰ বাহিৰত বহি থাকোতেই  এজন আহি ক'লে তেখেতৰ পৰিবাৰৰ পেটৰ অত্যন্ত বিষ হ'ল পৰহি  । চিকিৎসা কৰিবলৈ আহিল আৰু চিকিৎসকে তেখেতৰো CT কৰিলে মূৰ আৰু পেটৰ । মই নিশ্চিত হ'লো  যে সমগ্ৰ শৰীৰৰ সংযোগ যিহেতু মূৰৰ সৈতে থাকে ,  সেয়ে যি বেমাৰ নহওঁক কিয় ,  মূৰৰ CT কৰা বৰ দৰকাৰ । ভাবিলোঁ Pregnancy তো লাগে নিয়ম মতে । তাত দুটা মূৰৰ কথা জড়িত থাকে নহয়নে ☺☺ ! মই Sister এগৰাকীক সুধিলো ...

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।

Image
বছৰ দিন আগৰ কথা ৷ আমি ঘৰত দুইজনে ভাবি আছিলোঁ যে প্ৰতি বছৰত এবাৰ দুয়োৰে দিল্লী বা ক”ৰবাত স্বাস্থ্য পৰীক্ষা কৰি আহিমগৈ দিয়া ৷ তেনে এটা লক্ষ্য লৈ প্ৰথম বাৰৰ চিন্তা কৰি আছো ৷ মোৰ গার্ল ফ্ৰেণ্ডে ক’লে যে বিমানতে যাম দিয়া , ৰেলত যোৱাৰ সময় খিনি তাতকৈ আমি দুদিন ফুৰিম ৷ সেইমতে আমাৰ যিহেতু এনে কোনো বিশেষ লৰালৰি নাই , গতিকে চাই আছো কেতিয়া গ’লে কম পইচাতে হ’ব ৷ সেই মতে কেইমাহমান মাহৰ পিচৰ টিকট ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ পালো ২২০০ টকাকৈ  ৷ কিনি থলো ৷ সেইটো আমাৰ পলিচি আছিল যে পঞ্চাশ বছৰ অতিক্ৰম কৰাৰ পিচত প্ৰতি বছৰ এবাৰ সমগ্ৰ শৰীৰ পৰীক্ষা কৰাম আৰু স্বাস্থ্য বীমা বাহাল ৰাখিম ৷ সমগ্ৰ পৰিয়ালৰ সদস্যৰ সেইমতে স্বাস্থ্য বীমা কৰোৱা হৈ আছে যোৱা বহু বছৰ ধৰি ৷ তাৰ মাজত যাৰ যি সৰু-সুৰা অস্ত্ৰোপচাৰ হৈছে তাত মোৰ ধন ব্যয় হোৱা নাই ৷ আনকি দিল্লীত গৈ মোৰ বাইপাছ চার্জাৰি কৰাওেঁতও বীমা কোম্পানীয়ে ধন দি সহায় কৰিলে ৷ এই প্ৰথম যাত্ৰাৰ পৰা উভতি আহোতে পুৱা পাঁচ বজাতে হোটেলৰ পৰা ওলালোঁ বিমান বন্দৰলৈ ৷ পুৱা ৯.৩০ –ত বিমান ধৰিব লাগে ৷ অত্যন্ত ভোকৰ বাবে চিকিউৰিটি চেক্ কৰাৰ পিচত বিমান বন্দৰত দুয়ো...

এটা কৃষি নীতি তৈয়াৰ কৰক প্ৰথমে ।

Planning is the concious and delebrate guidance of thinking so as to creat logical means of achieving agreed upon goals.Planning is selection of short- and long-term objectives and the drawing up of tactical and strategic plans to achieve those objectives. And whereas , all  services are to be planned and organized according to the policy of the agency responsible for a particular service. আমাৰ অসমত কৃষি বিভাগৰ কৃষি উন্নয়নৰ কোনো policy আৰু পৰিকল্পনা এই পৰ্যন্ত নাই । চৰকাৰৰ বিভাগ বোৰৰ মাজত কোনো সমন্বয়ো নাই । সমন্বয় বোলা বিষয়টোত অৱশ্যে চৰকাৰৰ কোনো বিভাগ আগ্ৰহী নহয় , যাৰবাবে জনসাধাৰণৰ সদায়ে দুৰ্ভোগ হয় । কৃষি পৰিকল্পনা আৰু জলসিঞ্চন দুটা অতি সম্পৰ্কিত বিষয়ৰ বিভাগ । কিন্তু বিগত ৭০ বছৰত বোধকৰোঁ কোটি টকা ৰাজহুৱা ধনৰ শৰাধ কৰ্ম কৰিও বিভাগটোবে ১০% কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰিলে । কাৰণ ?  কৃষি বিভাগৰ অন্তৰ্গত আকৌ ওপৰ মহল আৰু তলৰ মহলৰ মাজত সমন্বয় নায় । সেয়ে চৰকাৰৰ আগন্তুক বৰ্ষৰ পৰিকল্পনা কি সেয়া সময়ৰ পূৰ্বে কৃষি বিষয়া-গ্ৰাম সেৱক-খেতিয়কে কেতিয়াও গম নেপায় । ফ...

অনুভৱবোৰ সঁচা হৈ গৈ আছে ।

Image
বিমুদ্ৰাকৰণৰ পৰণতিত দেশৰ বহু কুটিৰ উদ্যোগ বন্ধ হ'ল । ঘৰে ঘৰে অসংগঠিত ৰূপত থকা বহু কুটিৰ উদ্যোগ এতিয়া নাই । এইবোৰৰ কিবা এটা কৰিব লাগিছিল । 

পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ স্মৰণত

Image
 পৰম পূজনীয় পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ নামত অসমত কেন্দ্ৰীয় আৰু ৰাজ্য  চৰকাৰৰ পূজিৰে যৌথ ভাবে ২৮ খন নতুন মহাবিদ্যালয় হ'ব । ই এটা আদৰণি জনাবলগা বিষয় বুলিয়েই ধৰিলেও সমগ্র দেশত তেনে এক আঁচনিৰ অন্তৰ্গত কাম হোৱা হ'লে শুনবলৈ বেছি ভাল হ'ল হেতেন । চৰকাৰৰ ধন মানে ৰাইজৰ ৰাজহ । সেয়ে এই ধৰণৰ কামত ৰাইজৰ ধনৰ ব্যৱহাৰ হয় বাবেই ৰাইজৰ অভিমত  বা বিতৰ্কৰ ঔচিত্য নুই কৰা নেযায় ।  হওঁক তেনে কাম । কিন্তু আমি তাক অসমত "অমুক মহাবিদ্যালয় ( পণ্ডিত দীনদয়াল উপাধ্যায় উচ্চ শিক্ষা প্ৰকল্পৰ অন্তৰ্গত  প্ৰতিষ্ঠিত ) বুলিও কৰিব পাৰিলো হেতেন চাগৈ । এইবোৰ আমাৰ সৰু মনৰ চিন্তা । তেনে কৰিলে সেই মহান ব্যক্তি গৰাকীৰ নাম বিতৰ্কৰ মাজত নাহিল হেতেন চাগৈ আৰু সমাদৰো বাঢি়ল হেতেন । এটা লৰালৰিকৈ লোৱা সিদ্ধান্ত হোৱাৰ দৰে হ'ল বুলি ভাবিছোঁ । যোৰহাটত থকা জননায়ক দেৱেশ্বৰ শৰ্মা অসামৰিক চিকিৎসালয়খনতে‍ যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰা হ'ল । কিন্ত তাৰপৰা  জন নায়ক জনৰ নামটো আঁতৰাই দিয়া হ'ল । যোৰহাটৰ উন্নয়নত জননায়ক দেৱেশ্বৰ শৰ্মাৰ যি বিশাল অৱদান সেয়া বোধহয় অসমৰ বা অসমীয়াৰ প্ৰতি প্ৰয়াত ফকৰুদ্দিন আলি আহমদ দেৱৰো ...

ৰাজনৈতিক দল আৰু কৰ্মী সকল

Image
২০১১ চনৰ নিৰ্বাচনৰ আগত এদিন ঘৰৰ ওচৰৰ এখন সভালৈ আমন্ত্ৰণ পাইছিলো । চুবুৰীত আমাৰ ঘৰখনলৈ সঘনাই খাকী হাফ পেণ্ট পিন্ধা মানুহৰ আহ-যাহ বাবে নিৰ্বাচনৰ কাগজো প্ৰায় নপৰেহি । তেনে অৱস্থাত হঠাতে নিমন্ত্ৰণ পালোঁ , তাকো যুৱ কংগ্ৰেছৰ সভা । মোৰ কেইটামান নিয়ম আছিল আৰু এতিয়াও  আছে যে মাতিলে মই পৰাপক্ষত সকলোলৈকে  যাওঁ । দ্বিতীয়তে মোৰ ৰাজনৈতিক  বিচাৰধাৰা আৰু কোনো ব্যক্তিৰ লগত ব্যক্তিগত সম্পৰ্ক কেতিয়াও লেটিয়াই নেপেলাওঁ । অত্যন্ত মতবিৰোধ থকা কোনোবা লোক  মোৰ  ঘৰলৈ আহিলেও তেখেতৰ আতিথ্যত কাৰ্পণ্য নহয় । এই সাধাৰণ সূত্ৰ কেইটাৰ আধাৰতে সেইদিনা কংগ্ৰেছ দলৰ সভা খনত বহিলোগৈ । তেতিয়া অসমত যুৱক কংগ্ৰেছ এটা বৃহৎ সংগঠন আৰু তাৰ সভাপতি বোধহয় বৰ্তমান ভাজপাৰ MLA শ্ৰী মান পিযুষ হাজৰিকা । সভাত ভাল সাংগঠনিক কাম কৰা যুৱ নেতা সকলক একোটা ID card দিয়া হৈছিল । নিমন্ত্ৰীত ৰাইজৰ মাজৰ পৰা  মোৰ হাতেৰেও দুজনক দিয়ালে আৰু মইও অতি সাদৰেৰে কামটো কৰিলোঁ । কোনো অনুষ্ঠানে ভাল চিন্তাৰে কৰা কাম সদায়ে ভাল বুলি লোৱা দৰকাৰ । ২০১৪ ৰ নিৰ্বাচনৰ পিছৰ পৰা লাহে লাহে কংগ্ৰেছৰ কৰ্মী সকলৰ মাজত অলপমান দুৰ্বল মন দেখিবলৈ ...

মৃতদেহটোক সোধক এবাৰ " তুমি মানুহ নে সংখ্যালঘু আছিলা বন্ধু ?"

Image
দুৰ্দান্ত লোকে কৰা  এটা বেয়া কামক সকলোৱে একমুখে গৰিহণা দিব লাগে আৰু তেনে কামত লিপ্ত জনক ধৰাত সমাজে একত্ৰিত ভাৱে  সহোযোগ কৰিব লাগে । সেইটো এখন সুস্থ সমাজৰ বাবে অতি প্ৰয়োজনীয় কাম । এজন উদিয়মান যুৱকৰ হত্যা হ'ল , তাত দল, ধৰ্ম , ভাষাৰ কোনো কথা নাই । মুঠতে সেই কৰ্ম গৰিহণাৰ যোগ্য আৰু আমি সকলোৱেই তাক ঘৃণা কৰিম , কঠোৰতম শাস্তি বিচাৰিম ।  সমাজত সকলোৰে প্ৰয়োজন আছে আৰু সকলোৱে একত্ৰ হৈ আগবাঢ়িব লাগিব । তাত দলগত হাৰ-জিতৰ প্ৰশ্ন নাই । জাতীয় স্বাৰ্থ আৰু দলীয় স্বাৰ্থক আমি ভিন্ন ভাৱে লোৱাৰ অভ্যাস কৰা দৰকাৰ । কৰ্মৰ প্ৰসাৰৰ  যোগেদি নিজৰ নিজৰ সামাজিক ভূমিকা আৰু ৰাইজৰ মাজত গুৰুত্ব বৃদ্ধি কৰাৰ প্ৰযত্ন কৰক । কালি এজন যুৱকৰ হত্যা হ'ল । তেওঁ Minority , Majority , বঙালী , OBC, MOBC সেইবোৰৰ বিচাৰ  ক'ৰ পৰা আহে তাত ? #স্থুল চিন্তাৰে নিজৰ লাভৰ বাবে  কৰ্ম কৰা  সকলোৱে গৈ মৃতদেহটোক সোধক এবাৰ " তুমি মানুহ নে সংখ্যালঘু আছিলা বন্ধু ?" ছিঃ , মানবতাৰ বাহিৰত গৈ এক কদৰ্য চিন্তাৰ প্ৰকাশ । বিব্ৰত বোধ কৰিছোঁ এই স্খলন দেখি দেখি !  কোনে জানে দুবৃত্ত কোন ?? সাহসেৰে ওলাই আহক আৰু প...