সাঁতোৰ সাঁতোৰ নিজ বাহুবলে....
বিদ্যালয় স্তৰৰপৰা ডেকা কাললৈকে দেউতাই তেওঁৰ কান্ধত ভৰ দি নিজক প্ৰতিষ্ঠা কৰাৰ সুযোগ দিয়া নাছিল। কেতিয়াবা কোনো বিষয়ত সহভাগ কৰাৰ কথা তেতিয়া আহিছিল, যেতিয়া কামটো কৰাৰ মোৰ নিজৰ প্ৰয়াস আৰু নিষ্ঠাই অগ্ৰগতি দিছিল। কান্ধ পতাৰ সহভাগ নহয়, ঠেলি লৈ যোৱাৰ সহভাগো নহয়! কেৱল থিয় দি নিৰীক্ষণ আৰু মনত সাহস দিয়াৰ কাম। ই আমাক নিজৰ কৰ্মৰ দ্বাৰা এক স্বাভিমান দিলে যিটো আমাৰ বাবে সৌধ। মাটি-বাৰী, ঘৰ-সম্পদ দেউতাই আহৰণ কৰি দিয়া নাছিল বা থৈ যোৱা নাছিল। দি থৈ গৈছিল ব্যৱহাৰিক জ্ঞান, সংস্কাৰ, কৰ্ম দক্ষতা আৰু ঈৰ্ষান্বিত জনৰ পৰা হোৱা ক্ষতিকো সহ্য কৰি ভগৱানৰ বিচাৰৰ বাবে এৰি দিয়াৰ ধৈৰ্য। সেয়েই অমূল্য সম্পদ। আৰ? "সাঁতোৰ সাঁতোৰ নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে" ৰ দৰে সত্য আধ্যাত্মিক বিচাৰ দি গৈছিল। জীৱনৰ কোনো ক্ষণত কোনো আত্মীয়ই নিবিচাৰে, আপোনাৰ প্ৰতিষ্ঠা হওক। যদিহে তাত আপোনাৰ পৰা তেওঁৰ লাভৰ হিচাপ থাকে তেনে সুকীয়া। প্ৰত্যেক ব্যক্তিয়ে নিজকে অতি ভাল পাই বাবেই তেওঁ আনৰ উন্নতি সহ্য কৰাত অসুবিধা হয়। সি ভাই ককাই, ভগ্নী যিয়েই নহওক। নিজৰ সন্তানেও কেতিয়াবা আপোনাৰ কৃতিত্বক মূলধন কৰিব পৰালৈকে আপোনাক শ্ৰদ্ধা কৰিব পাৰে। কাৰণ ই স্বাৰ্থান্ধ মানুহৰ মনৰ বিভ্ৰান্তি যাক লৈ আমি বিতত হোৱাৰ প্ৰয়োজন প্ৰকৃততে নায়। কাৰণ ই জীৱন চক্ৰ। সকলোৰে চিন্তাৰ ক্ষেত্ৰ সুকীয়া সুকীয়া হয়। ভাল বেয়াৰ বিচাৰ সুকীয়া হয়। সেয়ে কওঁ- ভাল আৰু বেয়াৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। ই মন ভেদে সুকীয়া হয়। আমি তাৰ মাজত শুদ্ধ পথে খোজ দিব লাগিব। আপোনাৰ প্ৰতিভাৰ স্তৰ সম্পৰ্কে কোনো জ্ঞাত নহয়। সেয়েহে আপুনি কৰা কৰ্মত তুচ্ছ তাচ্ছল্য থাকিবই। সেইবোৰ পঁচোৱা বতাহ বুলি লৈ নিজৰ কৰ্মত সংলগ্ন থাকিব লাগিব। আপোনাৰ দৃঢ়তা আপোনাৰ কৃতকাৰ্যতাৰ কাৰক। ই কাৰো পুতৌ বা বদান্যতা নিৰ্ভৰ নহয়। সেয়েহে আপোনাৰ স্বাভিমান গঢ় লৈ উঠাৰ কাৰক।
Comments
Post a Comment