বাস্তৱমুখী হওক, মিঠ্যাচাৰৰ আৱৰণৰ তলত নেথাকি কৰ্মযুক্ত হোৱাৰ প্ৰয়াস কৰক।
মানুহক
বাস্তৱৰ মুখামুখী হ’বলৈ পৰোৎসাহিত কৰা আৰু বাস্তৱক ঢাকি ৰখাৰ প্ৰয়াস কৰাৰ মাজত লাভ-লোকচান
অনেক। প্ৰথমটোৱে মানুহক সময়ৰ সৈতে চলাৰ বাবে অভ্যাস কৰাই আৰু ফলত যিকোনো পৰিস্থিতিৰ
সন্মুখত সাহসেৰে নিজক থিয় কৰোৱাৰ শকতি প্ৰদান কৰে। ই আমাক মিতব্যয়ী হোৱাত, সংযত হোৱাত,
সংস্কাৰমুখী হোৱাত আৰু সামূহিক কল্যাণৰ চিন্তা
কৰাত সহায় কৰে। ভোগ বিলাসৰ জীৱন ত্যাগ কৰি সময়ৰ সৈতে একাত্ম হৈ সুন্দৰ জীৱন অতিবাহিত
কৰাত সহায় কৰে। আনটো হ’ল বাস্তৱক আৱৰণ দি মিঠ্যাচাৰেৰে ৰঙীণ সপোন দেখা বা দেখুউৱাৰ
ফলত ভোগ-বিলাসৰ প্ৰতি মানুহ আকৃষ্ট হয়, ব্যেভিচাৰী হয়, অতি আত্মকেন্দ্ৰীক হয় আৰু ধনৰ
বিনিময়ত মানুহৰ জীৱন যৌৱন কিনিব পৰাৰ চিন্তা হয়, সকলো সম্পদ কুক্ষিগত কৰাৰ লোভ হয়।
কাম, ক্ৰোধ, লোভ, মোহ আদিয়ে আবৰি ধৰা ব্যক্তিজনে বাস্তৱত তাৰ বিপৰীত স্থিতিক চম্ভালিব
নোৱাৰা হৈ বিভিন্ন কু-কাৰ্যত ৰত হয়, আত্মজাহৰ মানসিকতা হয়, মানসিক ৰোগগ্ৰস্ত হয় আদি।
বৰ্তমান
বিশ্বৰ সৰ্বত্ৰ অৰ্থনৈতিক বিপৰ্যয় আৰম্ভ হৈছে। এই সত্যক উপলব্ধি কৰি সময়ৰ সৈতে খোজ
দিয়াৰ বাবে আমি প্ৰস্তুত হ’ব লাগিব। প্ৰচাৰ, প্ৰসাৰ, বৌদ্ধিক চৰ্চা সকলো যেতিয়া এক
নিৰ্দিষ্ট পৰিসৰত আবদ্ধ হয় তেতিয়া সমাজে প্ৰকৃত প্ৰতিচ্ছবি দেখা পোৱাত কঠিন হয়। কাৰণ
প্ৰত্যেকেই নিজ স্বাৰ্থত সত্যৰ পৰ্যালোচনাৰ পৰিবৰ্তে অসত্যত ৰহণ সানি নিজৰ লাভ হোৱাৰ
পক্ষত থিয় দিয়ে বা সত্যক বিকৃত কৰি উপাৰ্জনৰ প্ৰয়াসত লিপ্ত হয়। ই স্থায়ী উপাৰ্জনৰ পথ
নহয় আৰু আজিৰ দিনত তেনে চিন্তাৰে আগবঢ়া সকল কোনো কাৰণতে সুৰক্ষিত নহয়। চৰকাৰে কৰা
প্ৰতিটো ভাল চিন্তাৰ ঋণাত্মক প্ৰভাৱ আমাৰ জীৱনত পৰিব পাৰে। সেইবোৰ নিৰ্মোহ ভাবে মুকলিকৈ
চৰ্চা হোৱা দৰকাৰ। তাক প্ৰাৰম্ভ কৰিব লাগিব মেডিয়াই। পিছে তেওঁলোক তোষামোদত ব্যস্ত।
দেশত দূৰ্নীতিৰ সংখ্যা কমিছে। তাৰ ঋণাত্মক প্ৰভাৱ বজাৰত পৰিবই। মানুহে অপৰিকল্পিত ব্যয়বোৰৰ
সংকোচন কৰাৰ বাবেই হওক বা কৰিবলৈ বল কমি যোৱাৰ বাবেই হওক তাৰ প্ৰভাৱ জনতাৰ ওপৰত পৰিছে।
আপুনি জানেনে ১৪৪ কোটিৰ দেশত কিমান সংখ্যক
লোক চৰকাৰৰ চাকৰিত কাম কৰি আছে ? কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰায় ৩১.৬৯ লাখ,ৰাজ্য চৰকাৰ
সমূহত প্ৰায় ১,৩২,০০,০০০ লোক কৰ্মৰত, চৰকাৰৰ প্ৰতিষ্ঠানত প্ৰায় ১০ লাখ, ৰাষ্ট্ৰীয়কৃত বেংকত প্ৰায় ৮ লাখ লোক মাত্ৰ কৰ্মৰত। অৰ্থাৎ
মুঠ জনসংখ্যাৰ ১.৫ শতাংশৰো কম চৰকাৰৰ কৰ্মচাৰী। সেই সকলক বাদ দি বাকী স্বনিয়োজিত বা কোম্পানী, প্ৰতিষ্ঠানত
কাম কৰা সকলৰ উপাৰ্জনৰ কোনো নিশ্চিত সুৰক্ষা নায়। বৰ্তমান সময়ত ই আৰু অধিক সংসয়ৰ কাৰক।
সাধাৰণ বাণিজ্য প্ৰায় অচল। ৰমৰমীয়া বেপাৰ কেৱল চিকিৎসা সেৱা খণ্ড, ঔষধ,স্বাস্থ্য বিষয়ক পৰীক্ষাগাৰ ,পেট্ৰল ডিপো- ৰন্ধন গেছৰ ব্যৱসায়, খাদ্য সামগ্ৰী আদি (হোটেল-ৰেষ্টোৰা আদি নহয়) । নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায়
৪০ শতাংশ নিম্নগামী, কেউদিশে বৃহৎ উন্নয়নৰ মাজতে এটা চিমেণ্ট কোম্পানীৰ প্ৰতিনিধিৰ পৰা তেওঁলোকৰ ৪০ শংতাংশ বজাৰ হ্ৰাসৰ কথা জানিলোঁ। অন্য বজাৰ ব্যৱস্থাত অনলাইনৰ আধিপত্য । বস্ত্ৰ ,খাদ্য সামগ্ৰী,
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ বজাৰো প্ৰায় অনলাইনৰ গ্ৰাসত । আপুনি-মই বাকীত ল’বৰ বাবে সামান্য বজাৰ উপলব্দ্ধ আছে হয়তো। কিতাপৰ বজাৰ ৭০ শতাংশৰ বেছি নিম্নগামী
! বাতৰি কাকত বোধহয় একোখন ১৫-২০ হেজাৰৰ বেছি ছপা নহয় ! চৰকাৰক যিয়েই নেদেখুৱাওক লাগে!! আই টি চেক্তৰত কাম কৰা সকলৰ হয়
চাকৰি গৈছে নহয় যাব এনে এক দূৰ্ভাৱনা…..। এইবোৰৰ মাজত দেশ চলিবৰ বাবে আমি জনসাধাৰণ প্ৰত্যাহ্বানৰ
সন্মুখীন হ’ব লাগিব ।
চৰকাৰৰ উন্নয়নৰ কাম আজিকালি মেকানাইজ্দ হ’ল। গতিকে
হেজাৰ হেজাৰ কোটিৰ কামৰ পৰা বিনিয়োগৰ ধন সাধাৰণ শ্ৰমিকৰ যোগে বজাৰলৈ নাহে । গতিকে কৰ্মহীন
মানুহৰ পয়োভৰ হৈছে। জনতাই যি পাৰে নিজ প্ৰতিভাৰে এইবোৰৰ সৈতে সন্মুখ সমৰ কৰি নিজৰ বাণিজ্য
বৃদ্ধি কৰিব লাগিব। খেতিৰ মাটি আনক বিক্ৰী কৰি নহয়, নিজেই কৰ্ম যুক্ত হৈ কৰিব লাগিব।
সেইবোৰৰ পৰা কৃষিভিত্তিক পণ্য উৎপাদন কৰাৰ যৌথ প্ৰয়াস লাগিব। এতিয় আগৰ দিন নাই। সন্মিলিত
প্ৰয়াসৰ বাবে নিজৰ ভিতৰত হিংসা-দ্বেষ এৰি ভাতৃত্বৰ বান্ধোনেৰে আগবাঢ়িব লাগিব। কাৰণ মূলধনৰ অভাৱ। তাকে নহ’লে
আপোনাৰ উৎপাদন কম মূল্যত মল সমূহে ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰিব।পিছে মনত ৰাখিব লাগিব যে বৰ্তমান উদ্যোগ ৪.০ ৰ যুগ। অৰ্থাৎ Industry 4.0 technologies are a set of digital technologies that help businesses improve efficiency, quality, and agility. These technologies include: Artificial intelligence (AI)। গতিকে এতিয়া ট্ৰেডিশ্যনেল ব্যৱসায়ী সকলৰ মুখৰ সজাত বা বিশ্বাসযোগ্যতা নোহোৱা হ’ল আৰু অধিক হ’ব। অনেক লোকৰ ধন মৰা যোৱাৰ উপক্ৰমৰ তালিকা বৃদ্ধ হ’ল। অতি ভাল যেন লগা মানুহজনৰো হয়তো দিয়া লোৱাত অনেক অসুবিধা হোৱাত ফোন নধৰা নহা হোৱাৰ উপক্ৰম ক্ৰমাত বৃদ্ধি হৈছে আৰু হ’ব। এতিয়া কাৰ কথাত সজাত আছে কোনেও নেজানে। আমি নিজেও নেজানো ! ! কালিলৈকে চলি থকা বাণিজ্য আজি বন্ধ বা বিক্ৰী গৈছে। আৰু এজন নতুন উদ্যমীৰ অপমৃত্যুৰ তালিকাত নাম সংলগ্ন হৈছে। বজাৰ চলিবলৈ জনতাৰ হাতত ধনৰ অভাৱ। আৰু বৃদ্ধি হ’ব এই ৰোগৰ প্ৰাদূৰ্ভাৱ ....
আমি ৰাইজক সজাগ কৰাৰ প্ৰয়াসত লিপ্ত হৈ আছো আৰু নিজেও বৃদ্ধ বয়সক নেওচা দি কৰ্মযুক্ত হোৱাৰ আৰু যুৱ প্ৰজন্মক কৰ্মত আগ্ৰহী কৰাৰ কাম কৰি আছোঁ। অৱসৰৰ দিনা সুসৰ্জিত ৰথত উঠি যাম গৈ। তাৰ আগত নিৰন্তৰ প্ৰয়াস আৰু সজাগতা চলি থাকিব।
Cause of Economic instability
- Inflation: When the value of money decreases
- Stock market fluctuations: When
stock prices fluctuate
- Housing market changes: When
the price of houses increases or income decreases significantly
- Unexpected disasters that impact the economy
Effects of economic instability
- Low-income families may have difficulty buying
basic needs
- A country's gross domestic product (GDP) may
decrease
Comments
Post a Comment