অনুভৱ বোৰ থৈ যাওঁ বুলি
মাতৃৰ প্ৰয়াণৰ পিছত ২০২২ চনত আমি দুয়ো গঙ্গাত তেওঁৰ অস্থি বিসৰ্জনৰ বাবে হৰিদ্বাৰ গৈছিলোঁ। আমাৰ ককা দেউতা আমাৰ বংশৰ শেষৰজন পণ্ডিত আছিল আৰু তেখেতৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্যৰ বাবেই হয়তো তেখেতৰ পুৰণি অনেক মূল্যবান কিতাপৰ পাত লুটিয়াই থকাৰ আগ্ৰহ হ'ল। তেখেতে তেতিয়াৰ দিনত বহুবছৰ কাশীত থাকি কাশীৰ পৰা জ্যোতিষ ৰত্ন, স্মৃতি তীৰ্থ আৰু তৰ্কশাস্ত্ৰীৰ উপাধি প্ৰাপ্ত কৰিছিল আৰুঅসমৰ বিভিন্ন লোকৰ আগমন আমাৰ স্মৃতিত এতিয়াও সজীৱ হৈ আছে। এইবোৰৰ কাৰণেই হয়তো মোৰ ঈশ্বৰ বিশ্বাস বেছি হ'ল আৰু সঁচা অৰ্থত জ্যোতিষ বিদ্যা এক অন্ধ বিশ্বাস নে উপযুক্ত জ্ঞান প্ৰাপ্ত জনৰ বাবে এক অধ্যয়নৰ প্ৰয়োজনীয় বিষয় জনাৰ উৎসুকতা বাঢ়িল। আধ্যাত্মিক চিন্তাত বিশ্বাস থকাৰ বাবেই হয়তো বহু বছৰ পূৰ্বে মই সম্পূৰ্ণ নিৰামিষাহাৰী হ'লো যিটোৱে কি দিছে মই বুজাই ক'বলৈ অপাৰগ। যি হওক, হৰিদ্বাৰত থকা দিন দুটা ব্ৰহ্মপুৱাতে উঠি গঙ্গাৰ পাৰত অজস্ৰজন ভক্তৰ সৈতে কটাই মই সঁচাকৈয়ে অভিভূত হৈছিলো। মানুহ বোৰো বৰ ভাল লাগিছিল। এয়া মোৰ দ্বিতীয় হৰিদ্বাৰ ভ্ৰমণ আছিল আৰু তৃতীয় বাৰ ১০ দিনীয়া সূচীৰে যাবলৈ হেপাহ কৰি আছোঁ।
পিছদিনা হৃষিকেশত গৈ দিনটো কটালোঁ। সেই বোৰ পৰিবেশ এদিন বা দুদিনৰ ভ্ৰমণত হেপাহ নপলায়। তাতে এজন বয়ষ্ক ব্যক্তিৰ সৈতে প্ৰায় এঘণ্টা সময় বিভিন্ন কথা বতৰা হ'ল। সম্পূৰ্ণ শুদ্ধ ভাবে তাৰ স্থানীয় ভাষাত কথা পতা মানুহজন দেখাই শুনাই সকলোতে তাৰ স্থানীয় আছিল। মোৰ এটা বেয়া গুণ হ'ল মানুহ এজনৰ মুখখন চাই থাকি এটা অনুমান কৰোঁ আৰু প্ৰায়েই ই সঁচা হয়। ভালে বেয়াই তেনে কেইবাটাও ঘটনা মোৰ লগত ইতিমধ্যে হৈ গৈছে। মই কথাৰ মাজত তেখেতক সুধিলো "আপোনাৰ আচল ঘৰ পশ্চিম বংগৰ কোন ঠাইত?" মানুহ জন অলপ হতভম্ব হ'ল। অৱশেষত কলকাতা বুলি ক'লে। সুধিলো- "জ্যোতিষৰ জ্ঞান তাতেই প্ৰাপ্ত নে ইয়াত?" তেতিয়া লগত যোৱা পৰিবাৰে ক'লে- "তুমিনো কেনেকৈ জানিলা?" মানুহ জনে কি সুধিলে বুলি মোৰ পৰা বুজি লৈ পৰিবাৰক ক'লে- "তেখেতে জানিবই। লগ্নত বৃহস্পতি বহি আছে তেখেতৰ। তাতে আকৌ কাষতে #অমুক গ্ৰহ আছে।" তাৰ আগত আমাৰ কোনো জ্যোতিষৰ আলোচনা হোৱা নাছিল। তথাপিও তেখেতে মোৰ প্ৰশ্নৰ উত্তৰত ফেচ এষ্ট্ৰলজি সহ তিনিটা ডিগ্ৰী পশ্চিম বংগতে লোৱা বুলি জনালে আৰু হৃষিকেশত থকা ৩০ বছৰ হ'ল বুলি ক'লে। মোৰ ঘৰুৱা দুই চাৰিটা কথা বৰ শুদ্ধকৈ মুখলৈ চাই কৈ দিলে তেখেতে। এইটো মই কেতিয়াও পঢ়া বিষয় নহয় বা মই এষ্ট্ৰলজিৰ আদি আখৰটকে শিকা নাই । এনেই পঢ়ি থাকো আজৰি পালে। কিন্তু ষষ্ঠ ইন্দ্ৰীয়ই অকস্মাতে কৈ যোৱা কোনো কথাই যে ভুল নহয় সেইটো মই সদায় মানি আহিছোঁ। ইয়েই হয়তো ফেচ এষ্ট্ৰলজিৰ ভাগ যদিও নেজানো।
সিদিনা এগৰাকী মহিলাৰ সৈতে ছোৱালী এজনী আহিছিল। মোক তাই তেওঁৰ ভতিজা বুলি পৰিচয় কৰি দিলে। মই মুখলৈ চাই এনেয়ে সুধিলো- নিজৰ নহয় একেবাৰে...? তেওঁ তেতিয়া ক'লে, অ তেওঁলোকৰ ঘৰতে আমি বহু বছৰ থাকিলো। তাইক সুধিলো-" এম এ কৰিলা? "
"হয়, এইবাৰ কৰিলোঁ। "
"ইংৰাজীত ?"
"হয়।"
"প্ৰথম বিভাগত?"
"হয়"
"Competative exam ৰ তৈয়াৰী কৰা তেনে।"
মানুহ গৰাকীয়ে তপককৈ ক'ল -"মই BEd কৰিবলৈ জোৰ কৰিছিলোঁ। তাই নকৰে।"
মই ক'লো - "ভালেই কৰিলে দিয়ক। তাই Competative exam ৰ বাবে পঢ়ক।"
এই কথাবোৰত কোনো এষ্ট্ৰলজিৰ কথাও নাই বা মই সেইবোৰ নেজানোও। যি হওক, মোৰ বিশ্বাস হয় যে কোনো এক দুৰ্লভ মূহুৰ্তত ষষ্ঠ ইন্দ্ৰীয়ই কৈ যোৱা কথাবোৰ শুদ্ধ হয়েই।
মানুহ এজনে গৃহ ঋণ এটা লওতে তেখেতৰ লগতে বেংকলৈ গৈছিলো। বয়স ৪৪ হৈছে তেওঁৰ। মোৰ মনটোৱে হঠাতে কিবা এটা যেন কৈ গ'ল বুজি তেওঁৰ ঋণটো জোৰকৈ তাতেই বীমা কৰাই দিয়ালো। মানুহ জনে খঙতে দুদিন মোক নেমাতিলে, ময়ো পাহৰি গ'লো। কেইদিনমানৰ পিছত তেখেতে মোক বেয়া নেপাবলৈ ফোন কৰি ক'লে। দুমাহ পিছত হঠাতে গাটো বেয়া লগাত হস্পিটেললৈ ঘৰৰ মানুহে তেওঁক লৈ গ'ল। পিছে আধা কিলোমিটাৰ পথেই অতিক্ৰম নহ'ল, তেখেতৰ প্ৰয়াণ হ'ল। এয়া কোনো এষ্ট্ৰলজিৰ কথা নহয় দেই। এনেই মনলৈ অহা এক আকস্মিক ভাবহে। এষ্ট্ৰলজিৰ যদি সঠিক অধ্যয়ন হয় তাত হয়তো এনেকুৱা কিবা কথা থাকিব পাৰে যি কাৰোবাৰ চিন্তা-চৰ্চাত অকস্মাতে এনে ভাব আনে বুলি জানিব পৰা যাব।
মকৰ সংক্ৰান্তিৰ সময়ত অনেক সন্যাসীৰ আগমণ হয় আৰু সেই সকলৰ অনেকে চহৰ-গাওঁ ফুৰি উভতি যায়। তেনে একোজনে মুখলৈ চাই অনেক কিবা কৈ যায়, যিবোৰৰ কিছুমান আমাৰ জীৱনৰ সৈতে মিলে। হয়তো এইবোৰ ফেচ এষ্ট্ৰলজিৰ অংশ।
হৃদয়খন সদায় পবিত্ৰ ৰাখক,ঈৰ্ষা জীৱনৰ পৰা আঁতৰাই ৰাখক, কাকো নঠগিবৰ সিদ্ধান্তত অটল থাকক, ঈশ্বৰত বিশ্বাস ৰাখক, আৰ্তজন শত্ৰু হ'লেও নিস্বাৰ্থ সেৱা আগবঢ়াওক, সকলো পৰিস্থিতিয়েই জীৱনৰ সৰ্বোৎকৃষ্ট সময় বুলি উপলব্ধি কৰাৰ অভ্যাস কৰক, প্ৰয়োজন হ'লে আপোনাৰ ভাগৰেই খুৱাই এজনৰ পেটৰ ভোক নিবাৰণ কৰক, দেখিব আপোনাৰ মনলৈ হঠাতে অহা কথাবোৰেই সঁচা.....
Comments
Post a Comment