সময় আৰু আমাৰ ল'ব লগা অৰ্থনৈতিক ব্যৱস্থা

 

সময়ে আমাক লাহে লাহে ব্যয় সংকোচন কৰিবলৈ শিকোৱাৰ প্ৰয়াস কৰিছে। আমি সেই শিকনিসমূহৰ পৰা নিজৰ সাধ্যৰ ভিতৰত দৈনন্দিন জীৱনৰ দিনবোৰ সুন্দৰকৈ সজাবলৈ প্ৰয়াস কৰিবৰ যত্ন কৰিব লাগিব। কাৰণ বৰ্তমান সময়ত সাধাৰণ ৰাইজৰ মূল অভাৱ হ'ল নগদ ধনৰ নাটনি। কেউফালে কেৱল নাই আৰু নাই। বজাৰ বেয়াৰ অৰ্থ জনসাধাৰণৰ ব্যয় ক্ষমতা হ্ৰাস। তাৰোপৰি কৰি থকা কামবোৰো সৰহ সংখ্যক লোকৰ বাবে সুৰক্ষিত নহয়। স্ব-প্ৰতিভাৰে নিজৰ দক্ষতাৰ প্ৰকাশত সামান্য অথন্তৰ হ'লেই কৰ্মচ্যূত হোৱাৰ আশংকা আহি পৰিছে। বীমা খণ্ডত কাম কৰা মানুহেই হ‌ওক বা আই.টি খণ্ডতে হ‌ওক; ওকালতিকে কৰক বা ষ্টাম্প ভেণ্ডৰেই হ‌ওক ; মেডিকেল ৰিপ্ৰেজেণ্টেটিভেই হ‌ওক বা কোনো উৎপাদন কোম্পানীৰ কৰ্মচাৰীয়েই হ‌ওক কাৰো উপাৰ্জনৰ নিশ্চয়তা নাই। গতিকে আমি ব্যয় সংকোচনৰ প্ৰতি অতি সতৰ্ক হ'ব লাগিব। চিংৰা-কচুৰী-পপ্-পেটিচ, বাৰ্গাৰ-ডোচা অৰ্ডাৰ দিয়াৰ সলনি ঘৰতে ৰুটি- পিঠা-লাড়ু বনাই খোৱাৰ আইহঁতৰ অভ্যাস বোৰ পুনঃ আয়ত্বলৈ আনিব লাগিব। স্বামী-স্ত্ৰী দুয়োৰে ভিতৰত কাৰ কেতিয়া চাকৰি যায় তাৰ নিশ্চয়তা নাই। কি খবৰ সুধিলে #বৰ_ভাল বুলি কোৱা মানুহ এতিয়া আছে বুলি কোৱা টানেই।


এইবোৰকে কথা পাতি থাকোতে গম নেপাওঁ যে বহি থকা চাৰিজনৰ ভিতৰত এজনৰ এমাহ পূৰ্বে কামৰ পৰা অব্যাহতি হৈছে।  ছাত্ৰ এজনে দুদিন পিছত পৰীক্ষাত বহিব। যোৱা দুটা বছৰ টিউশ্যন ফিজ দিয়া নাই বাবে মাকে আজি ৰেহাই বিচাৰি অনুৰোধ কৰিবলৈ আহিছে। এইবোৰ বাস্তৱ ঘটনা। এইবোৰৰ পৰা আমি শিকিব লাগিব। নহ'লে হয়তো জীয়াই থকা টান হ'ব। অতি ব্যস্ত বজাৰ অঞ্চলত গৈ থাকোঁতে এইকেইটা দিন প্ৰতিখন দোকানত বিক্ৰেতা আৰু ষ্টাফ‌ দুই এজন( যাৰ আছে) মোবাইল পিটিকি বহি থকাই দেখা পালোঁ। সেই ছাত্ৰ জনৰ দেউতাকো কোনোবা পাইকাৰী বিক্ৰেতাৰ কৰ্মচাৰী বোলে !! এজন ঔষধ কোম্পানীৰ বিক্ৰয় প্ৰতিনিধিয়ে সৰু কোঠা এটা বিচাৰি পাব পাৰে নেকি সুধিবলৈ আহিছিল। ২২ বছৰ ভাল পদত কাম কৰি এতিয়া ব্যয় সংকোচনৰ আঁচনিত কৰ্মচ্যূত হয় বুলি আগতেই সুৰক্ষিত হ'বৰ চিন্তা কৰিছে। তেওঁৰ মতে ৪০ ৰ উৰ্ধৰ কৰ্মচাৰী সকলৰ ভয় বেছি। কাৰণ তেওঁলোকৰ  দৰমহাৰ পেকেজ বেছি। তাতে আকৌ আজিকালি অন লাইন মাৰ্কেটিঙৰ সুন্দৰ ব্যৱস্থাই বিৰম্বনা দিছে।


আমি এইবোৰ চেলেঞ্জ ৰূপে ল'বলৈ অভ্যাস কৰিব লাগিব। সময়ৰ সৈতে খোজ দিব লাগিব। নহ'লে #ৰণত_পৰি_কলিয়া হ'ব লাগিব। এয়া বিশ্বজুৰি হোৱা সমস্যা। জনবহুল দেশ ভাৰত। গতিকে আমাৰ ওপৰত প্ৰভাৱ বেছি যেন অনুভৱ হ'ব‌ই হ'ব।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?