ৰাজনীতিত নিকা বা ক্লিনৰ অৱস্থিতি !


 কেইদিনমানৰ পৰা অত্যন্ত চৰ্চাৰ বিষয় এটা হৈছে নিকা  বা clean ক লৈ। তাৰ মাজতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ মোডী ডাঙৰীয়াৰ স্বচ্ছ ভাৰতৰ যি ধাৰণা সেই ধাৰণাৰ আধাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সুন্দৰ আৰু সৰল ভাষাত আগবঢ়োৱা ভাষ্য শুনি সঁচাকৈয়ে অভিভূত হৈছিলো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধাৰণাৰে স্বচ্ছ ভাৰতৰ কথা কৈছিল তাৰ বিপৰীতে প্ৰথম অৱস্থাত আমাৰ বিভিন্ন স্থানত কেতিয়াবা ফলা কাগজৰ টুকুৰা অলপমান বেগত কঢ়িয়াই আনি কোনোবা পথৰ কাষত সিঁচি ঝাৰু লৈ কেমেৰাৰ অপেক্ষাত ৰৈ থকা কথাবোৰ দেখি দেখি এবাৰ এটা প্ৰবন্ধত লিখিছিলোঁ - " আচলতে আমাৰ দৈনন্দিন জীৱনৰ কৰ্মৰ ভিতৰৰ পৰা অপৰিস্কাৰ সকলো আবৰ্জনা পৰিস্কাৰ কৰাটোৱেই হ'ল প্ৰকৃত স্বচ্ছতা। আমি দৈনিক বজাৰ এলেকা বা অন্য অপৰিস্কাৰ স্থান পৰিষ্কাৰ কৰিবলৈ যোৱা হোৱা নাই বা প্ৰয়োজনো বোধকৰোঁ নাই। প্ৰয়োজন হৈছে আমি আমাৰ দৈনন্দিন জীৱনত সমাজক অপৰিস্কাৰ নকৰাৰ পণ ল'ব লাগিব। সি লাগে পিকেৰে ৰঙীন কৰা ফ্লাই অভাৰেই হ‌ওক, চিকিৎসালয়ৰ টয়লেট -লিফ্ট-চিৰিয়েই হ‌ওক, চৰকাৰৰ কাৰ্যালয়ৰ চিৰি বা বেৰেই হ‌ওক; অত্যন্ত জৰুৰী চৰকাৰী কাম একোটা ঘোচ নোপোৱাকৈ থকাৰ বাবে পেলাই থোৱাই হ‌ওক অথবা এ.পি.এছ.চি-ৰ প্ৰাৰ্থীৰ পৰা বান্দোলে বান্দোলে ধন লোৱাই হ‌ওক, কোনোবা গগৈৰ প্ৰতিনিধি বা পৰিয়ালৰ লোকক উপহাৰৰ মাধ্যমেৰে দিয়া টোপোলা হ‌ওক, সকলো একেই। প্ৰসঙ্গ ক্ৰমে এ.পি.এছ.চি-ৰ বিষয়ত নিকা বুলি প্ৰচাৰ হৈ থকা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নামো সংলগ্ন হোৱাত আমি দুখ পাইছোঁ। তাৰ মাজতে মনলৈ আহিছে যে শ্ৰী ৰাকেশ পাল নামৰ অখ্যাত দুদ্ধৰ্ষ কলেকচ্যন মাষ্টাৰ বা এজেণ্ট এজনক কি অৰ্হতাৰ ভিত্তিত চৰকাৰে ছয় বছৰ বা ৬২ বছৰ বয়সলৈ(যিটো আগতে হয়) এনে এটা সন্মানীয় পদত নিযুক্তি দিছিল !!  জীৱনৰ সু-দিনত আমি জানি-নেজানি এনে কাম কিছুমান কৰি পেলাও যিবোৰে স্বচ্ছ বা Clean আদি শব্দবোৰ কেৱল একোটা বিশেষণ কৰি আলফুলে দ্ৰ‌ইং ৰূমৰ আলমিৰাত থৈ দিয়ে আৰু ভিতৰৰ সম্পূৰ্ণ মানুহজন অ-স্বচ্ছতাৰে গেলি থাকে। ই অতিশয় দুখ দায়ক কথা। ৰাইজৰ প্ৰতিনিধি হোৱাটো বহুত ডাঙৰ কথা নহয়, কিন্তু ক্ষমতাত থাকি তুলুঙা উত্তৰেৰে আভুৱা ভৰাটো নিকা স্বভাৱৰ পৰিপণ্ঠি কথা। 

১৯৯১ মানৰ কথা এটা মনত পৰিল। তেতিয়া বৰ্তমানৰ গুৱাহাটী - শ্বিলং পথৰ এ.বি.চি ষ্টপেজতে থকা ডাঙৰ তিনি মহলীয়া ঘৰ এটাত Swaraj_Mazda ৰ ট্ৰাক-বাছৰ  স্ব-ৰূম আছিল বোধহয়। সেই সময়তে বিভাগ সমূহৰ ভাগে ভাগে চিমেণ্টৰ টেণ্ডাৰ নকৰি ভঙাগড়ত অৱস্থিত ষ্টেটফেডৰ পৰা বোধহয় ৫০,০০০মেট্ৰিক টনৰ অ.পি.চি. চিমেণ্টৰ টেণ্ডাৰ হৈছিল। তেতিয়া ষ্টেটফেডৰ পৰিচালনা সঞ্চালক চাগৈ কোনোবা শৰ্মা ডাঙৰীয়া আছিল। চৰকাৰে সেই সময়ত কেৱল OPC চিমেণ্ট ব্যৱহাৰ কৰিছিল। অৰ্ডিনেৰি পোৰ্টলেণ্ড শ্লেগ চিমেণ্ট বা এতিয়া  বহুলভাবে প্ৰচলিত পজ'লানা পোৰ্টলেণ্ড  চিমেণ্ট ব্যৱহাৰ নকৰিছিল। গতিকে কেৱল OPC অৰ্থাৎ অৰ্ডিনেৰি পোৰ্টলেণ্ড চিমেণ্টৰ টেণ্ডাৰ গ্ৰহণ কৰা হ'ল। পিছে দিল্লীৰ মুখ্য মন্ত্ৰী কোন হ'ব তাৰ উৎকণ্ঠাত থকাৰ দৰে চিমেণ্সটৰ টেণ্ডাৰত অংশ লোৱা সকলেও নদাই-ভদাই আদিৰে কথা পাতি পাতি  উৎকণ্ঠাত থাকোঁতেই এদিন শুনিলো যে গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত এদিন নিশা কোনোবা এটা পোৰ্টলেণ্ড শ্লেগ চিমেণ্টৰ উৎপিদকক সকলো অৰ্ডাৰ দি দিলে আৰু পিছদিনা মুখ্য অভিযন্তা জনৰ অৱসৰ হৈ পুনঃ হয়তো এক্সটেনশ্যণ পাই কমিশ্যনাৰ হ’লগৈ। তাৰ পিছতেই স্বৰাজ মাজদাৰ দোকানো বন্ধ হ'ল আৰু তাত কিবা কাৰ্যালয় হ'ল । বোধহয় তেতিয়া Sentinel নামৰ কাকতত এটা দীঘল বাতৰিও হেনো প্ৰকাশ হৈছিল । ৪৫ বছৰৰ আগৰ কথাবোৰ ভালকৈ মনতো নাই বাবে বাৰে বাৰে ‘হয়তো’, ‘চাগৈ’ শব্দবোৰ লিখি দায় সাৰিব লগা হৈছে। এই ধৰণৰ কথাবোৰে আমাৰ ৰাইজৰ মনত নিকা শব্দটোৰ অৰ্থ নাইকীয়া কৰে। চালি-জাৰি থাকিলে কি ক’ত ওলাই নেজানো !


বৰ্তমান চৰকাৰৰ সৰহ সংখ্যক কাম অন লাইন হোৱাত প্ৰগতিৰ প্ৰথম বা দ্বিতীয়_চিৰিবোৰ প্ৰায় পৰিস্কাৰ হোৱা আৰম্ভ হৈছে। পাৰ্কিং কৰি থোৱা গাড়ীখনো পিক পেলোৱাৰ পৰা সাৰি নোযোৱাৰ বিষয়টো বা য'তে ত'তে চিংগাপুৰ আদিৰ দৰে পুলিচে পিক পেলোৱা মানুহক কেমেৰাৰ সহায়ত ফাইন কটাত ব্যস্ত নেথাকি ট্ৰাক আদি ৰখাই সুখ দুখৰ কথা পতি সময় নষ্ট কৰাৰ বাবে স্বচ্ছতা ৰক্ষাত ব্যৰ্থ হোৱাৰ কথাটোত কোনো দ্বিমত নাই। ওপৰৰ চিৰিবোৰ আমাৰ দৃষ্টিৰ আয়ত্তৰ বাহিৰত বাবে চৰকাৰেই সেইবোৰ চাব লাগিব আৰু স্বচ্ছতা নিশ্চিত কৰিব লাগিব । আজিৰ পৰা ৮/৯ বছৰ আগতে ঘৰৰ অনুমতি ল'বলৈ ফাইল এটা দিলে বিষয়া একোজনে "এম এল এ ছাৰৰ লগত কথা পাতিলেনে" বুলি সোধাৰ নিয়মবোৰ এতিয়া প্ৰায় নাইকীয়া হৈছে। এনে অনেক পৰিবৰ্তনে  হয়তো বজাৰত Cash flow কমাইছে। এটা সময়ত আমি সেইবোৰৰ বাবে প্ৰশংসা কৰিবৰ থল ওলাব। কাৰণ সকলোৰে অভ্যাস পৰিবৰ্তনৰ শেষত আমাৰ নতুন অভ্যাস তৈয়াৰ হ'বগৈ। 


চিন, পাকিস্তান আদি দেশবোৰ আমাৰ প্ৰতিবেশী হ'লেও সকলো সময়ত আমাৰ সৈতে দণ্ড-খৰিয়ালত আবদ্ধ থাকে। তেনে ক্ষেত্ৰত এই বিষয়বোৰৰ ওপৰত কিবা প্ৰশ্ন আহিলে আমি হাস্যৰস সানি উত্তৰ দি থ’লে প্ৰজাৰ মনত খু-দুৱনী নকমে। গতিকে নিকা, দায়বদ্ধ, স্বচ্ছতা, ধোৱা তুলসীৰ পাত আদি শব্দবোৰ একাষে থৈ স্পষ্ট হোৱা ভাল। ৰাজনীতি আৰু ৰাজনৈতিক জীৱনত সম্পূৰ্ণ নিকা, নৈতিক আদি শব্দবোৰ বোধহয় খাজে খাপে পৰি নিয়াৰিকৈ চলা মেচিনৰ দৰে কেতিয়াও নহয়। পবিত্ৰ সংবিধানৰ প্ৰতি দায়বদ্ধ থকাৰ বিষয়বোৰো আও পুৰণি ৰাজনৈতিক দলৰ বুদ্ধিদীপ্ত সদস্য সকলে বৰকৈ আওৰাই নেথাকে। কাৰণ ইমাৰ্জেন্সি, বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ, নিজৰ প্ৰয়োজনৰ হিচাপে আইনৰ আওঁতাত নপৰাৰ বাবে সংবিধান সংশোধনী আদিবোৰ তেওঁলোকৰ স্মৃতিত উজ্বল হৈ থাকে যে....! 


মনত থকাৰ পৰা মোৰ পৰিয়ালৰ পৰম শত্ৰুৰ স্থানত থকা সহোদৰ ভাইজনে হঠাতে ভাল শিলঘৰীয়া মাছ এসাঁজ আমাৰ ঘৰলৈ পঠাই দিলেও মোৰ কিন্তু মনত প্ৰথম সন্দেহ ওপজিব-"চিন দেশৰ পৰা আমালৈ এই বৰঙণি পঠালে যে, কথাটো কি  !!!!!

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?