জীৱনটো বাস্তৱিক ! জীৱন আন্তৰিক!!

ভাগৱত গীতাৰ মতে জীৱনচক্ৰ হৈছে পুনৰ্জন্মৰ এক অবিৰত চক্ৰ ( যাক সংসাৰ কোৱা হয় ) য’ত আত্মাই (আত্ম) তেওঁলোকৰ কৰ্মৰ ভিত্তিত এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ স্থানান্তৰিত হয়, যাৰ চূড়ান্ত লক্ষ্য হ’ল #নিজৰ_প্ৰকৃত_স্বৰূপ_উপলব্ধি_কৰি আৰু ঐশ্বৰিক চেতনাৰ (ব্ৰহ্ম) সৈতে একত্ৰিত হৈ এই চক্ৰৰ পৰা মুক্তি (মোক্ষ) লাভ কৰা। গীতাৰ জীৱনচক্ৰ সম্পৰ্কে মূল কথা হ'ল : 

#কৰ্ম: প্ৰতিটো কৰ্মৰ প্ৰতিক্ৰিয়া থাকে, আৰু নিজৰ কৰ্মৰ পৰিণতিয়েই তেওঁলোকৰ ভৱিষ্যতৰ জীৱন পৰিস্থিতি নিৰ্ধাৰণ কৰে। 

#আত্মনঃ আত্মা চিৰন্তন আৰু অপৰিৱৰ্তিত । ই  গোটেই জীৱন চক্ৰটোত বিভিন্ন শৰীৰত বাস কৰে।

 #সংসাৰ: জন্ম, মৃত্যু আৰু পুনৰ্জন্মৰ চক্ৰ। 

#মোক্ষ: আত্ম উপলব্ধিৰ জৰিয়তে পুনৰ্জন্মৰ চক্ৰৰ পৰা মুক্তিৰ অৱস্থা  লাভ কৰা। 


ভাগৱত গীতাই জীৱনচক্ৰৰ বিষয়ে  ব্যাখ্যা কৰি কৈছে: বস্ত্ৰ_হিচাপে_শৰীৰ: গীতাত শৰীৰক এনে বস্ত্ৰৰ লগত তুলনা কৰা হৈছে, যিটো বস্ত্ৰ আত্মাই পূৰ্ব নিৰূপিত সময়ত  এৰি থৈ নতুনকৈ আন শৰীৰৰূপি বস্ত্ৰত প্ৰৱেশ কৰে। 

ধৰ্ম_সম্পাদন_কৰা: ফলাফলৰ পৰা  পৃথকে থাকি নিজৰ কৰ্তব্য ( অৰ্থাৎ ধৰ্ম) পালন কৰি ভাল ফল সঞ্চয় কৰি মুক্তিৰ দিশত আগবাঢ়িব পাৰে। 

পথ প্ৰদৰ্শক হিচাপে শ্ৰীকৃষ্ণ‌ই গীতাত - কেনেকৈ সৎ জীৱন যাপন কৰিব পাৰি আৰু আধ্যাত্মিক মুক্তি লাভ কৰিব পাৰি অৰ্জুনক তাৰ পথ প্ৰদৰ্শন কৰিছে।

আমাৰ চিন্তা আৰু জীৱনকালৰ ধাৰাবাহিক অভিজ্ঞতাই কয় যে জীৱন চক্ৰৰ দ্বাৰা মানুহে পুনঃ জন্ম লৈ সজ কৰ্মৰ দ্বাৰা মুক্তি লাভ কৰক বা নকৰক, আমাৰ এই জীৱন পৰিক্ৰমাৰ সকলো সৎ-অসৎ কৰ্মৰ ফলাফল এই জীৱনৰ পৰিসমাপ্তিৰ পূৰ্বে নিজেই ভোগ কৰাৰ #সোণালী_সুযোগ প্ৰাপ্তি হয়। অত্যন্ত স্বাৰ্থপৰতাৰ বাবেই আমাৰ মনলৈ এদিন হতাশা আহে আৰু আমি তেতিয়া  হেনৰী ৱাডছৱৰ্থ লংফেলোৰ "জীৱনৰ গীত" কবিতাৰ পংক্তিৰে ক‌ওঁ "জীৱনটো এটা শূন্য সপোনৰ বাহিৰে একো নহয়"(Life is nothing but an empty dream) ! সেইজন ব্যক্তি নিৰাশাবাদী তেতিয়াই হয়, যেতিয়া জীৱনত শৰীৰৰ শক্তিশালী মুহূৰ্ত্ত বোৰত নিজৰ বুলি গণ্য কৰা সৰু পৰিয়ালটোৰ বাদে পিতৃ মাতৃৰ প্ৰতিও কৰ্তব্যবোধহীন , শ্ৰদ্ধাহীন আৰু তেওঁলোকৰ ত্যাগক নস্যাৎ কৰি সেয়া তেওঁৰ শৈশৱৰ সময়ৰ প্ৰাপ্য আদায় কৰা বুলি অনুভৱ কৰি কেৱল সম্পদৰ আৰ্জন কাৰ্যত ব্ৰতী হৈ বাৰ্ধক্যত ভৰি দিয়ে। ইয়াত ব্যক্তিয়ে কৰ্মফল প্ৰাপ্তিৰ সুযোগ পায় কেৱল বাৰ্ধক্যত, যেতিয়া তেওঁ অক্ষমতাৰ দিশে অগ্ৰসৰ হয় । ই এক নিৰবিচ্ছিন্ন ব্যৱস্থা। আৰ্জনৰ কষ্টৰ বিনিময় যেনেকৈ জ্ঞান, অভিজ্ঞতা, সম্পদ ঠিক তেনেকৈয়ে স্বাৰ্থান্ধ কৰ্মৰ দ্বাৰা নিৰাশবাদক সত্য বুজাৰ সৌভাগ্য বা দূৰ্ভাগ্যজনক দিনবোৰ আহৰণ কৰিব পৰাৰ সুযোগ প্ৰাপ্ত হয়। আমি আমাৰ জীৱনত কাকো  অগ্ৰাহ্য কৰাৰ অনুমতি প্ৰকৃতি বা পৰমেশ্বৰে কেতিয়াও দিয়া নাই বা নিদিয়ে। আমাক জীৱনৰ কোনো মুহূৰ্ত্তত ঈশ্বৰে সমস্ত জ্ঞানৰ অধিকাৰীও নকৰে যাৰ শক্তিত আমি সমস্ত জীৱকুলৰ ভাল আৰু বেয়াৰ সঠিক সিদ্ধান্ত লিপিবদ্ধ কৰাৰ অধিকাৰ আয়ত্ত কৰিব পাৰোঁ। সেয়ে এইটো ভবা ভাল যে জীৱনটো বাস্তৱিক ! জীৱন আন্তৰিক!! ইয়াৰ আমেজ কেৱল স্বাৰ্থৰহিত সুন্দৰ জীৱনৰ হে কৃতিত্ব।

 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?