প্ৰেম হেনো স্বৰ্গীয় মৰতত হে পাই…!

 ল’ৰাটোৱে সোধা প্ৰশ্নটোৰ উত্তৰত ক'লো - "জন্মৰ পৰা প্ৰয়াণলৈ কোনো মানুহৰে নিৰ্দিষ্টকৈ কাৰো সৈতে এৰাব নোৱাৰা আত্মীয়তা নেথাকে যদিও পৰিয়ালৰ ঠাল-ঠেঙুল ব্যতিৰেকে সকলোকে তুমি আত্মীয় বুলি লোৱাৰ অভ্যাস ৰাখিব লাগিব। তেওঁলোকৰ সুখত তুমি সুখী হ’বা, তেওঁলোকৰ দুখত তুমিও দুখী হ’বা । কিন্তু সেই আত্মীয়তাৰ সৈতে আবেগক সংলগ্ন কৰি কেতিয়াও নেৰাখিবা । কাৰণ পৰিবেশ পৰিস্থিতিত সম্পৰ্ক‌ই কেতিয়াবা তোমাক বিবৰ্ন-বিততো কৰিব বা মানসিক আঘাটো দি দিব পাৰে । আচলতে পূণ্যভূমিলৈ অকলে অহা প্ৰতি জীৱই নিজৰ সকলোকে আপোন কৰে যদিও আয়ুস নিৰ্দিষ্ট সকলো আত্মাই পৃথকে চোলা সলায় বা কেতিয়াবা মোতো সলায় । সেয়ে আত্মীয়তাক আবৰি ধৰি ৰখা আবেগে তোমাৰ-আমাৰ জীৱনৰ যাত্ৰা ক’ৰবাত স্তিমিত কৰিব যাতে নোৱাৰে, তাৰ বাবেই জীৱনৰ পৰা আবেগক আঁতৰাই ৰখা দৰকাৰ । যাতে তুমি বাস্তৱৰ সৈতে সহবাস কৰাত সফল হোৱা।"

পিছে সেইবোৰৰ মাজতো আমি কেতিয়াবা ইজনে সিজনৰ কান্ধত কান্ধ মিলাই, এজনে আনজনৰ সুখে-দুখে অসীম ত্যাগ স্বীকাৰ কৰি আমাৰ জীৱন যাত্ৰা অব্যাহত ৰাখোঁ । ই এক দুৰ্লভ অপূৰ্ব আৰু ঈশ্বৰ প্ৰদত্ত ব্যৱস্থা । এই যে জীৱন এক্সপ্ৰেছৰ কোচ্ নম্বৰ -ওৱাই-৩৯ ত বহি থকা মানুহ দুজন দেখিছা, তেওঁলোক একেটা ডবাৰ একে ঠাইতে এই জীৱনৰ ১৩,৮৭০ টা দিনৰ আগতেই তাত বহিছিল আৰু অভিন্নতাৰে অবিৰত ভাবে গৈ আছে আৰু গৈ আছে !! দুয়ো দুয়োকে কেতিয়াও সোধা নাই- গন্তব্য স্থানলৈ আৰু কিমান দূৰ ? কোনো খং-অভিমাণ নকৰাকৈ মুখত এমোকোৰা তৃপ্তিৰ হাঁহি বিৰিঙাই গৈ থকা সংগী গৰাকীলৈ এবাৰ চোৱাচোন ..! সেই গৰাকী কিন্তু তোমাক কোৱা সেই আত্মীয় সকলৰ সম্পৰ্কৰ উৰ্দ্ধত । তেওঁ নিজৰ সোণোৱালী শৈশৱৰ সকলো আত্মীয়ৰ সংগৰ পৰা দূৰৈত অৱস্থান কৰিও সুখী আনুভৱ এটাৰ প্ৰকাশেৰে এক নতুন আত্মীয়ৰ জগতত নিজক বিলীন কৰি গৈ আছে আৰু গৈ আছে...., অথচ্ তেওঁৰ জীৱন গাঠাত ত্যাগৰ সেই অমূল্য অৱদানৰ স্বীকৃতি বিচৰাৰ বা সেইবোৰ ভবাৰ সময়েই পোৱা নাই। সেয়া হয়তো তেওঁৰ বাবে ঈশ্বৰে অৰ্পণ কৰা দায়বদ্ধতা বুলিয়েই গণ্য কৰাৰ আন্তৰিক প্ৰয়াস, সৱলতা বিদ্যমান আছে, য’ত কেৱল সুখৰ অনুভৱবোৰৰহে প্ৰকাশ প্ৰস্ফুটিত হৈ আছে.. । এই অবিৰত যাত্ৰাত তেওঁ দৈনিক থাপনাত জ্বলাই যোৱা প্ৰতিগছ বন্তীৰ শলিতাক ইমান সুন্দৰকৈ প্ৰস্তুত কৰিছে, যি চাকিবোৰৰ শলিতাৰ শিখাক চাকিৰ বুকুলৈ অহাত প্ৰতিৰোধ কৰি আহিছে …! এই শলিতাৰ জুয়েই যাত্ৰা পথত কুঠৰিটোক পোহৰাই ৰাখিছে, যাৰ অবিহনে তেওঁলোকৰ জীৱন যাত্ৰা হয়তো অন্ধকাৰৰ আবৰ্তত থাকিল হেতেন !! সেয়েহে তুমি সেই কুঠৰীটোত অবিৰত পোহৰ দেখিছা…! সেই গানটো তুমি শুনিছানে…“প্ৰেম হেনো স্বৰ্গীয় মৰতত হে পাই…!” “বিষ্ণুপ্ৰৱৰায় বৰায় নমঃ” বুলি শুনি বিষ্ণুপ্ৰ ৱৰে লক্ষ্মীদেৱীক পিন্ধোৱা কেঁচা ফুলৰ বৰ মালাডাল শুকাই গ’লেও সযতনে থৈ দিয়াৰ আজি ৩৯ বৰ্ষত ভৰি থলে জানানে !! সাফল্য আৰু সুখৰ সৈতে সঁচা প্ৰেমৰ অভেদ্য আৱৰণ লাগিব । যি তোমাক সকলো অনুকুল-প্ৰতিকুল বাতাবৰণত সুৰক্ষিত ৰাখিব…।
আজি শিৱৰাত্ৰিত পুৰোহিত জনক লগ পালে সুধিবা- সৰ্ব শক্তিমান শ্ৰীশ্ৰীশিৱৰো নিজৰ একক শক্তিত সন্দেহ আছে নে নাই ?? পাৰ্বতী অবিহনে তেওঁৰ অস্তিত্ব কি??
"তৃতীয় নহয়, দ্বিতীয় নহয়
প্ৰথম শ্ৰেণীৰ যাত্ৰী আমি,
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
তৃতীয় নহয়, দ্বিতীয় নহয়
প্ৰথম শ্ৰেণীৰ যাত্ৰী আমি…

 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?