পৰিবৰ্তন
"ল'ৰাটোৱে দিনটো ঘুৰি ঘুৰি একো সফলতা প্ৰাপ্ত কৰিব নোৱাৰাৰ পিছত আমাৰ ব্যৱসায়িক কাৰ্যালয়ত উপস্থিত হ'লহি। মই তেওঁক মাতি দিনটোৰ কামৰ খটিয়ান ল'লো। সি ক'ত ক'ত গ'ল, কোনে কি ক'লে সেইবোৰৰ বাদে কামৰ নামত একো সদুত্তৰ দিব নোৱাৰাত যোৱা মাহটোৰ খটিয়ান বিচাৰিলো। সেয়া চাই অনুভৱ হ'ল যে তাক দৰমহা দি, ঘুৰিবৰ বাবে তেলৰ পইচা দি এক অপচয় কৰি থকাহে হৈছে। তৎক্ষণাৎ তাক কৰ্মৰ পৰা অব্যাহতি দি হিচাপটো তৈয়াৰ কৰিবলৈ হিচাপ ৰক্ষক জনক আদেশ দিলোঁ।" এয়া অতি নম্ৰ ভদ্ৰ অতি পুৰণি ব্যৱসায়িক প্ৰতিষ্ঠানৰ দায়িত্বত থকা ৬৫ -ৰ উৰ্ধৰ ব্যক্তি এজনৰ মুখৰ কথা আছিল। কিবা অলপ কিনিবলৈ গৈ তেওঁৰ তাত বহিছিলোঁ গৈ। পিছে কথাখিনি শুনি মই তেওঁক নোকোৱাকৈ নোৱাৰি ক'লো -" #ভাইজী, সময়ৰ তাগিদাত হয়তো আমি সকলোৱেই #নিধক হ'বলৈ শিকিবই লাগিব এতিয়া। কাৰণ পৰিস্থিতিৰ আমি দাস। এতিয়া হয়তো ৯০ শতাংশ মানুহৰেই #জৱানৰ মূল্য নোহোৱা হৈছে। দহ শতাংশৰ ভিতৰৰে একাংশ সুৰক্ষিত চাকৰীত কামকৰি থকা নিশ্চিত উপাৰ্জন কৰা লোক হয়তো ওলাব, যি মিতব্যয়ী হৈ থকাৰ সুবাদতে নিজকে এতিয়ালৈকে #জৱান_কা_পক্কা কৰি চলি আছে। লাহ-বিলাহৰ জীৱন আৰু জৱান-কা-পক্কা দুয়োটা বৰ্তাই ৰখাটো তেওঁলোকৰ বাবেও এতিয়া অসম্ভৱ। ঈশ্বৰৰ ইচ্ছাত সকলো ঠিক চলি থকা লৈকে সেই সকলৰ পৰা অসুবিধা নেপাব। ল'ৰাটোক কামৰ পৰা বিদায় দি হয়তো আপোনাৰ বাণিজ্যিক লাভ একো নহ'ব!! সমগ্ৰ মানুহৰ মাজত এতিয়া প্ৰচণ্ড অভাৱৰ জোৱাৰ উঠিছে। সেই জোৱাৰত সৰ্বাধিক ক্ষতি আপোনাৰ বা আপোনালোকৰ দৰে ব্যৱসায়িক গোষ্ঠীৰ মানুহৰ। কেউফালে কেৱল নাই আৰু নাই। আছে কেৱল আপোনাৰ মোৰ দৰে অফুৰন্ত সময়...! কাৰণ ব্যস্ততাৰ লাহে লাহে অভাৱ হ'ব ধৰিছে...!!"
Comments
Post a Comment