ভৱিষ্যৎ অসমত উদ্যোগীকৰণৰ এক নতুন দিগন্তৰ সুচনা

        এইবাৰ এডভাণ্টেজ অসম ২ আৰু “ভৱিষ্যৎ অসমত উদ্যোগীকৰণৰ এক নতুন দিগন্তৰ সুচনা” এক ধূৰুপ কথা যেন অনুমান হৈছে। এইবাৰ এই কাম পদ্ধতিগত ভাৱে আগবঢ়াই নিয়াত অসমৰ    মুখ্যমন্ত্ৰী মাননীয় শ্ৰীহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপৰিসীম প্ৰয়াস উল্লেখযোগ্য বিষয়। তেখেতে উদ্যোগ আৰু কাৰিকৰী  দিশত আগবঢ়া বিশ্বৰ দেশ সমূহ নিজেই ভ্ৰমণ কৰি সেই সকলক অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰখনত তেওঁলোকৰ অংশগ্ৰহণ বিচৰা কাৰ্য আৰু তাৰ যোগেদি ভাৰত বৰ্ষত তেওঁলোকৰ বজাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন সা-সুবিধা সমূহ অৱগত কৰি ফুৰিছে। ই এক নোহোৱা নোপজা কাম আৰু  বিভিন্ন কাৰণত অতি দৰকাৰী কাম আছিল। কাৰণ অসম এখন সীমামূৰিয়া ৰাজ্য, যাৰ এক বৃহৎ অংশ বৰ্হি ৰাষ্ট্ৰৰ সৈতে সংলগ্ন। এই প্ৰসাৰে উত্তৰ পুবৰ সুৰক্ষা নিশ্চিত কৰাত ভাৰত চৰকাৰক সদাই সজাগ বা জাগ্ৰত ৰাখিব আৰু লগতে সেই ৰাষ্ট্ৰ সমূহৰ সৈতে অনাগত সময়ত বাণিজ ্যৰ পথো মুকলি কৰিবগৈ। এই মিশ্যনৰ সাফল্যই অসমৰ নিবনুৱা সকলৰ বাবে সু-খবৰ আনিব।  পিছে পাৰদৰ্শীতা নিশ্চিত কৰিবই লাগিব। বৰ্তমান দেশত যি  উদ্যোগ ৪.০ ৰ পৰম্পৰা আৰম্ভ হৈছে ই হয়তো কৰ্ম সংস্থাপনৰ দিশত নতুন উদ্যোগৰ পৰা আমাৰ নিবনুৱা সকলৰ বহুত সংখ্যকক সংস্থাপন দিয়াত ব্যৰ্থ হ’ব। কাৰণ উদ্যোগ ৪.০-ৰ  প্ৰযুক্তিসমূহৰ ভিতৰত আছে কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰবটিক্স, ইণ্টাৰনেট অৱ থিংছ (IoT), আৰু ক্লাউড কম্পিউটিং। এই প্ৰযুক্তিসমূহৰ সহায়ত অধিক কাৰ্যক্ষম আৰু যোগান শৃংখলৰ সৈতে সংযুক্ত "স্মাৰ্ট কাৰখানা" সৃষ্টি কৰা হয়। গতিকে কম মানৱ সম্পদৰ দ্বাৰা মান সম্পন্ন অধিক উৎপাদনেই হ’ল এই ব্যৱস্থাৰ লক্ষ্য। তত্ৰাচ, ই ৰাজ্যত এক ভাল বাতাবৰণ তৈয়াৰ কৰিব আৰু অসমৰ অপৰ্যপ্ত ভূমি , যি সমূহ বেদখল হৈছে বা অহা দিনবোৰত সন্দেহজনক নাগৰিকৰ দখলৰ প্ৰতি লক্ষ্য আছে সেই সমূহৰ সদ্ ব্যৱহাৰো সম্ভৱ কৰিব। 
        এই উদ্যোগীকৰণৰ বাতাবৰণে অসমৰ মানুহৰ জীৱন যাপনৰো অনেক পৰিবৰ্তন আনিব। যেনেকৈ টাটাই আৰম্ভ কৰিবলৈ লোৱা জাগিৰোডৰ বৃহৎ চেমি কণ্ডাক্টৰ উদ্যোগে অহা দিনত অসমৰ স্থান দেশৰ মানচিত্ৰত সুকীয়া কৰিব আৰু জাৰিৰোডৰ পৰিবেশৰো বিস্তৰ পৰিবৰ্তন সাধিব, তেনেকৈ আগন্তুক দিনত অসমত যদি প্ৰতিষ্ঠিত গাড়ীৰ নিৰ্মাণ বা তাৰ প্ৰয়োজনীয় অংশৰ উৎপাদন উদ্যোগ হয়, যদি জাপানৰ প্ৰখ্যাত  ইলেক্ট্ৰনিক পণ্য নিৰ্মাণৰ কাৰখানা হয়, প্ৰযুক্তি বিদ্যা খণ্ডৰ ভিন ভিন ধৰণৰ প্ৰসাৰ হয়, স্থানীয় যুৱ প্ৰজন্মৰ বাবে ই অনেক সুযোগ আনিব। সেইবোৰ চৰকাৰে কৰিব পৰা কাম। এনেই শুই বহি থকাৰ বাবে অসমৰ মানুহৰ হাতত এতিয়াও অফুৰন্ত সময় । সেয়েহে আমাৰ বিভিন্ন বিষয়ক লৈ সময় নষ্ট কৰাৰ স্বাভাৱ তাহানিৰ পৰাই গা কৰি উঠিল। আজিৰ আহিব লগা বাতাবৰণে সেই অভ্যাস আঁতৰ কৰিবলৈ লাহে লাহে আৰম্ভ কৰিব আৰু অসম সময় নাইকীয়া মানুহৰ ৰাজ্যলৈ ৰূপান্তৰ হ’ব। উন্নয়ন কেৱল চৰকাৰৰ আন্তঃগাঠনিৰ প্ৰসাৰৰ দ্বাৰা নহয়। ইয়াৰ বাবে ৰাজ্যৰ ৰাইজে নখ জোকাৰিব লাগিব। চৰকাৰে কৰিব পৰা পৰিবৰ্তন অতি সিমিত। ৰাইজেহে মূখ্য ভূমিকা লৈ সেই পৰিবৰ্তনক সঁচা পৰিবৰ্তনলৈ ৰূপান্তৰ কৰিব লাগিব। যেতিয়া কাম কম হ’লে প্ৰতিবাদ হোৱা আৰম্ভ হ’ব তেতিয়াহে প্ৰকৃতাৰ্থত উন্নয়ন হ’ব। কেৱল চৰকাৰী চাকৰিহে আমাৰ লক্ষ হ’লে আমি হয়তো উন্নতি দেখা নেপাওঁ। 
            এই সমূহ কথাৰ লগতে আমাৰ কিছু কৰ্তব্য মনত ৰখাৰ প্ৰয়োজন হ’ব। নিজ বিষয়ত অৰ্হতা পৰীক্ষাৰ নম্বৰে সূচাব বুলি ভাবিলে তেওঁ নিবনুৱাৰ তালিকা ভূক্ত হৈ ৰ’ব। কাৰণ কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে ভগৱান প্ৰদত্ত আমাৰ অ-কৃত্ৰিম প্ৰতিভাৰ প্ৰসাৰ হ’ব লাগিব। গগুলত চাই উত্তৰ দি থোৱা সকল এই কামত পাৰ্গত হ’ব নোৱাৰিব। কৃত্ৰিম বুদ্ধিমত্তা মানুহে জমা কৰা একোটা লাইব্ৰেৰী য’ত বিচৰী বস্তুটো তৎক্ষণাত পাবৰ বাবে সহজ। কিতাপৰ উৰ্দ্ধত আমাৰ নতুন নতুন চিন্তাৰ যি পৰিসৰ আছে সেয়া তাত নেথাকে। গতিকে সেই সুযোগ ল’ব লাগিব। এতিয়া পাৰদৰ্শী লোকৰহে উপাৰ্জনৰ অধিকাৰ থাকিব। আমি তাৰ বাবে যত্নপৰ হ’ব লাগিব। ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পৰা যোৱা ৭৭ বছৰত অসমত বোধহয় ইমান উন্নয়নৰ কাম একেলগে কেতিয়াও হোৱা নাই। তাৰ কাৰণ হ’ল আমাৰ তেনে নেতা নাছিল যি দিল্লীক অসমৰ সম উন্নয়নৰ কথা ক’ব পাৰে বা ভাৰততো এনে চৰকতাৰ নাছিল যি অসমৰ দৰে সীমামূৰিয়া ৰাজ্যৰ সম-উন্নয়ন বিচাৰিছিল। তাতোতকৈ ডাঙৰ কথা অসমৰ কেইজন প্ৰতিনিধিৰ নাম আমি জানো যি দেশৰ সংসদত মূৰ তুলি ৰাজ্যৰ হৈ কথা কৈছিল? প্ৰত্যেকেই নিজৰ ক্ষমতাতে সন্তুষ্ট হৈ জীৱন সমাপ্ত কৰিছিল। আৰু মুখ্য মন্ত্ৰী ? কোনে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় নেতাৰ গণ্টিত নিজক প্ৰক্ষেপ কৰিব পৰাৰ দক্ষতা প্ৰদৰ্শণ কৰিছিল? ভাল আৰু বেয়া দুটা দিশেৰে আমি সকলোৰে আলোচনা-সমালোচনা কৰিব পাৰোঁ। কাৰণ এই দুয়োটা গুণ লগত লৈ মানুহৰ জন্ম। সেয়ে নিজক সমূচিত ঠাইত প্ৰতিষ্ঠা বিচৰাতে কাম সমাপ্ত নকৰি এটা লক্ষ্য লৈ আগবঢ়াৰ বাবে এজন নেতাৰ যোগ্যতাও দৰকাৰ। সেয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰমাণ কৰিছে। আজিৰ তাৰিখত সেই ধাৰণাৰে, সেই তৎপৰতাৰে, সকলো কথা নিজে বুজি অগ্ৰসৰ হোৱাৰ হেপাহেৰে, যিকোনো স্থানক কথা কোৱাৰ সাহসেৰে নেতৃত্ব দিয়াৰ যোগ্যতা অতি কম মানুহৰ থাকে। শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ দৰে কণ্ঠ হয়তো অনেকৰে আছে ! পিছে তেখেতৰ দৰে সমাজৰ কল্যাণ চিন্তাৰে সৃষ্টি কৰাৰ দক্ষতা, শব্দৰ অৰ্থবহ উচ্চাৰণৰ দক্ষতা, সুৰেৰে গীতক অৰ্থবহ কৰাৰ দক্ষতা সকলোৰে নাই। কোনোবাৰ কথা কোৱাৰ দক্ষতা আছে , পিছে ,ভাৰতৰত্ন অটলজীৰ দৰে সৰ্বজন প্ৰিয় বক্তা হ’ব পৰাৰ দক্ষতা নাই। 
            আমি আশা কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই সুন্দৰ প্ৰয়াস সফল হ’ব আৰু তেওঁৰ এই প্ৰয়াসক সুন্দৰ ৰূপ দিয়াৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশেষ ধ্যান দিব। এই সকলোৰে উৰ্দ্ধত নৱ প্ৰজন্মৰ আন্তৰিক প্ৰয়াস, অপৰিসীম কাম কৰাৰ হেঁপাহ আৰু নতুন নতুন প্ৰতিভাৰ উদ্গীৰণেৰে চৰকাৰৰ এই সমগ্ৰ উদ্যোগক বাস্তবায়িত কৰাৰ স্থিৰ লক্ষ্য থাকিব বুলি বিশ্বাস ৰাখিছোঁ। ই কেৱল ঔদ্যোগিক প্ৰসাৰৰ কাম নহয়, লগে লগে অসমৰ স্বকীয় সংস্কৃতিৰ পিৰচয় সমগ্ৰ বিশ্বৰ সন্মুখত উপস্থাপনৰো প্ৰয়াস। 
 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?