হোমকুণ্ডৰ সন্মুখত বহি থাকি জুইকুৰা প্ৰত্যক্ষ কৰি থাকোঁতে

 

অগ্নি সংযোগ কৰাৰ পৰাই জুইকুৰা প্ৰসাৰ হৈ সম্পূৰ্ণ কুণ্ডত আবৰি ধৰালৈকে প্ৰত্যক্ষ কৰি থাকোঁতে ক'ব নোৱাৰাকৈয়ে ভাৱৰ সাগৰত দুবগৈ ক'লৈকে যে ভাবি আছিলোঁ সেয়া ভাবি নিজেই আচৰিত হ'লো। সামান্য জুইশলা কঠিডালেৰে সংযোগ কৰা জুইকুৰা অতি কম সময়ত জাপি থোৱা সমগ্ৰ কেঁচা খৰিৰ দ'মটোক আবৰি ধৰাটোত জুইকুৰাৰ অসীম মনোবল, প্ৰৱল ইচ্ছা শক্তি আৰু নিৰবিচ্ছিন্ন প্ৰয়াস যেন সংলগ্ন আছিল, এনে লাগিল। এই‌যে কয়, "ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ..", মোৰ মনলৈ কিন্তু তেনে চিন্তা অহা নাছিল তেতিয়া । লক্ষ্যপাৰ্প্তিৰ আত্ম বিশ্বাস লৈ নিজৰ ইস্পিত পৰিক্ৰমা সম্পন্ন কৰাৰ দৃঢ়তাহে দেখা পালোঁ এই দাহণত । আমি যে কেতিয়াবা ভাবো- ময়ো মোৰ কৰ্মবিস্তাৰ কৰিবলৈ আৰম্ভ কৰিম,পিছে কালক্ৰমত সেয়া সৰহ সংক্ষকেই সম্পন্ন কৰাৰ সাৰ্থকতা আৰ্জন নকৰোঁ, তাৰ কাৰন সংযোগ কৰা সামান্য অগ্নি শিখাটোৰ দৰে আমাৰ দৃঢ়তাত স্পষ্টতা নাই। কেঁচা আমখৰিডালৰ পিছফালে জুইৰ‌ উত্তাপত পৰি পানীৰ বুৰবুৰণি উঠিছিল যদিও সিও জুইকুৰাৰ দৃঢ়তাত এটা সামান্য শুকান চেকা হৈ ৰৈছিল আৰু অৱশেষত জুইকুৰাৰ দৃঢ়তাই তাকো ছাঁইলৈ ৰূপান্তৰ কৰিলে...!! এৰা, যাৰ মনত আত্মবিশ্বাস থাকে, প্ৰচণ্ড উদ্যম থাকে, অগ্ৰসৰ হোৱাৰ ক্ষণত দোধোৰ-মোধোৰ মনৰ অৱস্থাৰ পৰিবৰ্তে কৃতকাৰ্যতাৰ দিবাস্বপ্ন থাকে, তাক ভগৱানেও হেনো ভয় কৰে। কাৰণ তেনে লোক সিদ্ধান্তত অটল আৰু দায়বদ্ধতাৰ প্ৰতি প্ৰতিজ্ঞিত হয় । যেনেকৈ কাঠিটো মাৰি সংযোগ কৰা ক্ষুদ্ৰতম শিখাটো কৰ্তব্য আৰু দাযবদ্ধতাৰ প্ৰতি সমৰ্পিত আছিল.....!
হয়, হোমকুণ্ডৰ সন্মুখত বহি থাকি জুইকুৰা প্ৰত্যক্ষ কৰি থাকোঁতে জীৱনৰ বাটত কেতিয়াবা লগ পোৱা একোজন সকলো সুবিধা বঞ্চিত ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ তীব্ৰ বেগ, সাফল্যবোৰহে যেন মোৰ চকুত ভাহি থাকিল ...! সকলো সুবিধাৰে সজ্জিত হৈও আশাপ্ৰদ ফল প্ৰাপ্তিত ব্যৰ্থ হোৱাৰ কাৰণ চাগৈ আমাৰ বহুতৰে জুইকুৰাৰ দৰে সমৰ্পিত মন এটাৰ অভাৱ....!! মোৰ মন সদায় দোমোজাত ....., কি বা পাম, কি বা হেৰুৱাব লগা হয়....! এয়া আমাৰ দৃঢ়তাৰ অভাৱেই নহয়, কাপুৰুসতা যেনো লাগিল ভাবি থাকোতেই....! মন্ত্ৰোচ্ছাৰণৰ মাজতে অৰ্ঘৰে পণ্ডিতজনে অলপমান গাখীৰ কুণ্ডত অৰ্পণ কৰিলে । ই জুইকুৰাৰ শিখাক আৰু অলপ যেন উদ্বাউল কৰিহে তুলিলে...! আমি দেখোন সামান্য বাধা প্ৰাপ্তিতে বিচলিত হৈ পৰোঁ...! সেয়া আত্মবিশ্বাসৰ অভাৱ নে অনিশ্চয়তাৰে সংযোগ হৈ সুযোগৰ আশাত অগ্ৰসৰৰ প্ৰয়াসৰ ফলশ্ৰুতি, য'ত ভাগ্য, ঈশ্বৰ আদি আমাৰ লক্ষ্য প্ৰাপ্তিৰ মূল ভৰসা হয়গৈ ...!!!
চাওঁতে চাওঁতে কেঁচা খৰিবোৰ জ্বলি সম্পূৰ্ণ ছাঁই হ'লগৈ । পণ্ডিত জনে হোমৰ মাৰিডাল ওভতাই খুচৰি খুচৰি অঙঠা দুটুকুৰা উলিয়ায় তাম্ৰ পাত্ৰত থ'লে..! তাৰপৰাই নিজৰ কপালত তিলক লৈ হাতখন মোৰফালে আগবঢ়োৱা দেখি মোৰ যেন নিদ্ৰা ভঙ্গহে হ'ল!!! কপালত আঁকি দিয়া তিলকেৰে যেন অগ্নি দেৱে মোৰ কাণে কাণে কৈ গ'ল " বাচা, জীৱনৰ লক্ষ্য প্ৰাপ্তিত আত্মবিশ্বাস আৰু দৃঢ়তাৰ মূল মন্ত্ৰক মূলধন কৰি আগবঢ়াৰ প্ৰয়াসে দিব পৰা প্ৰাপ্তিৰ সত্য ৰূপ তোৰ শিৰত আঁকি লৈ যা ...! ভাগ্য তোৰ পিছফালে গৈ থাকিব তোৰ ইচাৰাত......!!

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?