সুযোগ আৰু দূৰ্যোগবোৰ জীৱনৰ যাত্ৰা পথত লগপোৱা একোটাহঁত সুচল বা অ-সুচল পথ

                        

        জীৱনবোৰ একোটা যাত্ৰা আৰু এই যাত্ৰাত লগহোৱা সুযোগ আৰু দূৰ্যোগবোৰ জীৱনৰ যাত্ৰা পথত লগপোৱা একোটাহঁত সুচল বা অ-সুচল পথ । এই অভিজ্ঞতাৰ মুখামুখি হওঁতে আমি কেতিয়াও আশাহত হোৱা অনুচিত । কাৰণ ভাল আৰু বেয়াৰ সংমিশ্ৰণেই হ’ল জীৱন বৃত্ত। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কথাই হওক বা ভগৱান শ্ৰীৰামচন্দ্ৰৰ বনবাসৰ কাৰণেই হওক ই তেওঁলোকৰ জীৱনৰ কক্ষপথৰ একো একোটা উত্থানৰ বাবে সৃষ্ট এক বাতাবৰণ যাক সহ্য কৰি নিজক লৈ যোৱাটোৱেই শ্ৰেষ্ঠত্ব আৰ্জনৰ কৃতিত্ব । সেই কৃতিত্বক সফল ভাবে প্ৰাপ্ত কৰাৰ বাবেই তেওঁলোক অসাধাৰণ আৰু সেয়ে আমি তেওঁলোকক ভগৱানৰ অৱতাৰ কওঁ । আমি দুখত হওক বা সুখত হওক ভিন্ন ধৰণৰ সুহৃদৰ সংস্পৰ্শ পাওঁ। সুখৰ দিনত সংস্পৰ্শ পোৱা সকল সূকীয়া হয় আৰু দূৰ্যোগৰ দিনত সংস্পৰ্শ দিয়া সকল সূকূয়া হয়। অৰ্থাৎ আমাৰ ইচ্ছা আৰু সজ প্ৰয়াসৰ বাবে আমাক সংগ দিয়া কোনো এটা শ্ৰেণী নিতান্তই আমাৰ কাষত থাকে যাৰ সহযোগে আমাক সময় সৃষ্ট পৰিস্থিতিত নিজক চম্ভালি ৰখাত সহায় কৰে। এই সমগ্ৰ কথা নিৰ্ভৰ কৰে আমাৰ মনোবলৰ ওপৰত । কৰ্তব্য সম্পাদনত আমি বিফল হোৱাৰ কাৰণসমূহ দৈনন্দিন আত্ম মন্থন কৰিব লাগিব। নিজৰ দোষ আনলৈ ঠেলি দি আমি সফলতা প্ৰাপ্ত কৰিব নোৱাৰোঁ । সাধাৰণতে অসফলতা বা আমাৰ অমনোযাগৰ বাবে প্ৰাপ্ত হোৱা কুফল সমূহৰ বাবে আমি আন কৰোবাৰ অসহযোগৰ কথা কৈ আত্ম পক্ষ সমৰ্থন কৰি নিজৰ ত্ৰুতিক ঢাকি ৰখাৰ প্ৰয়াস কৰোঁ ! পিছে এই প্ৰবৃত্তিয়ে আমাক ভৱিষ্যৎ দিনত সুফল নিদিয়ে । বৰং আমাৰ ওপৰত গঢ়ি উঠিবলগা বিশ্বাসৰ বেলুন সঙ্কুচিতহে কৰে । বিশ্বাস তৈয়াৰ কৰাৰ এক মহত্বপূৰ্ণ বিষয়। ই জন্মগত সৃষ্টি নহয়। এবাৰ যদি ই শিথিল হয় তাক পুনৰাই আগৰ স্থিতত অনা প্ৰায় অসম্ভৱ।

সময় হ’ল সকলোৰে বাবেই গতিশীল এক মূল্যবান সম্পদ যি আমাক প্ৰাপ্তি যেনেকৈ দিয়ে, তাৰ সু প্ৰয়োগৰ অভাৱত ই আমাক শুণ্যতাও তাতোতকৈ বেছিকৈ দিয়ে । অৰ্থাৎ উভতি অহাৰ কোনো উপায় নথকা সময়েই হৈছে জীৱনৰ অতি মূল্যবান সম্পদ যাৰ অপপ্ৰয়োগ আৰ্জিত ধনৰ অপব্যৱহাৰতকৈও বেছি অনৰ্থকৰ কাৰক। সেয়ে সম্ভৱপৰ স্থলত নিজৰ কৰ্মৰ বাবে নৈমিত্তক মন্থনৰ অভ্যাস অতিৱ প্ৰয়োজন। দ্বীতিয় কথা হ’ল আনে আমাৰ লক্ষক কেতিয়াও ভ্ৰষ্ট কৰিব নোৱাৰে, যদিহে আমি সময়ে দি যোৱা সত্যক ভ্ৰান্ত বুলি অৱজ্ঞা নকৰোঁ । আনৰ দ্বাৰা মোৰ ব্যক্তিগত জীৱনৰ ওপৰত হোৱা সকলো চৰ্চাৰ মূল কাৰণ হ’ল মোৰ সত্য পথত গতিকৰা সফলতাৰ যাত্ৰাৰ কৃতিত্বৰ গজালি । তাক আমি অপযশ বুলি লৈ ভাঙি পৰা অনুচিৎ । আৰু যদিহে আমাৰ কৰ্ম অসত্যৰ আধাৰত প্ৰতিস্থিত তেনে এই চৰ্চাই আমাক এদিন বিব্ৰত কৰিবই আৰু দাপোনত আমাৰ প্ৰকৃত ৰূপৰ প্ৰতিফলন হ’বই হ’ব । ই সময় নিৰ্ভৰ। আম মলিয়াওঁতেই ফল খাবলৈ প্ৰস্তুতি অবান্তৰ চিন্তা। অপকৰ্মৰ ফলও পৈণত হোৱাৰ পিছতহে পোৱা সম্ভৱ। ই বৰশীৰ দৰে। ঢিলাই দি এবাৰ দুবাৰ খেলিবলৈ দিলেহে মাছটো বৰশীত উঠে। ইয়াত আমাৰ প্ৰখৰ বাক পটুতা , অনাহক তৰ্ক-বিতৰ্ক বা আমাৰ হাজাৰ প্ৰয়াসেও বিফলতাক প্ৰতিহত কৰিব নোৱাৰে। ই বাস্তৱ সত্য আৰু সেই সত্যক নস্যাৎ কৰাৰ অসফল প্ৰয়াসৰ ফল সময়ত শুণ্য প্ৰমাণিত হ’বই হ’ব। আমি আমাৰ জীৱনত এনে কোনো পদবীৰ অধিকাৰী পোৱা সম্ভৱ নহয় যি আমাক তেওঁৰ যাদুৰ বলত সমগ্ৰ জীৱন আমাৰ অপকৰ্মক আঁৰ দিব পাৰে বা আমাৰ সজ চিন্তা আৰু সজ কৰ্মক চিৰ দিনৰ বাবে কবৰ দিব পাৰে। সত্য সদায় সত্য আৰু ইয়াক ঢাকি ৰখাৰ প্ৰয়াস অৰ্থহীন। আজিৰ ভিন ভিন বিষয়ৰ চৰ্চাই তাকেই প্ৰস্ফুটিত কৰা যেন অনুভৱ হয়।
সেয়েহে আমি নতুন পুৰুষক সদায় কোৱাৰ প্ৰয়াস কৰোঁ যে আনৰ চৰ্চাত নিজৰ অমূল্য সময় ক্ষয় নোযোৱাবা। তাক তোমালোকৰ প্ৰতিভাৰ বিকাশ আৰু প্ৰয়োগৰ প্ৰয়াসত ব্যতীত কৰা। তোমালোকৰ ব্যক্তিগত সময়বোৰ পৃথিবীৰ কোনো শক্তিয়ে ঢাকি ৰাখিব নোৱাৰা এক সম্পদ যাৰ কোনো নকল নহয়। কাৰণ প্ৰত্যেকৰে চিন্তাৰ দিশ সূকীয়া আৰু প্ৰতিভা আৰু তাৰ প্ৰয়োগৰ শৈলী সূকীয়া। ইয়াক নকল কৰাৰ উপায় কাৰো হাতত নাই। ই ফিংগাৰ প্ৰিণ্টৰ দৰেই পৃথক পৃথক। সেয়েহে কবিৰ ভাষাত কোৱা “অ' ফুল অ' ফুল, নুফুল নো কিয়?? গৰুৱে যে আগ খায়, মইনো ফুলিম কিয়?? অ' গৰু অ' গৰু, আগ খাৱ কিয়?? ” আদি অন্তহীন প্ৰশ্ন আৰু তাৰ মিচা উত্তৰত নিহিত থকা বিফলতাৰ কাৰণ সমূহ আমাৰ বাবে কৌতুক হৈ ৰৈ যায়। আমি আমাৰ আত্ম বিশ্বাসক প্ৰাধান্য দিয়াৰ প্ৰয়োজন, আমাৰ জ্ঞাতে কৰা সজ কৰ্মসমূহক স্বচ্ছৰূপত উদঙাই দি কৰ্মত অগ্ৰসৰ হোৱাত প্ৰাধান্য দিয়া বৰ প্ৰয়োজন।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?