Posts

Showing posts from February, 2025

প্ৰেম হেনো স্বৰ্গীয় মৰতত হে পাই…!

Image
  ল’ৰাটোৱে সোধা প্ৰশ্নটোৰ উত্তৰত ক'লো - "জন্মৰ পৰা প্ৰয়াণলৈ কোনো মানুহৰে নিৰ্দিষ্টকৈ কাৰো সৈতে এৰাব নোৱাৰা আত্মীয়তা নেথাকে যদিও পৰিয়ালৰ ঠাল-ঠেঙুল ব্যতিৰেকে সকলোকে তুমি আত্মীয় বুলি লোৱাৰ অভ্যাস ৰাখিব লাগিব। তেওঁলোকৰ সুখত তুমি সুখী হ’বা, তেওঁলোকৰ দুখত তুমিও দুখী হ’বা । কিন্তু সেই আত্মীয়তাৰ সৈতে আবেগক সংলগ্ন কৰি কেতিয়াও নেৰাখিবা । কাৰণ পৰিবেশ পৰিস্থিতিত সম্পৰ্ক‌ই কেতিয়াবা তোমাক বিবৰ্ন-বিততো কৰিব বা মানসিক আঘাটো দি দিব পাৰে । আচলতে পূণ্যভূমিলৈ অকলে অহা প্ৰতি জীৱই নিজৰ সকলোকে আপোন কৰে যদিও আয়ুস নিৰ্দিষ্ট সকলো আত্মাই পৃথকে চোলা সলায় বা কেতিয়াবা মোতো সলায় । সেয়ে আত্মীয়তাক আবৰি ধৰি ৰখা আবেগে তোমাৰ-আমাৰ জীৱনৰ যাত্ৰা ক’ৰবাত স্তিমিত কৰিব যাতে নোৱাৰে, তাৰ বাবেই জীৱনৰ পৰা আবেগক আঁতৰাই ৰখা দৰকাৰ । যাতে তুমি বাস্তৱৰ সৈতে সহবাস কৰাত সফল হোৱা।" পিছে সেইবোৰৰ মাজতো আমি কেতিয়াবা ইজনে সিজনৰ কান্ধত কান্ধ মিলাই, এজনে আনজনৰ সুখে-দুখে অসীম ত্যাগ স্বীকাৰ কৰি আমাৰ জীৱন যাত্ৰা অব্যাহত ৰাখোঁ । ই এক দুৰ্লভ অপূৰ্ব আৰু ঈশ্বৰ প্ৰদত্ত ব্যৱস্থা । এই যে জীৱন এক্সপ্ৰেছৰ কোচ্ নম্বৰ -ওৱাই-৩৯ ত বহি থকা...

সুযোগ আৰু দূৰ্যোগবোৰ জীৱনৰ যাত্ৰা পথত লগপোৱা একোটাহঁত সুচল বা অ-সুচল পথ

Image
                                        জীৱনবোৰ একোটা যাত্ৰা আৰু এই যাত্ৰাত লগহোৱা সুযোগ আৰু দূৰ্যোগবোৰ জীৱনৰ যাত্ৰা পথত লগপোৱা একোটাহঁত সুচল বা অ-সুচল পথ । এই অভিজ্ঞতাৰ মুখামুখি হওঁতে আমি কেতিয়াও আশাহত হোৱা অনুচিত । কাৰণ ভাল আৰু বেয়াৰ সংমিশ্ৰণেই হ’ল জীৱন বৃত্ত। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কথাই হওক বা ভগৱান শ্ৰীৰামচন্দ্ৰৰ বনবাসৰ কাৰণেই হওক ই তেওঁলোকৰ জীৱনৰ কক্ষপথৰ একো একোটা উত্থানৰ বাবে সৃষ্ট এক বাতাবৰণ যাক সহ্য কৰি নিজক লৈ যোৱাটোৱেই শ্ৰেষ্ঠত্ব আৰ্জনৰ কৃতিত্ব । সেই কৃতিত্বক সফল ভাবে প্ৰাপ্ত কৰাৰ বাবেই তেওঁলোক অসাধাৰণ আৰু সেয়ে আমি তেওঁলোকক ভগৱানৰ অৱতাৰ কওঁ । আমি দুখত হওক বা সুখত হওক ভিন্ন ধৰণৰ সুহৃদৰ সংস্পৰ্শ পাওঁ। সুখৰ দিনত সংস্পৰ্শ পোৱা সকল সূকীয়া হয় আৰু দূৰ্যোগৰ দিনত সংস্পৰ্শ দিয়া সকল সূকূয়া হয়। অৰ্থাৎ আমাৰ ইচ্ছা আৰু সজ প্ৰয়াসৰ বাবে আমাক সংগ দিয়া কোনো এটা শ্ৰেণী নিতান্তই আমাৰ কাষত থাকে যাৰ সহযোগে আমাক সময় সৃষ্ট পৰিস্থিতিত নিজক চম্ভালি ৰখাত সহায় কৰে। এই সমগ্ৰ কথা নিৰ...

ৰাজনীতিত নিকা বা ক্লিনৰ অৱস্থিতি !

Image
 কেইদিনমানৰ পৰা অত্যন্ত চৰ্চাৰ বিষয় এটা হৈছে নিকা  বা clean ক লৈ। তাৰ মাজতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ মোডী ডাঙৰীয়াৰ স্বচ্ছ ভাৰতৰ যি ধাৰণা সেই ধাৰণাৰ আধাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সুন্দৰ আৰু সৰল ভাষাত আগবঢ়োৱা ভাষ্য শুনি সঁচাকৈয়ে অভিভূত হৈছিলো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধাৰণাৰে স্বচ্ছ ভাৰতৰ কথা কৈছিল তাৰ বিপৰীতে প্ৰথম অৱস্থাত আমাৰ বিভিন্ন স্থানত কেতিয়াবা ফলা কাগজৰ টুকুৰা অলপমান বেগত কঢ়িয়াই আনি কোনোবা পথৰ কাষত সিঁচি ঝাৰু লৈ কেমেৰাৰ অপেক্ষাত ৰৈ থকা কথাবোৰ দেখি দেখি এবাৰ এটা প্ৰবন্ধত লিখিছিলোঁ - " আচলতে আমাৰ দৈনন্দিন জীৱনৰ কৰ্মৰ ভিতৰৰ পৰা অপৰিস্কাৰ সকলো আবৰ্জনা পৰিস্কাৰ কৰাটোৱেই হ'ল প্ৰকৃত স্বচ্ছতা। আমি দৈনিক বজাৰ এলেকা বা অন্য অপৰিস্কাৰ স্থান পৰিষ্কাৰ কৰিবলৈ যোৱা হোৱা নাই বা প্ৰয়োজনো বোধকৰোঁ নাই। প্ৰয়োজন হৈছে আমি আমাৰ দৈনন্দিন জীৱনত সমাজক অপৰিস্কাৰ নকৰাৰ পণ ল'ব লাগিব। সি লাগে পিকেৰে ৰঙীন কৰা ফ্লাই অভাৰেই হ‌ওক, চিকিৎসালয়ৰ টয়লেট -লিফ্ট-চিৰিয়েই হ‌ওক, চৰকাৰৰ কাৰ্যালয়ৰ চিৰি বা বেৰেই হ‌ওক; অত্যন্ত জৰুৰী চৰ...

সাঁতোৰ সাঁতোৰ নিজ বাহুবলে....

Image
বিদ্যালয় স্তৰৰপৰা ডেকা কাললৈকে দেউতাই তেওঁৰ কান্ধত ভৰ দি নিজক প্ৰতিষ্ঠা কৰাৰ সুযোগ দিয়া নাছিল। কেতিয়াবা কোনো বিষয়ত সহভাগ কৰাৰ কথা তেতিয়া আহিছিল, যেতিয়া কামটো কৰাৰ মোৰ নিজৰ প্ৰয়াস আৰু নিষ্ঠাই অগ্ৰগতি দিছিল। কান্ধ পতাৰ সহভাগ নহয়, ঠেলি লৈ যোৱাৰ সহভাগো নহয়! কেৱল থিয় দি নিৰীক্ষণ আৰু মনত সাহস দিয়াৰ কাম। ই আমাক নিজৰ কৰ্মৰ দ্বাৰা এক স্বাভিমান দিলে যিটো আমাৰ বাবে সৌধ। মাটি-বাৰী, ঘৰ-সম্পদ দেউতাই আহৰণ কৰি দিয়া নাছিল বা থৈ যোৱা নাছিল। দি থৈ গৈছিল ব্যৱহাৰিক জ্ঞান, সংস্কাৰ, কৰ্ম দক্ষতা আৰু ঈৰ্ষান্বিত জনৰ পৰা হোৱা ক্ষতিকো সহ্য কৰি ভগৱানৰ বিচাৰৰ বাবে এৰি দিয়াৰ ধৈৰ্য। সেয়েই অমূল্য সম্পদ। আৰ? " সাঁতোৰ সাঁতোৰ নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে" ৰ দৰে সত্য আধ্যাত্মিক বিচাৰ দি গৈছিল। জীৱনৰ কোনো ক্ষণত কোনো আত্মীয়‌ই নিবিচাৰে, আপোনাৰ প্ৰতিষ্ঠা হ‌ওক। যদিহে তাত আপোনাৰ পৰা তেওঁৰ লাভৰ হিচাপ থাকে তেনে সুকীয়া। প্ৰত্যেক ব্যক্তিয়ে নিজকে অতি ভাল পাই বাবেই তেওঁ আনৰ উন্নতি সহ্য কৰাত অসুবিধা হয়। সি ভাই ককাই, ভগ্নী যিয়েই নহ‌ওক। নিজৰ সন্তানেও কেতিয়াবা আপোনাৰ কৃতিত্বক মূলধন কৰিব পৰাল...

জীৱনটো বাস্তৱিক ! জীৱন আন্তৰিক!!

Image
ভাগৱত গীতাৰ মতে জীৱনচক্ৰ হৈছে পুনৰ্জন্মৰ এক অবিৰত চক্ৰ ( যাক সংসাৰ কোৱা হয় ) য’ত আত্মাই (আত্ম) তেওঁলোকৰ কৰ্মৰ ভিত্তিত এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ স্থানান্তৰিত হয়, যাৰ চূড়ান্ত লক্ষ্য হ’ল # নিজৰ_প্ৰকৃত_স্বৰূপ_উপলব্ধি_কৰি আৰু ঐশ্বৰিক চেতনাৰ (ব্ৰহ্ম) সৈতে একত্ৰিত হৈ এই চক্ৰৰ পৰা মুক্তি (মোক্ষ) লাভ কৰা। গীতাৰ জীৱনচক্ৰ সম্পৰ্কে মূল কথা হ'ল :  # কৰ্ম : প্ৰতিটো কৰ্মৰ প্ৰতিক্ৰিয়া থাকে, আৰু নিজৰ কৰ্মৰ পৰিণতিয়েই তেওঁলোকৰ ভৱিষ্যতৰ জীৱন পৰিস্থিতি নিৰ্ধাৰণ কৰে।  # আত্মনঃ আত্মা চিৰন্তন আৰু অপৰিৱৰ্তিত । ই  গোটেই জীৱন চক্ৰটোত বিভিন্ন শৰীৰত বাস কৰে।  # সংসাৰ : জন্ম, মৃত্যু আৰু পুনৰ্জন্মৰ চক্ৰ।  # মোক্ষ : আত্ম উপলব্ধিৰ জৰিয়তে পুনৰ্জন্মৰ চক্ৰৰ পৰা মুক্তিৰ অৱস্থা  লাভ কৰা।  ভাগৱত গীতাই জীৱনচক্ৰৰ বিষয়ে  ব্যাখ্যা কৰি কৈছে: বস্ত্ৰ_হিচাপে_শৰীৰ : গীতাত শৰীৰক এনে বস্ত্ৰৰ লগত তুলনা কৰা হৈছে, যিটো বস্ত্ৰ আত্মাই পূৰ্ব নিৰূপিত সময়ত  এৰি থৈ নতুনকৈ আন শৰীৰৰূপি বস্ত্ৰত প্ৰৱেশ কৰে।  ধৰ্ম_সম্পাদন_কৰা : ফলাফলৰ পৰা  পৃথকে থাকি নিজৰ কৰ্তব্য ( অৰ্থাৎ ধৰ্ম) পালন ...

ভৱিষ্যৎ অসমত উদ্যোগীকৰণৰ এক নতুন দিগন্তৰ সুচনা

Image
          এইবাৰ এডভাণ্টেজ অসম ২ আৰু “ভৱিষ্যৎ অসমত উদ্যোগীকৰণৰ এক নতুন দিগন্তৰ সুচনা” এক ধূৰুপ কথা যেন অনুমান হৈছে। এইবাৰ এই কাম পদ্ধতিগত ভাৱে আগবঢ়াই নিয়াত অসমৰ    মুখ্যমন্ত্ৰী মাননীয় শ্ৰীহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপৰিসীম প্ৰয়াস উল্লেখযোগ্য বিষয়। তেখেতে উদ্যোগ আৰু কাৰিকৰী  দিশত আগবঢ়া বিশ্বৰ দেশ সমূহ নিজেই ভ্ৰমণ কৰি সেই সকলক অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰখনত তেওঁলোকৰ অংশগ্ৰহণ বিচৰা কাৰ্য আৰু তাৰ যোগেদি ভাৰত বৰ্ষত তেওঁলোকৰ বজাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন সা-সুবিধা সমূহ অৱগত কৰি ফুৰিছে। ই এক নোহোৱা নোপজা কাম আৰু  বিভিন্ন কাৰণত অতি দৰকাৰী কাম আছিল। কাৰণ অসম এখন সীমামূৰিয়া ৰাজ্য, যাৰ এক বৃহৎ অংশ বৰ্হি ৰাষ্ট্ৰৰ সৈতে সংলগ্ন। এই প্ৰসাৰে উত্তৰ পুবৰ সুৰক্ষা নিশ্চিত কৰাত ভাৰত চৰকাৰক সদাই সজাগ বা জাগ্ৰত ৰাখিব আৰু লগতে সেই ৰাষ্ট্ৰ সমূহৰ সৈতে অনাগত সময়ত বাণিজ ্যৰ পথো মুকলি কৰিবগৈ। এই মিশ্যনৰ সাফল্যই অসমৰ নিবনুৱা সকলৰ বাবে সু-খবৰ আনিব।  পিছে পাৰদৰ্শীতা নিশ্চিত কৰিবই লাগিব। বৰ্তমান দেশত যি   উদ্যোগ ৪.০  ৰ পৰম্পৰা আৰম্ভ হৈছে ই হয়তো ক...

বাস্তৱমুখী হওক, মিঠ্যাচাৰৰ আৱৰণৰ তলত নেথাকি কৰ্মযুক্ত হোৱাৰ প্ৰয়াস কৰক।

Image
                     মানুহক বাস্তৱৰ মুখামুখী হ’বলৈ পৰোৎসাহিত কৰা আৰু বাস্তৱক ঢাকি ৰখাৰ প্ৰয়াস কৰাৰ মাজত লাভ-লোকচান অনেক। প্ৰথমটোৱে মানুহক সময়ৰ সৈতে চলাৰ বাবে অভ্যাস কৰাই আৰু ফলত যিকোনো পৰিস্থিতিৰ সন্মুখত সাহসেৰে নিজক থিয় কৰোৱাৰ শকতি প্ৰদান কৰে। ই আমাক মিতব্যয়ী হোৱাত, সংযত হোৱাত, সংস্কাৰমুখী হোৱাত   আৰু সামূহিক কল্যাণৰ চিন্তা কৰাত সহায় কৰে। ভোগ বিলাসৰ জীৱন ত্যাগ কৰি সময়ৰ সৈতে একাত্ম হৈ সুন্দৰ জীৱন অতিবাহিত কৰাত সহায় কৰে। আনটো হ’ল বাস্তৱক আৱৰণ দি মিঠ্যাচাৰেৰে ৰঙীণ সপোন দেখা বা দেখুউৱাৰ ফলত ভোগ-বিলাসৰ প্ৰতি মানুহ আকৃষ্ট হয়, ব্যেভিচাৰী হয়, অতি আত্মকেন্দ্ৰীক হয় আৰু ধনৰ বিনিময়ত মানুহৰ জীৱন যৌৱন কিনিব পৰাৰ চিন্তা হয়, সকলো সম্পদ কুক্ষিগত কৰাৰ লোভ হয়। কাম, ক্ৰোধ, লোভ, মোহ আদিয়ে আবৰি ধৰা ব্যক্তিজনে বাস্তৱত তাৰ বিপৰীত স্থিতিক চম্ভালিব নোৱাৰা হৈ বিভিন্ন কু-কাৰ্যত ৰত হয়, আত্মজাহৰ মানসিকতা হয়, মানসিক ৰোগগ্ৰস্ত হয় আদি।                    বৰ্তমান বিশ্বৰ সৰ্বত্ৰ অৰ্থনৈতিক বিপৰ্য...

সময় আৰু আমাৰ ল'ব লগা অৰ্থনৈতিক ব্যৱস্থা

Image
  সময়ে আমাক লাহে লাহে ব্যয় সংকোচন কৰিবলৈ শিকোৱাৰ প্ৰয়াস কৰিছে। আমি সেই শিকনিসমূহৰ পৰা নিজৰ সাধ্যৰ ভিতৰত দৈনন্দিন জীৱনৰ দিনবোৰ সুন্দৰকৈ সজাবলৈ প্ৰয়াস কৰিবৰ যত্ন কৰিব লাগিব। কাৰণ বৰ্তমান সময়ত সাধাৰণ ৰাইজৰ মূল অভাৱ হ'ল নগদ ধনৰ নাটনি। কেউফালে কেৱল নাই আৰু নাই। বজাৰ বেয়াৰ অৰ্থ জনসাধাৰণৰ ব্যয় ক্ষমতা হ্ৰাস। তাৰোপৰি কৰি থকা কামবোৰো সৰহ সংখ্যক লোকৰ বাবে সুৰক্ষিত নহয়। স্ব-প্ৰতিভাৰে নিজৰ দক্ষতাৰ প্ৰকাশত সামান্য অথন্তৰ হ'লেই কৰ্মচ্যূত হোৱাৰ আশংকা আহি পৰিছে। বীমা খণ্ডত কাম কৰা মানুহেই হ‌ওক বা আই.টি খণ্ডতে হ‌ওক; ওকালতিকে কৰক বা ষ্টাম্প ভেণ্ডৰেই হ‌ওক ; মেডিকেল ৰিপ্ৰেজেণ্টেটিভেই হ‌ওক বা কোনো উৎপাদন কোম্পানীৰ কৰ্মচাৰীয়েই হ‌ওক কাৰো উপাৰ্জনৰ নিশ্চয়তা নাই। গতিকে আমি ব্যয় সংকোচনৰ প্ৰতি অতি সতৰ্ক হ'ব লাগিব। চিংৰা-কচুৰী-পপ্-পেটিচ, বাৰ্গাৰ-ডোচা অৰ্ডাৰ দিয়াৰ সলনি ঘৰতে ৰুটি- পিঠা-লাড়ু বনাই খোৱাৰ আইহঁতৰ অভ্যাস বোৰ পুনঃ আয়ত্বলৈ আনিব লাগিব। স্বামী-স্ত্ৰী দুয়োৰে ভিতৰত কাৰ কেতিয়া চাকৰি যায় তাৰ নিশ্চয়তা নাই। কি খবৰ সুধিলে #বৰ_ভাল বুলি কোৱা মানুহ এতিয়া আছে বুলি কোৱা টানেই। এইবোৰকে কথা পা...

মিতব্যয়ী হওক আৰু বৰ্তমান অৱস্থাৰ সৈতে সংগতি ৰাখি বাস্তৱৰ সৈতে আগবঢ়াৰ অভ্যাস কৰক !

Image
 

অনুভৱ বোৰ থৈ যাওঁ বুলি

Image
মাতৃৰ প্ৰয়াণৰ পিছত ২০২২ চনত আমি দুয়ো গঙ্গাত তেওঁৰ অস্থি বিসৰ্জনৰ বাবে হৰিদ্বাৰ গৈছিলোঁ। আমাৰ ককা দেউতা আমাৰ বংশৰ শেষৰজন পণ্ডিত আছিল আৰু তেখেতৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্যৰ বাবেই হয়তো তেখেতৰ পুৰণি অনেক মূল্যবান কিতাপৰ পাত লুটিয়াই থকাৰ আগ্ৰহ হ'ল। তেখেতে তেতিয়াৰ দিনত বহুবছৰ কাশীত থাকি কাশীৰ পৰা জ্যোতিষ ৰত্ন, স্মৃতি তীৰ্থ আৰু তৰ্কশাস্ত্ৰীৰ উপাধি প্ৰাপ্ত কৰিছিল আৰুঅসমৰ বিভিন্ন লোকৰ আগমন আমাৰ স্মৃতিত এতিয়াও সজীৱ হৈ আছে। এইবোৰৰ কাৰণেই হয়তো মোৰ ঈশ্বৰ বিশ্বাস বেছি হ'ল আৰু সঁচা অৰ্থত জ্যোতিষ বিদ্যা এক অন্ধ বিশ্বাস নে উপযুক্ত জ্ঞান প্ৰাপ্ত জনৰ বাবে এক অধ্যয়নৰ প্ৰয়োজনীয় বিষয় জনাৰ উৎসুকতা বাঢ়িল। আধ্যাত্মিক চিন্তাত বিশ্বাস থকাৰ বাবেই হয়তো বহু বছৰ পূৰ্বে মই সম্পূৰ্ণ নিৰামিষাহাৰী হ'লো যিটোৱে কি দিছে মই বুজাই ক'বলৈ অপাৰগ। যি হ‌ওক, হৰিদ্বাৰত থকা দিন দুটা ব্ৰহ্মপুৱাতে উঠি গঙ্গাৰ পাৰত অজস্ৰজন ভক্তৰ সৈতে কটাই মই সঁচাকৈয়ে অভিভূত হৈছিলো। মানুহ বোৰো বৰ ভাল লাগিছিল। এয়া মোৰ দ্বিতীয় হৰিদ্বাৰ ভ্ৰমণ আছিল আৰু তৃতীয় বাৰ ১০ দিনীয়া সূচীৰে যাবলৈ হেপাহ কৰি আছোঁ। পিছদিনা হৃষিকেশত গৈ দিন...

হোমকুণ্ডৰ সন্মুখত বহি থাকি জুইকুৰা প্ৰত্যক্ষ কৰি থাকোঁতে

Image
  অগ্নি সংযোগ কৰাৰ পৰাই জুইকুৰা প্ৰসাৰ হৈ সম্পূৰ্ণ কুণ্ডত আবৰি ধৰালৈকে প্ৰত্যক্ষ কৰি থাকোঁতে ক'ব নোৱাৰাকৈয়ে ভাৱৰ সাগৰত দুবগৈ ক'লৈকে যে ভাবি আছিলোঁ সেয়া ভাবি নিজেই আচৰিত হ'লো। সামান্য জুইশলা কঠিডালেৰে সংযোগ কৰা জুইকুৰা অতি কম সময়ত জাপি থোৱা সমগ্ৰ কেঁচা খৰিৰ দ'মটোক আবৰি ধৰাটোত জুইকুৰাৰ অসীম মনোবল, প্ৰৱল ইচ্ছা শক্তি আৰু নিৰবিচ্ছিন্ন প্ৰয়াস যেন সংলগ্ন আছিল, এনে লাগিল। এই‌যে কয়, "ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ..", মোৰ মনলৈ কিন্তু তেনে চিন্তা অহা নাছিল তেতিয়া । লক্ষ্যপাৰ্প্তিৰ আত্ম বিশ্বাস লৈ নিজৰ ইস্পিত পৰিক্ৰমা সম্পন্ন কৰাৰ দৃঢ়তাহে দেখা পালোঁ এই দাহণত । আমি যে কেতিয়াবা ভাবো- ময়ো মোৰ কৰ্মবিস্তাৰ কৰিবলৈ আৰম্ভ কৰিম,পিছে কালক্ৰমত সেয়া সৰহ সংক্ষকেই সম্পন্ন কৰাৰ সাৰ্থকতা আৰ্জন নকৰোঁ, তাৰ কাৰন সংযোগ কৰা সামান্য অগ্নি শিখাটোৰ দৰে আমাৰ দৃঢ়তাত স্পষ্টতা নাই। কেঁচা আমখৰিডালৰ পিছফালে জুইৰ‌ উত্তাপত পৰি পানীৰ বুৰবুৰণি উঠিছিল যদিও সিও জুইকুৰাৰ দৃঢ়তাত এটা সামান্য শুকান চেকা হৈ ৰৈছিল আৰু অৱশেষত জুইকুৰাৰ দৃঢ়তাই তাকো ছাঁইলৈ ৰূপান্তৰ কৰিলে...!! এৰা, যাৰ মনত আত্মবিশ্বাস থাকে, ...

পৰিবৰ্তন

Image
  "ল'ৰাটোৱে দিনটো ঘুৰি ঘুৰি একো সফলতা প্ৰাপ্ত কৰিব নোৱাৰাৰ পিছত আমাৰ ব্যৱসায়িক কাৰ্যালয়ত উপস্থিত হ'লহি। মই তেওঁক মাতি দিনটোৰ কামৰ খটিয়ান ল'লো। সি ক'ত ক'ত গ'ল, কোনে কি ক'লে সেইবোৰৰ বাদে কামৰ নামত একো সদুত্তৰ দিব নোৱাৰাত যোৱা মাহটোৰ খটিয়ান বিচাৰিলো। সেয়া চাই অনুভৱ হ'ল যে তাক দৰমহা দি, ঘুৰিবৰ বাবে তেলৰ প‌ইচা দি এক অপচয় কৰি থকাহে হৈছে। তৎক্ষণাৎ তাক কৰ্মৰ পৰা অব্যাহতি দি হিচাপটো তৈয়াৰ কৰিবলৈ হিচাপ ৰক্ষক জনক আদেশ দিলোঁ।" এয়া অতি নম্ৰ ভদ্ৰ অতি পুৰণি ব্যৱসায়িক প্ৰতিষ্ঠানৰ দায়িত্বত থকা ৬৫ -ৰ উৰ্ধৰ ব্যক্তি এজনৰ মুখৰ কথা আছিল। কিবা অলপ কিনিবলৈ গৈ তেওঁৰ তাত বহিছিলোঁ গৈ। পিছে কথাখিনি শুনি ম‌ই তেওঁক নোকোৱাকৈ নোৱাৰি ক'লো -" #ভাইজী , সময়ৰ তাগিদাত হয়তো আমি সকলোৱেই #নিধক হ'বলৈ শিকিব‌ই লাগিব এতিয়া। কাৰণ পৰিস্থিতিৰ আমি দাস। এতিয়া হয়তো ৯০ শতাংশ মানুহৰেই #জৱানৰ মূল্য নোহোৱা হৈছে। দহ শতাংশৰ ভিতৰৰে একাংশ সুৰক্ষিত চাকৰীত কামকৰি থকা নিশ্চিত উপাৰ্জন কৰা লোক হয়তো ওলাব, যি মিতব্যয়ী হৈ থকাৰ সুবাদতে নিজকে এতিয়ালৈকে #জৱান_কা_পক্কা কৰি চলি...