The creation of words is not limited to expressing emotions......
"The
creation of words is not limited to expressing emotions.
It
is the coordinator between our inner feelings and the mind.
In
the eyes of the soul, speech is Brahman.
From
a psychological perspective, it could also be a
reflection
of friction, which is not true
এই কথাখিনি মনলৈ অহাৰ বাবেই ইয়াক লিখি ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ। শব্দ আৰু তাৰ প্ৰয়োগৰ দ্বাৰা এজন ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্ব প্ৰকাশ হয়। ই পেশীৰ মাজৰ ঘৰ্ষণত উদ্ভৱ হোৱা এক সাধাৰণ শব্দ নহয়। ডাৱৰৰ ঘৰ্ষণত পোহৰ আৰু শব্দৰ সৃষ্টি হয়। সেই পোহেৰে অতি উচ্চ শক্তি সম্পন্ন বিদ্যুৎ শক্তি উৎপন্ন কৰে। প্ৰতিটো কাৰ্যৰ সৈতে এক পাৰ্শক্ৰিয়া বা প্ৰতিক্ৰিয়া পাওঁ। মানুহ ৰূপে আমাক ঈশ্বৰে বিবেক-বিবেচনাৰ শক্তি দিছে। সেই শক্তিৰ দ্বাৰা প্ৰকাশ কৰিব লগা আমাৰ কথাবোৰ শব্দৰ দ্বাৰা প্ৰকাশ হয়। এই যে কথাবোৰ ভাবি লিখি আছোঁ সেয়া শব্দক প্ৰকাশৰ বাবে মানুহে তৈয়াৰ কৰা লিপি। মূলআধাৰ কিন্তু শব্দ। একেই ব্যৱস্থাত উৎপন্ন শব্দ ভাষা অনুযায়ী ভিন্ন ভিন্ন হয়। অৰ্থাৎ যি ভাষা মোৰ সমাজৰ বাবে সৰল, সেই ভাষা প্ৰকট কৰাৰ বাবে ঘৰ্ষণৰ আৰ্টিষ্টক ধাৰা সুকীয়া হৈ শব্দ আৰু সুৰ বেলেগ বেলেগ হৈছে। কিন্তু ব্যৱস্থা একেই আছে। অন্তৰআত্মাত সৃষ্ট ভাৱ আমাৰ মুখেৰে প্ৰকাশ হয় আৰু সেই শব্দতেই ব্ৰহ্ম আছে বুলি কোৱা হয়। আমাৰ চিন্তাৰ মান অনুযায়ী আমাৰ ব্যক্তিত্বৰ প্ৰকাশ হয়। মুখৰ পৰা ওলোৱা এই শব্দৰ সৰহ সংখ্যক যদি মনে নিয়ন্ত্ৰণ কৰে তেনে ই আমাৰ ব্যক্তিত্বত বিৰূপ প্ৰভাৱ পেলাই। কাৰণ মনক নিয়ন্ত্ৰণ কৰাৰ সাধনা বৰ কঠিন। মন উৰণীয়া, চঞ্চল। ই সততে বিবেকক ভুল পথে পৰিচালনা কৰে । মনে বিচাৰে আভিজাত্য, বাহ্যিকতা, ফুৰ্তি-আনন্দ, আক্ৰোশ, স্বাৰ্থান্ধ হোৱাৰ দ্বাৰা প্ৰভূত্বৰ বিস্তাৰ। কেৱল মই আৰু মোৰ লৈ মন ব্যস্ত থাকে। কাৰণ বিচাৰ বিবেচনাৰ পূৰ্বেই ই আমাক পৰিচালনা কৰাৰ প্ৰয়াস কৰে, যাৰ বাবে আমি কেতিয়াবা ক’ৰবাত প্ৰায়াচিত্ত কৰিব লগা হয়, কাৰোবাক দিয়া প্ৰতিশ্ৰুতি বাৰম্বাৰ অসাৰ হয় যাৰ ফলশ্ৰতিত ব্যক্তিৰ অৱয়বত মিথ্যাচাৰৰ এটা প্ৰলেপ পৰে যিটো মাজি পৰিস্কাৰ কৰাটো কষ্টসাধ্য। এই প্ৰলেপ পখালি মূল ৰূপত প্ৰকাশকৰা অতি টান কাম।
সেয়ে শব্দৰ প্ৰয়োগৰ নিয়ন্ত্ৰণ
মনক এৰি দিয়াটো পটনৰ কাৰক হয় । আগতেই কৈছোঁ যে ডাৱৰৰ ঘৰ্ষণত হোৱা শব্দই বৰষুণৰ বাৰ্তা
আনিব পাৰে। কিন্তু একেই কৃতিম শব্দৰ উদ্গীৰণ
কৰিও বৰষুণ দিয়াব নোৱাৰি। তাত প্ৰতিশ্ৰুতি আৰু ৰূপায়ণৰ দায়বদ্ধতা নাই। যুগৰ পৰিবৰ্তনত
আমি বহুত সলনি হৈছোঁ, য’ত আমাৰ প্ৰতিশ্ৰুতি বোৰৰ কোনো মূল্য নোহোৱা হৈ পৰিছে । কাৰণ ই অন্তৰআত্মা নিয়ন্ত্ৰিত শব্দৰ গাঠনিৰে সৃষ্ট প্ৰতিশ্ৰুতি নহয়। সেয়ে পদে পদে মিথ্যচাৰে আমাৰ দৈনন্দন জীৱন ব্যথিত কৰিছে….! এই কৃতিমতাই আমাক এনে এক স্বতৰত নি থিয় কৰাইছে য’ত আমাৰ বন্ধু আছে, কিন্তু কাষত থিয় হোৱা বন্ধু নাই ! আপোন আছে
কিন্তু আত্মীয় নাই ! শব্দৰ গাঠনিৰে ভাষা আছে, কিন্তু তাত লালিত্য নাই ! ক্ষমতা আছে কিন্তু উচিৎ প্ৰয়োগ নাই ! মন্দিৰ নিৰ্মাণ হৈয়েই আছে, কিন্তু ভগৱান নাই ! জ্ঞান আছে কিন্তু গুৰু নাই ! বেলি উজ্বলতা আছে, কিন্তু
আমাৰ মনৰ কুঠৰিত পোহৰ নাই ! ঘড়ী আছে কিন্তু সময়ৰ সৈতে পৰিচয় নাই ! আনুষ্ঠানিক শিক্ষা আছে কিন্তু
ব্যৱহাৰিক জ্ঞান নাই……। মুঠকথাত সকলো মনৰ নিয়ন্ত্ৰনত দিগভ্ৰান্ত হৈ দিক-বিদিক হেৰুৱাই ফুৰা মানুহেৰে পৰিপূৰ্ণ
এক সমাজ, য’ত মানুহৰ তেনেই অভাৱ !! ইয়াৰ মূল কাৰণ শব্দক আমাৰ উন্মোক্ত মনটোৱে নিয়ন্ত্ৰণ কৰি থকাত শব্দই ব্ৰহ্ম
হৈ থকা নাই..! ই আমাক এক আদিম যুগলৈ লৈ গৈ আছে, য’ত আমি কেতিয়াবা সুধিম-“লাজ মানে কি ? আত্মসন্মান কাক কয় ?? ”
আজি এজনে সুধিলে-ঘৰ্ষণ মানে কি ? কেনেকৈ ক’ম যে যি শব্দৰ প্ৰয়োগ অবিহনে তুমি পৃথিবীৰ
পোহৰ দেখা নোপোৱা, সেই শব্দৰ অৰ্থও কি তুমি নেজানা !!! এয়াই আমাৰ অগ্ৰগতিৰ বা আৰোহণৰ উজ্বলতা !!
শব্দ এটাৰ অৰ্থ বিশ্লেষণ কৰিবলৈ
হ’লে
ইয়াৰ আৱেগিক, সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগসমূহ বিবেচনা কৰিব লাগিব। উদাহৰণস্বৰূপে,
"মা" শব্দটোৰ ইতিবাচক অৰ্থ হ'ব পাৰে লালন-পালন আৰু প্ৰেম, আনহাতে "ডাইনী"
শব্দটোৰ নেতিবাচক অৰ্থ হ'ব পাৰে বেয়া আৰু কু-অভিপ্ৰায়। ইয়াৰ লগতে শব্দ এটাৰ ব্যৱহাৰ
কৰা নিৰ্দিষ্ট প্ৰসংগটো চাব লাগে, য’ত বাক্যৰ গাঠনিত ব্যৱহাৰ কৰা চাৰিওফালৰ শব্দ, বাক্যৰ গঠন আৰু সামগ্ৰিক
সুৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ দ্বাৰা শব্দটোৰ অৰ্থ আৰু তাৎপৰ্য্যৰ বিষয়ে অধিক সুক্ষ্ম
বুজাবুজি লাভ কৰাত সহায়ক হ’ব পাৰে। ভাষাক ডিজিটেল চুনামীয়ে বিদ্ধস্ত কৰিলে। যান্ত্ৰিকতাই
বিবেক-অনুভূতিক পৰাজিত কৰি মনক শব্দ প্ৰয়োগৰ ভাৰ অৰ্পণ কৰিলে। সেয়ে কেউফালে কেবল চালনা,
মিথ্যাচাৰ আৰু ভূৱা প্ৰদৰ্শণৰ প্ৰকোপ, য’ত সততাই দুব দি প্ৰাণ ৰক্ষাৰ চিন্তাত…..
১১-০৭-২০২৪
Comments
Post a Comment