ফটা তবলা যোৰ এক মাধ্যম যি মোৰ চৰিত্ৰৰ ফটা স্বৰুপ উদঙাই দিব পাৰে.........

সৰু কালৰ একোটা কথা কেতিয়াবা জীৱনলৈ মনত ৰৈ যায়। সৰুৰে পৰা মানে দ্বিতীয় শ্ৰেণীৰ পৰাই মোৰ গান গোৱা আৰম্ভ হৈছিল। তেতিয়া অভিভাৱক সকলৰ খুব কম সংখ্যকেহে ল’ৰা ছোৱালীৰ এই ৰাপক লৈ তাৰ উৎকৰ্ষতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। কাৰণ পঢ়ি-শুনি সিহঁত মানুহ হ’ব লাগে, তাতকৈ বেছি আশা সাধাৰণ মধ্যবিত্তৰ নাছিল। স্ব-প্ৰতিভাৰে যি সকল আগবাঢ়িছিল সেই সকলৰ ঘৰৰ অৱস্থা বৰ ভাল নহ’লেও টনকিয়াল আছিল। তাৰ মাজতো বিশেষ প্ৰতিভাধৰ চিৰ পূজ্য ব্যক্তি আছিল বাবে আমাৰ সমাজ সাহিত্য-সংস্কৃতিয়ে পৰিপূৰ্ণতা পাইছিল।সেই কামত আমাৰ অনেকজন পুৰোধা ব্যক্তিৰ প্ৰচেষ্টা আৰু ত্যাগ আছিল। সেইবোৰ বাদ দি সাধাৰণ চৰকাৰী চাকৰিয়াল বা আন সৰু কামত নিয়োজিত সকলে কেতিয়াও চিন্তা নকৰিছিল যে আমাৰ ল’ৰাটো লক্ষ্মীনাথ হওক, ভূপেন হাজৰীকা হওক, ছোৱালীজনী ভাল কবি সাহিত্যিক হওক ইত্যাদি। এতিয়াও হেজৰজন অভিভাৱকক যদি  সোধা হয়, তেওঁলোকৰ প্ৰথম ইচ্চা ডাক্তৰ বা ইঞ্জীনিয়াৰহে হ’ব। তথাপি এতিয়া সৰুৰে পৰাই শিশু সকলক আৰ্ট, সাতোৰ, গান, নাচ, খেলা আদিৰ সৈতে সংযোজন কৰাৰ প্ৰয়াস দেখি সঁচাকৈয়ে আপ্লুত হওঁ। আমাৰ মাৰ বিয়াত কলকাতাত বনাই অনা ফাৰ্ণিচাৰৰ ভিতৰত দ্ৰেচিং টেবুলখন মোৰ বাবে আছিল তবলা। দ্ৰোৱাৰটোৰ ওপৰতে কল্পতৰুৰ গানবোৰৰ তালে তালে বজাই গান গাওঁ। মায়ে সৰুতে গান গাইছিল বাবে মোৰ এই অভ্যাস দেখি ওচৰতে কেতিয়াবা পটল একোটা হাতত লৈ চুচি থাকোতে গাই থাকে। মায়ে বোধহয় ১৯৪০ চন মানতে ৰূপৰ পদক আৰ্জিছিল। বিয়া হৈ তাতেই জনগন মন হ’ল। 
        মাৰ মনলৈ অহাত সৰুতে নিজে শিকা হাৰমনিয়াম-টবলাবোৰ খোজ খবৰ কৰি এঘৰৰ পৰা সংগ্ৰহ কৰাই গোটাই দিলে। ডাবোল ৰিডৰ হাৰমনিয়াম , পিটলৰ ডুগী আদি আনি বনোৱা হ’ল। বৰচাঙত উঠি থকা বস্তু বোৰৰ অৱস্থা নাছিল। তেলীয়া পট্টিৰ মুচাৰ তাতে তবলাযোৰ বনালোঁ। ২২ টকা লৈছিল যোৰাটোত। মাজে মাজে ডায়নাটোৰ চামৰাখন ফাটি যায়। কাৰণ টিউন কৰি থৈ দিলে গৰম দিনত ছবিত দেখাৰ দৰে ফাটি যায়। শিৱসাগৰৰ আমোলাপট্টিৰ চুবুৰীটোৰ মানুহে আয়োজন কৰা অনুষ্ঠান এটাত প্ৰথম গান গাইছিলোঁ ১৯৬৯ চনত। 

“মইনাজান মইনাজান দ্ৰেইন পাইপ পিন্ধিলোঁ
মইনাজান মইনাজান বহিবকে নোৱাৰা হ’লো...
মইনা জান মইনা জান
শিৱসাগৰ দেখিলোঁ

মইনা জান মইনা জান
শিৱদৌলো দেখিলোঁ....”
এইটো চতুৰ্থ শ্ৰেণীত নিজে ৰচনা কৰা পেৰডি আছিল যাৰ বাবে মানুহৰ প্ৰশংসা পাইছিলোঁ। গানটো এতিয়া সম্পূৰ্ণ মনত নাই। ১৯৮৬ মানলৈকে যোৰহাটৰ বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰা হ’ল। যোৰহাট জগন্নাত বৰুৱা মহাবিদ্যালয়ৰ পৰা আন্তঃকলেজ সংগীত প্ৰতিযোগীতাতো অংশ গ্ৰহণ কৰা হ’ল। ১৯৮০-ৰ পৰা ১৯৮৫-লৈকে সুৰবাহিনীৰ হোতা স্বৰুপে মই আৰু  শ্ৰদ্ধাৰ মৃগেন বৰকটকীদাদা আৰু লগতে মনোজ ফুকন, পণ্ডিত, অচিন্ত, নৰেন তাতী, দেৱেন তাতী, নিৰ্মলেন্দু ইত্যাদি অনেক। বক্তৃতাত প্ৰয়াত সমীৰণ বৰদলৈ। সমীৰণে কবিতা আবৃত্তি ভাল কৰিছিল। বক্তা হ’ল সুৰবাহিনীত ওলোৱাৰ পিছত। সেইবোৰ শেষ হ’ল আৰু জীৱনৰ যাত্ৰাত সংগীত সুলকি পৰি ৰ’ল। এতিয়াও মাজে মাজে হাৰমনীয়ামখন লৈ বহো। পিচে আগৰ সেই দম নাই। এতিয়াৰ হাৰমনিয়াম-তবলাবোৰ পিচত লোৱা যি আমাৰ সুৰবািহনীৰ সমগ্ৰ সময় ট্ৰাকত ঠেকেচা খাই ৰূপ সলালে। আগৰ হাৰমনিয়াম-তবলাবোৰ মায়ে অনা ঠাইলৈ প্ৰত্যাবৰ্তন কৰিলে। সিও এক কাহীনি। এঠাইত গান গাই ৰাতি সেই তবলা হাৰমনিয়াম অনা মানুহ ঘৰতে থাকিবলৈ গ’লো। কাৰণ তাৰপৰা ৰঙ্গমঞ্চৰ দূৰত্ব এক কিলোমিটাৰ। চাইকেল লৈ আহিবলৈ সহজ। তাতে পৰিয়াল কেন্দ্ৰীক সম্পৰ্ক আছে। দুদিন পিচত গৃহস্থ আমাৰ ঘৰলৈ আহি মোক বিচাৰিলে। সোধাত ক’লে -‘“তোৰ এটা ভাল খবৰ আছে আৰু এটা বেয়া খবৰ আছে! ভালটো হ’ল আমাৰ ভতিজা ল’ৰা দুটাই গান শিকিব। বেয়াটো হ’ল তোক দিয়া বস্তু কেইপদ ওভতাই লৈ যাবলৈ আহিছোঁ।’” মোৰ মূৰত সৰগ পৰা যেন লাগিল। সেই বছৰ মেট্ৰিক দিম। মায়েও বৰ দুখ পালে। তেওঁ ক’লে যে তবলা ভাল কৰা ২২ টকাটো মোক দি দিব। চাৰিদিন পিচত তেখেতৰ  ওচৰলৈ গ’লো। প্ৰায় দুঘণ্টা বহাৰ পিচত তেখেতে মোক ক’লে-‘“তোমাক মই বেয়া পাইচো। তুমি তবলাযোৰৰ ডায়নাটো চুৰি মাৰি ফুচাই দি পঠালা !! গতিকে তোমাক একো পইচা দিব নোৱাৰোঁ। ” মোৰ মূৰত যেন বজ্ৰপাত পৰিছিল সেইদিনা !! সংগীতৰ ‘স’টো নজনা মানুহজনক কেনেকৈ বুজাম যে ডায়নাটো বজোৱাৰ পিচত তাক আকৌ ঢিলা কৰি নথলে কেতিয়াবা চামৰাখন ক্ৰেক হৈ যায়। মই তেখেতক সৰস্বতীৰ শপত খাই ক’লো যে ২২ টকাটো মোক নেলাগে বাৰু, মিচা অপবাদ এটা দি মোক আপুনি দুখ দিব নেলাগিছিল। সংগীত এক পূজা। তাত পূজাৰ সামগ্ৰীৰ ক্ষতি কৰাৰ মানসিকতা লৈ মই কেনেকৈ আগবাঢ়িম !! তেখেতে মোৰ কথা শুনাৰ ইচ্ছা নকৰাত কেইবাদিনো মই খাব শুব পৰা নাছিলোঁ। ভতিজাহ’তৰ গান শিকা বা গোৱাও নহ’ল। স্নানাগাৰতো গুণ-গুনোৱাৰ অভ্যাস নহ’ল। সেইবোৰ বাৰু সুকীয়া কথা। তাৰ পিচৰ সময় খিনিহে মোৰ বাবে সংগীত চৰ্চাৰ আচল সময় হৈছিলগৈ। ২২ টকা সেই সময়ত বহুত ডাঙৰ টকা। মায়ে যোৰহাটৰ অলিম্পিকাৰ পৰা এখন হাৰমিনয়াম ৩৫০ টকাত কিনি দিছিল। তাত মাহে ৫০ টকাকৈ দিয়াৰ বন্দবস্ত কৰি দিছিল দাদা এজনে। মায়ে তাঁত বৈ আৰ্জন কৰা পইচাৰে ৫০ টকা দিয়ে। এতিয়াও সেইখন মোৰ পূজাৰ বেদীত থোৱাৰ দৰে আছে। তবলাযোৰ ডাক্তৰ দাদা এজনে উপহাৰ দিছিল ১৫০ টকা খৰচ কৰি। লগতে এখন গীতাৰো..। ১৯৯১ চনত বোধকৰো চৰকাৰৰ স্নাতক চাকৰিয়াল  এজনৰ দৰমহাৰ হাৰ আছিল মাহে ৩৫০ টকা যোগ ডি.এ.। সৰ্বমুঠ ৪৫০-৫০০ টকামান হয়। গতিকে ১৯৭৫ চনত ২২ টকাৰ  মূল্যটো অনুমেয়। পেট্ৰলৰ দাম লিটাৰত ৭০ পইচা হোৱাৰ বাবে বহুতে গাড়ী চলাবলৈ বাদ দিব বুলি কোৱা শুনা মনত পৰে....। 

        জীৱনত মোৰ যিমানেই জটিল পৰিস্থিতও নহওক, যিকোনো মূল্যৰ লাভ আদায় কৰিবলৈ  কোনো এজনৰ অন্তৰত আঘাট কৰাৰ অভ্যাস কৰা নহ’ল। বৰ কঠিন সময়ত এজন বন্ধুৰ ল’ৰাজনৰ ফৰ্ম ফিলাপ কৰিবলৈ সহায় বিচৰাত হাতত থকা টকা কেইটা দি ঘৰত দুদিন নোকোৱাকৈ থাকিলোঁ। পিচত গাৰ্ল ফ্ৰেণ্ডক কোৱাত ক’লে-‘“ভালেই কৰিলা দিয়া, পৰীক্ষাটো সি দিব পাৰিব যে...। আমি অলপ মিলাই মেলি চলিম আৰু....”। এই অভ্যাসে আমাক কেতিয়াও লঘোণে ৰখা নাই । সম্পদৰ অভাৱৰ মাজতো সুন্দৰকৈ খাই বৈ সন্তানক নিজৰ ভৰিত থিয় হ’বলৈ শিকাই গ’লোঁ। আমি যি খাও তাতেই অমৃতৰ জুটি পাওঁ, যি খাওঁ তাতেই পুষ্টি বিচাৰি পাওঁ। মাৰুতী ৮০০ এখন লৈছিলোঁ। এজন আঢ্যৱন্ত ভাইটীয়ে এদিন ক’লে-‘“গেছৰ ল’ব লাগিছিল আকৌ...।” মই ক’লো দূৰৈলৈ গ’লে বাকচটো ক’ত নিম ? সি ক’লে এইখন লৈ আপুনি কিবা গুৱাহাটী যাব নেকি ? মই তাক কৈছিলো-গুৱাহাটীৰ কথা কৈছ..., কলিকতাও গুচি যাম কাম থাকিলে। চলাইথাকোতে মোৰ এইখনেই মাৰ্চিডিজ যেন লাগে অ ভাইটী...!!” আকাংখ্যা লাগিবই। পিছে সুস্থ আৰু সজ কৰ্মৰ দ্বাৰা আৰ্জন কৰা সম্পদেৰে যিয়েই নলও, যিয়েই নেখাও তাত সন্মান জীয়াই থাকে। সেয়েহে আজি মনলৈ আহিল- “বন্ধুৰ কাষত বহিবলৈ ভাল, বন্ধুৰ কাষত থিয় হোৱাহে বৰ জটিল কাম।” মোৰ দুয়োকাষে অজস্ৰ বন্ধু, আত্মীয়, সম্বন্ধীয় বহি থাকিলে মোৰ হয়তো অনুভৱ হ’ব যে মোৰ সম্পদ আৰু সমৃদ্ধিৰ বৃদ্ধি হৈছে আৰু বিলাস বাহুল্যৰ অভ্যাসে লগ দিছে। ই ক্ষণিকৰ বাবে আহি এদিন গুচি যাব। কিন্তু যি মোৰ কাষত থিয় হোৱাত  জটিলতা অনুভৱ নকৰে সি মোৰ দৰে সকলো সাধাৰণ আপ্যয়নতে ফাইভ ষ্টাৰৰ গোন্ধ পাব আৰু অমৃত পান কৰাৰ সুখ অনুভৱ কৰিব। ফটা তবলা যোৰ এক মাধ্যমহে,  যি মোৰ চৰিত্ৰৰ ফটা স্বৰুপ উদঙাই দিব পাৰে.........
                                                                                                                                  ০৮-০৭-২০২৪ 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?