বন্ধুৰ কথাবোৰে মন চুই গ’ল। অৱক্ষয়, কেৱল অৱক্ষয় বুলি ভাবি নিৰাশ হ’লে নহ’ব। যি হওক, এয়া আমাৰ দৰে প্ৰৌঢ় সকলৰ দৃষ্টিৰ অনুভৱৰ কথাহে ইয়াত কৈছোঁ। নতুন যুগৰ নজোৱান সকলৰ দৃষ্টিৰে কথাবোৰ ভবাৰ প্ৰয়াস নকৰো। কাৰণ দুইটা চিন্তাৰ মাজত ৩০-৪৫ বছৰৰ দূৰত্ব আছে। সোয়ে সেইবোৰ কৈ লাভো নাই বা আমি নিজক যুগৰ সৈতে লৈ যোৱাত বিফল হোৱাতো তেওঁলোকৰ বিচাৰ্যও নহয়। ই সঁচা কথা যে িশক্ষকক সামাজিকভাবে হত্যা হ’ল অসম আন্দোলনৰ পিছতেই। এতিয়া বহুত কথাই পৰিবৰ্তন হ’ল। সামাজিক আবুৰৰ কথাবোৰ গৌণ হৈ আহি আছে আৰু ই “অৱশেষত” উপস্থিত হও হও ! বন্ধু বৰুৱাৰ ষ্টেটাচ দেখি সাধাৰণ মন্তব্য এটা নিদি নোৱাৰো বাবেই দি থ’লো। হৃদয়ৰ কথা খিনি ৰৈ গ’ল বাবে ধৰফৰাই থাকিল মনটো। সেয়ে কৈ দিও বুলিও পাটনি শেষ কৰিব পৰা নাই। ক২ৰ পৰা ক’ম !! এয়া সেই সময়ৰ প্ৰজন্মই ৰোপনকৰা বীজৰ পৰাই আৰম্ভ হ’ল। আজি আমি আবেগত কৰা কামবোৰৰ পৰা যি ফচল হ’ব সেয়া পিচৰ প্ৰজন্মবোৰে ব্যৱহাৰ কৰিব। সেই সময়ৰ নেতৃত্বত থকা সকলৰ সৰহ সংখ্যক অতি উচ্চ শিক্ষিত। দুটা বছৰ কিতাপত কি আছে নজনাতো বাদেই বিষয়ৰ কিতাপত হাতী-ঘোৰা কি আছে নজনাকৈয়ে একোজনে দহ দিন পঢ়ি আমাৰ ণেধা শক্তিৰ বলত একোটা ডিগ্ৰীও লৈছিলোঁ। সেই পাঠৰ পৰা পোৱা শিক্ষাকে কামত লগাই আমি দহ বছৰ ৰাজ্যত চৰকাৰ কৰি যি সংস্কাৰ দিলোঁ, সেয়া আজিও মনৰ মাজত উগৰি আছে। শিক্ষক সকল আমাৰ অভিভাৱকতকৈ কম নাছিল। চৰণ স্পৰ্শ হয়তো কদাচিৎ হ’ল, পিছে যি সকলৰ হৃদয়ত তেওঁলোকৰ আদৰ্শ-সংস্কাৰ বৰ্তি থাকিল তেওঁেলাকহে আজি চিন্তিত । আমাৰ বোৰৰ ঘৰত কথাই কথাই কৈছিল-“ পৰিয়ালৰ মৰ্যদা” হানিহোৱা কাম নকৰিবহঁক।” কি এই মৰ্যদা !! পিচলৈ কিবা অঘটন হ’লে তাৰ বাতৰি প্ৰচাৰে অনেককে বিমৰ্ষ কৰিছিল। ক্ৰমান্বয়ে নতুন সকলে তেনে বাতৰিৰ সন্ধানত থকা হ’ল যি তেওঁলোকৰ বাবে উপাৰ্জনৰ উৎসস্বৰূপ হ’লগৈ। এইবোৰ কোনো ব্যৱস্থাই দীৰ্ঘ দিনলৈ নেথাকে। কাৰণ সেই সৰু সৰুকৈ কৰিথকা অসংঠিত ব্যৱস্থাবোৰে ডাঙৰ গোষ্ঠি সমূহত আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া ই একোটা ডাঙৰ ব্যৱস্থা হ’ল। বাতৰি কাকতত ছবি ওলোৱাটো গ্লেমাৰ হ’ল। জন্ম হোৱাৰ পৰা মনত থকা হোৱালৈকে জানিছিলো যে মোৰ বা আমাৰ শৰীৰৰ অংগ কোনবোৰ। তথাপি লজ্জা নিবাৰণৰ বাবে বস্ত্ৰৰ প্ৰয়োজন আছিল। এতিয়া বস্ত্ৰৰ প্ৰয়োজন এক প্ৰসাধনৰ অংগ যত মোৰ কি ক’ত কেনেকৈ আছে তাৰ এক ঝলক আনক দেখুওৱাটো হ’ল সঁচা অৰ্থত বস্ত্ৰৰ প্ৰয়োগিক কাম !! এই সকলোবোৰ শিক্ষাৰ অন্তৰ্গত বিষয় আছিল । আমি নিজক প্ৰকাশ কৰাত আকৰ্ষিত হৈছো, এটা ভাল কথা। প্ৰতিভাৰে যিমান, কায়িক ভাবে তাতোতকৈ বেছি...! ইও এক প্ৰতিভাৰ উদ্গীৰণ বুলি কোৱাত আপত্তি ক’ত !! ইয়াত আমি সকলো জড়িত আছো। নতুন ৰূপত সজাই তোলা প্ৰয়োগিক শিক্ষাৰে আমাৰ দীৰ্ঘ সময়ৰ জ্ঞান বিস্তাৰ সফল হৈছে। মই সকলো কথাই যোগাত্মক দৃষ্টিৰে চাও বাবেই এনেকৈ ভাবো। আমি মানৱ সভ্যতাৰ পূৰ্ণ ৰূপ পাবৰ বাবে পুনঃ বাৰ সেই যুগলৈ পৰ্যায় ক্ৰমে আগবাঢ়ি যাবলৈ হ’লে তাৰ পৰা আৰম্ভ কৰিব লাগিব য’ৰ পৰা আৰম্ভ হৈ আমি সভ্য হোৱাৰ প্ৰয়াস আৰম্ভ কৰিছিলো....! প্ৰতিটো পৰিসমাপ্তিৰ আঁৰত সৃষ্টিৰ নতুন কোঁহ মেলিবৰ বাবে সমাজ আগবাঢ়িব লাগিব....। সেয়েহে এই পৰিবৰ্তন। ইয়াৰ ন ন ৰূপ অহা দিন বিলােক আমাক দেখুৱাই যাব আৰু আমি বৰণ কৰাৰ প্ৰয়াস অব্যহত ৰাখিব লাগিব।
হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম
" সপোন দেখিছিলা আইক পূজাৰ বিদেশী শতৰু খেদি, মনৰ আশা মনতেই ৰাখি আঁতৰি গ'লাগৈ গুচি, হে মহান তুমি , হে শ্বহীদ তুমি ।। সপোন দেখিছিলা আইক পূজাৰ..... এয়াতো নহয় মৰণ তোমাৰ ই সাহস জনজীৱনৰ এয়া যে প্ৰভাত নতুন দিনৰ প্ৰতিশ্ৰুতি এক নৱ সমাজৰ । অসমী আইৰ কোলাত তুমি হ'বা এগচি চাকি, হে মহান তুমি , হে শ্বহীদ তুমি ।।" ১০/১২/১৯৭৯ ৰ সন্ধিয়া বাতৰিত শুনিলোঁ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত নিহত হ'ল বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱৰ নিবাসী পিতৃ গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা দেৱীৰ পুত্ৰ খৰ্গেশ্বৰ তালুকদাৰৰ । ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ তেওঁ । সেইদিনা নিশা আমি ধেমাজিত আছিলো । সেই ৰাতিয়েই এক শোকাকুল পৰিবেশত সু শিল্পী শ্ৰীমৃগেন বৰকটকীয়ে এই গীতটি ৰচনা কৰি সুৰ কৰিছিল । পূৱা অগণন ৰাইজৰ সন্মুখত আমি সকলোৱে এই গীত পৰিবেশন কৰোতে মানুহৰ মাজত কান্দোনৰ ৰোল উঠিছিল । আজিও গাৰ নোম শিয়ৰী উঠে । প্ৰায় ৩৬ টা বছৰৰ পিছত গীতটি উল্লেখ কৰোতে হয়টো দুই এটা শব্দৰ ইফাল সিফাল হ'ব পাৰি । কিন্তু সেইদিনাৰ পৰাই মনৰ সংকল্প শ্বহ...
Comments
Post a Comment