আমি সকলোৱেই কিবা নহয় কিবা কাৰণত হায়ৰান !!

             আমি সকলোৱেই কিবা নহয় কিবা কাৰণত হায়ৰান। কোনোবা সঁচাকৈয়ে হায়ৰান আকৌ কোনোবা সঁচাৰ বাবেই হায়ৰান !! এই যে অসুয়া-অশান্তিবোৰ তাৰ কাৰণ ভাবি ভাবি ৰাতি এপৰলৈকে থাকিলোঁ। পিচত মোৰ স্নেহৰ ল’ৰাটোলৈ মেছেজ এটাকে দিলোঁ যে আমি সঁচাকৈয়ে হায়ৰান নে সঁচা হায়ৰান !! সি মোক উত্তৰ দিলে “আপোনাৰ মনলৈ বেলেগ ধৰণৰ চিন্তা এটা  আহিছে যেন পাইছো !” আচলতে মোৰ কোনো বেলেগ চিন্তা নাই, চিন্তা কেৱল উঠি অহা প্ৰজন্মই নিজৰ প্ৰতিভা প্ৰয়োগৰ যথাৰ্থ উপায় কৰি সমাজক কেনেকৈ শক্তিশালী কৰিব, নিজে কেনেকৈ সুৰক্ষিত হৈ জীৱনৰ প্ৰয়োজনবোৰ পূৰণ কৰিব সেইবোৰহে চলি আছে। উদ্যম আৰু উদ্যমীৰ মাজত এখন সাঁকো থাকে। সেইখন হ’ল ব্যৱস্থাৰ সাঁকো। প্ৰতিজন শিক্ষিত যুৱক-যুৱতীয়ে নিজস্ব শিক্ষাৰ মৰ্যদা ৰক্ষা কৰি কৰ্ম যুক্ত হ’ব লাগিব। নহ’লে ই  সময়, অৰ্থ আৰু ৰাজহৰ অপচয় বুজাব। তাতোতকৈ ডাঙৰ অপচয় হ’ল মানৱ সম্পদৰ অপচয় যিটো দেশ এখনক স্বতন্ত্ৰভাবে শক্তিশালী হোৱাৰ অমোঘ অস্ত্ৰ। এয়া মুস্তিমেয় সংখ্যকৰ উদ্যমেৰে সম্ভৱ নহয়।  ‘মই ভবাটোৱেই নিভাজ আৰু শুদ্ধ’ বুলি খামুচি ধৰিলে আমি জীৱনৰ অমোঘ সুখ বিচাৰি নেপাম। গছত কঠালটো গৰমতহে লাগে। তাৰ নিজস্ব গুণক অগ্ৰাহ্য কৰি যদি কঠাল খালে গৰম উঠিব বুলি ভাবোঁ, তেনে কঠাল খোৱাৰ আনন্দ ম্লান পৰিব। তাৰ নিজস্ব ফ্লেভাৰ, গোন্ধ আদিক বেয়া পাই আমি কৃতিমতা দিব বিচাৰিলে সুখ ক’ত পাম !! অজস্ৰ মানুহৰ মাজতো ভিন্ন ভিন্ন চৰিত্ৰ, সংস্কাৰ, কায়দা থাকিবই। কালি বিচনাত বহি চাহখাই থাকোতে ফোন এটা অহাত কাপটোত হাত লাগি চাহ খিনি বিচনাতে পৰি গ’ল। মই পৰিবাৰৰ মুখলৈ চাই মিচিককৈ হাঁহি এটা মাৰি দৌৰি গৈ বাতৰি কাকত এখন বিচনা চাদৰৰ তলত ভৰাই দিলোঁ। চাহখিনি কাগজখনে শুহিব লাগিব, যাতে তোচকখন তিতি নেয়ায়। একেটা কামেই সিদিনা পুৱা ডাইনিঙত চাহ দিওতে ঘৰত থকা ল’ৰাটোৰ হাতেৰে অকস্মাৎ হৈ গ’ল। তাক অজস্ৰ খং কৰিও হৃদয় পৰিতৃপ্ত নহ’ল। ডাইনিঙৰ প্লাষ্টিকখন লেটেৰা হৈ গ’ল !!! পুৱাৰ কথাটোকে ৰাতি ভাত খাওতেও তাক এবাৰ কোৱা হ’ল...। অসাৱধানতাই কি বেমেজালি কৰে বুজাওতে মুখেৰে ফেন ওলাই গ’ল..। বিৰিয়ানী-মাংশৰে বনোৱা ভাত কেইটা খোৱাত তাৰো সুখ নহ’ল, আমাৰো নহ’ল ! “এইবোৰ ৰাখিলেও দিগদাৰ নেৰাখিলেও দিগদাৰ..”  ভাৱ এটা আমাৰ মুখত যেন ফুটি উঠিল  ! বৃদ্ধ মাতৃ আমাৰ ঘৰত দুদিন থকাকৈ আহিলে আমাৰ সকলোৰে সুখভাৱ হয়। তেওঁ আমাৰ প্ৰাইভেচি নষ্ট কৰা বুলি ভাবিলেহে সুখৰ অভাৱ হ’ব.....! 


            আমাৰ প্ৰতিজনেই উদ্যমী হ’ব লাগিব আৰু নিজৰ উদ্যোগত প্ৰতিষ্ঠাৰ ইতিহাস ৰচনা কৰিব লাগিব। এই সুন্দৰ কথাষাৰে মোৰ প্ৰতি অনেকৰ মনত শ্ৰদ্ধাৰ ভাব জগাব। কাৰণ ই মোৰ বহল পৰিসৰত প্ৰকাশ কৰা সমাজৰ উত্তৰণৰ চিন্তা। মোৰ তাত কৰণীয় কি থাকিল !! মই তেনে পৰিবেশ নিৰ্মাণ কৰা প্ৰয়োজন হ’ব যি পৰিবেশত যুৱক যুৱতী সকলে নিজৰ উদ্যমীতা প্ৰকাশ কৰি স্বাৱলম্বী হ’ব !! কথা আৰু আমাৰ কামৰ মাজত সাদৃশ্য লাগিব। ক’ৰবাত কৃতিমতাবোৰ গল ব্লাডাৰত থকা পিত্ত ৰসবোৰ জামৰি শিল সদৃশ হোৱাৰ দৰে হোৱা নাইনে ??  গল ব্লাডাৰ ঈশ্বৰে দিয়া  এক সুন্দৰ ব্যৱস্থা। পৰিবেশ আৰু আমাৰ ঝীৱন শৈলীয়ে তাৰ ভিতৰত থকা ৰসবোৰত গেদ পৰি নিমখৰ লডা তৈয়াৰ কৰিছে যি আমাক শৈল্য চিকিৎসাৰ বাবে বাধ্য কৰিছে । এয়া ব্যৱস্থাৰ দোষ নহয়। এয়া ব্যৱস্থাক নস্যাৎ কৰাৰ দোষ।  আমি মানুহবোৰক লৈ সমাজ. ৰাজ্য, দেশ। মানুহ নথকা ভূমি দেশ নহয়। গতিকে দেশক জীয়াই ৰখাৰ বাবে মানুহক জীয়াই ৰখাৰ প্ৰয়োজন। দেশক সৱল কৰাৰ বাবে মানুহৰ উদ্যম আৰু প্ৰতিভাক সঠিক ৰূপত কৰ্মত সংযুক্ত কৰিব লাগিব। সকলোৱে কৰা সকলো কাম নিজেই কৰাৰ দৰে অনুভৱ হ’লে বিচনাত বাগৰি পৰা চাহ কাপ আৰু ডাইনিঙত পেলোৱা চাহকাপ দেখিও মিচিকিয়াই হাঁহি মাৰিব পৰা যাব। কাৰণ ইও এক অভিজ্যতাৰ পৰম সুখ নহ.নে ??? 

                                                                                                ১০-০৭-২০২৪

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?