আশা আৰু ভৰষাৰ মাজত বিশাল পাৰ্থক্য আছে......
গতানুগতিক ব্যৱস্থাৰ পৰিবৰ্তনে আমাৰ জীৱন শৈলীত বিস্তৰ পৰিবৰ্তন
আনি আছে আৰু আনিব । বহু শব্দ আমাৰ অভিধানৰ পৰা আঁতৰাব লাগিব বা ই অচল হৈ পৰিসৰ বৃদ্ধি
কৰি থাকিব। পুৱা ঘৰৰ ওচৰৰ দোকানখনলৈ গৈছিলোঁ। সৰুতে তাৰ ককাকৰ দোকান আছিল। সকলোৱে তেলিয়াৰ
দোকান বুলি কয়। তেতিয়াও আৰু এতিয়াও। পুৱা তেওঁলোকৰ দোকানৰ পৰা কিবা এটা আনিবলৈ যাওঁতে
তেখেতৰ নাতিয়েকে (অৱসৰপ্ৰাপ্ত) ফুটপাথৰ কাষত পৰা ইটাবোৰ লোহাৰ ব্ৰাচ মাৰি পৰিস্কাৰ
কৰি আছে। শেলাই পৰিছে। মোক দেখি ক’লে-“দাদা, পিচল খাই পৰি এতিয়া পৰিস্কাৰ কৰি আছো।
গ্ৰাহক পিচল খালে দিগদাৰ হ’ব নহয়!” মই ভালের কৰিচা বুলি উৎসাহ দিলো। কম কথা কোৱা ল’ৰা
জনে ক’লে-“আগতে শেলাই পৰা কেতিয়াও দেখা নাছিলোঁ, আজুকালি পৰিবলৈ লৈছে। জোটা-চেণ্ডেলৰ
হেচাটো কমি আহিছে যে !!” মোৰ বৰ ডাঙৰকৈ হাঁহি এটা ওলাই আহিল তাৰ এই সুক্ষ্ম নজৰ দেখি..।
গেলামালৰ ইমান পুৰণি দোকান…, য’ত আমি এসময়ত চিলা কিনি উৰুৱাইছিলোঁ, তাৰ সোমোৱা পদুলীত
শেলাই পৰিছে মানে মোৰ অহৰহ কৈ থকা কথাবোৰ সঁচা। হঁহাৰ কাৰণটো তাক কোৱাত সিও কৰুণ মিচিকিয়া
এটা দিলে।
বিশ্বাসযোগ্যতা কম হোৱাৰ কাৰণবোৰ মনতে ফহিয়াই আছোঁ। চৰকাৰৰ কৰ্মচাৰী কিমান আছে নেজানো। হ’ব চাগৈ ৪ লাখ মান। অসমত পুৰুষ আছে ১,৮৩,৮৮,০০০ জন আৰু মহিলা আছে ১.৭৭,৭১,০০০ গৰাকী। মুঠ সংখ্যা – ৩,৬১,৫৯,০০০ জন । Assam accounts for 2.57 percent of the Indian population, which is 0.10% । এই বিশাল সংখ্যাৰ পৰা ৪ লাখ বাদ দিলে ৩,৫৭,৫৯,০০০ জন লোক থাকিব যাৰ কিছু সংখ্যক কোম্পানী আদিত কৰ্মৰত আৰু কিছু সংখ্যক আত্ম নিৰ্ভৰ হৈ কৰ্মৰত। সেই সংখ্যা নিতান্তই নগণ্য। ৭০ শতাংশ কৃষি নিৰ্ভৰ যদি হয় তেনে এই সংখ্য হয় প্ৰায় ২,৫৩,১১,৩০০ । কৃষি নিৰ্ভৰ আৰু কৃষিকৰ্মত যুক্ত হৈ থকাৰ মাজত পাৰ্থক্য আছে। যি নহওক, চৰকাৰী আৰু বে-চৰকাৰী মিলি যদি ১০,০০,০০০ লোক চাকৰিত যুক্ত হৈ আছে তেনে সেই সকলৰ ওপৰতে বৰ্তমান ব্যৱস্থাত বজাৰ অৰ্থনীতি নিৰ্ভৰ কৰিবলগা হৈছে। শ্ৰমিক সম্প্ৰদায়ৰ সংখ্যা দিনকদিনে যান্ত্ৰীক ব্যৱস্থাৰ উত্তৰণে কমাই আনিছে। গতিকে ডাঙৰ ডাঙৰ কাম হৈছে হয়, কিন্তু শ্ৰমিক প্ৰায় নাই বুলিব লগা অৱস্থা । গতিকে ই আৰু সংকোচনৰ দিশে গৈ আছে। এই পৰিবৰ্তনে ক্ৰমাগত ভাবে মানুহৰ মাজত বিশ্বাসযোগ্যতা কম কৰি আনিছে। প্ৰয়োজন পূৰণৰ তাগিদাত কৰা কামৰ বিপৰীতে উপাৰ্জন নোহোৱাৰ ফলত মিঠ্যাচাৰ বাঢ়িছে। আগতে কিছুমান মানুহৰ মাজত মিঠ্যাচাৰ এক সাধাৰণ অভ্যাস আছিল যদিও এতিয়া সৰহ সংখ্যক মানুহৰ বিশ্বাসযোগ্যতা নাইকীয়া হৈছে। ধৈৰ্যৰ সীমাবদ্ধতাত থকা লোকৰ মাজত মানসিক বিকাৰ আৰম্ভ হৈছে, কু-কাৰ্য বাঢ়িবলৈ লৈছে আৰু আগলৈ বাঢ়িবগৈ। সাধাৰণ কথাত এতিয়া আত্মহত্যাৰ দৰে ঘটনাবোৰ হৈছে বা হত্যাৰ বাদে পোহপালৰ উপায় নেদেখা হৈ অনেকে এই অপকৰ্মত হাত দিছে। এই সকলো পৰিবেশ নিৰ্ভৰ। অতি ধনিক শ্ৰেণীৰ বিশ্বাসযোগ্যতাৰ পৰিমান আগৰপৰাই কম। আমেৰিকাৰ দৰে ধনী দেশৰ সৈতে ব্যৱসায় কৰা প্ৰতিষ্ঠানৰ অনেকৰেই প্ৰাপ্য অনাদায়তে মৃত্যু হয় । ইংলণ্ডত এটা বছৰত প্ৰায় ৫০,০০০ ক্ষুদ্ৰ ব্যৱসায়ৰ মৃত্যু হৈছে। ১৯৮১ মানত মোৰ বাতৰি কাকতৰ দোকান এখন আছিল । তাৰ পৰা যোগান দিয়া কাকতৰ মাহেকৰ বিল সৰুসুৰা কাম কৰা মানুহৰ পৰা হিচাপ বনোৱাৰ পূৰ্বেই পাইছিলোঁ। সম্পদত মজবুত সকলৰ পৰা চাৰি-পাঁচ মাহ আদায় নোপোৱাতো সাধাৰণ অভ্যাস হৈছিল। দানিক জনমভূমিৰ দাম ২০ পইচা আছিল । অৰ্থাৎ মাহে বিল হয় ৬টকাৰ পৰা ৬টকা ২০ পইচা ! দোকানত ৰখা হকাৰ জনে পইচা বিচাৰি গ’লে মোৰ ধনী স্তৰৰ সকলৰ কিছুৱে মোৰ ওচৰত নিজৰ পজিশ্যনৰ কথা কৈ আপত্তি দৰ্শাই ল’ৰাজনৰ বদনাম কয়। মই বুজাত আচলতে পিচফালেদি মোকেই চৰটো সোধাই যায়। ২ শতাংশ সম্ভ্ৰান্ত বুলি খ্যাত লোকে সময়মতে বিলৰ ধন আদায় দিয়ে। এজন তেনে সম্ভ্ৰান্তৰ গাড়ীত উঠি প্ৰায় চাৰি ঘণ্টা ফুৰি ফুৰাৰ পিচত এঠাইত ৰওতে দ্ৰাইভাৰজনে ক’লে-“চাহাব, টকা পাঁচটা দিয়ক, চাহ খাই আহোঁ।” তেওঁ তাক ক’লে এতিয়া নেলাগে, কালিলৈ খাবি …..। মই হতবাক! চাহকাপৰ প্ৰয়োজন এতিয়া আৰু খাব কালিলৈ !!! মই দহটকা উলিয়াই দিয়াত ক’লে “এঃ কিয় দিব লাগে , সদায় খায়েই থাকে সি…..” এয়া মোৰ জীৱনত দেখা এক বাস্তব ঘটনা। সম্পতৰ উচ্চতাত উঠিলে মানুহৰ ভাষাজ্ঞানৰো সোৱাদ নেথাকে। মসৃন ভাষাক সমকক্ষ মানুহৰ ভাষা জ্ঞান হয়। ই পৰিবৰ্তনৰ দোষ।
যুগৰ পৰিবৰ্তন হৈ আহিছে। কম সংখ্যক মানুহ অতি ধনাধ্য হোৱাৰ ফলত দোকানবোৰৰ পদূলীত শেলাই হ’বই। সৰু সৰু দোকানী বোৰৰ বিশ্বাসযোগ্যতা নাইকীয়া হ’ব । কাৰণ গ্ৰাহকৰ সংখ্যা কম, থকা খিনিৰ কিছু সংখ্যকৰ ওপৰত সম্পৰ্কৰ খাতিৰত বিশ্বাস থাকিব কিন্তু বিশ্বাসযোগ্যতা নেথাকিব। “দিয়াটো দিবই, লাগে পাঁচমাহ পিচত দিয়ক” কথাষাৰ সূদত বেংকৰ টকা লৈ বেপাৰ কৰাজনে কি বুলি দিব !!! গতিকে তেওঁলোকেও যথাবিহিত ভাবে বিনিময়ৰ বা লেনদেনৰ বিশ্বাসযোগ্যতা হেৰুৱাব। ফোন নধৰা হ’ব, চুইচ্ অফ হ’ব, চ্যেক বাউন্স হ’ব ইত্যাদি ইত্যাদি। তাৰ পিচত সেই স্থানত নতুন নিৰ্মাণ হৈ মলবা ট্ৰেণ্ড এখন হ’ব। মানুহে লাইন ধৰি পণ্যৰ পইচা দিব। কাগজৰ বেগ একোটা ১০ টকাকা কিনি কাৰ্ড মাৰি মাল আনিব.....এনেকৈয়ে পৰালৈকে চলি থাকিব ..... প্ৰগতিৰ গতি ৰুদ্ধ নহয় কাহানিও। কেৱল সাধাৰন জনতাৰ পথ অৱৰুদ্ধ হ’ব......।
অভ্যাস বশতঃ দৈনিক দিয়া পুৱাৰ মেছেজ আজিৰটো এনেকুৱা আছিল -
Comments
Post a Comment