জীৱনৰ যাত্ৰাত মই মোক বুজাই নহ’ল, তুমি কেনেকৈ বুজিবা !!
তোমালোকৰ সকলোৰে মোৰ প্ৰতি থকা বদ্ধমূল
ধাৰণাবোৰ হয়তো ভুল । “জীৱনৰ একা-বেকা পথত সংপৃক্ত হোৱা মানুহবোৰ, পৰিবেশবোৰ বা কথাবোৰত
যে অনেকে জটিলতা আছে সেইবোৰে মই ভবাৰ দৰেই সেইবোৰ সহজ সৰল নহয়”- ইত্যাদি কথাবোৰ মই
গমেই নেপাও বুলি যে তোমালোকৰ মনত এটা বিশ্বাস হৈছে, ই শুদ্ধ নহয়…!!! কাষত থিয় হওঁতেই
সিহঁতৰ মুখত ফুটি উঠা অভিব্যক্তিবোৰ পঢ়াৰ যে এটা অভ্যাস হ’ল, সিয়েই মোৰ জীৱনৰ মাদকতা
হৈ ৰ’ল। মই বুজা উদ্দেশ্য সিহঁতে ব্যক্ত কৰা উদ্দেশ্যৰ সৈতে মিলাই চোৱাৰ বদ অভ্যাস
জন্ম ল’লে জীৱনৰ চাকনৈয়াত পৰোতেই…। সেয়ে মই ময়েই ! মই মোক বুজাই নহ'ল, তুমি কেনেকৈ
বুজিবা !!
মই হাৰ মানি বেয়া পাওঁ, যেনেকৈ কোনোবাই
জানিশুনি কৰা বা নেজানি কৰি অহা ভুলবোৰকো ভুল বুলি স্বীকাৰ কৰি বেয়া পায়.... । এয়া
আমাৰ গাইগুটীয়া মানুহৰ গাইগুটীয়া স্বকীয়তা বুজিছা ! সেইবোৰ পোনাবৰ প্ৰয়াস কৰি পাৰ
নেপাবা। কোনফালে বা পোন কৰিব !! ফোনতেই হওক বা মুখামুখীকৈয়ে হওক, অকস্মাৎ কোনোবা জনৰ
আন্তৰিক স্নেহ সনা মাতষাৰ শুনিলেই তেওঁৰ স্ব-লাভাৰ্থে মোৰ বোকোচাত উঠাৰ হাবিয়াসক মই
পূৰ্বানুমান কৰিব পাৰোঁ। তথাপিও কেতিয়াবা সেয়া প্ৰকাশ নকৰোঁ । কাৰণ তেতিয়া তেওঁৰ
প্ৰতি মোৰ মনত পুতৌৰ তাড়না জাগে । এয়া যদি মোৰ মানুহ চিনাক্তকৰণৰ ভুল বুলি ভাবা,
সেয়া তোমাৰ মতিভ্ৰম জানিবা । মই কৰা ভুলৰ স্বীকাৰ কৰাত মোৰ সৎ সাহসক তুমি হয়তো চিনিব
নোৱাৰিলা ! তথাপিও মোৰ বাবে ক'ম ক'ম বুলি সাঁচি থোৱা কথাবোৰ তোমালোকৰ পেটতেই কৰকৰা
ভাত হৈ যায় যে !! মোৰ পিছে তাৰেপৰাই গৰমে গৰমে খোৱা হৈ যায়। পেটত হাত দি পেটৰ আসোঁৱাহ
উমান লোৱাৰ মোৰ প্ৰয়াস এদিনীয়া অভ্যাসৰ বল নহয় , এই অভ্যাস গঢ়োতেই কেশ শুকুলা হ’লগৈ
। এয়া আয়ুসেহে দিব পাৰে ! মনৰ নিৰপেক্ষতা বৰ্তাই ৰাখিহে পেটৰ প্ৰতিডাল নাড়ীৰ বেদনাৰ
উমান ল`বৰ অভ্যাস কৰিব লাগিব। নহ'লে আমাৰ ঠৈৰুচিঙা মনটোৱে পেটৰ বেদনাৰ উৎস বুজিবকে
নোৱাৰে । মনটোৰ উপলব্ধি-অনুভৱৰ সময় বৰ তাকৰ…
.., ক'ত যোৱা ? মোৰ কথাটো শুনি যোৱা
। তোমাৰ পেটৰ বিষৰ কাৰণটো বুজি যোৱা ……! তুমি বাৰু নেমু চিঙোতে সদায়েই অন্য মনস্ক
থাকা নেকি? বাৰে বাৰে যে তোমাক তাৰ কাঁইটে বিন্ধে ...! যোৱাবাৰ তুমি নেমুজোপাৰ সঁচটো
বেয়া বাবে বিন্ধা বুলি কৈছিলা নহয় , এইবাৰ আকৌ ইজোপায়ো বিন্ধিলে দেখোন !!! ভূলতে
নে ভুলতে হ'ল পিছে !!! মই যোৱাৰ আগতে কাঁইট জোপা আঁতৰাই দিম বাৰু, তথাপিও সাৱধান হ'বা
। ভগৱান শ্ৰীৰামচন্দ্ৰই বনদেবীক কৈছিল যে তেওঁ পাৰহৈ অহা পথটোত থকা কাইটবোৰ আঁতৰাই
দিয়ে যেন…। ভৰতে তেওঁক বিচাৰি আহিতে তেওঁৰ সুকোমল ভৰিত কাঁইটৰ খোচ খাই দুখী হ’ব পাৰে…..!!
বনদেবীয়ে তেতিয়া সুধিছিল যে প্ৰভূ, আপোনাৰ এই কণ্টকময় পথত আহোতে কষ্ট হোৱা নাই জানো
? উত্তৰত ভগৱানে কৈছিল কি জানা? মোৰবাৰ কথা নাই, ভৰতক কাঁইটে বিন্ধিলে তেওঁ মনত বৰ কষ্ট পাব। তেওঁ
ভাবিব-তেওঁৰ জেষ্ঠ ভাতৃয়ে আৰু মাতা সীতাদেবীয়ে এই কণ্টকময় পথত খোজ দি কি কষ্ট পাইছে
তাক বুজি মনত অসীম দুখ পাব পাৰে…!! জীৱনৰ দীৰ্ঘ
পথত মনৰ কাঁইটবোৰ সযতনে নিৰ্মূল কৰাৰ প্ৰয়াস ৰাখিবা , আগলৈ সুবিধা হ'ব ! গৰম আৰু ঠাণ্ডাই,
নীলাজীৰ কাঁইটে খুচি মোৰ উকা ভৰিৰ গতি ৰূদ্ধ কৰিব পৰা নাছিল কেতিয়াও, এতিয়াও পৰা
নাই চোৱা....! এই প্ৰখৰ ৰ’দ চাতিয়েও তোমাৰ বাবে কাঁইট বোৰ পৰিস্কাৰ কৰাৰ মোৰ প্ৰয়াসক
স্তব্ধ কৰিব পৰা নাই....., মই পিছে কালিলৈ যামগৈ। ইয়াৰ পিছৰ ষ্টেশ্যনত নামি যাম …।
তুমি সাৱধানে আগুৱাই গৈ থাকিবা । চাবা আকৌ, কাঁইট বোৰে বিন্ধিলে ক'বলৈ মোক তেতিয়া কাষতে
লগ নেপাবা ..., মই বা উভতি আহোতে তুমি ক'ত গৈ থাকা গৈ !!! চিনাকি হোৱাৰ সুযোগ বা হয়
নে নহয় আমাৰ !!! সময়ে তোমাৰ মোৰ চেহেৰৰ ৰং আৰু আকৃতি সলনি কৰিবই কৰিব…। সেয়েহে কৈছোঁ,
এইবাৰ হুলে বিন্ধিলে দোষবোৰ কিন্তু মূৰ পাতি ল'ব নোৱাৰিম মই !!! ইহঁতে ভগৱানকো ভৰিত
বিন্ধিবলৈ এৰা নাছিল. তোমাক-আমাকো নেৰে …!! সুৰক্ষিত থাকিবা আৰু আনকো তোমাৰ ওচৰত সুৰক্ষিত
অনুভৱ কৰিবলৈ অভ্যাস গঢ়াবা...., ইহে মানুহৰ ৰূপপোৱা আমিবোৰ মানুহ হোৱাৰ বাবে সঠিক
ব্যাকৰণ হ’ব ।
নতুন ঠাইৰ নতুন কথাবোৰ বা কেনে হয়গৈ
নেজানো..!! কি বা ভাষা চলে তাত ….!! অসমীয়া কবিতাৰ চৰ্চা বা আছে কি নাই…!!! সেই যে
স্কুলত পঢ়া কবিতাবোৰ যে........
“অ ফুল অ ফুল নুফুল কিয়
গৰুৱে যে আগ খায়
মই নো ফুলিম কিয়…??
ইমান যে মনত পৰি থাকিব....সেই গানটো…
“তুমিতো নেজানা, তোমাৰ বাবেই
মোৰ গীতৰ এই ৰচনা…..
তুমিতো নেজানা……”
...... সাৱধানে থাকিবা দেই, জীৱনক
জীৱনৰ দায়বদ্ধতাৰ ৰূপত অনুভৱ কৰিবা, ই তোমাক সঠিক দিশত খোজ দিয়াত সহায় কৰিব। মণ্থনকৰি
হলাহল আঁতৰ কৰিলেই অমৃত পান কৰাৰ সুযোগ পাবা…
Comments
Post a Comment