এবাৰ ভাবি চোৱা দৰকাৰ

আমি নিজক যথাযথ ৰূপত উপস্থাপন কৰোনে? সাধাৰণতে নকৰো। কাৰণ যথাযথ ৰূপ হ’ল আমি য তাৰেই সঁচা অৱয়বৰ উপস্থাপন। যোৱা ৰাতি প্ৰৱল বৰষুণ হ’ল। ফলত নগৰখনৰ বাট-পথ প্ৰায় সকলো পানীৰ তলত। পুৱা ৭ বজাৰ এই ভয়ানক দৃশ্য দেখি আমি হতবাক। অনেকেই ফটো দি উন্নয়নৰ নামত ঢাক-ঢোল বজোৱা বুলি কতৃপক্ষক সমালোচনা কৰিলে। ১০ বজাত মই মেডিকেললৈ ওলাই গ’লো। ফটোত দেখা দৃশ্যৰ ৮০ শতাংশ পানী ওলাই গ’ল। মেডিকেলৰ পৰা ১২ বজাত উভতি আহি থাকোতে পথৰ কাষবোৰত দেখা সামান্য পানীয়ে কৈ গ’ল যে পানী নিস্কাষণত যোৰহাটৰ নৰ্দমা বোৰ সফল হৈছে। এয়া আমি উন্নয়নত ধৰিম নে সপ্তাহটোলৈ পানী অচল হৈ থকা অৱস্থাটোক বিফলতা বুলি ক’ম। আমি সঁচাটো কোৱা বৰ দৰকাৰ। ই মানুহক বিপথে পৰিচালিত নকৰে। কিছু এনে কাম হয়তো হৈছে যিবোৰ আঙুলিয়াই দিয়াটো সকলোৰে কৰ্তব্য। কিন্তু সফলতাক বিফলতা ৰূপে প্ৰক্ষেপ কৰাটো অন্যায়। আমি সঁচা ছবিখন ডিলিট কৰিব নেলাগে। ২০০৫ চনত মোৰ চুবুৰীটো বাৰিষা পানীৰ তলত আছিল। হয়তো পৰিকল্পিত ভাবে কামটো কৰাত আগতিয়াকৈ ল’ব লগা ব্যৱস্থা লোৱা হোৱা নাছিল, যাৰ বাবে দুই এটাইত কামটো বন্ধ হৈ আছিল। যি পানীৰ বৈ যাব পৰা ব্যৱস্থাটোক অচল কৰি ৰাখিছিল। আমি মহামান্য উচ্চন্য়াযলয়ৰ দ্বাৰস্থ হৈ হয় ক্ষতিপূৰণ নহয় সকলো বাধা আঁতৰাই কামটো সম্পন্ন কৰাৰ আদেশ প্ৰাৰ্থনা কৰিলোঁ। আদালতে তৎক্ষণাত কাম সমাপনৰ আদেশ দিয়াত কতৃপক্ষই বন্ধ হৈ থকা অংশবোৰ খুলি নলা সম্পূৰ্ণ কৰিলে। তেতিয়াৰ পৰা আজি প্ৰায় ২০ বছৰৰ পিচত আমাৰ পথ জলমগ্ন হ’ল যদিও তিনিঘণ্টা সময়ৰ ভিতৰত পানা ওলাই গ’ল। সেইটো তেতিয়াৰ চৰকাৰৰ কাম আছিল। নগৰৰ আন কৃত্ৰিম বান হোৱা অঞ্চলবোৰত এতিয়াৰ কাম। এতিয়াও দুই এঠাই আছে যি সামান্য বৰষুণত তল যায়। সেইটো নিৰাময় কৰাটো এতিয়াৰ চৰকাৰৰ চিন্তা হ’ব লাগিব। আমিও নিজ নিজ ঘৰৰ  পানী ওলাই যোৱাৰ পথ সুচল ৰাখিব লাগিব। 
 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?