এগৰাকী কৰ্মী হওক, যি স্বয়ং দেশৰ সেৱাৰ প্ৰতি দায়বদ্ধ

\  

        আজিকালি আমাৰ সমাজত যিকোনো বিষয়ৰ  চৰ্চা বা সৰ্বাধিক চৰ্চাৰ বিষয়বোৰ সামাজিক মাধ্যমৰ যোগে আৰম্ভ হয়। সি ৰাজনৈতিক হওক বা ব্যক্তিগত স্তৰত অনুষ্ঠিত বিবাহ আদিৰ অনুষ্ঠানৰ বিষয়েই হওক। এই ব্যৱস্থাৰ প্ৰাৰম্ভ এণ্ড্ৰইড ফোনৰ আৰম্ভ হোৱাৰ পৰাই হ’ল। চেল্ফিৰ জনপ্ৰিয়তাৰ দাবীদাৰ আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হ’ব নিশ্চয়। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত সামাজিক মাধ্যমৰ এনে এক অভূতপূৰ্ব যোগদান আছিল যি শতবছৰৰ পুৰণি কংগ্ৰেছ দলক ক্ষত-বিক্ষত কৰিবলৈ সমৰ্থ হৈছিল। কাৰণ তেওঁলোকে দীৰ্ঘদিন দেশৰ শাসনত থাকি দেশৰ ৰাজনৈতিক কাৰ্যকলাপ সম্পৰ্কে যি জ্ঞান আৰ্জন কৰিছিল তাকেই আজুৰি ধৰি থাকিল। ফল সেইমতেই আৰ্জন কৰিলে। এই সম্গ্ৰ কথাবোৰত সাধাৰণ ৰাইজৰ প্ৰত্যক্ষআৰু স্বতঃস্ফুৰ্ত সহযোগ আৰু সংপৃক্ততা আছিল। যি এক সুন্দৰ ফচল দিছিল। ৰাইজ ৰাজনৈতিক দলৰ সৈতে মুখামুখী আছিল যেন অনুভৱক হয়তো সকলোৱে স্বীকাৰ কৰিব। ২০১৯ চনত চৰকাৰৰ কাম, চৰকাৰে দেখুউৱা উন্নয়নৰ ধাৰা আদিয়ে যথেষ্ট বৰঙণী দিলেও সামাজিক মাধ্যমক তেতিয়াও প্ৰথম স্থান দিব লাগিব। নেতৃত্বৰ ৰোড শ্ব সমূহতকৈ ভোটাৰ আৰু নাগৰিকৰ সন্মিলিত আৰু স্বতন্ত্ৰ যোগদান এন.ডি.এ. চৰকাৰৰ সাফল্যত  উল্লেখযোগ্য বৰঙণী আছিল। ২০২৪ চনত ইয়াৰ কিছু ব্যতিক্ৰম চকুত পৰে। এইবাৰ চৰকাৰৰ দলে নিজা প্ৰচেষ্টাৰে বিভিন্ন সামাজিক গোটৰ যোগে প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিলে। সৰ্বাধিক সাধাৰণ মানুহৰ স্বতন্ত্ৰ সংপৃক্ততা নহ’ল। কাৰণ বোধকৰো ১০ বছৰৰ অভিজ্ঞতাই তেখেত সকলক আশ্বস্ত কৰিলে যে এই কাম কৰাৰ বাবে নিজস্ব শক্তিয়েই যথেষ্ট। আমাৰ দৃষ্টৰে কথাটো শুদ্ধ নাছিল। যি সকল সাধাৰণ ৰাইজৰ মাজত আমি প্ৰচাৰ চলাম তেওঁেলাক নিজেই সেই কামত স্বতন্ত্ৰভাবে অংশীদাৰ হোৱা আৰু এক নিৰ্দষ্ট পৰিসৰত নিজৰ মানুহৰ দ্বাৰা প্ৰচাৰ কৰা একেই নহয়। 

            সাধাৰণ দল অনুষ্ঠানত দায়িত্বশীল সকলক কৰ্মকৰ্তা বুলি সম্বোধন কৰাৰ বিপৰীতে দেশৰ কিছু সংস্থাত ‘কাৰ্যকৰ্তা’ সম্বোধন কৰা হয়। ই কেৱল এটা সাধাৰণ শব্দ নহয়। আমি কিছু বছৰৰ পূৰ্বে বাতৰি কাকতত এটা প্ৰবন্ধ লিখিছিলোঁ। শিৰোনাম আছিল “কাৰ্যকৰ্তা হোৱা আৰু বিষয়বাব খোৱা”।  বিজেপি দলৰ কৰ্ম কৰ্তা সকলক কাৰ্যকৰ্তা বুলি সম্বোধন কৰা হয়। কাৰ্যকৰ্তা হ’বৰ বাবে অনেক কথাৰ মাজত কেইটামান লক্ষণ দৰকাৰ হয়। এজন ব্যক্তিৰ মূল ধাৰণা হ’ল অনুষ্ঠানৰ লক্ষ্য আৰু বিচাৰৰ প্ৰতি তেখেতৰ আস্থা। দ্বিতীয় কথা হ’ল দলত তেখেত এগৰাকী কৰ্মী যি স্বয়ং দেশৰ সেৱাৰ প্ৰতি দায়বদ্ধ। তেনে যি কোনো ব্যক্তিক দলত কিবা বিশেষ দায়িত্ব অৰ্পণ কৰিলে তেখেত সেই সময়চোৱাত  কাৰ্যকৰ্তা স্বয়ংসেৱক। আৰু দায়িত্বৰ ৰদবদল হ’লেও তেও এজন স্বয়ংসেৱক বা কৰ্মী যি দলৰ লক্ষ্য আৰু বিচাৰৰ প্ৰতি শ্ৰদ্ধাশীল আৰু ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধ ব্যক্তি। এনে বিচাৰ যুক্ত হৈ  ক্ষমতাত থাকিলেও নিজক অসাধাৰণ ব্যক্তি ৰূপে উপস্থাপন নকৰি তেওঁ জনসাধাৰণৰ সেৱাত যুক্ত থাকিব আৰু সেইটো কৰিব পৰাটোৱেই এজন কাৰ্যকৰ্তাৰ বিশেষ গুণ | ই জনসমূহৰ সৈতে সম্পৰ্ক আৰু ভাব বিনিময় কাৰ্য  সহজ, সফল আৰু সম্ভৱ কৰাৰ উপৰিও কাৰ্যকৰ্তা জনৰ এই স্থিতিৰ বলত অজানিতে এক অসাধাৰণ ভাৱমূৰ্তি তৈয়াৰ হ’ব, য'ত অহংকাৰ সংলগ্ন নহয় | কাৰ্যকৰ্তা যি পদতে অধিষ্ঠত নহওক, তেওঁৰ বাবে সেয়া এক দায়িত্বশীল স্বয়ংসেৱকৰ ওপৰত অৰ্পিত ৰাষ্ট্ৰ কৰ্ম। তাত অহংকাৰ সৃষ্টি নহয়। তেনে ব্যক্তিত্বৰ মনত কেতিয়াও কোনো অলৌকিক ভাবৰো সৃষ্টি নহয়।  এয়া মানি চলা সাধাৰণৰ বাবে সম্ভৱ নহয় বাবেই ৰজা ৰামচন্দ্ৰ মৰ্যদা পুৰোষোত্তম শ্ৰীশ্ৰীৰাম আছিল। চল-বল কপট-কৌশলেৰে কৃষ্ণই পাণ্ডৱৰ হতুৱাই যুঁজ কৰাই সিংহাসন দখল নকৰাৰ বাবেই ভগৱান শ্ৰীকৃষ্ণ। আমিহে কৈছো যে শ্ৰীৰাম বা শ্ৰী কৃষ্ণ ভগৱান শ্ৰী বিষ্ণুৰ অৱতাৰ আছিল। 

            শ্ৰীৰামচন্দ্ৰই সমাজৰ সকলো শ্ৰেণীক একত্ৰিত কৰি মহা প্ৰতাপী ৰাৱণৰ স্বৰ্ণলংকা তচ্নচ্ কৰি ৰাৱণক বধ কৰিছিল আৰু মাতা সীতাক উদ্ধাৰ কৰিছিল। ভগৱানৰ বাবে সীতামাক উদ্ধাৰ কৰাটো অতি নগণ্য কাম নাছিল জানো !! পৃথিবীত বোধহয় ৰামায়ণৰ দৰে মহা কাব্য নাই যি জনতাৰ সুখ-শান্তি, ৰাজনীতি-কুটনীতি, দায়িত্ববোধ-ভাতৃত্ববোধ, পৰিয়ালৰ মৰ্যদা-স্বাভিমান, যুদ্ধনীতি, ধৰ্মৰক্ষা সকলো বিষয়ৰ জ্ঞান একেলগে দিব পাৰে। এই মোৰ ভাৰত মহান য’ত ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্য সৃষ্টি হৈছিল, য’ত ভাগৱত্গীতাৰ দৰে জ্ঞানৰ অমৃত সাগৰ তৈয়াৰ হৈছিল, চাৰি বেদৰ দৰে আচাৰ-বিচাৰ-চিকিৎসা-বিজ্ঞানৰ সুবিশাল ভাণ্ডাৰ তৈয়াৰ হৈছিল !!! লংকাও অংহকাৰত চাৰখাৰ হৈছিল, মহাপ্ৰতাপী কৌৰৱৰো পাঁচ পাণ্ডৱৰ হাতত পৰাজয় হৈছিল, গুৰুক হৃদয়ত ৰাখি নিপুন যুদ্ধজ্ঞান আহৰণ কৰা একলব্যৰ জন্ম হৈছিল...!! সৃষ্টিক স্থায়ী কৰাৰ প্ৰয়াস লাগিব। সৃষ্টিক জনকল্যাণত সংলগ্ন কৰিব লাগিব। জনতাৰ মনত ৰাষ্ট্ৰ প্ৰথম ধাৰণা উদ্ৰেক কৰি স্থায়িভাবে হৃদয়ত লিপিবদ্ধ কৰাৰ কাম কাৰ্যকৰ্তাৰ মহা দায়িত্ব। তাৰবাবে কাৰ্যকৰ্তাই কাৰ্যকৰ্তা নিৰ্মাণ কৰিব লাগিব। সময়ে আমাৰ কেশ শুকুলা কৰি তাৰেই ঈঙ্গিত দি যাব। আমি কোনো স্থায়ী নহয় বা আমাৰ চল বল কৌশলৰ দ্বাৰা আহৃত কোনো পাৰ্থিৱ বস্থুৰ স্থায়িত্ব নাই। থাকিব কেৱল জন্মদাত্ৰী জননী মাতৃ, যাৰ প্ৰতি কৰা সেৱাৰে ঋণ আদায় কৰা সম্ভৱ নহয়...!! 

         আমি শ্ৰেণী বিভক্ত হ’ব নোখোজো, বৰং সকলোৰে সৈতে সকলোৰে সম উন্নয়নৰ দৃষ্টৰে কৰ্ম কৰিব লাগিব। মোৰ চুবুৰীৰ সকলো ধনে-ধানে-জ্ঞানে পৰিপূৰ্ণ হ’ব লাগিব। তেহে মোৰ উত্তৰণত অমৃত পান কৰা সম্ভৱ হ’ব। ভগৱানৰ সৃষ্টি সকলোৱেই এক অনন্য সম্পদ জ্ঞান হওক। কোনো বিশেষ একোজন কেৱল সম্পদ নহয়। আমাৰ বিচাৰ বিনিময়েহে প্ৰতিভাৰ সংমিশ্ৰণত ৰাষ্ট্ৰক স্থায়ীভাবে শক্তিশালী কৰিব পাৰিব।

                                                                                                                   ১৪.০৭.২০২৪

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?