আপোনাৰ লেখাত বা চিন্তাত প্ৰভাৱৰ অভাৱ হ’ব নিদিব !!!

            যোৱা কালি যোৰহাট বজাৰৰ এখন পাইকাৰী দোকানত এজন হিচাপ পৰীক্ষক(চি.এ) বহি থকা পালোঁ। দোকানৰ পৰা মোৰ দৰকাৰী বস্তু কেইপদ লওঁতে তেখেতে মাত দিলে –“কেইচা হ্যে বৰুৱাজী, সৱ ঠিক হ্যে না !! অভি কাম ক্যা কৰ ৰাহা হ্যে ?” মই ঘপহকৈ কি ক’ম ভাবি নেপাই ক’লো “ ২০২৬ তক ৱহি কাম কৰেগা। উচকাবাদ আপলোগোকা সাথ কীৰ্তন মে বেইঠ যায়েগা।” তেওঁ “মতলব !!” বুলি সোধোতে দোকানৰ নালিক জনৰ মুখতো অনুসন্ধিৎসু ভাৱ প্ৰকাশ হ’ল । বহলাই ক’বলৈ কোৱাত বজাৰ কেনে সুধিলোঁ। তেওঁ বেয়া বুলি ক’লে। চি.এ জনে একো বিশেষ নেজানো বুলি ক’লে। মই হাঁহি দিলোঁ। হৃদৰোগ বিশেষজ্ঞ জনে মোৰ হাৰ্টখন কেনে আছে নেজানিব বা বৰ্তমান কিমান বয়সৰ মাজত হৃদৰোগ বেমাৰী কিমান আছে নেজানিবলৈ হ’লে তেওঁ চাইনবোৰ্ড লগাই এনেই বহি থকা সাধাৰণ  মানুহ নহ’ব জানো ? মোৰ কথাত তেওঁ পাক খাই কি উত্তৰ দিব চিন্তাত পৰিল। মই ক’লো, কৰি থকা কামবোৰৰ ফিজ আগৰ দৰে লগে লগে পাইছে নে তাকাতা দিব লাগে ? তেওঁ ক’লে আজিকালি তাকাতা লাগে। উত্তৰটোৱে কৈ গ’ল যে অৰ্থনৈতিক দিশৰ গতি বৰ্তমান সাধাৰণ মানুহৰ হিতত নহয়। ই এক বিশেষ শ্ৰেণী তৈয়ৈৰ কৰিবলৈ গৈ আছে। ভাৰতৰ দৰে এখন জনবহুল দেশত ই বৰ ভাল লক্ষণ নহয়। এই কথাবোৰ তথ্য সহ বাতৰি কাকতত লিখিলে প্ৰকাশ নহ’ব। কাৰণ সেইবোৰো সাধাৰণ মানুহৰ দ্বাৰা পৰিচালিত নহয়। গতিকে সময় হাতত কম। কিবা কৰি ভৱিষ্যতৰ বংশোদ্ভৱ সকললৈ গোটোৱাৰ অভ্যাস থকা সকলো ফেইল হ’ব। কথাবোৰ তথ্য সহ মোৰ ব্লগতে লিখা আৰম্ভ কৰিছোঁ। কোনোবাই পঢ়িল বা নপঢ়িল কথা নাই । মনৰ ভাববোৰ বুৰঞ্জী হৈ থাকিব। চৰকাৰৰ অজস্ৰ আঁচনি চলি আছে যিবোৰ আজিৰপৰা ১০ বছৰ আগত এনেদৰে চলা নাছিল। এয়া চৰকাৰ এখনৰ সফলতা, যে সমগ্ৰ দেশব্যাপি একেলগে উন্নয়ন হৈছে। ইয়াৰ এটা কাৰণ হৈছে বিত্তিয় সু ব্যৱস্থা যি দেশক কাম কৰিবলৈ মূলধন যোগান দিয়াত সক্ষম হৈছে। আনফালে কামৰ গতি তাড়ান্বিত হোৱাৰ কাৰণ হৈছে কামবোৰ যান্ত্ৰীকভাবে সম্পন্ন কৰাত ই অতি কম মানুহৰ বিপৰীতে খৰ গতিত সম্পন্ন হৈছে আৰু মান সম্পন্ন হৈছে। প্ৰতিটো বিষয়ৰ ভাল আৰু বোয়া দুটা দিশ থাকে যাক আমি উলাই কৰি চলিব নোৱাৰোঁ। ভাৰতৰ দৰে জনবহুল এখন দেশত যান্ত্ৰীকতা বৃদ্ধিয়ে শ্ৰমিকৰ কাম কম কৰিছে আৰু ফলত নিবনুৱা বাঢ়িছে বা আৰু বাঢ়িব। তাৰ লগে লগে চৰকাৰৰ নতুন নতুন আঁচনিত তেওঁেলাকক সামৰিব লাগিব। অৰ্থাৎ আনপ্ৰডাক্টিভ বিনিয়োগ বাঢ়িব। উন্নয়নত ব্যৱহাৰ হোৱা  চৰকাৰৰ বৃহৎ পৰিমাণৰ পূজি কিন্তু স্থানীয় বজাৰলৈ অহাৰ পথ বন্ধ। কাৰণ কম মানুহেৰে কাম কৰাত তাৰ ব্যয় হোৱা ধন ৰাশি কোনোবা ঠিকাদাৰৰ হাতলৈ গৈছে যি ৰাজ্যৰ বজাৰত একো বৰঙণী নিদিয়ে। আজিৰ যুগত সৰু সৰু বুলি গণ্য হোৱা ৭-৮ কোটি টকাৰ নিৰ্মাণ কামো অসমৰ বাহিৰৰ কোনো ৰাজ্যৰ ঠিকাদাৰক আবণ্টন দিব লগা হৈছে যি স্থানীয় ঠিকাদাৰ সকলক ক্ৰমান্বয়ে সংকটত পেলাবলৈ আৰম্ভ কৰিছে আৰু অতি সোনকালে তেওঁলোক নিচিঃহ্ন হ’ব। এইটো মাত্ৰ এটা দিশ। চৰকাৰৰ বিভিন্ন কাম স্থানীয় ঠিকাদাৰ সকলৰ হাতত গ’লেহে সেই ধন ৰাজ্যৰ বজাৰত চাৰ্কুলেট হ’ব পাৰে। কাৰণ শ্ৰমিক, পণ্য সংগ্ৰহ, কৰ্মচাৰী আদি সকলো স্থানীয়ভাবে ব্যৱস্থিত হোৱা বাবে সেই ধন বজাৰত ব্যৱহাৰ হয়। 

            মোৰ কথা শুনি ব্যৱসায়ীজনে আচৰিত হৈ ক’লে যে কোনোবা এখন দোকানে অন লাইনত ডাঙৰ গাড়ীৰে এগাড়ী গেলামাল আনি তেওঁৰ দোেকানৰ ওচৰতে ৰখাই আনলোড কৰালে। কাৰণ ইয়াৰ পাইকাৰী বজাৰতকৈ কম দামত পোৱাৰ উপৰি ডেলিভাৰী ফ্ৰী পালে। পিচে গ্ৰাহকেও একেই দামত অনলাইন আনিলে তেওঁৰ অৱস্থা কি হ’ব !! মই মোৰ দৃষ্টিৰে মই বুজা কথাটো তেওঁক ক’লো যে ই মানুহক বিভ্ৰান্ত কৰাৰ এক ব্যৱস্থা হৈছে । ইয়াৰ লগে লগে পাইকাৰী বজাৰকো আৰ্থিক প্ৰহাৰ কৰা হৈছে যি উপায়ন্তৰ হৈ বন্ধ কৰিব লগাত পৰিব। খুচুৰা বজাৰ বন্ধ নিজেই হ’বগৈ..।  আমাৰ দেশৰ দুই এক ৰাজ্য বাদ দি বাকী ৰাজ্য সমূহৰ প্ৰতিজন গ্ৰাহক বা প্ৰতিজন নাগৰিকে কেৱল নিজৰ কথা চিন্তা কৰে। গুজৰাট-মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ মানুহে ৰাজ্যৰ কথা চিন্তা কৰে। আজি কিছু দিনৰ ভিতৰত বাণিজ্য প্ৰসাৰৰ বাবে চহৰৰ কোনে কোনে একোখন সুসজ্জিত গাড়ীয়ে আমাক যে মিল্ক-চ্যেক, কাজু-চ্যেক, বাদাম-চ্যেক আদি খুৱাবলৈ আৰম্ভ কৰিছে, যি সকলে আমাৰ ভাষাও নেজানে । হঠাৎ  এই গাড়ী সমূহ নিতৌ নতুন নতুন জনসমাগম হোৱা স্থানত আবিৰ্ভাৱ হৈছে দেখি মনতে দিল্লী-কলকাতা-মুম্বাই মহানগৰৰ পৰিবেশৰ সুখ পোৱা আৰম্ভ হৈছে । লাহে লাহে আমাৰ সেই মাইনা চাট হাউচ বা ফুচকাৱালাবোৰৰ নিৰ্বাসন হ’ব। 

        কম দামত অনলাইনত ক্ৰয় কৰি থাকোতে ২০২৬ মানলৈ আপুনিও বেকাৰ হ’বই হ’ব । এই হিচাপ পৰীক্ষকজনৰ চেম্বাৰটো বন্ধ হৈ কোনোবা তেনে একোটা কোম্পানীৰ তেখেত একাউণ্টেন্ট হ’বগৈ । আৰু আপোনালোকৰ ল’ৰা ছোৱালীবোৰ ডেলিভাৰী বয় বা গাৰ্ল  যে হ’ব সেইটো খাটাং । ইয়োৰোপৰ বহু ঠাইত সৰু সুৰা চাকৰি কৰা আমাৰ ল’ৰা ছোৱালীবোৰক সুধিব, সিহঁতে বহি কৰা কাম নেপাই। কৰ্ম সময় সম্পুৰ্ণ নিজৰ ভৰিত থিয় হৈ কৰিব লাগে । অৰ্থাৎ যি শিক্ষাই নলওক, আপোনাৰ লৰা-ছোৱালীৰ চাকৰিবোৰ ‘“হায়াৰ এণ্ড ফাইৰ’” ব্যৱস্থাত ওলমি থাকিব । তেনে দিন সমাগত । কথাবোৰ বহলাই কোৱাতকৈ প্ৰত্যেকে সেই অন্ধকাৰ দিনবোৰৰ কথা ভবাৰ, ভিজুৱেলাইজ কৰাৰ প্ৰয়াসৰ প্ৰয়োজন । প্ৰগতিৰ লগত আমি খাপ খাব লাগিব । জাপানৰ মানুহৰ দৰে “আমি কাম কৰিমেই” মনোভাৱৰ সৃষ্টি কৰিব লাগিব । বিদেশত  বা স্বদেশত বহি আমাক ঘৰতে ডেলিভাৰী দিয়াৰ ব্যৱস্থাক উৎসাহ দিলে আমি ফটা চোলা পিন্ধি আৰু তেওঁলোকে সোণৰ বস্ত্ৰ পিন্ধি পাৰিবাৰিক উৎসৱ পালন কৰিব লাগিব । 

        বাণিজ্যৰ এই ক্ষেত্ৰ খনৰ ওপৰত বহু কোটি লোক প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সংপৃক্ত হৈ আছে আৰু থাকিব লাগিব । এতিয়াৰ পৰা পৰিবেশক বা বিতৰক সকলে কোম্পানীবোৰৰ প্ৰতিনিধিক সুধিব লাগিব যে আপোনাৰ পণ্য অনলাইনত উপলব্দ্ধ হয় নে নহয় ? যদি হয় আপুনি আমাৰ সৈতে কথা পাতি সময় নষ্ট নকৰিব । এই ব্যৱস্থাক প্ৰতিহত কৰাৰ কামত সকলো কৰ্ম ক্ষেত্ৰ একত্ৰ হ’ব লাগিব । আপুনি কপালৰ বলত চাকৰি কৰি থাকিলেও আপোনাৰ সন্তানৰ ভৱিষ্যত চাকৰি হোৱাৰ নিশ্চয়তা নাই। গতিকে তেওঁলোকক উপযুক্ত কৰি এই বাতাবৰণত জীয়াই থকাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব। এনেকৈ নিৰ্বাক হৈ থাকিলে ডেলিভাৰী বয়, ৰেপিড. উবেৰ আদিত নিজৰ নাম তালিকাভূক্ত কৰিবৰ বাবে তৈয়াৰ হওক...................

                                                                                                                 ০৯.০৭.২০২৪



 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?