নিজৰ ওপৰত বিস্বাস ৰাখক, সন্দেহক পৰাভূত কৰক।
সৰহ সংখ্যক ব্যক্তিৰ মনত বিশ্বাস আৰু সন্দেহৰ মাজত তুমুল সংঘৰ্ষ হয় আৰু যেতিয়া বিশ্বাসৰ জয় হয় তেতিয়া ব্যক্তি সফলতাৰ দিশে আগবাঢ়ে। যেতিয়াই সন্দেহৰ জয় হয় তেতিয়াই ব্যক্তিৰ পৰাজয় হয়। বিশ্বাস আৰু সন্দেহ আচলতে আনৰ মনতহে সৃষ্টি হয় বুলি কৰা ধাৰণাটো শুদ্ধ নহয়। আমাৰ প্ৰত্যেকৰে অৱচেতন বা চেতন মনত ইয়াৰ সংঘৰ্ষ হয় আৰু ইয়াৰ বৰ্হিপ্ৰকাশ হয় সংলগ্ন থকা ব্যক্তিৰ সন্মুখত। এটা পুৰণি কথা মনত পৰিল। ল’ৰাজন মোৰবাবে অতি বিশ্বাসী আছিল। তেওঁ তেওঁৰ বিশ্বাসৰ পৰিসৰ বৃদ্ধিৰ বাবে সংলগ্ন সকলোৰে অভিপ্ৰায়-কুঅভিপ্ৰায় মোক অৱগত কৰা আৰম্ভ কৰিলে। ই মোৰ মনত তেওঁৰ প্ৰতি থকা বিশ্বাসক সন্দেহলৈ ৰূপান্তৰ কৰিবলৈ ধৰিলে। এই যে মোৰ মগজুত ক্ৰিয়া আৰম্ভ হ’ল সেই ক্ৰিয়াই এদিন তেওঁৰ বিশ্বাসযোগ্যতাক নিঃশেষ কৰাত সফল হ’ল। বুজিব পাৰিলোঁ যে তেওঁৰ এই কাৰ্যৰ অন্তৰালত নিজৰ স্বাৰ্থ নিহিত আছিল যিটোক আঁৰ কাপোৰ দিয়াৰ বাবে তেওঁ প্ৰণালীবদ্ধভাবে কাৰ্যনিৰ্বাহ কৰিছিল। কেতিয়াবা এনেও থাকে যে অতি বিশ্বাসী মানুহ এজনৰ ওপৰত সামাজিক ভাবে সন্দেহৰ ভাৱ উদ্ৰেক কৰাৰ প্ৰয়োজন আহে। এই প্ৰয়াসেৰে কৰ্মক্ষেত্ৰত মানুহজনক প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰ কৰাৰ ষডযন্ত্ৰ কৰা হয়। ই পিছে স্থায়ী নহয় আৰু এনে প্ৰয়াস সম্পূৰ্ণ বিফল হোৱাটো নিৰ্ভৰ কৰিব মানুহজনৰ বিশ্বাসৰ ওপৰত আত্মবিশ্বাসত। সেয়ে এই লৈ বিতত নহৈ নিজৰ কৌশল আৰু প্ৰতিভাৰ বিস্তাৰ অব্যাহত ৰাখিব লাগে। কাৰণ আমি জীয়াই থকাৰ আঁৰত গভীৰ আত্মবিশ্বাস থাকে । সৰ্বোপৰি মনত ৰাখিব লাগিব যে আমাৰ প্ৰত্যেকৰে একোটা সুকীয়া মন আছে আৰু সেয়ে অতি সামান্য হ’লেও এজনৰ মনৰ সৈতে আনজনৰ মনৰ চিন্তাৰ প্ৰভেদ আছে । গতিকে আমি দৈনন্দিন জীৱনত অকণমান ইফাল-সিফাল দেখিলেই এজনে আনজনক সন্দেহৰ দৃষ্টিৰে চাওঁ। ই আমাক বিস্তৰ ক্ষতি কৰে। অতি পিচল পথচোৱাৰ প্ৰতি খোজত মই খোপনি ৰাখিব নোৱাৰা হ’লেও সকলোৰে যে একেই হ’ব সেইটো শুদ্ধ নহয়। এনে ভাবে আমাৰ সম্পৰ্কক ক্ষুন্ন কৰে। মাক-বাপেক-সন্তানৰ মাজতো সেয়েই সন্দেহৰ ভাৱ উদ্ৰেক হয় আৰু সন্দেহৰ উদ্গীৰণ হয়। এইবোৰ পৰিহাৰ কৰিবলৈ শিকিব লাগিব।
ভাৰতবৰ্ষৰ জনসংখ্যাৰ এক বৃহৎ সংখ্যক লোকৰ আত্মবিশ্বাস
হেৰাই যোৱাৰ বাবদ প্ৰতি বছৰে আত্মহনন হয় যিটো অতি দুখৰ বিষয়। পৰিস্থিতি আৰু পৰিবেশৰ
সৈতে আগবঢ়াত আৰু কৃতকাৰ্য হোৱাত বিশ্বাস আৰু সন্দেহৰ বিশেষ ভূমিকা থাকে। সৰুৰে পৰা
সমাজপ্ৰিয় হৈ ফুৰাৰ সুবাদতে ঘৰৰ সকলোৰে মোৰ জীৱন নিৰ্বাহৰ সক্ষমতাৰ ওপৰত সন্দেহ আছিল
আৰু সেই সন্দেহ বিভিন্ন স্থানত প্ৰকট কৰাত ঘৰৰ আৰু পৰিয়ালৰ সংলগ্ন সকলোৰে বাবে মোৰ
কাম আছিল সহায়ৰ হাত আগবঢ়োৱা। তাত বাদে কোনেও কেতিয়াও সু-পৰামৰ্শ বা সহযোগৰ দ্বাৰা
মোৰ সংস্থাপনৰ চিন্তা নাছিল। তত্ৰাচ মই ক’ব পাৰো যে এই এলাগী মানুহটোৰ সামান্য সহযোগ
অবিহনে কোনোজনেই জীৱনত প্ৰতিষ্ঠিত হোৱা নাছিল। মোৰ িনজৰ ওপৰত সন্দেহ তিলাৰ্ধও নাছিল।
আছিল কেৱল সম্পূৰ্ণ বিশ্বাস। সেয়ে মই এটা কথাত আশ্বস্ত আছিলো যে যি কোনো কৰ্ম কৰিবলৈ
বৃহৎ পূজি কেৱল সততা , বিশ্বাস, আত্মবিশ্বাস আৰু একাগ্ৰতাহে, ধন-সম্পদ নহয় । বিশ্বাস
আৰু আত্মবিশ্বাস সদায় সুকীয়া। দুইটাই বৰ দৰকাৰী। ছোৱালীজনীয়ে সুধিলে – “মই অমুকত আবেদন
কৰিম বুলি ভাবিছোঁ, তুমি কি সহায় কৰিবা?” মই উত্তৰত একে আষাৰে কলো-“নিজৰ ওপৰত বিশ্বাস
ৰাখা আৰু আগবাঢ়া, মই একো সহায় কৰিবলগা নাই। যেতিয়া প্ৰয়োজন আছিল তেতিয়া যি কৰিছিলো
সেয়া মোৰ তোমাৰ প্ৰতি কৰা কৰ্তব্যহে আছিল, সহায় নাছিল। এতিয়া তুমি তোমাৰ নিজৰ এক পৰিচয়
হ’লা, নিজেই আগবাঢ়া। তাতহে জীৱনৰ সোৱাদ পাবা। ” তাই মোৰ কথাই সাৰোগত কৰি ল’লে। এই
কথাখিনি সিদিনা মিটিং এখনত একেলগে বহি থাকোতে শ্ৰদ্ধাৰ শ্ৰীহিতেন্দ্ৰ নাথ গোস্বামীক
ক’লো। তেখেতে মোৰ কথাত হয়ভৰ দিলে। সিদিনা এজনী ছোৱালীৰ অভিভাৱকে ফোন কৰি জনালে যে তেখেতৰ
ছোৱালীজনী বিশ্ববিদ্যালয়ৰ টপাৰ হ’ল। মই ফোনতে শুভেচ্ছা আৰু আশীৰ্বাদ দিলোঁ । তেখেতে
মোৰ সহায়ৰ বাবে ধন্যবাদ দিয়াত ক’লো যে এয়া মোৰ সহায় নহয়, তাইৰ নিজৰ কৃতিত্ব। সহায় মই
কাকো কৰা নাই। ১০-১২ জনক হয়তো সাধ্যানুযায়ী প্ৰণামী অৰ্পণ কৰিছোঁ। প্ৰণামীৰ কোনো প্ৰতিদান
নাই। দানৰ প্ৰতিদানতো মই বিশ্বাস ৰখা নাই। সেয়ে নিজৰ ওপৰত বিস্বাস ৰাখক, সন্দেহক সমুলঞ্চে
পৰাভূত কৰক।
১৯—৭-
২০২৪
Comments
Post a Comment