Pandemic was a blessing in disguise for Indian industry:

        ক’ৰনা মহামাৰীয়ে সমগ্ৰ বিশ্বকে তচ্ নচ্ কৰাৰ মাজতে পৃথিবীৰ উদ্যোগ জগত বিশেষকৈ কৰ্পৰেট জগতক বিশেষ ভাবে আশীৰ্বাদ দি গ’ল।  সেইটো মোৰ মনৰ এটা ধাৰণাহে আছিল। নিজৰ পৰিচিত পৰিয়াল বোৰৰ অভিভাৱক অনেকজনে বৰ উচ্চাসেৰে কোৱা শুনো যে তেখেতৰ ল’ৰা বা ছোৱালীজনীয়ে ‘ওৱৰ্ক ফ্ৰম হোম’কৰি আছে। কথাটো শুনি আমাৰো ভাল লাগে। কাৰণ নিজৰ চকুৰ  সন্মুখতে সন্তান কৰ্ম ব্যস্ত। কোনোবাই অফিচৰ পৰা অহা ফোনতে পুৱা সাৰ পাই মুখ হাত ধোৱাৰ চিন্তা এৰি লেপটপ খুলি বহি গৈছে , কোনোবাই বিদেশৰ কোম্পানীৰ কাম কৰাৰ বাবে নিশাটো কৰ্মব্যস্ত হৈছে ইত্যাদি ইত্যাদি। আগতে সিন্ধয়া ৬ বা ৭ বজাত মাকে সোধে -‘ঘৰ পালাহিনে?’ এতিয়া ১০ বজাত ভাতৰ ঠালখন বিচনাতে আনি দিলে হেডফোন কানত লগাই লেপ-টপ খুলি কথা পাতি পাতি আহাৰ গ্ৰহণ কৰি থাকে। তথাপিও ঘৰৰ খাদ্য পাইছে , ঘৰতে দেখি আছে যেতিয়া ভাল লাগিবই। ব্যস্ততাই ব্যতিব্যস্ত কৰা এই সকলক ঘৰৰ মানুহে কথাবোৰ জুখি-মাখি কোৱাৰ অভ্যাস কৰিব লগা হৈছে। কাৰণ আগতে নেদেখা খিং-খিঙীয়া স্বভাবৰ বাবে তেনে সাৱধানতাৰ অভ্যাস হৈছে । 

        পঢ়িবলৈ পালো-  "Work from home has benefited businesses to a greater extent due to the reduction in extra costs. Before Work from home, companies had to pay for things like electricity, rent, elevator and security system maintenance, and so on. All of these expenses have been spared thanks to Work From Home. Work From Home proved to be a blessing in adversity. The corporate world started to realize the perks that come along with this work arrangement. “Embracing this change, 88 % of Indian employees want to keep continue working from home. Also, 69 % of the Indian workforce believe their productivity has increased by an average of  60 percent from their APAC counterparts.” (SAP Concur India, 2020)" এই মনত ভাবি থকা কথাবোৰ বিচাৰি চাওতে পোৱা সামান্য লাইন দুটামান ইয়াত উদ্ধৃত কৰিলোঁ। এই ব্যৱস্থাই আমাৰ যুৱ প্ৰজন্মক কিমান উপকৃত কৰিছে ভাবি চাওনে ? সৰহ সংখ্যকৰ জীৱনত কৰ্ম সময়ৰ কোনো সীমাবদ্ধতা নোহোৱা হ’ল, নিজৰ বুলি থকা সময়ৰ ভিতৰতে নিজৰ ৰূচি অনুযায়ী বনাই-কৰি এসাজ খোৱাৰ অভ্যাস হেৰাই গ’ল, জনসম্পৰ্কৰ পৰিসৰ কমি আহিল ইত্যাদি ইত্যাদি। অনেকেই নিজৰ সুবিধা অনুসৰি নিজৰ চহৰৰ বাহিৰৰ ঠাইত পি.জিত থাকি এই কাম কৰাৰ ফলত বাহিৰৰ পৰা খোৱা আনি চলিব লগা হ’ল, কি খালে গম নোপোৱাকৈ কৰ্মব্যস্ত থকাত গম নোপোৱাকৈ  শৰীৰৰ বিস্তৰ ক্ষতি আৰম্ভ হ’ল। পিছে ইমান বৃহৎ সংখ্যক কৰ্মচাৰীৰ বাবদ হ’ব লগা ব্যয় হ্ৰাসৰ লাভালাভ কেৱল কৰ্পৰেট জগততে সীমাবদ্ধ থাকিল। তাৰ  যোগাত্মক দিশটো হ’ল বাণিজ্য জগতৰ বিস্তাৰ তাড়ান্বিত হ’ল আৰু পোনপটিয়াকৈ কোম্পানীৰ ব্যয়ত কৰ্মচাৰী নিয়োগৰ দ্বাৰা সংযোজন হ’ব পৰা ব্যয় কৰ্তন হ’ল। ই এটা নতুন যুগৰ সূচনা। এতিয়া ঘৰত একোটা ফাইবাৰ লাইন লৈ দিব বা নিজে ল’ব লগা হ’ল, ব্যক্তিগত জিও চিম ৰিচাৰ্জ কৰোতে ২ জিবি ডাটা দৈনিক লগা হ’ল(কেনেবাকৈ হট-স্পট ল’ব লগা হ’ব পাৰে বুজি !), আগতে ফেনতে চলা ৰূমটো এতিয়া কৰ্মস্থললৈ পৰিবৰ্তন হোৱাত নিজৰ খৰচত বাতানুকুল ব্যৱস্থা ল’ব লগা হ’ল ইত্যাদি বোৰ কৈ লাভ নোহোৱা কথা....

        ১৯৯০ বৰ্ষত অতি ঘনিষ্ঠ এজন গেৰেজৰ মালিকক কৈছিলোঁ যে মাৰুতী গাড়ীৰ গ্ৰহণযোগ্যতালৈ চাই আপুনি এম্বেচাদৰ গ্যেৰেজৰ পৰা মাৰুতীলৈ পৰ্যায় ক্ৰমে অহাৰ কথা চিন্তা কৰক। তেখেতে মোৰ কথা হাঁহি উৰুৱাই দিছিল। ২০০৫ মানত লগ পাওতে তেখেতৰ আৰ্থিক দৈন্যতা দেখি বেয়া লাগিল। কাম কমি গ’ল। এতিয়া সমগ্ৰ দেশত উন্নয়নৰ ধুমূহা চলি আছে। পিছে সেই অনুযায়ী শ্ৰমিকৰ চাহিদা কমি গ’ল। সৰহখিনি কাম স্কিল লেবাৰ কেইজনমানে কৰে বাকী কাম মেচিনৰ দ্বাৰা হয়। এয়া সময়ৰ পৰিবৰ্তনৰ লগে লগে হোৱা ব্যৱস্থাৰ পৰিবৰ্তন। কৰ্মহীন লোকৰ সংখ্যা দৈনিক বৃদ্ধি হৈ আহিছে আৰু যোগ্য ব্যক্তি হ’ব নোৱাৰিলে কেৱল শিক্ষাগত অৰ্হতা গোটাই জীৱন নিৰ্বাহ কৰাৰ ব্যৱস্থা অহা দিন বোৰত  নোহোৱা হ’ব । আমি ক’ব নোৱাৰাকৈ আমাৰ দেশ ধনতান্ত্ৰীক দেশলৈ পৰিবৰ্তন হ’ব ধৰিছে আৰু অহা দিন বোৰত সেই ব্যৱস্থাই আৰু অনেক নতুন কথা আমাক শিকাব। ধনতান্ত্ৰীক দেশ এখনৰ কেইটামান সূত্ৰ উল্লেখ নকৰিলে আধৰুৱা হ’ব।প্ৰথম কথা হ’ল In capitalism, there is a flexibility in hiring and firing of the workforce. অৰ্থাৎ কৰ্মচাৰীৰ সামাজিক সুৰক্ষাৰ কথাবোৰ ইয়াত নাই। োযতিয়ালৈকে সক্ষমতা থাকিব তালৈকে উপাৰ্জন থাকিব যদিহে ভাগ্য সদয় হয়। দ্বীতীয় প্ৰধান কথাটো হ’ল শ্ৰমিক আৰু উপভোক্তাৰ স্বাৰ্থক কোনো কাৰণতে প্ৰাধান্য দিয়াৰ কথা নেথাকে। এতিয়া অন লাইনত ডিচকাউণ্ট লৈ তেওঁলোকক পেট্ৰনাইজ কৰক আৰু কালিলৈ তেওঁলোকে নিজৰ মনেৰে নিৰ্ধাৰণ কৰা মূল্যত সামগ্ৰী ক্ৰয় কৰক। ই এক জটিল অৱস্থাৰ সৃষ্টি কৰিব। অৱশ্যে তাৰ যোগাত্মক দিশো আছে। আমাৰ দেশ এখন অন্যতম ধনী দেশ হ’বগৈ। 

        এই সমূহ পৰিবৰ্তনৰ লগে লগে মানৱ সম্পদৰ দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে ভিন ভিন উপায় ল’ব লাগিব। ৰাইজেও নিজৰ বিচাৰ-বিবেচনাৰে সন্তান সকলক তেনে বাতাবৰণত খাপখোৱাকৈ প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিব লাগিব। চাকৰি নোহোৱালৈকে টিউশ্যনকে কৰাৰ কথা হয়তো আৰু নহ’ব। কাৰণ টিউশ্যন ব্যৱস্থা লোপ পাবগৈ। গতিকে তাৰ আন কিবা দিশ বিচাৰিব লাগিব। বহুমুখী প্ৰতিভা লাগিব। ব্যস্ততা ভৰা জীৱনৰ দৈনন্দিন কামবোৰ নিয়মীয়া সূচীত চলাৰ উপায় নথকাৰ বাবদ থায়েৰয়েড. চুগাৰ, প্ৰেচাৰ, আৰ্টাৰী ব্লক, ইউৰিক এচিড, ফেটি লিভাৰ, অস্থিওপৰ’চিচ আদি সাধাৰণ যেন হৈ পৰা নৈমিত্তক ৰোগবোৰক বাদ দি অকাল বাৰ্ধক্য, মানসিক ব্যাধি আদি আনেক  ৰোগে জুমুৰী দিয়াৰ প্ৰয়াস ৰাখিব। চৰকাৰে বাহন আদিত কৰাদি স্বাস্থ্যবীমা সকলোৰে বাবে বাধ্যতামূলক কৰিব লাগিব। স্বাস্থ্যৰক্ষা অধিক খৰচী হোৱাৰ পথত আগবাঢ়ি আছে আৰু অধিক আগবাঢ়িব। 

        এইবোৰ আমাৰ অমূলক চিন্তা হওক, তাৰেই কামনা কৰি থাকোতে মনলৈ অহা ভাব বোৰৰ সত্যাসত্য গুগল গুৰুক সুধি চাও। তেওঁ সদায়েই মোৰ ভাবৰ আঁত ধৰি কোৱা কথাবোৰ বুজি পেটতে হাত ভৰি লুকুৱাই যায় !!! দৈনিক বাতৰি কাকতত এইবোৰ কথা খোলোচাকৈ লিখা অসুবিধা। কাৰণ সেইবোৰৰ সৈতে সংলগ্ন সকলৰ একোটা বাধ্যবাধকতা থাকে। কাৰণ তোওঁলোকৰ প্ৰায় সকলোৱেই কোনোবা নহয় কোনোবা প্ৰভাৱশালী লোকৰ চিন্তাৰে পৰিচালিত। গতিকে তাৰ আওতাৰ বাহিৰত মনৰ ভাব প্ৰকাশৰ ই এক নিজা সুন্দৰ ব্যৱস্থা বাবে কৈ গৈছোঁ। 
                                                                                        যোৰহাট-২২ জুন, ২০২৪

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?