নেতৃত্বত থকাৰ আকাংখ্যাক আমি কেতিয়াও বেয়া বুলি ধৰা উচিৎ নহয়...

নেতৃত্বত থকাৰ আকাংখ্যাক আমি কেতিয়াও বেয়া বুলি ধৰা উচিৎ নহয়, বৰং ই সমাজৰ প্ৰয়োজনত এক প্ৰয়োজন বুলি গ্ৰহণ কৰিব লাগিব। তেনে কাৰ্যত সকলোৰে পাৰদৰ্শীতা নেথাকে। পিছে মানুহজনৰ সেই মহত আকাঙ্খাৰ সৈতে প্ৰস্তুতিৰো প্ৰয়োজন। কেতিয়াবা জন্মগত গুণৰ বাবে কোনোবাই সকলো অংক মুখৰ ভিতৰতে্ সমাধান কৰি আমাক আচৰ্যচকিত কৰে। পিছে সকলোৱে জানো তেনে কৰিব পাৰে ? প্ৰত্যেক ব্যক্তিৰ নিজস্ব প্ৰতিভা থাকে আৰু সেই প্ৰতিভাক বিকাশৰ প্ৰয়াস নকৰি আমি যেতিয়া আনৰ কৃতকৰ্মক অনুকৰণ কৰাই জীৱনৰ সঠিক লক্ষ হ’ব বুলি ভাবিবলৈ আৰম্ভ কৰোঁ, তেতিয়াই আমাৰ কৰ্ম কুশলতা, আমাৰ দূৰদৰ্শিতা, আমাৰ পৰিকল্পনাক বাস্তূায়িত কৰাৰ অহৰহ প্ৰয়াস সম্পৰ্কে দৃষ্টিভঙ্গী কি, সেই সম্পৰ্কে  জনসাধাৰণ অৱগত হ’বলৈ আৰম্ভ কৰে। আমাক কম সময়তে ৰাইজে  নস্যাৎ কৰাৰ ই এটা মূল কাৰক । বিষয়বিন্দুক কেন্দ্ৰ কৰি আমাৰ কৰ্ম পৰিকল্পনা হোৱা বৰ প্ৰয়োজন। লগতে প্ৰয়োজন মতাদৰ্শত অটল স্থিতি, যাক জনসাধাৰণে গ্ৰহণ কৰিছে বাবেই তেওঁ সেই দায়িত্বত কাৰ্যবাহ কৰাৰ সুযোগ পাইছে।

 আমাৰ জীৱনত বহু এনে ব্যক্তিৰে সংলগ্ন হোৱাৰ সৌভাগ্য হৈছে, যি অকস্মাৎ আহি অতি নম্ৰভাবে কাৰোবাক কয় যে তেখেত সমাজ সেৱাৰ বাবে বৰকৈ আগ্ৰহী আৰু সেয়ে এইবাৰ ৰাইজৰ প্ৰতিনিধি হোৱাৰ তেওঁৰ ইচ্ছা হৈছে। এই কাম প্ৰকৃততে অকস্মাৎ চিন্তাৰে হ’ব নোৱাৰে । তাৰ বাবে কচৰৎ লাগিব । যি  অকস্মাৎ হোৱাৰ সৌভাগ্য লৈ আহে তেওঁলোকৰ বেছিভাগ জনসংযোগ বিচিন্ন হয়। সেই বাবেই তেওঁলোক কম সময়ৰ ভিতৰত বৰ্জনীয়, সেয়াও নহয়। অকস্মাৎ উত্তৰণৰ ফলত পাৱাৰ হাউচৰ উষ্ণতাৰ উমান নোহোৱাকৈ তাৰ সৈতে সংলগ্ন হ’লে তাৰ ফলত হোৱা বিক্ৰিয়াত তেওঁলোকৰ অনুভৱ-অনুভূতিত ইতিপূৰ্বে সৃষ্ট গুণ বোৰৰ বিক্ৰিয়া হৈ শেষ হৈ যায় । ই এণ্টিবায়টিকৰ দৰে । যদি কিবা ইন্ফেকশ্যন আছে তাক এণ্টিবায়টিকে মাৰি পেলাব । জ্বৰৰ দৰব দিয়াৰ সময়ত এণ্টিবায়টিক দিওতে কেতিয়াবা দিওতাজনে আণ্ডাজতো দিয়ে ।  নিশ্চিত নেথাকে যে ই এক বেক্টেৰীয়াৰ দ্বাৰাই আক্ৰান্ত হৈছে। পাৱাৰ হাউচো এক প্ৰকাৰ এণ্টিবায়টিক যি অনভিজ্ঞতাৰে একাত্ম হোৱা সকলৰ ভিতৰত থকা গুণসমূহ নিঃশেষ কৰি পেলাব পাৰে । তাৰ প্ৰতিৰোধৰ বাবে - নিজৰ শৰীৰত, মনত দৃঢ়তা লাগিব আৰু লাগিব আৰোহণৰ সৰ্বোচ্চ আকাঙ্খ্যা, যি এণ্টিবডিৰ কাম কৰিব ।

আমি লগপোৱা অনেকজন জনসেৱক-জনপ্ৰতিনিধিয়ে দায়িত্ব পোৱাৰ মূহুৰ্তৰ পৰাই সাধাৰণ মানুহৰ পৰা দূৰৈত অৱস্থান কৰিবলৈ আৰম্ভ কৰে । বহুতেই অহংকাৰত ওফণ্ডা বুলিলেও মোৰ দৃষ্টিত কিন্তু ই তেওঁলোকৰ দোষ নহয় ! তেওঁলোকৰ অভ্যন্তৰত থকা সামন্য চিন্তাৰ(য’ত ইন্দ্ৰীয়ৰ দমন থাকে)  পৰিসৰৰ বাহিৰত এক বিশাল শক্তিৰ সান্নিধ্য পোৱাৰ লগে লগে অতি সীমিত পৰিসৰত থকা জ্ঞানৰ বাবে তেওঁলোকৰ  মনত অনেক আউল লাগে। বহুতে তেনে এক পৰ্যায়ত গৈ পাই বহু কথা নেজানো বুলি কবলৈ সন্মানৰ খাতিৰত অপাৰগো হয় । তেনে এক অৱস্থাৰ কথা পূৰ্বৰ এজন ডেকা মন্ত্ৰীৰ মুখত শুনা আজিও মোৰ মনত পৰে। ফলত তেওঁলোকৰ  অজ্ঞতাৰ পৰিসৰ ক্ৰমৰ্শঃ বৃদ্ধি হয় আৰু সেই অজ্ঞতাৰ সুযোগ তেওঁলোকক চলোৱাৰ বাবে ব্যৱস্থাই বিধিগতভাবে পৰিবেষ্টিত ৰখা এচাম অতি প্ৰখৰ বুদ্ধিৰ লোক বা কৰ্মচাৰীয়ে লয়। তেওঁলোকে লিখি দিয়া ফাইলৰ নোটত বিশ্বাস কৰিব লগা হয় বা তেওঁলোকৰ পৰামৰ্শতে নিজ নিজ পৰিসৰৰ কাম সমাপন কৰিবলৈ বাধ্য হয় । কাৰণ কামটো কৰাৰ ফলত হ’ব পৰা ক্ৰিয়া-প্ৰতিক্ৰীয়া সম্পৰ্কে তেওঁলোক মুঠেই অজ্ঞ থাকে । ক্ৰমাগতভাবে এই অজ্ঞতাৰ  পৰিমাণ বৃদ্ধি হোৱাৰ ফলত তেওঁলোক জনসংযোগ বিচ্ছিন্ন হৈ পৰে । প্ৰায় ১২ বছৰমান পূৰ্বে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কোৱা মনত পৰে যে শাক পাচলিৰ মূল্য বৃদ্ধিৰ মূল কাৰণ হ’ল দুখীয়া মানুহেও শাক-পাচলি খাবলৈ আৰম্ভ কৰা । ই  এই অজ্ঞতাৰ  পৰিমাণ বৃদ্ধি হোৱাৰ এক প্ৰমাণ স্বৰূপ। কাৰণ মাটিৰ মানুহৰ জীৱনৰ পৰিক্ৰমা কি আছিল সেয়া তেখেতে পাহৰি যাবলৈ বাধ্য হ’ল। এনেকুৱা তৰল কথা সময়ে সময়ে অনেকেই কৈ আহিছে আৰু কৈ যাব । এটা নিৰ্দিষ্ট পৰিসৰত অতি ব্যস্ততাৰে পাঁচটা বছৰ লাহ-বিলাহৰ মাজত অতিক্ৰম কৰাৰ পিছত বাক্যৰ সাৱলীলতাৰ জ্ঞানো নিতান্তই কমিব পাৰে । কেতিয়াবা দুটকাত ভাত খাব পৰাৰ কথাও কোনোবা মন্ত্ৰীয়ে  কৈ গৈছে !!  পৰৱৰ্তি সময়ত তেনে লোকক ৰাইজে নস্যাৎ কৰিছে । মানুহজন বেয়া বুলি নস্যাৎ কৰা নাই, তেওঁৰ অভ্যাস বেয়া হৈ যোৱাৰ বাবে ৰাইজৰ কল্যাণৰ কথা চিন্তা কৰিব পৰা মনস্থিতিত যে তেওঁ নাই সেইটো বুজিহে কৰিছে । অসমত ১২৬ জন জনপ্ৰতিনিধি প্ৰতি বিধান সভালৈ নিৰ্বাচিত হৈ আহে । তেনে একো একোজন লোকৰ পৰিচয় সমষ্টিৰ ৰাইজৰ মনৰ পৰা মচ্ খাই যোৱাৰ কাৰণ কি !! যি কোনো এজন নাগৰিকক তেওঁৰ সমষ্টিৰ যোৱা ৫০ বা ৬০ বছৰৰ জনপ্ৰতিনিধি সকলৰ নাম যদি ক’বলৈ কোৱা হয়, সৰহ সংখ্যকেই ১০০ ৰ ভিতৰত ১০০ নম্বৰ নেপাব। কাৰণ পাৱাৰ হাউচৰ সান্নিধ্যত থাকি তেওঁলোকৰ ভিতৰত থকা গুণ সমূহৰ বিক্ৰিয়াৰ ফলত জনগণে তেওঁলোকক অগ্ৰাহ্য কৰিবলৈ বাধ্য হ’ল !

পৰিশেষত কওঁ, আমি যি কামেই নকৰোঁ কিয়, বিষয়টোৰ অভ্যন্তৰত প্ৰবেশ কৰি তাৰ খুটি-নাতি বুজাটো আমাৰ প্ৰথম কাম হোৱা দৰকাৰ। সময়মতে মোৰ কৰ্ম স্থলত আবিৰ্ভাৱ হৈ অতি নিয়মীয়া হোৱাটোৱেই মোৰ পাৰদৰ্শীতাৰ প্ৰমান নহয় বা সেইটো মোৰ কামো নহয়।  নিজক এনে ভাবে প্ৰস্তুত কৰাৰ প্ৰয়াস লাগিব যি মোক আনৰ বাবে অপৰিহাৰ্য কৰি তৈয়াৰ কৰে । ২০-৩০ জন মন্ত্ৰীৰ মাজত দুজন বা তিনিজনকহে সকলোৱে কিয় চিনি পাব লাগে তাৰ বিশ্লেষণ নিজৰ ভিতৰতে কৰাটো দৰকাৰ । কাৰণ তেওঁলোকৰ আকাংখ্যা এই মন্ত্ৰীত্বতে শেষ নহয়, এয়া তেওঁৰ আৰোহনৰ প্ৰথম ঢাপহে।  সেয়েহে বুজিলৈ কাম কৰাৰ প্ৰয়াস কৰে।

যোৰহাট-২৩.০৬.২০২৪


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?