আত্মীয় আৰু সম্পৰ্কীয় মানুহ
আমাৰ পাঁচজনৰ পৰিয়ালটোৰ বাদেও জীৱনত সংলগ্ন হোৱা কিছুমান মনুহৰ নিস্বাৰ্থ স্নেহ আৰু আত্মীয়তাই আমাক কেতিয়াবা আত্মীয়তা আৰু সম্বন্ধীয় সম্পৰ্কে ভবাই তুলিছিল। তেনে এক সম্পৰ্কৰে আত্মীয় হোৱা ভনী দুজনীয়ে এদিন মোক সুধিছিল - “দাদা আপুনি আমাৰ কি হয় ?” মই সদম্ভে কৈছিলোঁ-“তহঁতৰ বৰ ককায়েৰ হওঁ।” সৰু ভনীৰ দুচকুেৰ আনন্দৰ চকুলো ওলাইছিল সেইদিনা। আমাৰো সিহঁতৰ প্ৰতি আত্মীয়ৰ কৰ্তব্যবোধ বাঢ়ি গৈছিল। এই ধৰণৰ একোটা সম্পৰ্ক পৰম কৃপাময় পৰমেশ্বৰৰ বাদে আন কোনে বৰদান দিব পাৰে? আত্মাৰ আত্মীয় হোৱাত কেৱল স্বাৰ্থহীন স্নেহ, আন্তৰিকতা, ইজনৰ সিজনৰ ওচৰত ভাতৃত্ববোধৰ দাবীৰ বাদে য’ত কোনো স্বাৰ্থ নেথাকে। ছোৱালীজনীক লৈ আন এখন ৰাজ্যত নাম লগাবলৈ যাম। খবৰটো পাই ভতিজাজনীয়ে কি খাই ভাল পাব, দাদাক নিৰানিষত বা কি খুৱাম, জোঁৱাইয়ে কি ভালপাব তাৰ চিন্তা সিহঁতৰ। কাৰণ বিমান বন্দৰলৈ যোৱাৰ আগতে তাইৰ ঘৰত ভাত কেইটা খাই যাব লাগিব । সেয়া তাইৰ দাবী। জীৱনৰ এনে অনেক মূহুৰ্ত পাৰ হ’ল য’ত সিহঁতে একোটা কথাৰে আমাক এনেকৈ বািন্ধি পেলালে যে কেতিয়াবা খং কৰি কোৱা কথাবোৰেও মন জুৰ পেলাই। মায়ে বাই বা ভনী দি নগ’ল যদিও এটা ভাল মন হয়তো দি গ’ল যি আমাক এনে সম্পৰ্কৰ মেৰ পেচত বান্ধি জীৱনৰ যি সুখবোৰৰ অনুভৱ দি গৈছে সেয়া কাৰোবাক ক’লে হয়তো বুজিব পৰাৰ উপায় নেথাকিব। মা-দেউতাই দি যোৱা এই আশীৰ্বাদৰ ঋণ সুজা সম্ভবেই নহ’ব কেতিয়াও। উৰাজাহাজত লগপাই চিনাকি হোৱা ধেমাজিৰ মানুহজনৰ পৰাও আত্মীয়তাৰ অনেক কথা শিকা হ’ল। ইমান উচ্চ পদত থাকি সামান্য চিনাকিতে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিলে সেয়া মোৰ লেখাত প্ৰকাশ কৰিছোঁ। ডঃ জি.এম. পোন্ধে এখন বৃহৎ মহাবিদ্যালয়ৰ এটা বিভাগৰ মূৰব্বী অধ্যাপক। দুদিন আগত অৱসৰ লোৱাৰ সময়ত মোলৈ মনত পৰি ফোন এটা কৰি জনালে। মহাৰাষ্ট্ৰৰ আহ্মেদ নগৰ ক’ত আৰু অসমৰ যোৰহাট ক’ত !! এয়া এক আত্মীয়তাৰ অভিনৱ প্ৰকাশ নহয়জানো? এইবোৰ কথা লিখিও হয়তো বহুত কথাই মনৰ মাজত ৰৈ গ’ল। আনৰ দোষবোৰকে দেখাৰ পৰা নিজক আঁতৰাই ৰখাৰ কচৰৎ লাগে। যি কেৱল গুণ বোৰ দেখাৰ সৌভাগ্য দিয়ে। অতি সাধাৰণ শিক্ষা প্ৰাপ্ত কৰিও অসাধাৰণ প্ৰতিভাৰ অনেকজনৰ সৈতে অন্তৰঙ্গ আলাপ কৰাৰ বাবে ঈশ্বৰে দিয়া সুবিধাখিনি পূজা অৰ্চনাৰে সুজিবৰ সাধ্য নাই। সামান্য পৰিচয়ৰ যোগে আত্মীয় হোৱা অতি গুণী-জ্ঞানী ব্যক্তি যেতিয়া সপৰিয়ালে আমাৰ খবৰ ল’বলৈ ঘৰলৈ আহে, পৰমেশ্বৰৰ পদাৰ্পন যেন অনুভৱ কৰোঁ। এজন উচ্চ পদস্থ ব্যক্তিয়ে দিল্লীৰ পৰা ফোন কৰি যেতিয়া সোধে “ আপকা কেইচা হ্যেঁ, বাইদেউ কেইচি হ্যেঁ, পোতা থিক হ্যেঁ না? ” তেতিয়াও ভাবো এইবোৰ ব্যক্তিৰ পৰা সম্পৰ্কৰ ওজন কেনেকৈ বঢ়াব পাৰি শিকা দৰকাৰ। এজনীৰ ঘৰলৈ গ’লে ইজনীয়ে মুখ ওফন্দাই যেতিয়া খং কৰে “আমাৰ তালৈ আপোনালোক নাহিল, কাট্টি দিলো যাওক, বৌক কৈ দিব..” ই হৃদয়ত শক্তি বঢ়ায়। ভাব হয়-মই অকলে নহয়.......। মোৰ ছোৱালী এজনীয়ে এদিন ফোন কৰি কৈছিল “ দেতা, আইতাক মোৰ তাতে থৈ যাব তিনিদিনৰ কাৰণে, মই ভালকৈ ৰাখিম। আপুনি লক্ষ্নৌ ঘুৰি আহক !!” সেই সময়ত মাৰ এলজাইমাৰ আৰম্ভ হৈছে। অৰ্থাৎ মা থাকিলে এক বিশেষ ব্যস্ততা থাকিব সিহঁতৰ দৈনন্দিন জীৱনত। তথাপিও !!! কেতিয়াবা কোনো এজনী ভগ্নীয়ে ফোন কৰি কৈছে-“ বৌ, তাই কেইদিনমানৰ কাৰণে মোৰ লগতে গুৱাহাটীত থাকক নেকি বাৰু এই সময়ত...!!”
সকলো সময়তে ইজনে সিজনৰ কুশলৰ কামনা কৰা কথাটো আত্মীয়তাৰ পৰাই জন্ম হয়। ই সম্বন্ধৰ তেজৰ পৰা নহয়। কেতিয়াব ভাবো যে জীৱনত হাজাৰোধিক লগ বন্ধু পাই লৈও কোনোবা এজন বা দুজনৰ সৈতে আজীৱন সম্পৰ্ক কিয়?? ই হয়তো মোৰেই নহয়, প্ৰায় সকলোৰে মনত অহা এক ডাঙৰ প্ৰশ্ন। বন্ধুত্ব আৰু সংগ দুটা সুকীয়া। সংগ সাধাৰণতে মোৰ বা আপোনাৰ আৰ্থিক বা সামাজিক বা বৌদ্ধিক সামৰ্থ্য নিৰ্ভৰ বিষয়। বন্ধুত্ব কিন্তু আত্মীয়তা নিৰ্ভৰ বিষয়। সেয়ে আত্মাৰ সম্পৰ্কৰে চাগৈ আত্মীয় হয়। ঠিক তেনেকৈয়ে আপোন আৰু আত্মীয়ৰ অৰ্থ সুকীয়া হয়। আপোন মোৰ পৰিয়ালৰ সম্বন্ধৰ দ্বাৰা সংযোগ হোৱা এক পৰিচয়। এটাত স্নেহ বন্ধনৰ কথাবোৰ স্বাৰ্থ নিৰ্ভৰ হ’ব পাৰে বা কদাচিৎ স্নেহ নিৰ্ভৰো হ’ব পাৰে। মোৰ এক জটিল অস্ত্ৰোপচাৰৰ খবৰ পাই নিজৰ জৰুৰী কামকো এলাগী কৰি দিল্লীলৈ উৰামাৰি লগতে মোক লৈ আহিব পৰালৈকে দিল্লীত ৰৈ দিয়াজনৰ আত্মীয়তাক সম্বন্ধৰ জোলোঙাত ভৰাব নোৱাৰি। কাৰণ সম্বন্ধত কেতিয়াবা আমাৰ একোটা চিন্তা থাকিব পাৰে যে-“ ফোন কৰি খবৰ ল’লে আকৌ কিবা বিচাৰে বা??” আত্মীয়ৰ সেই চিন্তা নাই। তেওঁ সহায়ৰ হাত আগবঢ়োৱাতকৈ সাহসৰ হাত আগবঢ়ায়। আইতাকৰ মূল সৰাধ বুলি পুৱাৰ পৰা পাঁচ ঘণ্টা বহি বহি কলৰ পাতবোৰ ধুই মচি থকা ল’ৰাটো আইতাকৰে আচল নাতি নহয় জানো!! হয় যদি দেখোন সিও আমাৰেই ল’ৰা....। হেজাৰ ব্যস্ততাকো নেওচি ব্যস্ত চিকিৎসকজন যেতিয়া ঘৰৰ অনুষ্ঠানটোত কায়-মনো-বাক্যে সম্পূৰ্ণ একাত্ম থাকে সি আমাৰেই ল’ৰা নহ’ব জানো!!
পোন্ধৰ বছৰমানৰ আগৰ কথা। কিবা এটা অসুখত এজন ভাতৃৰ কথমপি প্ৰাণ ৰক্ষা হৈছে। কিবা এটা সকামত সম্বন্ধীয় এজন আহোতে ৰোগীৰ পৰিবাৰে ক’লে-.“... তেওঁ কথমপি বাচিছে জানে!!” সম্বন্ধীয় জনে তৎক্ষণাত কবিতা এটা আওৰাই ওলাই গ’ল-
মই মৰিলেও দিন গ’লে ৰাতি হ’ব
জোন বেলি ওলায়েই থাকিব,
গছত ফুলিব ফুল,বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘুৰিব।।
সেই একে দিনাই হয়তো দিনটোত দুবাৰ তেওঁলোকৰ আত্মীয় সকলে মানুহজনৰ খবৰ লৈ সাহস যোগাই গৈছে। ক’ৰবাত পঢ়া মনত পৰে- “आत्मा एक अविनाशी तत्व है। संपूर्ण ब्रह्मांड में हम जो विभिन्न प्रकार के जीव देखते हैं, वे आत्मा की ही विभिन्न अवस्थाओं के अलावा और कुछ नहीं हैं।” সেই পৰিচয়েৰে আমি সকলো আত্মীয়। কোনেও কাৰো বাবে একো কৰাৰ সামৰ্থ নাই। আছে কেৱল নিস্বাৰ্থ স্নেহ, মৰম, শ্ৰদ্ধা আৰু আত্মীয়তা ৰক্ষাৰ প্ৰয়াস। ই শৌচ-অশৌচৰ প্ৰয়োজন নিৰ্ণয় কৰে। প্ৰাপ্তিত সুখ আৰু হেৰুওৱাত শোক অনুভৱ কৰাৰ বাবে এই স্নেহ বন্ধন লাগিব। মাতৃৰ বাবে সেই সকলোৱেই পুত্ৰ হয় যি পুত্ৰস্নেহক জাগ্ৰত কৰিব পাৰে।ভগ্নীয়ে ভাতৃৰ পৰা স্নেহ আৰু সুৰক্ষাৰ গভীৰ বিশ্বাস আঁচলত বান্ধি লৈ নিশ্চিন্ত হ’ব পাৰে। ইয়াতেই স্বৰ্গ সুখ। মা-দেউতা, দাদা-বৌ, মাহী-পেহী আদি আত্মীয়তাৰে উচ্চাৰণ হোৱা শব্দ বিশেষ। আণ্টি-আংকোলত গভীৰতা নাই, শুদ্ধতাও নাই । ই গড় হিচাপৰ দৰে......
২৩.০৬.২০২৪
Comments
Post a Comment