সপোন যদি নেথাকে, সেই ব্যক্তিৰ উত্তৰণো নেথাকে


        জীৱনৰ প্ৰতিটো ক্ষণৰ সকলো ভাল বেয়াৰ মাজত একোটা যোগাত্মক দৃষ্টিভঙ্গীযে আছে সেইটো ধূৰুপ। আমাৰ জীৱনৰ অধিকাংশ সময় প্ৰকৃততে সুখৰ মাজেৰে অতিবাহিত হয় যদিও সেই সময়ৰ দীৰ্ঘতা অনুমান কৰাটো বৰ কঠিন। কাৰণ তেনে সময়ত আমাৰ আনন্দ-উৎসাহ আৰু ব্যস্ততা আদিয়ে সেই অনুমান কৰাত বাধা দিয়ে। জীৱনৰ প্ৰতিটো মূহুৰ্তত আমাৰ আকাঙ্খ্যা থাকে যে আমাৰ চৌপাশৰ বা পৰিয়াল পাৰিজনৰ বা আত্মীয় সকলৰ বা বন্ধু-বান্ধবীৰ সামাজিক-আৰ্থিক স্থিতি আমাতকৈ ওপৰত নহওক খাৰণ আমি প্ৰত্যেকেই নিজক সকলোতকৈ বেছিকৈ ভাল পাওঁ আৰু সেয়ে আন সকলো পৰিচিততকৈ আমাৰ আগস্থান প্ৰাপ্তিতৰ প্ৰতি  আমি সদায়েই আকৃষ্ট হওঁ। ই মানুহৰ স্বাভাবিক বিচাৰ। আমি কাৰোবাৰ আৰ্থিক-সামাজিক প্ৰতিষ্ঠা দেখি তেনে এক খিতাপ পাবৰ বাবে সদায় মনত কামনা কৰোঁ বা সপোন দেখোঁ। ই বৰ দৰকাৰী কথা। সপোন যদি নেথাকে, সেই ব্যক্তিৰ উত্তৰণো নেথাকে। সপোন থাকিলে লক্ষ্য থাকিব আৰু তাক কাৰ্যান্বিত কৰাৰ প্ৰয়াস থাকিব। বাক্যটোত ‘অফুৰন্ত’ শব্দটো লগোৱাজনৰ মনতহে শ্ৰেষ্ঠ স্থানৰ আকাংখ্যা থাকিব। ল’ৰাটোক বা ছোৱালীজনীক ডাক্তৰ বা ইঞ্জীনিয়াৰ কৰাৰ আকাংখ্যা অনেকৰ থাকে। ল’ৰা বা ছোৱালীজনীৰ মনত যদি প্ৰকৃততে এজন ভাল ডাক্তৰ বা ইঞ্জীনিয়াৰ হোৱাৰ আকাংখ্যা যদি থাকে তাৰপৰা সমাজ উপকৃত হ’ব। শিক্ষাগত অৰ্হতাৰে ডাক্তৰ বা ইঞ্জীনিয়াৰ হোৱাটো সৰু কথা। ডাঙৰ কথা হ’ল সেয়া প্ৰকৃত জীৱনৰ প্ৰাৰম্ভ বুলি গণ্য কৰি আগতকৈ দুগুণ ত্যাগ আৰু কষ্টৰে সেই বৃত্তিত নিজক প্ৰতিষ্ঠা কৰাটোহে। প্ৰতিষ্ঠাৰ সিংহাসন অক্ষত ৰখাৰ বাবেও ভাৰসাম্য বৰ্তাই ৰাখিব লাগিব। নহ’লে কৃতিত্বৰ সুন্দৰতাত বোকা-পানী পৰি আপচু হ’ব। সেয়েহে ভাবো-“শীৰ্ষত উপনীত হৈ তাৰ ভাৰসাম্য বৰ্তাই ৰখাটোৱেই কৃতিত্ব। মায়ে থিয় হ’বলৈ শিকোৱাৰ পিচত এদিনো হয়তো দৌৰিবলৈ শিকোৱা নাছিল। পিছে যি দিনা থিয় হৈছিলো সেইদিনাৰপৰাই ঘৰৰ প্ৰতিজন সদস্যৰ আত্মনিৰ্ভৰতাক প্ৰত্যক্ষ্ কৰি খোজকঢ়া আৰু তেওঁলোকতকৈ আগত দৌৰাৰ সৰ্বোচ্চ আকাংখ্যা আমাৰ মনত জাগ্ৰত হৈছিল। ই আমাৰ স্বাভাৱিক প্ৰবৃত্তি। তাক অব্যাহত ৰখাৰ বাবে প্ৰযত্ন যাৰ ৰৈ যায়, তেও কৃতিত্বৰ ভাগীদাৰ হয়। দৌৰোতে পৰি হাতভৰিত ঘাঁ নহ’লে হয়তো গম নেপালোহেতেন যে সাৱধানতা আৰু কৌশল আৰোহণৰ অন্যতম হাথিয়াৰ। মোৰ বিশ্বাস নহয় যে সুস্থ মনস্তত্বৰ কোনো শিশুৱে সামান্য বা গুৰুতৰ আঘাট পাই খোজকঢ়া বা দৌৰিবলৈ চেষ্টা কৰা এৰি দিলে!! কাৰণ সেই অৱস্থাত তাৰ ভাল আৰু বেয়াদিনৰ ধাৰণা মনত নাছিল বা নেথাকে। এয়া আমি মন নকৰাকৈ পোৱা আৰোহণৰ পথৰ পাঠ। 

        আমাৰ চিৰ পূজ্য ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম চাহাবে নিজৰ জীৱনৰ বিফলতা আৰু সফলতাৰ কথা কৈ গৈছে।Having failed SSB exam, APJ Abdul Kalam was Army’s ‘gift to India .” সেয়া তেখেতৰ বাবে সু দিন আছিল। আমাক আমাৰ জীৱনত কোনো পৰীক্ষাই ফেইল কৰাব নোৱাৰে। ই আমাক জীৱনৰ বাবে  অভিজ্ঞতাৰ জ্ঞান দিব পাৰে। আমি ভাবো নৱ প্ৰজন্মই সদায়েই এই দৃষ্টৰে আগবঢ়া দৰকাৰ। অহা দিনবোৰ অতি প্ৰতিযোগিতাৰ দিন হ’ব। এই দিনবোৰত প্ৰতিটো খোজত প্ৰত্যাহ্বান থাকিবই থাকিব। তাৰ বাবে কাকো দোষাৰোপ কৰি লাভ নাই। ভ্যগ্যকো দোষাৰোপ নকৰিব। কৰিব লাগিলে নিজৰ উদ্যম আৰু প্ৰয়াসক কৰিব লাগিব। ইয়াত পিতৃ-মাতৃ-ভাই-ভনীৰ প্ৰয়াস বা আকাংখ্যাই কোনো পৰিবেশ ৰচিব নোৱাৰে বা ই কোনো সহায়ক নহয়। সেয়ে অতি স্থিৰ ভাবে সময়ৰ গতিক উপলব্ধিত লৈ পৰিকল্পিত ভাবে প্ৰয়াস অক্ষুন্ন ৰাখিব লাগিব। এয়া মোৰ এতিয়ালৈকে হৃদয়ঙ্গম কৰা বাস্বৱ ছবিখনৰ বৰ্ণনৰ এক প্ৰয়াস মাত্ৰ। কৰ্তাজনক বাদ দি বাকী সকলোৱেই মনেৰে “ সকলোৱেই  সুখী থাকক, সকলোৱেই নিৰোগী থাকক ” বুলি ভবাৰ বাহিৰে অন্য একো অৱদান দিবলৈ নাই....। এতিয়াৰ পৰা আমি মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ সদায় ইতিবাচক হ’বলৈ অনুশীলন আৰম্ভ কৰিব লাগিব। ইয়াৰ বাহিৰে কোনো বিকল্প নাথাকিব। জীৱনৰ প্ৰতিটো ঘটনাৰ ওপৰত ইতিবাচকতাৰ বিন্দুটো বিচাৰিবলৈ আৰম্ভ কৰিব লাগিব 

                                                                                            যোৰহাট-২৭.০৬.২০২৪

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?