নিৰ্মোহ নিৰপেক্ষ (১১/০৯/২০২১ ৰ অনুষ্ঠানটোৰ ছবি)
মোৰ গ্ৰন্থ "নিৰ্মোহ নিৰপেক্ষ" -ৰ উন্মোচক সকলৰ ভিতৰত থকা সমাজৰ অতি বিশিষ্ট তথা প্ৰকৃত দোলাভাৰী সকলক সম্বৰ্ধনা জনোৱাৰ এক সৌভাগ্য হৈছিল ১১/০৯/২০২১ তাৰিখে যোৰহাট প্ৰেছ ক্লাৱত। গ্ৰন্থখন উন্মোচন কৰাৰ বাবে তেখেত সকলক কৰযোৰে আবেদন কৰাৰ কিছু মুহুৰ্তৰ ছবিবোৰ কম্পিউটাৰত থৈ দিয়া পাই ইয়াত সযতনে থৈ দিলোঁ। অন্ন বস্ত্ৰৰ যোগাৰ দিওতাৰ প্ৰতিনিধি ৰূপে এজন খেতিয়ক, আমাৰ বাবে খাদ্য সামগ্ৰী কঢ়িয়াই অনা সকলৰ প্ৰতিনিধি ৰূপে এজন ঠেলা চালক, আমাক জ্ঞানৰ পোহৰ দিওঁতা শিক্ষক সমাজৰ পৰা এজন সন্মানীয় শিক্ষাগুৰুক, সমাজ খন পৰিস্কাৰ কৰি ৰখাৰ দায়বদ্ধতা থকা সকলৰ প্ৰতিনিধি এজন চাফাই কৰ্মী, নিত্য নৈমিত্তিক খবৰবোৰ আমাৰ বাবে সংগ্ৰহ কৰা সকলৰ প্ৰতিনিধি এজন বিশিষ্ট সাংবাদিক তথা সেই খবৰবোৰ ছপা হৈ ওলোৱাৰ পিছত ৰ'দ-বৰষুণ/ উৎসৱ-পাৰ্বনকো নেওচি আমাৰ দুৱাৰ দলিত যোগান দিয়া সকলৰ প্ৰতিনিধি ৰূপে দুজন বাতৰি কাকতৰ হকাৰে এই কামত সহযোগিতা নকৰা হ'লে কামটো হয়তোবা আধৰুৱাই হ'ল হেতেন। এয়া আছিল ১১/০৯/২০২১ ৰ অনুষ্ঠানটোৰ ছবি।
Comments
Post a Comment