বিশ্বৰ তৃতীয় অৰ্থনীিতিৰ দিশত অগ্ৰসৰ ভাৰত !!


কৰ্মসংস্কৃতিৰ সৃষ্টি অবিহনে আমি ভবা মতেই সকলো কাম হৈ থকাৰ কথাবোৰ আমাৰ যে একোটা ভুল ধাৰণা সেইটো ক্ৰমৰ্শঃ মানুহে বুজা আৰম্ভ হৈছে। লাগে সেয়া সামান্য সংখ্যকেই হওক ! ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে সঁচা আৰু ই ভাৰতবৰ্ষৰ ক্ষেত্ৰতেই যে হৈছে তেনে কথা নহয়। সমগ্ৰ পৃথিবীৰ এক ভয়ানক সমস্যা। তাৰ কাৰণ সমূহ ফঁহিয়াবৰ হ’ল। বিজ্ঞানৰ বিকাশৰ ফলত শ্ৰমিক নিৰ্ভৰ কামৰ সংখ্যা সীমিত হৈ আহিছে যাৰ ফলত খৰ গতিত উন্নয়ন সম্ভৱ হৈছে। যন্ত্ৰৰ ওপৰত নিৰ্ভৰতা বৃদ্ধিৰ ফলত জনবহুল দেশ এখনত মানুহৰ কৰ্মস্থানৰ পৰিসৰ হ্ৰাস এক স্বাভাৱিক ঘটনা। আমি প্ৰত্যেকেই নিজক নতুন নতুন কামৰ বাবে যোগ্য ৰূপে প্ৰস্তুত নকৰিলে অতি সম্প্ৰতি দেশৰ আধা সংখ্যক মানুহৰ কাম নেথাকিব আৰু চৰকাৰে হিতাধীকাৰীৰ তালিকাত তেওঁলোকক তালিকা ভূক্ত কৰিব লাগিব। এয়া ধনতান্ত্ৰীক ব্যৱস্থাৰ দিশে আমাৰ প্ৰথম খোজ। বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীিতৰ দেশ জাপান। য’ত সাধাৰণ জনতাৰ সৰহ সংখ্যকে বিশ্বাস নকৰে যে তেওঁৰ পূৰ্বপুৰুষৰ সম্পদ বা স্থায়ী আৰ্থিক স্থিতি নোহোৱাৰ বাবে তেওঁলোকে নিজক আৰ্থিকভাবে সৱল ৰূপত প্ৰতিস্থা কৰিবলৈ অপাৰগ হ’ব। সেয়া প্ৰতিজন মানুহৰ আত্মবিশ্বাস আৰু কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ বিষয়। ইয়াত পৈত্ৰিক স্থিতি বা ভাগ্যৰ কোনো হাত নাই। সেয়ে জাপান ধনী হ’লেও ই ধনতান্ত্ৰীক দেশৰ দিশে আগবঢ়া নাই। কিন্তু প্ৰথম স্থানত থকা আমেৰিকা এখন ধনতান্ত্ৰীক দেশ। আচৰ্যকৰ কথা যে কমিউনিষ্ট শাসনত থকা চীন বা ৰাচিয়াও বৰ্তমান ধনতান্ত্ৰীক দেশ হৈছেগৈ য’ত মুঠ জনসংখ্যাৰ ১০ শতাংশ বা তাতোতকৈ কম সংখ্যকৰ হাতত দেশৰ মুঠ সম্পদৰ আধাতকৈ বেছি আছে। ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় উপাৰ্জনৰ ২২.৬ শতাংশ ধন মুঠ জনসংখ্যাৰ  ১ শতাংশৰ হাতত(১.৪৪ কোটি)  আছে যিটো পৰাধীনতাৰ সময়ৰ পৰা এতিয়ালৈকে প্ৰায় ১০০ বছৰত হোৱা এক অভূতপূৰ্ব ঘটনা। যি ভাৰতক বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীিতি হোৱাত সহায় কৰিছে। দেশৰ মুঠ জনসংখ্যাৰ  ৫০ (৭২ কোটি)  শতাংশৰ হাতত মুঠ উপাৰ্জনৰ ১৫ শতাংশ আছে। অৰ্থাৎ  ৪৯ শতাংশ মানে প্ৰায় ৭১ কোটি মানুহৰ মাজত ৬২ শতাংশ সম্পদ বিয়পি আছে !! অহা কেইবছৰৰ ভিতৰত ১ শতাংশৰ হাতলৈ ৪৫-৫০ শতাংশ আৰু  ৫০ শতাংশৰ হাতলৈ মুঠ সম্পদৰ  এই সংখ্য ১৫ শতাংশৰ পৰা নামি  ৫ ৰ পৰা ৭ শতাংশলৈ অৱনমিত হ’লে দেশৰ স্থান আগলৈ যাব। একেই সম্পদৰ হাৰ জাৰ্মেনিতো, যি বিশ্বৰ অৰ্থনীিতত তৃতীয় স্থানত বিৰাজমান। অৰ্থাৎ বিশ্বৰ বৃহৎ অৰ্থনীিতৰ ফৰ্মূলা পূজিবাদ নেকি ?? কথাবোৰ এতিয়াৰ পৰাই অতি গুৰুত্ব সহ বিচাৰ কৰাৰ প্ৰয়োজন। ইয়োৰোপৰ দৰে আমাৰ দেশতো ভোট দান বাধ্যতামূলক কৰিব লাগিব আৰু ন’টা পদ্ধতি বন্ধ কৰিব লাগিব। দ্বীতীয় কথা হ’ল প্ৰতিজন নাগৰিকে আত্মবিশ্বাসেৰে নিজৰ কৰ্মত সংযুক্ত হৈ আত্মনিৰ্ভৰ হোৱাৰ পণ ল’ব লাগিব। ভূমি সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব আৰু কোনো কাৰণত সেই সম্পদক হস্তান্তৰ কৰণ বা উৎপাদিত সামগ্ৰী কোনো ধনী ব্যক্তি বা কৰ্পৰেটক বিক্ৰীৰ চুক্তিবদ্ধ হ’ব নেলাগিব। প্ৰাকৃতিক সম্পদৰ পৰা নতুন নতুন উপযোগী সম্পদ উৎপাদনৰ প্ৰয়াস কৰিব লাগিব যাতে ই জনসমূহৰ উপযোগী হয় আৰু বিশ্বৰ আন দেশলৈ ৰপ্তানী যোগ্য হয়। আমি আহি দুৱাৰদলিত থিয় হৈছোহঁক !! এটা সামান্য ঠেলাত আমি পদূলীৰ বাহিৰ হৈ যোৱাৰ উপক্ৰমত আছো। সেয়ে এয়াই অন্তিম সময়, য’ত আমি আমাৰ স্থিতিৰ সামান্য ভুলে আমাক দৰিদ্ৰৰ তালিকালৈ অৱনমিত কৰিব। কাৰণ বৰ্তমানৰ গতিত ধনী আৰু দৰিদ্ৰ দুটা শ্ৰেণীৰ বাহিৰে মধ্যবিত্ত বুলি কোনো শ্ৰেণী নেথাকিব। মধ্যবিত্ত শ্ৰেণীৰ পৰা হোৱা অসুবিধা সমূহ হ’ল- ১) তেওঁলোক সাধাৰণতে শিক্ষিত, (২) জনসাধাৰণৰ মাজত যিকোনো বিষয় লৈ যোৱাৰ কামত লিপ্ত, (৩) ৰাজনৈতিক আৰু সামাজিক ভাবে সক্ৰিয় আৰু (৪) বুদ্ধিজীৱীৰ ভড়াল, (৫) চল-বল-কৌশলেৰে চৰকাৰৰ পৰা নানান সা সুবিধা আদায় কৰিও এওঁলোকৰ মাজৰ এচাম কিং-মেকাৰ হৈ থাকে, (৬) চৰকাৰৰ সকলো কৃত-কৰ্মৰ ভূ ৰাখোতা যিটো চৰকাৰৰ বাবে অসুবিধাজনক। দৰীদ্ৰ সকলৰ সেইবোৰ কৰাৰ সময় বা তৎপৰতাৰ প্ৰতি উৎসাহ নেথাকে আৰু তেওঁেলাকে যিকোনো প্ৰকাৰে চৰকাৰৰ পৰা সুবিধা পোৱাটো জটিল জীৱন পৰিক্ৰমাত দৰকাৰী বিষয় হয়। 
        এই সকলো কথা বিস্তাৰিত ভাবে কাকতত এক প্ৰবন্ধ যোগে হয়তো প্ৰকাশ পাব। আমাৰ বিশ্বাস “ৰাষ্ট্ৰ আমাৰ প্ৰথম স্বাৰ্থ ” ৰূপে বিবেচনা কৰা সকলো লোকেই জনসমূহৰ হিতত সকলো কথাৰ আত্মমন্থন কৰিব আৰু ৰাষ্ট্ৰক শক্তিশালী কৰাৰ বাবে মানৱ সম্পদক নিজ প্ৰতিভা অনুসৰি কৰ্মযুক্ত হোৱাৰ প্ৰতি উৎসাহ যোগাব। 
                                                                                                                    যোৰহাট-২১ জুন, ২০২৪





 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?