ব’হাগৰ আনন্দত আমি আত্মহাৰা

জীৱনৰ প্ৰতিটো ক্ষণৰ মন্থন বৰ প্ৰয়োজন। প্ৰায় সকলোবোৰেই মইবোৰৰ পৰা ওলাই আমি হৈ আত্মপ্ৰকাশ কৰিব নোৱাৰাৰ মূল কাৰণ মন্থনৰ অভাৱ। সুখৰ ভৰালত সোমাই থকা সময়খিনিও যে দুখৰ দিনৰ বাবে কৰিব লগা মন্থনৰ সময়, সেয়া বুজিব লাগিব। সুখৰ দিনেই যে মন্থনৰ অতি প্ৰয়োজনীয় সময় সেয়া পাহৰি ব্যস্ত হোৱাৰ পিচত বিতত হৈ আমি হততে পোৱা কাৰণবোৰ ফঁহিয়াও সঁচা। পিচে সি আমাক সুৰক্ষা নিদিয়ে ।সেয়ে, মইৰ পৰা ওলাই আমি হ’ব লাগিব।
আৰোহণৰ পথত উভতি চোৱাৰ প্ৰয়োজন নাই। পিচলৈ টানি আনিবলৈ তলত অনেকজন ৰৈ থাকে। পিচে সেই সকলোকে লৈহে আমি। অৱৰোহণৰ বাবে আজোৰাৰ বাবেই আমি যে কৃতকাৰ্যতাৰ শিখৰ চুবৰ সুযোগ পাওঁ সেই অনুভৱো মন্থনেহে দিয়ে। সকলোকে সকলোৰে প্ৰয়োজন। ধুমূহাৰো প্ৰয়োজন সৃষ্টিত নতুনত্বৰ বাবে। সেয়ে এই জীৱনৰ যাত্ৰা পথৰ পৰা কাকো ঠেলি নপঠাবা...., অন্ধকাৰত থাকোতে তুমি গমেই নেপালা যে তোমাৰ জীৱনৰ সাফল্যৰ মধ্যমনি হয়তো তেওঁহে ...। সেয়ে শত্ৰু জ্ঞান কৰাজনো তোমাৰ গৃহত আতিথ্যৰ যোগ্য...।
#উঠা_এতিয়া, ব’হাগ আহিল কালিয়েই.......
Comments
Post a Comment