মনলৈ অহা কথাবোৰ ব্যৱস্থিত ৰাখিলেই নহ’ব !
মনলৈ অহা কথাবোৰ ব্যৱস্থিত ৰাখিলেই নহ’ব, সিহঁতক প্ৰতিপাল কৰি জীয়াই তুলিব লাগিব। কেৱল এটা কথা নিশ্চিত কৰা দৰকাৰ যে সেই চিন্তাই সমাজৰ উত্তৰণত যোগাত্মক কি ফল দিয়ে। ভাল আৰু বেয়াক সঠিক ভাবে বিশ্লেষণ কৰা বৰ টান কাম। মোৰ দৃষ্টিত ভাসটো কাৰোবাৰ দৃষ্টিত অত্যন্ত বেয়া হ’ব পাৰে। সেয়ে সামূহিক স্বাৰ্থত ভাল বেয়াৰ বিচাৰ হোৱা দৰকাৰ। সংসাৰত সকলো মানুহৰ সকলো গুণ ভাল নেথাকে। অৰ্থাৎ মই হয়তো ভাল নেপাওঁ। কিন্তু তাৰে একোজন সৰহ সংখ্যকৰ দৃষ্টিৰে বেয়া থকা স্বত্বেও কোনোবাই তাৰে ১ শতাংশক নিজৰ কামত ব্যৱহাক কৰি উপকৃত হয়। সেয়েহে তেওঁৰ বাবে সেইজন মানুহ ভাল বিবেচিত হয়। মানুহজন তেতিয়ালৈকে ভাল বিবেচিত হৈ থাকিব যেতিয়া লৈকে তেওঁৰ পৰা আনজন উপকৃত হৈ থাকে।
দেশৰ পৰিবৰ্তিত পৰিস্থতিত আমি ভালপোৱা বা বেয়াপোৱা অনেক এনে ব্যক্তি বিভিন্ন কামত সংযুক্ত হৈ আছে বা আগলৈও থাকিব যাক আমি আজিৰ সময়ৰ অপৰিহাৰ্য ব্যক্তি বুলি ধৰি ল’ব লগা হ’ব। কাৰণ আমাৰ হাতত তাৰ বিকল্প উত্তৰ নাই। পিছে সম্গ্ৰ সমাজৰ কল্যাণৰ দৃষ্টিৰে কেতিয়াবা আমি কথাবোৰ চিন্তা কৰি নিয়মৰ আওঁতাত কেতিয়াবা তেওঁক অগ্ৰাজ্য কৰাৰ বাবে আমাৰ কাৰ্যপদ্ধতি আৰম্ভ কৰিব লাগিব। এয়া আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ কল্যাণৰ দৃষ্টিৰে এক আৱশ্যক কাম। পোক লগা আম কেইটা দেখি গছডাল কাটি সমস্যাৰ সমাধান উলিয়াব নোৱাৰি। সাগৰ মন্থনত অমৃত ওলোৱাটো হয়তো সত্য। পিছে বিষৰ পৰিমাণ অমৃততকৈ বেছি আছিল। আমি অমৃতক লক্ষ কৰি ল’ব লাগিব। আনে কৰাটোকে অনুকৰণ কৰাটো শুদ্ধ নহয়। নিজৰ প্ৰতিভা, চিন্তাশক্তিক কামত লগাই উত্তমৰো উত্তম কৰাৰ প্ৰয়াস লাগিব। শাসনত থকা সকলো মানুহ আৰু ব্যস্ততা, আত্মস্বাৰ্থ, আত্ম প্ৰতিষ্ঠাৰ প্ৰতি সৰ্বাধিক গুৰুত্ব ৰখাটো মানুহৰ স্বভাৱগত বিষয়। মই সেইটো দোষ শব্দৰ ব্যৱহাৰেৰে বুজাব খোজা নাই। সম্পদে মানুহক মনত শ্ৰেষ্ঠতাৰ অনুভৱ দিয়ে। কাৰণ মানুহ সকলোৰে ধাৰণা লোভ-মোহ ত্যাগ কৰি শ্ৰেস্থত্ব প্ৰাপ্তি নহয়। সেয়েহে কয়-“হস্তিৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাও..।”
আৱৰ্জনাতো আহৰণ কৰিবৰ প্ৰয়াস কৰিলে সম্পদ প্ৰাপ্তি হয়। সেয়ে আপোনাৰ চিন্তাক আজি কোনোবাই আৱৰ্জন গণ্য কৰিলেও তাক সহজ ভাবে গ্ৰহণ কৰা দৰকাৰ। ইয়াৰ মূল কাৰণ হ’ল দৃষ্টি ভ্ৰম। আমি ব্যৱহাৰ কৰা ডিটাৰজেণ্টবোৰ বোলে পেলনীয়া অৰ্থাৎ বাই প্ৰডাক্ট আছিল। নিৰমাই শোধন নকৰাকৈ এসময়ত পেকেটত ভৰাই বেচিছিল। ডেকা কালত কোনোবা ট্ৰেইনিঙত বুজাইছিল আমাক। এতিয়া পুৰণি চাৰ্ফৰ সৈতে আৰু অনেক ব্ৰেণ্ড সংযোগ হ’ল!! কোনোবা সংস্থাত কোনোবা মানুহ আত্ম স্বাৰ্থ লৈ সংযুক্ত হোৱা মানে সংস্থা পেলনীয়া নহয়। সাগৰত অমৃত আৰু বিষৰ উপস্থিতিক স্বীকাৰ কৰাটোহে দৰকাৰী কথা। অত্যন্ত কঠিন দিনলৈ আমাৰ নতুন প্ৰজন্মৰ অগ্ৰগতি হৈছে। তাক কি ভাবে সঠিক পথলৈ অনা সম্ভৱ তাৰ চিন্তাৰ প্ৰকাশ হ’ব লাগিব। আমি ঈশ্বৰ প্ৰদত্ব স্মৃতিশক্তি,বিচাৰ বুদ্ধিৰ ওপৰত ভৰষা এৰি যন্ত্ৰৰ স্মৃতি শক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱা আৰম্ভ কৰাৰ পৰাই প্ৰতিভাৰ বিকাশত স্তবিৰতা আহিছে। এতিয়া আৰ্টিফিচিয়েল ইেণ্টেলিজেন্স আহিছে। আমাৰ মদজুৰ ২৫০ পেটাবাইট স্মৃতিৰ ব্যৱহাৰ শুণ্য হোৱাৰ পথত। অতি চিন্তাৰ বিষয় এইবোৰ..........।
Comments
Post a Comment