অনলাইন বাণিজ্য

 

 ছোৱালীৰ ঘৰলৈ গৈ দেখিলো গেলামালৰ সামগ্ৰী ফ্লিপকাৰ্টত আনিছে। মোৰ মুখখন অলপমান গহীন দেখি তাই সুধিলে-"দিতা, গা ভাল নহয় নেকি তোমাৰ?" মই কি ক‌'ম ভাবি নেপাই ক'লো-"তহঁতৰ মানসিক অসুস্থতা দেখিহে বিপদত পৰা যেন লাগিছে অ!!" তাই কাৰণ সোধাত ক'লো- আমেৰিকাৰ মাটি কালি ৯,৮৩৪ মিলিয়ন কিঃমিঃ আৰু জনসংখ্যা ৩৩.৩৩ কোটি। ভাৰতৰ মাটি কালি ৩,২৮৭ মিলিয়ন কিঃমিঃ আৰু জনসংখ্যা ১৪০ কোটি। ইয়োৰোপৰ মাটি কালি ৪,২৩৩ মিলিয়ন কিঃমিঃ আৰু জনসংখ্যা ৭৪.১৭ কোটি। সেইবোৰ দেশৰ বাণিজ্য ব্যৱস্থাৰ সৈতে আমাৰ দেশৰ বাণিজ্য ব্যৱস্থা কেতিয়াও নিমিলে। তহঁতে জাননে যে ভাৰতীয় মুঠ ১৪০ কোটি জনসংখ্যাৰ প্ৰায় ১০ শতাংশ লোক প‌ঞ্জীভূক্ত ট্ৰেডিঙত যুক্ত আছে যি চৰকাৰক ৰাজহ দি থাকে। সেই সকলৰ সৈতে আন ১২ শতাংশ লোকে কৰ্ম কৰি খাই আছিল । এতিয়া তাৰে প্ৰায় ৪/৫ শতাংশৰ অব্যাহতি হ'বলৈ বাধ্য হৈছে। এতিয়া তহঁতৰ এই মানসিকতাৰ পৰিৱৰ্তনৰ ফলত তহঁতৰ ল'ৰা-ছোৱালীবোৰ পঢ়িশুনি ডেলিভাৰী বয় হ'ব নেলাগিবনে বাৰু ? তহঁতে কৰি থকা সেৱাৰ ব্যৱসায় বোৰো ইতিমধ্যে অনলাইনত আৰম্ভ হৈছে। ভাৰতৰ দৰে জনবহুল দেশত এই বাণিজ্যক Patronize কৰা উচিত নে বাৰু?? নিজৰ দৈনন্দিন বজাৰ খন কৰিবলৈ বোধহয় জাপানৰ বা চীনৰ দৰে দেশৰ ব্যস্ততম্ মানুহৰো সময় আছে!! ড'মিনুজ পিজা খাই ময়ো বেয়া নেপাও । পেট্ৰনাইজ কৰিবলৈহে বেয়াপাও।

এটা কথা জানি লবি যে ডাঙৰ ডাঙৰ মল বা এই অনলাইন বাণিজ্যবোৰে আমাৰ দেশত স্বাৱলম্বনৰ সকলো পথ অহা ১০ বছৰত প্ৰায় সমাপ্ত কৰিব। " In 2023, as many as 11 shopping malls became operational, covering 59,48,395 square feet of space across the top eight cities. In the previous year, nine malls came into eight markets, totalling 34,49,222 square feet area." এই কথাবোৰ সময় থাকোতেই চিন্তা কৰা বৰ দৰকাৰ। নহ'লে কেতিয়াবা অভাৱত পৰিলেও উভতি চোৱাৰ অনুভৱ অনুভূতি নোহোৱা হৈ আমি যন্ত্ৰত পৰিনত হ'মগৈ। ফেচবুকৰ এই পৃষ্ঠাটো থাকে যদি ৫ বছৰৰ পিছত পঢ়ি ৰিজাই চাবিহঁক।


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?