ব্যৱহাৰ লৈহে মূল্য !!


    
    দিল্লীত নামি গন্তব্য স্থানৰ ওচৰতে দোকান এখনত সোমালো। উৰাজাহাজৰ চিকিউৰিটি পৰীক্ষাত মোৰ ৰেজৰ চেটৰ বেগটো ৰাখি থ’লে। সৰু কেচিখন, টুইন ব্লে়ডখন কাৰোবাৰ জীৱনৰ সংশয়ৰ কাৰক হ’ব পাৰে বাবে যাত্ৰাত নিষিদ্ধ সেইবোৰ !! নতুন চেট্ এটা  কিনিব লাগিব!! ৰসিক যেন লগা দোকানী জনৰ পৰা চেট এটা কিনি লৈ ওলাওতেই সুন্দৰ সৰু  আইনাখনত চকু পৰিল। “এইখন কিমান দাম?” সুধিলোঁ। তেওঁ ক’লে-“ মুখখন চাবলৈ বিচাৰিলে এশ টকাত পাব। চৰিত্ৰ চাবলৈ লাগিলে বিনামূল্যে লৈ যাওক।” বৰ অৰ্থ পূৰ্ণ কথা ক’লে। আমি আনৰ চৰিত্ৰৰ কথাবোৰ কৈ সমালোচনা কৰোঁতেই জীৱনৰ সৰহ সময় যায়। নিজৰ চৰিত্ৰক কেতিয়াও উভতি চোৱা নহয়। কথাটোৱে ভাবুক কৰি তুলিলে। এশ টকাৰ নোট এখন দি ক’লো- মুখখন দাঢ়ি খুৰাবৰ সময়ত চাব লাগিব বাবেই এশ দিছো। পুৱা উঠি এবাৰ চৰিত্ৰটো চোৱাৰ অভ্যাস কৰিম, সমাজ উপকৃত হয় যদি হওক......

ওলাই আহি হোটেলত সোমালো । অসময়ত আহি পাই ক’তো গৈ লাভ নাই বুলি ভাবি মোক দিয়া ৰূমটোলৈ গৈ কাপোৰসাজ সলাই গাটো ধুই ল’লো। ল’ৰা এজনে চাহ একাপ দি গ’ল আৰু কিবা লাগিলে ৯ নম্বৰত ফোন কৰি ক’বলৈ ক’লে। টেবুলত সজাই থোৱা দহ টকীয়া পানীৰ বটল এটা খুলি ঘোটঘোট কৈ পানীবটল শেষ কৰিলোঁ। এই দহ টকাৰ বটলটোতে সিবাৰ ৩০ টকা লৈছিল !! ইয়াত বা কি লয় !! চাহ কাপ খাই বিচনাখনতে দীঘল দি ভাবিলো- সুন্দৰ পোঁচাকযোৰেৰে পৰিপাটি মানুহ একোজনক দেখিও কেতিয়াবা অস্বস্তি কিয় লাগে বাৰু !! কথাই-বতৰাই গাম্ভীৰ্যতা, পৰিপাটি পোঁচাক, সুন্দৰ পৰিচৰ্যাৰে মুখমণ্ডল…..!! এৰা, নিজকে ইমান সজাই পৰাই ৰাখিও একোজনে মোক সামান্য কাম একোটাৰ বাবে তেওঁৰ প্ৰাপ্য বুলি এটা শকত ধনৰ টোপোলা বিচাৰি দিয়ে..!! এই কথাটোৱে মোৰ সন্মুখত তেওঁৰ ৰূপ-গুণ সকলো ম্লান কৰি দিয়ে। দোকানীজনৰ কথাটো মনত পৰিল। এৰা মানুহবোৰ ভিতৰত এজন আৰু বাহিৰত এজন কেনেকৈ হয় !! 

গাড়ীখন বেচিবলৈ ঠিক কৰা শুনি চিনাকি মানুহ এজনে ক’লে -নিদিবচোন দেই, মোৰ শালপতিক ভাল গাড়ী এখন লাগে । হ’ব বুলি কৈ থ’লো। মানুহজনে চৰকাৰৰ ভাল চাকৰি এটা কৰে । গধূলী তেওঁ আহিল শালপতিয়েকক লৈ । বৰ সৰল মানুহজন। ফাইনেল হ’ল ৪,৫০,০০০ দিব। পিচদিনা আহি গাড়ী লৈ গ’ল। তিনিদিনৰ পিচত মানুহজন আকৌ আহিল। চাহ পানী খাই কথা পাতি পাতি থেৰো-গেৰোকৈ ক’লে মোৰ কমিশ্যনটো আজিয়েই দি দিলে বৰ ভাল পালো হেতেন !! মই হতভম্ব। শালপতিয়ে গাড়ী ল’লে, দাম দৰ কৰিলে এতিয়া তেওঁক মই কি দিওঁ !!! দিয়াটো যেনিবা ১০-২০ কিবা দিলোৱেই, তেওঁৰ চৰিত্ৰটোৱে মোক ওলাওতে সোমাওতে আমনি নকৰিব নে!! তাতে আকৌ নিজৰ ঘৰতে বেপাৰ !! আইনা এখন তেওঁকে লৈ দিব পৰাহ’লে ভাল আছিল চাগৈ !!  

আন এটা ঘটনা মনত পৰিল। মানুহজন উচ্চ শিক্ষিত। তেওঁৰ এটা বিশেষ কামৰ কথা মোৰ অতি চিনাকি এজনক কৈ কৰাই দিব লাগে। সেৱাৰ ভাব এটা আছে বাবেই কাকো অৱজ্ঞা কৰিব নোৱাৰো বা পৰা কামটো নকৰাকৈ পঠাব নোৱাৰোঁ। ফোন এটা কৰি কৈ দিলো, তেওঁৰ কামো হ’ল। তেওঁৰ খিতাপ বাঢ়িল দেখি মোৰো গৌৰৱ হ’ল ।  মোৰ চৌপাশটো যিমানেই ওপৰলৈ যাব, পৰিবেশৰো সিমানেই পৰিবৰ্তন হ’ব। কিছুদিন পিচত কিবা এটা কামত তেওঁক ভাইটী এটাই মোৰ তালৈ আহিবলৈ লগ ধৰিলে। তেওঁ ক’লে যে মোৰ তালৈ আহিবলৈ তেওঁৰ অলপ অসুবিধা হ’ব!! কাৰণ তেওঁৰ ৰেংকে পাৰমিট নকৰে যে !!! অহুকাণে পহুকাণে কথাটো গম পাই মোৰ আকৌ হাঁহি উঠিল। হেৰৌ সেইটো ৰেংক বিচাৰি মোৰ সহায় বিচাৰোতে তোৰ সন্মান একেবাৰে নাছিলেই নেকি অ বোপাই !!! এৰা, আইনা এখন বিনামূলীয়াকৈ তেওঁকো দিয়া দৰকাৰ হ’ব। আমি নিজৰ বিবেকক সোধা দৰকাৰ, আমি আনৰ পৰা কিমান সততা বিচাৰোঁ.....

                                                                                                    যোৰহাট ২৫.০৬.২০২৪

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?