Posts

Showing posts from 2017

Inflation , Slowdown of GDP in India - some whatsapp msg from opposition

Image
Inflation in India : Inflation rate based upon the Consumer Price Index (CPI) for the year :- 2012.........9.3%, 2013.........10.92% and 2017.........01.90% এইটো সকলোৱে চাবপৰা ( http://www.inflation.eu/inflation-rates/india/historic-inflation/cpi-inflation-india-2017.aspx ) তথ্য । বৰ্তমান  whatsapp বা অন্য সামাজিক মাধ্যমত মূল্য বৃদ্ধিকে ধৰি অনেক বিষয়ে বিভিন্ন বিভ্ৰান্তিমূলক প্ৰচাৰ চলা দেখি আচৰিত নহৈ নোৱাৰি । চৰকাৰে কৰিবলৈ সমৰ্থ হোৱা বেয়া  কামৰ বিষয়ে যেনেকৈ চৰ্চাৰ প্ৰয়োজন তেনেকৈ ভাল কামৰ কথাবোৰ আলোচনা হোৱা উচিত । মোডী চৰকাৰৰ ৰাজসাহাৰ্য কৰ্তন : ২০১৭-১৮ বত্ত বৰ্ষৰ বাবে  খাদ্য , তেল আৰু সাৰৰ ওপৰত ৰাজ সাহাৰ্য্য নিৰ্দ্ধাৰণ হৈছিল  Rs.2,40,338.6 কোটি টকা । অৰ্থাৎ ৰাজ সাহাৰ্য বৰ্তমানো আছে । Impect of Demonetization : Demonetization ৰ প্ৰভাৱ দেশৰ বৃহৎ সংখ্যক জনসাধাৰণৰ ওপৰত পৰিল । সেইটোৰ পৰা হ'ব পৰা বহুতো কথাই আমাৰ মূৰত খুন্দিয়াই গৈছিল আৰু মাজে মাজে লিখিছিলো । ক'লা ধন বুলি নকৈ বণিয়াৰ ভাষাৰে কেঁচা টকা বুলি ক'লেও তাৰ বিলুপ্তিৰ ফলত দিন হাজিৰা কৰা ম...

প্ৰতিবাদৰ ভাষা আৰু স্বাধীন ভাৰতৰ চৰকাৰ

Image
আমাৰ দাবীৰ সমৰ্থনত চৰকাৰক সৈমান কৰাবলৈ ৰাইজে  আন্দোলনৰ নতুন কিবা কাৰ্যসূচী তৈয়াৰ কৰাৰ চিন্তা কৰিব লাগিব । এতিয়া দেশত নিজৰ চৰকাৰ । গান্ধীজীৰ দিনত আছিল বৃটিছ সকলৰ চৰকাৰ । বিদেশীৰ শাসনত চল, বল, কৌশল , দমনৰ বিৰুদ্ধে গান্ধীজীৰ অহিংস আন্দোলনৰ গুৰুত্ব বেলেগ আছিল । আজি দেশৰ মানুহৰ শাসনত তাৰ গুৰুত্ব ম্লান পৰিল । "ঘৰকা মূৰ্গী , ডা বৰাবৰ " বুলি কথাষাৰ মনত ৰাখি আমি আমাৰ দাবীৰ সমৰ্থনত নিজৰ পেটৰ বিৰুদ্ধে কাৰ্যসূচী ল'লে সেয়া কাৰো ত্যাগ নহ'ব । চৰকাৰৰ ক্ষতি হ'ব , চৰকাৰ চলোৱা সকলৰ নহ'ব । শেষত চৰকাৰী ক্ষতিৰ ভৰপায় কৰিবও লাগিব আমিয়েই ।     বন্ধৰ দ্বাৰা চৰকাৰৰ দৃষ্টি আকৰ্ষিত কৰাৰ নজিৰ আজিৰ যুগত নোহোৱা  হ'ল । আমি প্ৰতিবাদ কি পদ্ধতিৰে কৰিছো সেইটো যিমান ডাঙৰ কথা ,  তাতোকৈ ডাঙৰ কথা ,  চৰকাৰ সমূহে তেওঁলোকৰ কৰ্মৰ বিপক্ষে ৰাইজৰ প্ৰতিবাদৰ  ভাষা, তাৰ  কাৰণৰ ন্যাৰ্যতা উপলব্ধি কৰাটোহে ।  আমি নিজৰ পেটত লঠিয়াই সাব্যস্ত কৰা প্ৰতিবাদত জন-দৰদী চৰকাৰ সমূহৰ পেটত বিষ উঠিব লাগিব । অন্যথা প্ৰতিবাদ/ আন্দোলনৰ পৰা  কি লাভ ??

সকলো ধৰ্মৰ লোকৰ মাজত ভিন্ন মতবাদ আছে ।

Image
সকলো ধৰ্মৰ লোকৰ মাজত ভিন্ন মতবাদ আছে । সেয়ে এজনৰ আনজনৰ সৈতে সম্বন্ধ পৃথক । পদ্ধতি, ধৰ্মীয় সংস্কাৰ  পৃথক । এই কথাবোৰ সাধাৰণ মানুহৰ দৃষ্টিত নপৰে বাবেই হিন্দু সংস্কৃতিৰ অন্তৰ্গত ধৰ্ম সমূহৰ মাজতো ভিন্ন ধৰ্মীয় পদ্ধতি, ধৰ্মীয় সংস্কাৰ আছে বুলি অনুভৱ কৰিবলৈ টান পাই  । খৃষ্টিয়ান সকলৰো নিজৰ পণ্ঠ অনুযায়ী চাৰ্চত সোমোৱাৰ অনুমতি আছে । সনাতন হিন্দু  ধৰ্মত প্ৰায় সকলোৱেই সকলোলৈ যাব পাৰে আৰু যায় যিটো আন ধৰ্মত বিৰল  । Christian  under one Bible : So far we heard that there is one bible and one church.But, actually there are many sect within christinity.They are: 1)Latin catholic 2)Syrian catholic 3)Baptist 4)Believers church 5)Bridge of hope 6)Marthoma church 7)Pentecost church 8)Salvation army church 9)Orthodox church 10)Jacobite church 11)Roman catholic church 12)Protestan church, and 13)Presberitarian church. Each will never share their church with others. (সংগ্ৰহ) তেনেকৈয়ে ঈচলাম সকলৰো অনেক ভাগ : One koran,one allah,but there are many sect  in i...

চৰকাৰৰ বিৰুদ্ধে কোৱাতোৱেই সকলোতকৈ সহজ

Image
চৰকাৰৰ বিৰুদ্ধে কোৱাতোৱেই সকলোতকৈ সহজ কাম  । চৰকাৰ খনৰ সকলো কামেই বেয়া বা ভাল হৈছে বুলি প্ৰত্যয় নিয়াবলৈও সহজ । বর্তমান টি.ভি. -ত চলি থকা টক্ শ্ব বোৰৰ পৰা এটা কথা স্পষ্ট হয় যে তেওেঁলাকে নিজৰ বুদ্ধিৰে সমাজ বা দেশবাসীলৈ  কি বার্তা প্ৰেৰণ কৰিব বিচাৰিছে সেইটো পূর্বে নিদ্ধাৰণ কৰি লয় আৰু এংকৰ জনে সেইমতে অনুস্থানটো লৈ যোৱাৰ প্ৰচেষ্টা চলাই ৷ ক'ৰবাত বিজুতি হোৱাযেন অনুভৱ হ'লেই বাণিজি‍্যক বিৰতিৰ ব্যৱস্থা থাকে ৷ এইটো চতুর্থ স্তম্ভৰ কর্তব্যত পৰে নে নপৰে নেজানো ৷ এই তর্ক সমূহ উপভোগ কৰি থাকোতে‍  পুৰণি কথা এটা মনত পৰিল বাবে কওঁ এইখিনিতে কোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ ।  এজনে ৰামায়ণৰ ওপৰত research কৰি আছিল ।  এদিন সান্ধ্য ভ্ৰমণকৰি অতি চিৰিয়াচ হ‍ৈ খতাপাতি‍ খোজকাঢি় আহি থাকোতে এজন তৃতীয় ব্যক্তি‍ তে‍ওঁলোকৰ লগত একগোট হ'ল ৷  কথা পাতি থাকোতে প্ৰসংগ ক্ৰমে ৰামায়ণৰ ৰচক বাল্মীকিৰ বিষয়ত  কথা ওলাল । তৃতীয় ব্যক্তি গৰাকীয়ে মাজতে সোমাই ৰামায়ণ ব্যসদেৱেহে‍ লিখা বুলি অকাত্য যুক্তি ডাঙি ধৰাত লাগিল আৰু কোনো কাৰণতে research scholar জনৰ কথা শুনিবলৈ নিবিচাৰিলে ৷ শেষত res...

এটা অনুভৱ - পৰিবৰ্তনৰ

Image
এজন বন্ধুৱে লেখাটো পঢ়ি মোলৈ Msg দিলে - "বৰ সুন্দৰকৈ গম্ভীৰ বিষয়ৰ চৰ্চা কৰিছে  । খুব কম মানুহে এইদৰে লিখে । কাৰণ সমালোচনা কৰা মানেই বিৰোধী পক্ষৰ সমৰ্থক । কিন্তু আপোনাৰ  এই লেখাত সমালোচনা ও সমৰ্থন দুইটাৰে  পৰিপুষ্ট ।" আন এজনে msg দিলে -" আপুনি গেৰুৱা বাহিনীৰ অন্ধ অনুগামি নহয় বুলি জানো ৷ সেয়ে ভাল পাওঁ  ৷ সুন্দৰ ৷" ভাতৃপ্ৰতিম আন এজনে লিখিলে - "সকলোৰে বোধগাম্য হোৱাকৈ সাধৰন জনতাৰ মনৰ ভাব লিখনিত প্ৰকাশ পাইছে ককাইদেও ।" ৯০ বছৰীয়া এজন পাঠকে ফোনত হিয়া উজাৰি আশীৰ্বাদ দি নিজৰ ঠিকনা জনাই তেখেতৰ এবাৰ লগপোৱাৰ হেঁপাহ প্ৰকাশ কৰিলে । বহুতেই ফোন কৰি মোৰ বক্তব্যৰ সমৰ্থন জনালে যি মোৰ বাবে ডাঙৰ কথা । মনৰ অনুভৱবোৰ আৰু বাস্তৱ সত্যবোৰ আঁৰ বেৰ নৰখাকৈ কৈ দিয়াটো মোৰ পুৰণি  অভ্যাস ।  এই দেশৰ ভিতৰৰে এখন প্ৰদেশৰ নাগৰিক বুলিয়েই  আমাৰ সাংবিধানিক আৰু মৌলিক অধিকাৰবোৰ আন প্ৰদেশৰ জনতাৰ  সৈতে সম্পূৰ্ণ একেই । সেয়ে আমি আমাৰ সুবিধা আৰু অসুবিধাৰ কথাবোৰ পৰিস্কাৰ কৈ ব্যক্ত কৰিবলৈ দ্বিধা কৰা অনুচিৎ । দল আৰু চৰকাৰেও এই কথাবোৰ বিশ্লেষণ কৰোতে বাস্তৱৰ ছবিখন চাইহে কৰা দৰকাৰ । দীৰ্ঘ ...

চৰকাৰৰ প্ৰতিনিধি জিলাধিপতি সকলেই

Image
জিলাধিপতি সকল একপ্ৰকাৰে  চৰকাৰৰ প্ৰতিনিধি । চৰকাৰৰ সফলতা - বিফলতাৰ আধাখিনি কথা এইসকল বিষয়াৰ দূৰদৃষ্টি , তৎক্ষাণিক সু সিদ্ধান্ত গ্ৰহণ কৰাৰ সক্ষমতা , জনসাধাৰণৰ মনৰ বাৰ্তা চৰকাৰৰ সৈতে exchange কৰা , সু পৰিকল্পিত ভাবে জিলাৰ সকলো বিভাগ পৰিচালনা হোৱাটো নিশ্চিত কৰা আদিৰ ওপৰত চৰকাৰৰ সুনাম আৰু দুৰ্ণাম নিৰ্ভৰশীল  ।  এইবোৰৰ উপৰিও  সাধাৰণ মানুহৰ ব্যস্ততাপূৰ্ণ ঠাই , ব্যস্ত পথ আদিত শৃংখলা বৰ্তি আছেনে নাই , মানুহে Traffic rule ভংগ কৰি আন মানুহৰ অধিকাৰ খৰ্ব কৰিছে নেকি , শিক্ষানুষ্ঠান বোৰত কতৃপক্ষই ছাত্ৰ ছাত্ৰী সকলক শৃংখলাবদ্ধ কৰি ৰাখিবলৈ ব্যৱস্থা লৈছে নে নাই , শিক্ষানুষ্ঠানৰ সন্মুখৰ ৰাজ পথৰ যাতায়ত ব্যৱস্থা বিশৃঙ্খল হৈছে নেকি ,  বিভাগ বোৰত সাধাৰণ মানুহ বাৰম্বাৰ আহিব লগা হয় নেকি , বজাৰৰ ব্যক্তিগত পথত পাৰ্কিং ব্যৱস্থিত হৈ থাকে নে নাই , মাছ পাচলিৰ বজাৰ পৰিস্কাৰ আৰু সুলভ হয় নে নহয় , বেপাৰী সকলৰ বাণিজ্যিক বিকাশ জনস্বাৰ্থ- জনস্বাস্থ্যৰ বিপৰীতে গৈছে নেকি , পথ সমূহৰ বহন ক্ষমতাৰ অধিক হাৰত tempo, ৰিক্সা বা তেনে বাহনৰ অনুজ্ঞা দিয়া হৈছে নেকি এইবোৰ অনেক কথা লক্ষ্য কৰিবলগীয়া থাকে । এইবোৰ...

ক'ৰবাত কিবাকিবি বিজুতি হৈছে

মানুহ বোৰৰ মাজত উদ্যম হেৰাইছে নেকি ? চৰকাৰ আৰু ভোটাৰ ৰাইজৰ মাজত ক'ৰবাত কিবাকিবি সংযোগ কম হৈছে নেকি সেইটো কথা লক্ষ্য কৰিবলগীয়া হৈছে । কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সকলৰ ভিতৰত গুৰুত্বপূৰ্ণ দায়িত্বত থকা সকলে দেশৰ ১২৫ কোটি মানুহৰ ভিতৰত বিভিন্ন ধৰণে  অহৰহ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে । কিন্তু অসমত মাত্ৰ ৩.২ কোটি মানুহৰ ভিতৰত চৰকাৰে যেন সম্পৰ্ক ৰখাত ব্যৰ্থ হ'ব ধৰিছে । দেশত মোডীজীৰ চৰকাৰ অহাৰ পিছত অন্যান্য কথা বাদ দি চৰকাৰৰ দৈনন্দিন কাম জনসাধাৰণক প্ৰত্যক্ষ ভাবে অৱগত কৰাটো লক্ষণীয় । ইয়াৰ উপৰিও বিদেশ মন্ত্ৰালয়কে ধৰি কেইটামান মন্ত্ৰালয়ে জনসাধাৰণৰ অভাৱ অভিযোগ সামাজিক মাধ্যম যোগে লৈ সমাধান কৰাৰ অনেক উদাহৰণ আছে । অসমত দহজন মাত্ৰ  মন্ত্ৰী  আৰু তেওঁলোকৰ সৰহ সংখ্যক যেন  জন সম্পৰ্কিত নহয় এনে লাগে । চৰকাৰৰ পৰিকল্পনা নো কি , সৰহ সংখ্যক মানুহৰ অগ্ৰাধিকাৰ ভিত্তিক প্ৰয়োজন বোৰ পূৰণ কৰাত কি কি পৰিকল্পনা লৈছে আৰু সেইবোৰ কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ কৰিব তাৰ কোনো বাৰ্তা যেন ৰাইজৰ ওচৰলৈ অহা নাই , তেনে অনুভৱ হৈছে । এয়া মোৰ অনুভৱ নহয় , ৰাইজৰ অনুভৱ । চহৰ আৰু গাওঁ সমূহৰ পথবোৰ অতিকে দুৰৱস্থা পূৰ্ণ ...

"কাম কৰক নাম কৰক" by Mr. Diganta Baruah

Image
বন্ধুৰ কথাখিনি copy কৰি আনি থৈ দিলোঁ মোৰ ব্লগত । নিষ্কাম লোকৰ সংখ্যা  অত্যাধিকৰ শেষ ডাগ পাৰহ'লেই পঢ়িবলৈ উলিয়াই  দিব পাৰিম ।  ‌" ব্যবসায় কৰিব লাগিলে ঘৰত গাড়ী এখন লাগিবই বুলি কথা নাই। আজিৰ দিনত যাতায়তৰ সুবিধাৰ বাবে, সময়ৰ অভাবৰ বাবে বাহন এখন থাকিলে সুবিধা। কিন্তু নহলে একো কৰিব নোৱাৰি বুলিও কথা নাই। শ্ব' ৰূমৰ পৰা অনা নতুন বাইক এখন নহলেও হব। আৰম্ভণিত কিছু কষ্ট কৰিলেহে সফল হোৱাৰ পাছত পাৰ হৈ অহা কঠিন সময়খিনি সুৱৰি আনন্দ লাভ কৰিব পাৰি।  নামে যশে সফল ব্যক্তি কেইজন মানলৈ চাওক, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া চাৰ, বজাৰত বস্তা পাৰি পাছলি বিক্ৰী কৰা লোক, ডঃ নোমল বৰা চাৰ, অভাবত ডাঙৰ হৈ পথাৰত হাল বাই স্কুললৈ যোৱা লোক, এনে অনেক লোক আছে। দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা, ঘৰৰ বাৰীৰ পাছলি, পান বিক্ৰী কৰি ঘৰ চলোৱাত দেউতাকক সহায় কৰি পঢ়া লোক। আমি বোৰতো অনিল, মুকেশ আম্বানি নহয় যে ধীৰুভাইয়ে এসোপা এৰি থৈ গৈছে। কোনোবাই সুধিব, লোকক যে আপুনি উপদেশ দিছে নিজে কি কৰিলে? । উপদেশতকৈ আৰ্হি শ্ৰেয় বুলি দুআষাৰ কও। তিৰাশী চনত বিকম পাচ কৰি দুবছৰ দিল্লীত পঢ়ি যোৱাৰ পাছত বন্ধু ৰফিকৰ লগত লগ লাগি যোৰহাট গড় আলি ম...

স্মৃতিৰ মৌচাকখনৰ কিছুমান সৰু সৰু ঘৰ...

Image
            কেতিয়াবা সৰুকালৰ সৰু সৰু কথাবোৰ মনত পৰে । সৰু কালৰ বহুত কথাই আমি সময়ত পাহৰি যাওঁ । স্মৃতিৰ মৌচাকখনৰ কিছুমান সৰু সৰু ঘৰ চাগৈ শুকাই যায় । সেয়েহে সকলো কথা মনত নৰয় । যেনেকৈ আমাৰ হাতে হাতে থকা ফোনবোৰৰ  Call log- ত পুৰণি call বোৰ নাইকিয়া হৈ গৈ থাকে , তেনেকৈয়ে চাগৈ স্মৃতিৰ মৌচাকৰ সুন্দৰ মিঠা মৌবোৰৰ কিছুমান   কুঠৰি বোৰৰ পৰা অজানিতে   খালি হৈ নতুন স্মৃতিবোৰ সোমাই গৈ থাকে । প্ৰাথমিক বিদ্যালয়ত পঢে়াতেই মাৰ লগত ফুৰিবলৈ গৈছিলোঁ চুবুৰীয়া এঘৰলৈ ৷ লগত মাজু দাদা ৷ তেওেঁলাকৰ ঘৰত কথা পাতি থাকোতে মই মাক সুধিছিলো –“ মা আমাক গাখীৰপানী দিব নে নাই ইয়াত ?” নিস্কলুষ মন তেতিয়া ৷ আমাৰ ঘৰলৈ অহা আলহিক মায়ে সকলোকে চাহ-জলপান দিয়া দেখোঁ ৷ সেয়ে সুধিদিলোঁ ৷ মায়ে হয়তো বৰ লাজ পালে ৷ পিচে মানুহঘৰে বৰ আগ্ৰহেৰে আমাক চাহ-পিঠা আদি খুৱালে ৷ আমাক চাহৰ বদলি গাখীৰ দিলে ৷ কাৰণ সৰু ল’ৰা ছোৱালীয়ে চাহ নেখাই বুলিহে জানো ৷ আহিবৰ পৰত দুইটাকে দুটা পকা অমৰা দিলে ৷ মাজুদাদাই ক’লে –“বৰমা আৰু এটা দিয়কচোন, মোৰ ল’ৰা ছ...

Concept of New India - এটা প্ৰয়োজনীয় চিন্তা

Image
দেশৰ চৰকাৰৰ এটা প্ৰয়োজনীয় চিন্তা বা অতি সুন্দৰ সংকল্প হ ' ল " নৱ ভাৰত   নিৰ্মাণ " । স্বাধীনতাৰ ৭০ বছৰৰ পিছত কেন্দ্ৰই প্ৰথমবাৰৰ বাবে এনে এক সংকল্প লৈ কাম আগবঢ়াবলৈ যত্নপৰ হৈছে যি সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য । চৰকাৰ সমূহে লোৱা জনমুখী আঁচনি সমূহ ইতিপূৰ্বেও বেয়া নাছিল আৰু এতিয়াও বেয়া নহয় । তাক প্ৰয়োজনীয় দক্ষতাৰে চৰকাৰৰ আৰু ৰাইজৰ সু - নিৰিক্ষণত ৰূপায়ণ হোৱাটো নিশ্চিত কৰাটোৱেই ভাৰতৰ দৰে দেশত প্ৰধান সমস্যা   বা অন্তৰায় । কেন্দ্ৰই পূর্বতে   দেশৰ দুখীয়া জনসাধাৰণৰ কৰ্মৰ গ্যাৰাণ্টি দিবলৈ কৰা আঁচনিসমূহো নিতান্তই ভাল   আঁচনি আছিল । কিন্তু কাৰ্যক্ষেত্ৰত দুখীয়াৰ বাবে তৈয়াৰ হোৱা   এই তালিকাত ব্যৱসায়ী , চৰকাৰী - বেচৰকাৰী কৰ্মচাৰী ,   অধ্যাপক বা মৃত ব্যক্তিৰ নামো সোমাল । এইটো আঁচনিখন বা সেইখন   তৈয়াৰ কৰা কেন্দ্ৰৰ চৰকাৰ খনৰ   দোষ নহ ' বও পাৰে । কিন্তু অভ্যাস বশতঃ তেওঁলোকে ৰাজ্য সমূহক ধন আবন্তন দিওঁতে ৫-১০ % দিব লগাৰ পূৰ্বাপৰ ব্যৱস্থাই কাৰ্য ৰূপায়ণ কৰা...