জীৱনৰ যাত্ৰাত মই মোক বুজাই নহ’ল, তুমি কেনেকৈ বুজিবা !!

তোমালোকৰ সকলোৰে মোৰ প্ৰতি থকা বদ্ধমূল ধাৰণাবোৰ হয়তো ভুল । “জীৱনৰ একা-বেকা পথত সংপৃক্ত হোৱা মানুহবোৰ, পৰিবেশবোৰ বা কথাবোৰত যে অনেকে জটিলতা আছে সেইবোৰে মই ভবাৰ দৰেই সেইবোৰ সহজ সৰল নহয়”- ইত্যাদি কথাবোৰ মই গমেই নেপাও বুলি যে তোমালোকৰ মনত এটা বিশ্বাস হৈছে, ই শুদ্ধ নহয়…!!! কাষত থিয় হওঁতেই সিহঁতৰ মুখত ফুটি উঠা অভিব্যক্তিবোৰ পঢ়াৰ যে এটা অভ্যাস হ’ল, সিয়েই মোৰ জীৱনৰ মাদকতা হৈ ৰ’ল। মই বুজা উদ্দেশ্য সিহঁতে ব্যক্ত কৰা উদ্দেশ্যৰ সৈতে মিলাই চোৱাৰ বদ অভ্যাস জন্ম ল’লে জীৱনৰ চাকনৈয়াত পৰোতেই…। সেয়ে মই ময়েই ! মই মোক বুজাই নহ'ল, তুমি কেনেকৈ বুজিবা !! মই হাৰ মানি বেয়া পাওঁ, যেনেকৈ কোনোবাই জানিশুনি কৰা বা নেজানি কৰি অহা ভুলবোৰকো ভুল বুলি স্বীকাৰ কৰি বেয়া পায়.... । এয়া আমাৰ গাইগুটীয়া মানুহৰ গাইগুটীয়া স্বকীয়তা বুজিছা ! সেইবোৰ পোনাবৰ প্ৰয়াস কৰি পাৰ নেপাবা। কোনফালে বা পোন কৰিব !! ফোনতেই হওক বা মুখামুখীকৈয়ে হওক, অকস্মাৎ কোনোবা জনৰ আন্তৰিক স্নেহ সনা মাতষাৰ শুনিলেই তেওঁৰ স্ব-লাভাৰ্থে মোৰ বোকোচাত উঠাৰ হাবিয়াসক মই পূৰ্বানুমান কৰিব পাৰোঁ। তথাপিও কেতিয়াবা সেয়া প্ৰকাশ নকৰোঁ । কাৰণ তেতিয়া তেওঁৰ প্ৰ...