সপোন যদি নেথাকে, সেই ব্যক্তিৰ উত্তৰণো নেথাকে

জীৱনৰ প্ৰতিটো ক্ষণৰ সকলো ভাল বেয়াৰ মাজত একোটা যোগাত্মক দৃষ্টিভঙ্গীযে আছে সেইটো ধূৰুপ। আমাৰ জীৱনৰ অধিকাংশ সময় প্ৰকৃততে সুখৰ মাজেৰে অতিবাহিত হয় যদিও সেই সময়ৰ দীৰ্ঘতা অনুমান কৰাটো বৰ কঠিন। কাৰণ তেনে সময়ত আমাৰ আনন্দ-উৎসাহ আৰু ব্যস্ততা আদিয়ে সেই অনুমান কৰাত বাধা দিয়ে। জীৱনৰ প্ৰতিটো মূহুৰ্তত আমাৰ আকাঙ্খ্যা থাকে যে আমাৰ চৌপাশৰ বা পৰিয়াল পাৰিজনৰ বা আত্মীয় সকলৰ বা বন্ধু-বান্ধবীৰ সামাজিক-আৰ্থিক স্থিতি আমাতকৈ ওপৰত নহওক খাৰণ আমি প্ৰত্যেকেই নিজক সকলোতকৈ বেছিকৈ ভাল পাওঁ আৰু সেয়ে আন সকলো পৰিচিততকৈ আমাৰ আগস্থান প্ৰাপ্তিতৰ প্ৰতি আমি সদায়েই আকৃষ্ট হওঁ। ই মানুহৰ স্বাভাবিক বিচাৰ। আমি কাৰোবাৰ আৰ্থিক-সামাজিক প্ৰতিষ্ঠা দেখি তেনে এক খিতাপ পাবৰ বাবে সদায় মনত কামনা কৰোঁ বা সপোন দেখোঁ। ই বৰ দৰকাৰী কথা। সপোন যদি নেথাকে, সেই ব্যক্তিৰ উত্তৰণো নেথাকে। সপোন থাকিলে লক্ষ্য থাকিব আৰু তাক কাৰ্যান্বিত কৰাৰ প্ৰয়াস থাকিব। বাক্যটোত ‘অফুৰন্ত’ শব্দটো লগোৱাজনৰ মনতহে শ্ৰেষ্ঠ স্থানৰ আকাংখ্যা থাকিব। ল’ৰাটোক বা ছোৱালীজনীক ডাক্তৰ বা ইঞ্জীনিয়াৰ কৰাৰ আকাংখ্যা অনেকৰ থাকে। ল’ৰা বা ছোৱালীজনীৰ ...