শৈশৱৰ পৰা সিহঁতৰ আওঁতালৈ বগাই আহি .......

সিহঁতবোৰ আমাৰ সংসাৰলৈ অহাৰ পৰাই প্ৰতিটো দিন মোৰ ববে যেন একোটা চেলেঞ্জ। আচলতে মোৰ নিজৰ জন্মও এটা আকাংখ্যাৰ পৰিণতি আছিল। সেইটো জানিছিলোঁ মাৰ পৰা। মাহঁতৰ জীৱনলৈ অহা প্ৰথম ছোৱালীজনীক এমা-ডিমা অৱস্থােত ঈশ্বৰৰ ঘৰলৈ সেৱাৰ প্ৰয়োজনত মাতি নিলে। সেয়ে দুটা ল’ৰাৰ পিছত তেওঁলোকৰ মনত এজনী দীপলীপ কণ্যাৰ আশাই মোৰ জন্মৰ কাৰক হ’ল। সৰুতে মা-দেউতাৰ অফুৰন্ত স্নেহত ডাঙৰ হ’লেও সময়ে সময়ে এই কথাটো মাৰ মুখত শুনো। “ছোৱালীজনী গুচি নোযোৱা হ’লে..”.বুলি মায়ে এসোতা কান্দে। বিষয়টো কেনেকৈ ওলাই সেয়া মই তেতিয়া বুজিও নেপাওঁ বা ই মোৰ পৰিসৰৰ বাহিৰত আছিল। লাহে লাহে ডাঙৰ হ’লোঁ। তিনিজনৰ ভিতৰত মৰমৰ বিতৰণ এতিয়াৰ ভাষাত ক’বলৈ হ’লে এম-২০ ৰেচিও আছিল। ১ঃ১.৫ঃ৩ । পূজাত দাদাৰ বাবে দুযোৰ জোটা। ক্ৰমৰ্শঃ মোলৈ কমি যায়। ই মোৰ মনত কেতিয়াও ঈৰ্ষাৰ ভাৱ জাগ্ৰত কৰা নাছিল। এটা অতি কঠোৰ নিয়মানুবৰ্তীতাৰ মাজত ডাঙৰ হোৱাৰ বাতাবৰণে মোৰ মনত সেইবোৰ চিন্তাক স্থিতি ল’বলৈ নিদিলে। পঢ়া শুনাত মধ্যমীয়া হৈ থাকিয়েই মেট্ৰিকৰ দেওনা পাৰ হ’লো। সংগীতৰ প্ৰতি অত্যন্ত ৰাপ থকাত মাৰ দ্ৰেচিং টেবুলৰ দ্ৰোৱাৰৰ ওপৰতে মোৰ তবলা চলিছিল। কল্পতৰু অনুষ্ঠানৰ ভাল লগা গানবোৰ ৰেড...