এয়া সংগঠকৰ বিফলতা নহয় জানো??
“There is a big difference
between an individual being confused and society as a whole being
confused. If society is confused, the structure of civilization will
be weakened, which will became unfortunate for those in charge
of managing society.”
কৰ্ম জীৱনত আমি অনেক সময়ৰ অনেক খোজত দিশহাৰা হও। কি কৰা উচিৎ বা কি কৰিব অনুচিৎ আছিল,ক’ত ভুল হ’ল আৰু এতিয়া ক’লৈ গৈ আছোঁ.... ইত্যাদি। এই অৱস্থাই আমাৰ জীৱনত মতিভ্ৰম কৰাই আৰু আমি নকৰিব লগা কাম কৰি পেলাওঁ। এনে অৱস্থাই আমাৰ মানসিক ্বস্থাৰ কেতিয়াবা সন্তোলন হেরুওৱাত সহায় কৰে। এয়া আমাৰ ব্যক্তিগত জীৱনৰ কথা। সামাজিক জীৱনত কিন্তু ই এক সুকীয়া আৰু দুখজনক বিষয়ৰূপে স্থিতি লয়। বৰ্তমান সমাজৰ ৰূপ ৰেখাত এই অৱস্থাই কিন্ত সমাজৰ সংস্কাৰক নস্যাৎ কৰি দনবীয় এক অভ্যাস গঢ়াত সহায় কৰে। বৰ্তমান সমাজৰ অৱস্থাৰ পৰিবৰ্তন দেখি ভাৱ হয় যে আমাৰ কাৰ্যকৰ্তা অৰ্থাৎ সমাজক পৰিচালনা কৰোতা সকল ক’ৰবাত বিুফল হৈছে। বহুমাত্ৰিক ভাবে সমাজত কিং কৰ্তব্য বিমুঢ় মানুহৰ সংখ্যা বৃদ্ধি হ’ব ধৰিছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ সৈতে সমতা ৰাখি আমি অসমৰ দৰে সৰু প্ৰদেশ এখনেও এই দিশত খোজত খোজ মিলোৱা আৰম্ভ কৰিছোঁ। ই আমাক অতি দ্ৰুতগতিত আদিম যুগলৈ লৈ গৈ আছে য’ত ভক্ষ বা অভক্ষ বুলি কোনো কথা নাছিল !! লজ্জা আৰু তাৰ নিবাৰণৰ কথা ভবাৰ প্ৰশ্ন উদয় হোৱা নাছিল !! এতিয়া কোনোবাই ফ্ৰিজ ব্যৱহাৰ কৰে অৰ্দ্ধাঙ্গীনিক ভৰাই ৰখাৰ কামত। ধুৰমুচ্ ব্যৱহাৰ হয় স্বামীক স্বৰ্গবাস দি প্ৰেমিকক সাদৰি লোৱাৰ তাগিদাত !! কি হ’বলৈ আগবাঢ়িছে সমাজ !! এই ব্যৱস্থাক পুনঃ সুস্থ কৰাৰ প্ৰয়াস কোনে ল’ব? কোনে এনে অভাৱনীয় পৰিবেশৰ কাৰণ জনাৰ বাবে অধ্যয়ন কৰিছে ?? কাৰো সময় নাই..., সকলো কেৱল দৌৰত ব্যস্ত ...। সমাজৰ কাঠামো ভাঙি যোৱাৰ পিছত কোনো অৱতাৰীৰ আবিৰ্ভাবেও ইয়াক পুনঃবাৰ সজাই তুলিব নোৱাৰে। এয়া সংগঠকৰ বিফলতা নহয় জানো??
Comments
Post a Comment