জন্মৰ দৰে মৃত্যুও কিয় মূল্যবান !!
মৃত্যুলৈ আমি সকলোৱে ভয় কৰো নহয় জানো ? কিন্তু জন্ম আৰু মৃত্যু আন একো নহয় এটা টকাৰ দুটা পিঠি মাত্ৰ ! সৃষ্টি কৰ্ত্তাৰ জীৱৰ সৃষ্টিৰ আৰু তাক সামৰি নিয়া সময় নিৰ্ধাৰণ কৰাৰ উদ্দেশ্য আৰু ৰহস্য কোনে জানে নহয় নে ! জন্মৰ সৈতে মৃত্যু যদি নেথাকিলে হেতেন পৃথিবী খন কি হলহেতেন বাৰু ! এটা সাধুৰ যোগেদি কথাতো মোহন নৰুলা দেৱে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে - ভাল লাগিল শুনি ।
তাহানি এখন বৃহৎ সামৰাজ্যৰ ৰজা আছিল ৰঘু দেৱ । তেওঁৰ কোনো অভাবেই নাছিল কিন্তু মানুহজন সদাই বৰ চিন্তিত হৈ দুখ মনেৰে থাকিছিল । বয়স বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ আৰু বৃদ্ধি পাই গৈয়ে আছিল ।
এইবোৰ চিন্তাৰ পৰা পাৰ পাবলৈ তেওঁ এদিন তেওঁৰ ৰাজ্যৰ কাষতে থকা এখন অৰন্যলৈ গৈ এজন সন্যাসীক দেখা কৰিছিল গৈ আৰু তেখেতক সেৱা জনাই আগন্তুক মৃত্যুৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি জনাৰ ইচ্ছা কৰি তাৰ উপাই শুধিছিল । তেওঁ আৰু শুধিছিল যে মৃত্যুৰ পৰা ৰক্ষা পাবলৈ কিবা বনৌষধি আছে নেকি ? ৰজা জনৰ প্ৰশ্ন শুনি সন্যাসী জনে বৰ সহজ ভাবে তাৰ বিধান হিচাবে কৈছিল - " হে মহাৰাজ, আপোনাৰ সোঁফালে দেখা সৌ পৰ্বত দুটা পাৰ হ'লেই এখন বিল পাব । আপুনি যদি তাৰ পানী খাই আপুনি আপোনাৰ সম্ভাব্য ভৱিষ্যত মৃত্যুৰ পৰা চিৰ দিনৰ কাৰণে ৰক্ষা পাব "। এই বুলি কৈ সন্যাসী জনে চকু মুদি ধ্যানত বহিল আৰু ৰজা জনেও তেওঁ বিচৰা সমস্যাৰ সমাধান পাই আনন্দিত হৈ পদব্ৰজে সেই পৰ্বতৰ দিশে খোজ লৈছিল ।
দুটা পৰ্ব্বত পাৰ হৈ গৈ ৰজা জনে সন্যাসী জনে কোৱা বিল খনৰ কাষ পাইছিল গৈ । লৰা লৰিকৈ দুহাতেৰে একাজলী পানী লৈ খাব খোজোতেই তেওঁৰ কানত কোনোবাই উচুপি কান্দি থকাৰ শব্দ শুনিবলৈ পাইছিল । লগে লগে ৰজাই পানী খোৱা এৰি কাষতে বালিত পৰি থকা অতি দুৰ্বল বৃদ্ধ মানুহ এজনক দেখি তেওঁৰ কাষ পালেগৈ আৰু কিয় কন্দা কতা কৰি এনেকৈ বালিত পৰি আছে শুধিছিল গৈ ।
ৰজাৰ প্ৰশ্নৰ উত্তৰত বৃদ্ধ জনে কৈছিল - " মই এই বিলৰ পানী খাই অমৰ হ'লো । মই এই দুৰ্বল শৰিৰেৰে যেতিয়া এশ বছৰ বয়স কেতিয়াবাই অতিক্ৰম কৰিলো মোৰ মৰমৰ পুত্ৰই খং কৰি মোক ঘৰৰ পৰা বাহিৰ কৰি দি এই বিলৰ পাৰত বহু বছৰ আগতে এৰি থৈ গৈছিল ! এদিন মোৰ পুত্ৰৰ বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছিল আৰু আজি মোৰ নাতি লৰা দুটাৰ বয়সে প্ৰায় আশী বছৰ অতিক্ৰম কৰিলে ! মই খোৱা বোৱা কেতিয়াবাই বাদ দিলো কিন্তু এই বিলৰ এদিন এচলু পানী খোৱা কাৰণেই আজিও মৰিব পৰা নাই !!!"
কথা শুনি ৰজা জন বৰ চিন্তিত হৈছিল । তেওঁ ভাবিছিল " কি লাভ এনেকৈ গভীৰ বাৰ্ধক্যৰ কৰাল গ্ৰাসত চট ফটাই জীয়াই থকাৰ !!!" সেয়ে তেওঁ লগে লগে গভীৰ অৰন্যৰে আবৃত্ত দুটা পৰ্বত অতিক্ৰম কৰি লৰা লৰিকৈ ঘুৰি গৈ তেওঁক পৰামৰ্শ দিয়া ঋষি জনৰ কাষ পাইছিল গৈ আৰু সুধিছিল - " হে ঋষিবৰ মই কেনেকৈ সদাই ডেকা হৈ থাকি অমৰত্ব লাভ কৰিব পাৰিম ?"
ৰজাৰ প্ৰশ্ন শুনি তেওঁ লগে লগে কৈছিল " এতিয়া আপুনি দেখি অহা বিলখন পাৰ হ'লে এটা ডাঙৰ পৰ্ব্বত পাব । সেইতো পাৰ কৰিলে এখন মুকলি ঠাইত এজোপা গছত হালধীয়া ফলেৰে ভৰি থকা দেখিব। তাৰ এটা ফল খালে আপুনি চিৰ দিনৰ বাবে ডেকা হৈ থাকিব আৰু অমৰ হ'ব "।
ৰজা জনে লৰা লৰিকৈ গৈ ঋষিজনে কোৱাৰ দৰে হালধীয়া ফলেৰে ভৰি থকা সেই গছজোপা পাইছিল গৈ । কিন্তু অকণো সময় নষ্ট নকৰি তাৰ এটা ফল চিঙি খাবলৈ লওঁতেই ওচৰতে কেইজনমান ডেকাই চিঞৰ বাখৰ কৰি কাজিয়া কৰি থকা দেখি তাহাঁতৰ ওচৰলৈ গ'ল আৰু কিয় সেইদৰে হুলস্থুল কৰিছে সুধিছিল ।
প্ৰশ্ন শুনি তাৰে এজনে ক'লে " মোৰ বয়স ২৫০ বছৰ আৰু ই মোৰ ককাইদেউ আৰু ইয়াৰ বয়স ৩০০ বছৰ । ই মোক আজিলৈকে মোৰ পৈতৃক সম্পত্তিৰ ভাগ দিয়া নাই ।" তেতিয়া ৰজাই ককায়েক জনক শুধিছিল তেওঁ ভায়েকজনক কিয় তেওঁৰ প্ৰাপ্য সম্পত্তি দিয়া নাই । উত্তৰত ককায়েকে তাত উপস্থিত ৩য় জন ডেকালৈ আঙুলীয়াই কৈছিল " মহাৰাজ এওঁ মোৰ দেউতা, যাৰ বয়স এতিয়া ৩৫০ বছৰ কিন্তু তেখেত এতিয়াও ডেকা হৈয়ে আছে আৰু সেয়ে আমাক লৰা কেইটাক তেখেতৰ সম্পত্তিৰ ভাগ দিয়াই নাই গতিকে মই ইয়াক ক'ৰ পৰা দিম ?"
ৰজাই ৩য় জন ব্যক্তিক একেতা প্ৰশ্নকে কৰাত তেওঁও উত্তৰ দিছিল " এই গছৰ ফল খাই সৌজন মোৰ দেউতাৰ বয়স এতিয়া ৪০০ বছৰ কিন্তু তেওঁ ডেকা হৈ থকাত সম্পত্তিৰ ভাগ আজিও কৰা নাই গতিকে আমি পিচৰ প্ৰজন্মই কি কৰিম ?"
মানুহ কেইজনৰ কথা শুনি ৰজাজন স্তম্ভিত হৈ বহু সময় এনেয়ে তাত ৰৈ আছিল ! লাহে লাহে তেওঁ তাৰ পৰা ঘুৰি আহি আকৌ সেই ঋষি জনৰ কাষ পাইছিল হি আৰু নতশিৰে প্ৰনাম জনাই তেখেতক কৈছিল - " প্ৰভূ আজি আপুনি মোক সময় অনুসাৰে অহা মানুহৰ জীৱনৰ বাৰ্ধক্যৰ আৰু মৃত্যুৰ মূল্য আৰু আৱশ্যকতাৰ যি জ্ঞান দিলে তাৰ বাবে ধন্যবাদ জনাইছো ! "
ৰজাৰ কথা শুনি ঋষি জনে ৰজাক আৰ্শীবাদ দিছিল আৰু কৈছিল " হে ৰাজন, মৃত্যু আছে বাবেই এই পৃথিবীত মৰম চেনেহ আছে । গতিকে জীৱনত মৃত্যুৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰাতকৈ জীৱনৰ প্ৰতিতো মুহুৰ্ত আনন্দৰে পাৰ কৰিবলৈ শিকক, যি পালে তাতে সন্তোষ্ট হওক, নিজক পৰিবৰ্ত্তন কৰক - পৃথিবীখন নিজে নিজে আপুনি বিচৰা ধৰনৰ হৈ পৰিব "।
ঋষি জনে আকৌ কৈছিল -- "
১) আপুনি ঘৰতো যদি গাধোৱা সময়ত ভগৱানৰ নাম লয় আপোনাৰ স্নান গংগাস্নানৰ নিচিনা হ'ব ।
২) খোৱাৰ আগত যদি ভগৱানৰ নাম লয় তেতিয়া সেই খাদ্য প্ৰসাদ হৈ পৰিব,
৩) আপুনি যদি কোনো যাত্ৰাৰ সময়ত ভগৱানৰ নাম লয় আপোনাৰ সেই যাত্ৰা তীৰ্থ যাত্ৰা সদৃশ হ'ব ।
৪) খাদ্য প্ৰস্তুত কৰা সময়ত ভগৱানৰ নাম ললে সেই খাদ্য প্ৰসাদ হৈ পৰিব ।
৫) শোৱাৰ আগত যদি ভগৱানৰ স্মৰন কৰে ভাল টোপনি নিশ্চয় আহিব ।
৬) কোনো কৰ্ম্ম আৰম্ভ কৰাৰ আগত যদি ভগৱানৰ নাম লয় আপোনাৰ সেই কৰ্ম্ম ভগৱানৰ সেৱা সদৃশ হ'ব ।
৭) নিজৰ ঘৰতে যদি পূৱা গধূলি আপুনি ভগৱানৰ স্মৰন কৰে সেই ঘৰখন মন্দিৰ সদৃশ হৈ পৰিব ।
গতিকে বেলেগে আৰু ঈশ্বৰক বিচাৰি ক'তো যোৱাৰ আৱশ্যকতা নেথাকে আপোনাৰ । আপুনি সদাই ভাবিবলৈ চেষ্টা কৰিব যে সকলো তেওঁৰে - মই নিমিত্ত মাত্ৰ । তেতিয়া আপোনাৰ আৰু জীৱনত দুখ কেতিয়াও নেথাকে ।"
ৰঘু দেৱ নামৰ ৰজা জনে সেইদিনা ঋষি জনৰ পৰা মনুষ্য জীৱনৰ সুখৰ বাবে অতি মূল্যবান শিক্ষা লাভ কৰি বৰ আনন্দ মনেৰে তেওঁৰ ৰাজ্যলৈ ঘুৰি আহিছিল আৰু জীৱনৰ বাকী দিন কেইটা বৰ আনন্দৰে পাৰ কৰিছিল ।
সচাকৈয়ে জীৱনৰ তাত্পৰ্য্য বুজা বৰ কঠিন । ভগবান প্ৰদত্ত মায়া মোহে আমাক সত্য অনুভব কৰিবলৈ সহজে নিদিয়ে কাৰণেই সকলো পায়ো আমি সুখী হ'ব নোৱাৰো !!
(যুগ্ম প্ৰয়াস-শ্ৰী মহেশ্বৰ মহান্তি আৰু ড° প্ৰণৱ কুমাৰ বৰুৱা)
১৫ চেপ্তেম্বৰ ২০২৪
Comments
Post a Comment