আমিয়েই সমাজৰ Most Idiot and Stupid person

"মা" গুৱাহাটীলৈ গৈ বাথৰুমত পৰি ককালটো ভাঙিছিল ১৯৯৪ চনত । GMCH ত ৪৫ দিন থাকিল । ডাক্তৰ অনিল মহন্ত ছাৰে অস্ত্ৰোপচাৰ কৰিলে । মই তেতিয়া ৰঙিয়াত কোম্পানীৰ চাকৰি কৰো । দুজন দাদা চৰকাৰী চাকৰিত যোৰহাটত থাকে । মোৰ  দীৰ্ঘ দিনৰ ছুটি দেখি  কনিষ্ঠ সহকৰ্মী এজনে মোক এদিন  ক'লে "আপোনাৰ কি দৰকাৰ লাগি থাকিবলৈ ?" মই তেতিয়া আচৰিত হৈ তেওঁলৈ চাই অজানিতে কৈ পেলাইছিলো - "আপোনাৰ কি দৰকাৰ??"
আজি তেওঁৰ কথাৰ অৰ্থটো  বুজিলোঁ । আজি বুজিলোং , মই আৰু মোৰ বাহিৰে বেলেগ চিন্তা কৰা মানুহ কেইটাই সমাজৰ  Most Idiot and Stupid person , হাঃ হাঃ হা

বিশ বছৰৰ আগত দেউতা অসুস্থ হৈছিল । যোৰহাটত চৰকাৰী ডাক্তৰ মান্যবৰ শ্ৰীযুত  Kartik Baruah ছাৰৰ চিকিৎসা লৈছিল । Hemoglobin 5% হ'ল । মাত কথা প্ৰায় নাই । মই তেতিয়া ৰঙিয়াত চাকৰি কৰো । মোক ঘৰৰ পৰা খবৰ দিলে দেউতাৰ serious  । আহি দেখোঁ দেউতাৰ ভৰি হাত বোৰ ফুলি গৈছে বেয়াকৈ । টিপি দিলে গাঁত হৈ যায় । ঘৰৰ সকলোৱে দেউতা দুই এদিনতে যাব বুলি নিশ্চিত । মই  বৰুৱা ছাৰৰ ওচৰলৈ গ'লো । তেখেতে immediately  6 unit মান blood দিয়াৰ কথা লিখিছিল । সেই সময়ত আজিৰ দৰে blood bank নাই । আৰু সিমান খিনি কৰি লাভ হ'ব বুলি ঘৰত  কোনেও বিশ্বাস কৰা নাই ।  মই তেখেতৰ লগত আলোচনা কৰি যোৰহাটৰ অসামৰিক চিকিৎসালয়ত এটা কোঠা ঠিক কৰিলোঁ । লগৰ পূৰণি মাৰোৱাৰী বন্ধু বিচাৰি চিল্কালয় পালোঁ । তাতে অজয়ে ক'লে গড় আলিৰ gift house ৰ মালিকৰ লগত কথা পাত । সিহঁতৰ ব্লাড ডনাৰ থাকে । গ'লো । তেওঁ ব্ৰডৱে হোটেলৰ মালিক Josbir Sing ৰ ওচৰলৈ পঠালে । Josbir দাই বহুত দিনৰ মূৰত পাই ভাল বেয়া খবৰ লৈ শেষত মোৰ কথা শুনি কি group শুধিলে আৰু  টান মাৰি ডাঙৰ বহী এটা উলিয়াই তিনিজনৰ নাম ঠিকনা ফোন নম্বৰ দি ক'লে যে "ঘৰলৈ যাবা কিন্তু , ফোন নকৰিবা । কাৰণ তেখেতে তোমাক তেজ  দান দিব । সেয়ে with due respect বুজিছা ?" পিছ দিনা দেউতাক চিকিৎসালয়ত ভৰ্তি কৰালো আৰু প্ৰথম জন দান দিওঁতা আছিল যোৰহাট পেৰাডাইজৰ মালিক, বিশিষ্ট  স্থপতিবিদ শ্ৰীযুত মৃদুল বেজবৰুৱা । পাঁচটা দিনত পাঁচটা unit blood লৈ দেউতা খোজ কাঢ়িব পৰা হ'ল । সিদিনা ৯৪ ত সোমাল । দেউতাৰ জীয়াই থকাৰ হেপাঁহ আৰু মোৰ সাংঘাতিক বিশ্বাসৰ বাবেই  আজি কাহানিও নেদেখা  সৰু শিশুৰ দৰে দুয়োৰে লাখুটি যুদ্ধ চাই আছোঁ । মই এবাৰলৈ যদি বিশ্বাস হেৰুৱাই দিলো হেতেন বা "মোৰ কি দৰকাৰ বুলি ভাবি ৰৈ দিলোঁ হেতেন ?? যোৱা বিশটা বছৰ তেওঁৰ  বাৰ্ষিক কৰ্ম কৰি থাকাৰ সুযোগ পালোঁ  হেতেন । আজু নাতিয়ে আজু ককা কি নেজানিলে হেতেন ।
যি পাওঁ কাম নেথাকিলে তাকেই পঢ়াৰ বেয়া  অভ্যাস মোৰ ডেকা কালৰ পৰাই আৰম্ভ হৈছিল  । ISKCON ৰ কিতাপ এখনত মানুহৰ জীৱনবৃত্ত ছবি সহ বিশ্লেষণ পঢ়ি দেউতা-মাৰ বাঢ়ি অহা বয়সৰ চেহেৰাটো  নিজৰ মুখত দেখাপোৱা যেন লগা হ'ল । দেউতাৰ ডেকা কালৰ ছবিখন মোৰ তেতিয়াৰ চেহেৰাৰ সৈতে সম্পূৰ্ণ একেই আছিল । কিতাপখনৰ বিশ্লেষণ আৰু এই পৰিবৰ্তনৰ বাস্তৱ ৰূপ দেখি  মোৰো তেওঁলোকৰ প্ৰতি সেৱাত শ্ৰদ্ধা আৰু সন্তুষ্টি বাঢ়ি আহিল । অনুভৱ হ'ল - মইও ঘড়ীৰ কাটাৰ লগত আগবাঢ়ি গৈ আছোঁ নিশ্চিত সময়লৈ ....

সেয়াই জীৱনৰ আমেজ । বাকী আন জীৱ সকলৰ দৰে জীৱনটো উপভোগ কৰাত জীৱ শ্ৰেষ্ঠত্ব ক'ত ??

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?