ত্যাগৰ মনোভাৱ অবিহনে দেশ সেৱা সম্ভৱ নহয়
গুৰু পূৰ্ণিমাৰ দিনত ভগৱদ্ধজক প্ৰণাম কৰি ঃ
বিশ্বৰ সৰ্ববৃহৎ সংস্থা এটাৰ সৈতে সুদীৰ্ঘ ৩৩ বছৰ সংযুক্ত থাকি কেইটামান কথাত নিশ্চিত হ'লো । চৰকাৰে কোনোবা মানুহৰ উন্নতিৰ বাবে অহৰহ বিভিন্ন সামগ্ৰী বিনামূল্যে বিতৰণ কৰি তেওঁলোকৰ উন্নতি সাধন কৰিব নোৱাৰে । যোৱা ৭০ বছৰে কম্বল-আঠুৱা-সূতা পোৱা কিমান মানুহৰ আমি উন্নতি হোৱা দেখিছো ? এনৰেগা -মেনৰেগাৰ সুন্দৰ আঁচনিক নস্যাৎ কৰি হকে বিহকে যোগ্য অযোগ্য লোকৰ মাজত ধন বিতৰণ কৰি কৰ্মৰ প্ৰতি অনিহা সৃষ্টি কৰাই নহয়, কৰ্ম কৰাৰ বাবে মানুহ আমদানি কৰিবলগীয়া হ'ল । এই ব্যৱস্থাই সমগ্ৰ ভাৰতত কৰ্ম বিমুখ মানুহৰ সৃষ্টি কৰিলে । অন্তৰালত চৰকাৰী দলৰ মানুহৰ অবৈধ উপাৰ্জন । দেশৰ সাধাৰণ দুখীয়া মানুহৰ কাৰ কিমান উন্নতি হ'ল তেনে ? মানুহক ৰাষ্ট্ৰই সদায় কৰ্ম মুখী কৰিব লাগে । নিজৰ উন্নতিৰ যোগেদি ৰাষ্ট্ৰক সবল কৰাৰ সেইটো সঠিক উপায় । " যাচি দিয়া সোণৰ মূল্য নায় ।"
১৯৮৩ চনত আছুত থাকোঁতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেই সময়ৰ যোৰহাটৰ বিস্তাৰক শ্ৰীমথুৰ বৰ্মনক লগ পালোঁ । তেওঁৰ বহুবাৰৰ আমন্ত্ৰণ নেওচিব নোৱাৰি এদিন কাৰ্যালয় গ'লো । সেয়াই আৰম্ভণি । তাৰ পিছত বিভিন্ন কাৰ্যসূচীত মাতে আৰু যাওঁ । লাহে লাহে ভিতৰৰ কথাবোৰ পঢ়ি, শুনি দেখিলো যে এইটোৱেই এটা অনুষ্ঠান য'ত দেশৰ সেৱাৰ বাবে মানুহে নিজৰ পকেটৰ ধন খৰছ কৰি আহে । তাতেই লগ পালোঁ সংঘৰ প্ৰচাৰক প্ৰয়াত মধুকৰ লিমায়ে । তেখেত Double MA আৰু অংক শাস্ত্ৰত Gold medalist । লগপালোঁ শ্ৰীযুত গৌৰী শংকৰ চক্ৰৱৰ্তী, শ্ৰীযুত শশীকান্ত জী , প্ৰয়াত শান্তাৰামজী , ইত্যাদি অনেকজন অতি শিক্ষিত সংঘৰ প্ৰচাৰক । বিভিন্ন দায়িত্বৰ প্ৰচাৰক সকল সংসাৰ ত্যাগী হৈ আজীৱন দেশৰ সেৱাত সাধাৰণ জীৱন যাপন কৰা একোজন সংস্কাৰযুক্ত ব্যক্তি । তেওঁলোক বিভিন্ন ঠাইত ভ্ৰমণ কৰি ফুৰোতে খোৱা বোৱাৰ ব্যৱস্থা সদায় কোনোবা নহয় কোনোবা স্বয়ংসেৱকৰ কৰা হয় । সেই সুত্ৰে আমাৰ পৰিয়ালৰ মা দেউতা প্ৰমুখ্যে প্ৰতিজন সদস্যৰ লগত মধু ককা , বা শশীজী , গৌৰী দা , পূজনীয় কৃষ্ণ গোপালজী শৰ্মা , পূজনীয় Mahendra Pal Sharma , Narendra Kumar Singh , বৈষ্ণৱ পণ্ডিত পূজনীয় দয়াল কৃষ্ণ বৰা , পূজনীয় শংকৰ দাস দাদা আদি অনেক জনৰ অতি মধুৰ সম্পৰ্ক হৈছিল আৰু আছে । ১৯৮৪ চনত সংঘৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক (যাক সংঘত সৰকাৰ্যবাহ বুলি কোৱা হয়) পৰম পূজনীয় ৰাজেন্দ্ৰ সিংহ (ৰাজু ভাইয়া) ৰ যোৰহাটত কাৰ্যক্ৰম হয় । আৰু তেখেতৰ থকাৰ ব্যৱস্থা আমাৰ ঘৰত হয় । পণ্ডিত প্ৰৱৰ ৰাজু ভাইয়া মই জনাত এলাহবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আছিল । এইটো মোৰ জীৱনৰ বাবে এটা স্মৰণীয় ঘটনা আছিল । ইমান ডাঙৰ মানুহ এজন আমাৰ দৰে সাধাৰণ পৰিয়াল এটাত অতি সীমিত ব্যৱস্থাত থাকি খাই , সকলোৰে লগত কথা হৈ যোৱাৰ ব্যৱস্থা কোনো অনুষ্ঠানত আছে নে নাই মই নেজানো । সংঘৰ এই ব্যৱস্থাই মোক জীৱনলৈ আকৃষ্ট কৰি পেলালে ।
ইমান উচ্চ শিক্ষিত জেষ্ঠ ব্যক্তি সকল নিজৰ Head quarter ত সাধাৰণ একোখন ডৰিত শুই , সাধাৰণ খাদ্য , সাধাৰণ পোচাক আৰু নিজৰ সকলো কাম নিজেই কৰি কেনেকৈ থাকে সেই কথা সদায় ভাবো । কোনো ধৰণৰ লোভ মোহ বৰ্জিত হৈ কেৱল দেশৰ সেৱাত ব্ৰতী হোৱা এই সকল চিৰ নমস্য ব্যক্তিৰ যিকোনো কথাই আদেশ বুলি গ্ৰহণ কৰাৰ অভ্যাস হ'ল । সদ্য প্ৰয়াত পৰম পূজনীয় সংস্কৃত পণ্ডিত ডক্টৰ শিৱ আচাৰ্য দেৱৰ লগত বিভিন্ন বিষয়বস্তুত নিশা এডোখৰলৈকে কথা হওঁ । মুম্বাইত চিকিৎসা লৈ থকাৰ সময়ত মোক message দিয়ে " প্ৰমথদা , অলপমান দিন থাকিম বুলি ভাবিছোঁ । ভাল পাইছো ।"
এইযে জীৱনৰ সকলো সুখ ত্যাগ কৰি নিস্বাৰ্থ ভাৱে দেশৰ মংগল চিন্তা কৰা হেজাৰ হেজাৰ প্ৰচাৰকে হেজাৰ হেজাৰ নৱ প্ৰজন্মৰ লোকক প্ৰস্তুত কৰাৰ কাম অহৰহ কৰি আছে সেইটো বোধকৰোঁ ক'তো পোৱা নেযাব । সমগ্ৰ দেশত সংঘৰ আদৰ্শত বিদ্যালয় মহাবিদ্যালয় চলিছে , ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় সংস্কাৰ আৰু স্বাভিমান লৈ ভাল ফল সহ ওলাই আহিছে । তেওঁলোকে এদিন এই দেশৰ বিভিন্ন স্তৰত সেৱা আগবঢ়াব । সংঘক বাহিৰৰ পৰা গেৰুৱা দেখা সকলে সংঘ কি জানিবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব । ১৯২৫ চনৰ পৰা পদ্ধতিগত ভাৱে কাম কৰি আজিৰ দিনত দেশক দুজনকৈ প্ৰধানমন্ত্ৰী দিবলৈ সক্ষম হোৱা সংঘৰ কোনো প্ৰচাৰকৰ জীৱন শৈলীৰ পৰিবৰ্তন হোৱা নাই আৰু হয়তো নহ'ব ।
মানুহক কৰ্ম কৰি , কষ্ট আৰু ত্যাগ কৰি দেশৰ কাঠামো মজবুত কৰিবলৈ অভ্যাস কৰাব লাগিব । তেহে দেশ পৰম বৈভৱশালী হ'ব ।

বন্ধু ইমান ভিতৰুৱা কথা মইও জনা নাছিলো। মোৰ বোধেৰে এই পৰিক্ৰমাৰে আগবঢ়া লোকৰ সংখ্যা আমাৰ ৰাজ্য খনত কম হোৱাত আমদানিকৃত লোকেৰে এখন চৰকাৰ গঠন কৰাত এক বৃহৎ আদৰ্শগত সংঘাত হৈছে। এই সংস্কাৰ অধিক ব্যাপক ৰূপত আগবঢ়াই নিয়াৰ জৰুৰী আৰু একান্ত প্ৰয়োজন আছে।
ReplyDelete