ৰাইজৰ আগত আত্ম সমৰ্পণ কৰক , ক্ষমা পাব
মানুহে নিৰ্দিষ্ট কৰা ভৌগোলিক সীমাৰ ভিতৰত আমি সকলো মানুহৰ সমষ্টিয়েই #দেশ । তাক আমি বঢ়াব-কমাব পাৰোঁ । আন জীৱ সকলক দেশ বুলিবলৈ কোনো সীমাৰ প্ৰয়োজন নাই আৰু সেয়ে কাটা তাঁৰৰ বেৰা বা অন্যান্য ব্যৱস্থাৰ প্ৰয়োজন নাই । সামূহিক সা সুবিধা আৰু অধিকাৰ সাব্যস্ত কৰি শান্তিপূৰ্ণ ভাৱে ভগৱান প্ৰদত্ত মানৱীয় গুণ- গৰিমাৰ বিকাশ ঘটাবৰ সুবিধাৰ বাবেই আমি জন সমষ্টি সমূহে সমাজ -ৰাজ্য-দেশ পাতি বাস কৰোঁ । সেয়ে চিন , আমেৰিকা বা জাপানৰ তুলনাত মোৰ দেশ উৎকৃষ্ট - সেই চিন্তা সকলোৱে মনত ৰাখি চলিব লাগিব । সকলোৱে বুলি কওঁতে কঠিয়া পৰা শ্ৰমিক জনৰ পৰা এবছৰত ৫০০০ গুণ সম্পদ বৃদ্ধিৰ হাবিয়াস কৰা মন্ত্ৰী জনলৈকে ।
যাৰ মনত ৰাষ্ট্ৰীয়তাবোধতকৈ অধিক গুৰুত্ব বৈষয়িক আৰু ইন্দ্ৰীয় সুখভিত্তিক হ'ব , তেওঁ এবাৰলৈও নিজৰ ৰাষ্ট্ৰীয় চিন্তাক প্ৰাধান্য দিব নোৱাৰে । দল নিৰ্বিশেষে আমি প্ৰতি বিষয়বস্তুত নিজৰ মাজত খিয়লা-খিয়লী কৰাতকৈ সমাজৰ কল্যাণত নিজৰ বিচাৰ ধাৰাৰেই কাম কৰাত কি অসুবিধা ?? আগৰ চৰকাৰৰ দিনত বিজুলীৰ তাঁৰত লাগি ১০ জন লোকৰ প্ৰাণ গৈছিল বুলিয়েই মোৰ চৰকাৰৰ দিনত ৫ জনৰ প্ৰাণ যোৱাটো স্বীকৃতি দিয়া উচিত , নে এজনো মানুহ আৰু এটাও পশুধনৰ ক্ষতি নোহোৱাৰ গৌৰৱ কৰিবলৈ পোৱাৰ যত্ন কৰা উচিত ? শেষৰটোহে কিন্তু ৰাষ্ট্ৰীয়তাবোধ , যাৰ বাবে মই কষ্ট স্বীকাৰ কৰিব লাগিব , ৰাষ্ট্ৰ কল্যাণৰ চিন্তা চৰ্চাত দুব যাব লাগিব । মই এইটো এটা উদাহৰণতহে কৈছোঁ , কোনো নিৰ্দিষ্টৰ প্ৰতি আক্ৰোশত কোৱা নাই ।
আমি সকলো বিভাগ বিষয়ৰ তুলনাবোৰ পূৰ্বৰ জনৰ লগত নকৰি অতি উন্নত দেশৰ লগত কৰিব নোৱাৰোনে ? ধৰিললো আমেৰিকাৰ কৃষি ৰপ্তানিৰ তুলনাত আমাৰ দেশৰ ৰপ্তানি এইবাৰ ২% বেছি হৈছে । সেইটো আমাৰ গৌৰৱ হ'ব । কিন্তু চৰকাৰী বীজত জিকাৰ ঠাইত ভোলৰ উৎপাদন হোৱাৰ খবৰটো আমাৰ বাবে গৌৰৱ হ'বনে ? আকৌ ধৰক , অসমৰ পৰা এইবাৰ বিগত ৩০ বছৰৰ তুলনাত ২০% বেছি যুৱক যুৱতীয়ে IAS পাবলৈ সক্ষম হ'ল । সেইটো শিক্ষা বিভাগৰ গৌৰৱ হ'ব । কিন্তু উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ এবছৰৰ সম্পদ আহৰণনতকৈ অসমৰ মন্ত্ৰীৰ সম্পদ আহৰণ ২০০০% বেছি হ'লত কি গৌৰৱডাল থাকিব ?? সেইটোত মানুহ জনৰ ৰাষ্ট্রীয়তাবোধ (-) ২০০০% হে বুজিব । আৰু দেশ.... অধঃপাতে যাব ।
কংগ্ৰেছ , বিজেপি , বামদল সমূহ , আঞ্চলিক দল সমূহ সকলোৰেই দেশৰ প্ৰতি নিঃস্বাৰ্থ চিন্তা থাকিলে এই দেশৰ সমান শক্তিশালী দ্বিতীয় এখন দেশ পৃথিৱীত নোলাব । প্ৰত্যেক দল আৰু দলৰ কৰ্মীৰ মুখ্য চিন্তা সমাজ আৰু দেশৰ কল্যাণ হওঁক , চৰকাৰ চৰকাৰৰ মাজত তুলনা নহওক । ই এটা সুস্থ বাতাবৰণ তৈয়াৰ কৰিব । সমাজক একত্ৰিত কৰক আপোনালোকে , খণ্ডিত নকৰিব । তাকে কৰিব পাৰিলে আঁতৰৰ প্ৰয়োজন নহ'ব , আত্মীয়ৰ বলেৰে জিলিকি উঠিব । #আপোনাৰ তাত থাকোতে #ৠষি আৰু #তেওঁৰ তাত আহোতে #চোৰ হোৱাৰ সেই কৌতিকলিয়া ৰাজনৈতিক কৌশল এৰক । ৠষিক ৠষিৰ স্থানত আৰু চোৰক চোৰৰ স্থানত নিঃশংকোচ প্ৰক্ষেপ কৰক । লাগিলে নিজেও ৰাইজৰ আগত আত্ম সমৰ্পণ কৰক , ক্ষমা পাব । এট নতুন পদ্ধতিৰ ৰাজনৈতিক ধাৰা আৰম্ভ কৰকচোন সকলোৱে । চাওঁক কেনি গতি কৰে ।
চুবুৰীটোৰ সামগ্ৰীক উন্নতি মোৰো ব্যক্তিগত উন্নতি । কাৰণ ময়ো তাৰ এজন সদস্য হোৱাতহে উন্নতিৰ পাৰাস্তম্ভৰ উত্তৰণ হৈছে । সেইটো ভাল ৰাষ্ট্ৰীয়তাবাদী চিন্তা হওঁক সকলোৰে ।
"Nationalists are quite noble in their intentions, even if they believe their nation is better than others. They are only working towards bettering their nation, and isn't this the end goal of all nations anyway?"

সুন্দৰ লিখনি
ReplyDeleteলিখনিটো কপি কৰিছো দেই ৷
ReplyDelete