দেশৰ মান্যবৰ সকলৰ কেলেংকাৰী !!

ক'ত ক'ত কেলেংকাৰী নাছিল সেইটোহে  বিচাৰ্য বিষয় হ'বগৈ । মানুহ গঢ়াৰ অনুষ্ঠান বিশ্ববিদ্যালয় । য'ত  ১০ টকা Retail ত পোৱা CD (22 টকা নহয়) ২৮ টকাৰে ক্ৰয় কৰাৰ শিক্ষা দিয়ে !!  এনে উচ্চ শিক্ষাৰ অনুষ্ঠান ওলাব য'ত দুবছৰ আগত চৰকাৰী ফাণ্ডেৰে নিৰ্মাণ হোৱা ঘৰ RUSA ( Rashtriya Uchchatar Shiksha Abhiyan) ৰ পৰা পোৱা অনুদানত Utilization Certificate দিয়ে ।   এই সকল শিক্ষাৰ ঠিকাদাৰ । ছিঃ , ঘৃণাত নাক কোচখাই গৈছে ।

যোৰহাটত IAS প্ৰশিক্ষণৰ প্ৰতিষ্ঠান "বৰঠাকুৰ IAS একাডেমী"  চলোৱা প্ৰাক্তন IAS বিষয়াজন দুৰ্নীতিৰ কেলেংকাৰীত জেল হাজোতত !!

আৰু দেশৰ প্ৰশাসনৰ দণ্ডিকা উপযুক্ত লোকৰ হাতত দিবৰ বাবে দায়িত্ব দিয়া মহা দুৰ্নীতিৰ নায়ক ৰাকেশৰ পৰীক্ষা পতাৰ নমুনা এয়া ।

এই সমস্ত কাৰ্য্য চাই এই দেশৰ উন্নতিকল্পে  কোন ভদ্ৰলোকে কি আশা কৰিব পাৰে  কওঁক !  এটা অতি দুৰ্দান্ত দুৰ্নীতিকাৰী চক্ৰৰ হাতত দেশৰ ক্ষমতাৰ বাঘজৰী দীৰ্ঘ দিনলৈ  দি আজি সীমাহীন তদন্তত চৰকাৰ ব্যস্ত । কাক বিশ্বাসত লৈ কোনে তদন্ত কৰিব এতিয়া ? মোৰ দৰে হোজা ঘটিৰাম বাটিৰামে এইবোৰ কথাৰ বুজ পোৱা টান ।

আন বিশ্ববিদ্যালয়ৰ বিষয়েও শুনি আছো বহুতো । চৰকাৰে কেতিয়া কেনেকৈ সেইবোৰ পৰীক্ষা কৰে আৰু মান্যবৰ সকলৰ কোন ক'ত পৰে তালৈ অপেক্ষা কৰি ৰ'লো । সমস্যা সদায় মুধাফুটা সকলক লৈ বেছি । সিহঁতৰ চতুৰালি হোজাই বুজিব নোৱাৰে । সেইটোৱেই তেওঁলোকৰ আচল ডিগ্ৰী চাগৈ । দুৰাচাৰ সকলৰ এই কাৰ্য্য সমূহে সৎ সকলৰ সমাজত মান অৱনমিত কৰিছে , যিটো দেশৰ দুৰ্ভাগ্য ।




Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?