আৱেগ আনকহে সফলতাপূৰ্বক দিব বা বেচিব পাৰিব লাগিব
নিজক মাৰ্বলৰ গুটিৰ দৰে প্ৰস্তুত কৰিব নোৱাৰিলে ৰাজনীতি কৰা অনুচিৎ । যি ফালে ভৰ পৰে সেইফালে বাগৰি যোৱাৰ কথাটো থাকিব লাগিব ।
১৯৭৯ ৰ পৰা ছাত্ৰ ৰাজনীতিত আৰম্ভ কৰি শেষত কোনো দল বিশেষত নহ'লেও ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থাকি হোৱা অভিজ্ঞতা বোৰ আমাৰ সন্তান সকলকো সদায় কৈ আহিছোঁ । হাত চাপৰি বাই জীৱনৰ মহামূল্যবান সময়খিনি পাৰকৰি দিয়াৰ পিছত একোজন মানুহৰ #কাবিলিয়ৎ নোহোৱা হৈ যায় আৰু বিশেষ একোটা দিশত পাৰ্গত হোৱাৰ বাদে সমাজৰ কুশল চিন্তা কৰিব পৰা একো কামৰ মানুহো নহয়গৈ । ফলত সৰু পৰিসৰত ( ক্লাৱ , পূজা -বিহু- যজ্ঞ , ভাওনা , মহোৎসৱ ইত্যাদি বোৰত ) পাল পাতি কেৱল সম্পাদক -সভাপতি হৈ পৰিয়াল চলাই থকাৰ বাহিৰে অন্য কামৰ যোগ্যতা নেথাকে ।
ৰাজনীতি বেয়া বুলি নকওঁ । যি adjust কৰিব পাৰে , ৰাজনৈতিক চতুৰতা আছে , প্ৰচণ্ড বাক পটুতা আছে , সময়ৰ সোঁতত বাগৰি ফুৰিব জানে সেই সকলৰ বাবে ৰাজনীতি নিশ্চয়কৈ ভাল ।
ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে সেয়েহে এই দিশবোৰ মন কৰিব লগা কথা । জীৱনৰ প্ৰতিটো সময়ৰ বাবে ভগৱানে কৰ্ম নিৰ্দ্দিষ্ট কৰি দিছে । যি সময়ৰ কাম কৰি যায়, তেওঁ কৃতিত্ব আৰ্জন কৰে । জীৱনটোক উপভোগ কৰাৰ Gear ডাল লগাবৰ বাবে এটা নিৰ্দিষ্ট সময় থাকে । তাৰ আগতেই লগালে টানিব নোৱাৰে , পিছত লগালে motion নেথাকে । এইবোৰ আমি আমাৰ জীৱনৰ মহা মূল্যবান সময়ৰ অপব্যৱহাৰ কৰি আৰ্জন কৰা জ্ঞান ।
ৰাজনীতিত আৱেগ আনক সফলতাপূৰ্বক দিব বা বেচিব পাৰিব লাগিব । নিজে কিন্তু #আৱেগহীন , #অনুভূতিহীন ব্যক্তি হ'ব লাগিব । মানুহক আকৃষ্ট কৰিব পৰা কথাবোৰ ৰাজনৈতিক তাগিদাত ক'লেও তাক কৰ্মৰ যোগেদি সমাজলৈ সততাৰে transform কৰাৰ চিন্তা কৰাটো সফল ৰাজনৈতিক নেতাৰ গুণ বা লক্ষণ নহয় । এইবোৰ পেশা সকলোৰে বাবে বৰ সহজ সাধ্য নহয় বাবেই সকলোৱে ৰাজনীতি কৰিব নোৱাৰে । আৱেগ থকা সকলে নিজৰ জীৱনৰ উৎকৰ্ষৰ বাবে কাম কৰাহে ভাল ।

Comments
Post a Comment