জাতিৰ ভিতৰত ঈৰ্ষা ভাবে জাতীয় ক্ষতিৰ এট কাৰক হয়

আমি প্ৰত্যেকজন অসমীয়াই আমাৰ যুৱ প্ৰজন্মৰ সকলোকে তেওঁলোকৰ নিজ নিজ বিষয়ত  দক্ষতা প্ৰকাশ কৰিবলৈ উৎসাহ দিব লাগে । লাগে তেওঁ আমাৰ পৰিয়াল কেন্দ্ৰীক শত্ৰুতাৰ আওঁতাত থকা পৰিয়ালৰ সন্তান হওঁক  বা অতি শত্ৰু বুলি ভবা চুবুৰীয়া জনৰ সন্তান হওঁক । তেওঁ যি ভাষা -ধৰ্ম- পণ্ঠৰ হওঁক , ভৱিষ্যতত আমাক এখন শক্তিশালী সমাজ, শক্তিশালী দেশৰ প্ৰয়োজন । আনক খুচৰি বেছি সময় ব্যয় কৰি আমি কোনো দিনেই  নিজক আৰু নিজৰ জাতিক প্ৰতিষ্ঠা দিব নোৱাৰো ।

মই তেনে বহু লোক পাইছো যি আনৰ সন্তানে কিবা ভাল কামত নিজৰ প্ৰতিভা প্ৰকাশ কৰি প্ৰতিষ্ঠা হোৱাটো সহ্য কৰিব নোৱাৰে । এইটো এটা ডাঙৰ বেমাৰ । আৰ্থিক ভাৱে অতি জুৰুলা পৰিয়ালৰ ল'ৰা এটাই বৰ ভালকৈ উচ্চতৰ মাধ্যমিকত পাছ কৰা পাইছিলো । একেলগে মোমায়েকৰ ল'ৰাইও পাছ কৰিলে । দুইটাই চিকিৎসা বিজ্ঞানৰ বাবে পৰীক্ষা দিলে । পৰীক্ষাৰ ফল নোলোৱা পৰ্যন্ত মামীয়েকৰ মুখত এটাই কথা । তাকনো এইবোৰ পৰীক্ষা দিবলৈ দিব লাগেনে ? কোনো guide নাই , কথা নাই বাৰ্তা নাই ...., ধেৎ , ডাক্তৰ হ'ব !! " সময়ত  ফলাফল  ওলাল আৰু সি প্ৰথম তালিকাতে  চিট পালে । মামীয়েকৰ ল'ৰাই নেপালে । কোনোবা এজন দেশ হিতৈশীয়ে ল'ৰাটো পঢ়োৱাৰ ভাৰ ল'লে মনে মনে । এতিয়া সি অতি সফল, অতি জনপ্ৰিয় চিকিৎসক । আৰু ইজন !! তেওঁক খ্যাতি আৰ্জনৰ শিক্ষাৰ পৰিবৰ্তে ঈৰ্ষাৰ বিদ্যা শিকাই নষ্ট কৰা হ'ল । সন্তান সকল সমাজৰ সম্পদ । যাৰেই নহওক কিয় !

সম্বল অতি সীমিত হ'লেও মই সদায় প্ৰযত্ন ৰাখি আহিছোঁ তেনে নক্ষত্ৰ বোৰক অকণমান সহযোগ কৰি প্ৰতিষ্ঠা কৰাৰ বাবে । সেইবোৰ মোৰ বা আমাৰ সন্তান ।

 এনে কোনো বিষয় নাই যি বিষয়ে পঢ়ি দেশৰ উন্নতি কল্পে কাম কৰাৰ থল নাই । সেয়ে যাৰেই সন্তান নহওঁক , তেওঁ আমাৰ সন্তান বুলি লৈ উৎসাহিত কৰিবলৈ সংকোচ কৰা সকলেই সমাজৰ শত্ৰু । তেওঁলোকে যি পঢ়াৰ আগ্ৰহ দেখুৱাই তাত কিমান ওপৰলৈ scope আছে সেয়া বুজাই দি তেওঁলোকৰ মনত এটা সপোনৰ জন্ম দিব পৰাটো ভাল নাগৰিকৰ কৰ্তব্য । "অমুকটো পঢ়ি কি কচুটো কৰিবি অ ?" বা "পঢ় বাৰু তাকেই , এনেই থকাতকৈ কিবা এটা কৰি থাক !" জাতীয় বাক্যই কাৰোবাৰ আশাত চেঁচা পানী ঢালে ।

যাৰ অদম্য বিশ্বাস থাকে তেওঁক কিন্তু নিৰুৎসাহ কৰা অসম্ভৱ । মামীয়ে এতিয়া ভাগিনৰ চিকিৎসা নল'বনে ?

My dear young energetic youths of my motherland, If you want to do something , do it now. If you don’t, you’re going to regret it.


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?