ক'ৰবাত কিবা এটা ত্ৰুতি হৈছে চৰকাৰৰ

ক'ৰবাত কিবা এটা ত্ৰুতি হৈছে যাৰ বাবে চৰকাৰ যোৱা এটা বছৰত বিশেষ একো আগবাঢ়িব পৰা নাই । বিদ্যুতৰ অভাৱ একেই আছে , ৰাজ্যৰ সকলো পথৰ অৱস্থা একেই নাই (আগতকৈ ভয়ংকৰ হৈছে ) , বহু কাম পুনঃ পৰ্যালোচনাৰ সময়ৰ অভাৱত  আগৰ চৰকাৰৰ ব্যৱস্থাতে চলি আছে  , বিভিন্ন ক্ষেত্ৰত বিভিন্ন #তৰিকাত দুৰ্নীতি হৈ আছে, সময় নিৰ্দ্দিষ্ট কৰি কৰা ঘোষণা বোৰ সময়মতে কাৰ্যকৰী হোৱা নাই , বিভাগ বোৰত মুকলি লেনদেন নোহোৱা বাবে ওপৰৰ পৰা তললৈ ফাইলবোৰ নোযোৱা হৈছে , একেই বিভাগত কাম কৰা নিজৰ সহকৰ্মীৰ ব্যক্তিগত ফাইল বিনা উপধৌকনত লৰচৰ নকৰাৰ পূৰ্বৰ #নিৰ্লজ #অভ্যাসবোৰ  বহুতে ত্যাগ কৰিব পৰা নাই , নিজৰ সুবিধা মতে #ভাল (!) ঠাইত posting লোৱা বিষয়া সকলে আগৰ দৰেই লৈ আছে আৰু ১৫/২০ বছৰ খাই আছে , ইত্যাদি এশ এবুৰি অব্যৱস্থা চলি আছে ।

আমাৰ দৰে অপৰিপক্ক , ৰাজনৈতিক জ্ঞান শুন্য , বিৰাট শিক্ষাগত অৰ্হতা নথকা নাগৰিকে চৰকাৰক কিবা পৰামৰ্শ দিয়াৰ ধৃষ্টতা নকৰোঁ । তথাপি মনতে ভবা কেইটামান কথা লিখি দিওঁ বুলি এইবাবেই ভাবিলোঁ যে অন্য কাৰোবাৰ চকুত পৰিলে দেওবাৰে দিনটোত অন্ততঃ হাঁহিৰ খোৰাক পাব ।

১) মুখ্যমন্ত্ৰী মহোদয়ে এটা অতি শক্তিশালী team তৈয়াৰ কৰি ল'ব পাৰে যি কেৱল  তোষামোদ আৰু  হয়-হয় নকৰি দৈনন্দিন ৰাজ্যৰ সকলো বিভাগৰ কামৰ feedback  মহোদয়ক নিভাজকৈ দিব পাৰে । সেই সকল স্বাভাৱগত ভাৱে কাৰো কোনো চিফাৰিচ্ নকৰা  ব্যক্তি হোৱা দৰকাৰ ।
২) প্ৰতিটো বিভাগৰ হৈ থকা কাম আৰু কাইলৈ কৰিবলগা কামৰ সাপ্তাহিক খতিয়ান লওঁক । এই ব্যৱস্থাই বিভাগ -মন্ত্ৰীৰ তৎপৰতা বঢ়াব আৰু দায়িত্ব ল'ব ।
৩) দৈনন্দিন চৰকাৰী আঁচনিৰ কামবোৰৰ ধন জিলা -মহকুমা সদৰলৈ সময়ত গৈছে নে সঞ্চালক আদিৰ কাৰ্যালয়ত ৰৈ গৈছে তাৰ বুজ পোনে পোনে ফোন কৰিও লোৱাৰ ব্যৱস্থা হওঁক । ৰাইজৰ চৰকাৰে জনস্বাৰ্থত গ্ৰমসেৱক -অঙ্গনাবাদী- আশাকৰ্মী একোগৰাকীকো সোধক । মুখ্যমন্ত্ৰীৰ এটা ফোনে তেওঁলোকৰ মনোবলো বঢ়াব আৰু দুষ্ট সকলৰ কামৰ সম্ভেদো পাব ।
৪) দেশৰ বিশাল ৰাজ্য উত্তৰ প্ৰদেশে কি দৰে তৎক্ষণাত  বিজুলী যোগাৰ কৰিছে তাৰো এটা উমান লওঁক ।
৫) গড়কাপ্তানী বিভাগক চৰকাৰে পথৰ উন্নতিৰ বাবে কিমান হেজাৰৰ কিস্তি এৰি দিলে সেয়া জানি ৰাইজৰ আনন্দ হ'ল । কিন্তু কামবোৰ কোনটো কেতিয়া কৰাৰ আঁচনি সম্পূৰ্ণ কৰিলে সেইবোৰ বিজ্ঞাপন দিয়েই জনাওঁকচোন এবাৰ । জনপ্ৰতিনিধি সকলৰ পৰিবৰ্তে সেইটো চৰকাৰেই কৰকচোন ।
৬) কিছুমান কাম জনসাধাৰণৰ সৈতে চৰ্চা কৰি কৰিলে চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হ'ব বুলি বিশ্বাস । উদাহৰণত কওঁ - আজি যোৰহাট নগৰৰ বহু নোহোৱা স্থানত বানপানী হৈছে । তৰাজানৰ ক'ত অৱৰোধ হৈছে বিভাগে জানিব লাগিব ।  কৃত্ৰিম বান ৰোধ কৰাৰ বাবে উপযুক্ত কাৰিকৰী ব্যক্তিৰ পৰামৰ্শ লোৱা হৈছে নে নাই সেইটো চৰকাৰে নজৰ দিয়া দৰকাৰ । আজিকালি দক্ষতাৰ বিষয় বোৰ চিল-মোহৰতো চলে বুলি শুনো  আৰু তাৰ একোটা পৰিণতি আমি দেখা পাওঁ । তেনে কাম নহওঁক আৰু ।
৭) কৰ্মদক্ষতা যুক্ত ব্যক্তিক দায়িত্ব  আৰু ৰাজনৈতিক সংস্থাপনৰ যোগেদি  লাভ দুইটাকে কোনো কোনো গুৰুত্বপূৰ্ণ  স্থানত সুকীয়াকৈ  আগবাঢ়িলে চৰকাৰৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব পাৰে । কেৱল আমোলা নিৰ্ভৰহৈ পদবী অলংকৃত কৰাৰ হাবিয়াস থকা লোকৰ পৰা উন্নতি আশা কৰা সম্ভৱ নহয় ।

বহুত কথা মনৰ মাজত আছে যদিও দেওবাৰে দিনটোত ইমানেই খোৰাক দিলোঁ ।


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?