Posts

Showing posts from July, 2017

দেশৰ মান্যবৰ সকলৰ কেলেংকাৰী !!

Image
ক'ত ক'ত কেলেংকাৰী নাছিল সেইটোহে  বিচাৰ্য বিষয় হ'বগৈ । মানুহ গঢ়াৰ অনুষ্ঠান বিশ্ববিদ্যালয় । য'ত  ১০ টকা Retail ত পোৱা CD (22 টকা নহয়) ২৮ টকাৰে ক্ৰয় কৰাৰ শিক্ষা দিয়ে !!  এনে উচ্চ শিক্ষাৰ অনুষ্ঠান ওলাব য'ত দুবছৰ আগত চৰকাৰী ফাণ্ডেৰে নিৰ্মাণ হোৱা ঘৰ RUSA ( Rashtriya Uchchatar Shiksha Abhiyan) ৰ পৰা পোৱা অনুদানত Utilization Certificate দিয়ে ।   এই সকল শিক্ষাৰ ঠিকাদাৰ । ছিঃ , ঘৃণাত নাক কোচখাই গৈছে । যোৰহাটত IAS প্ৰশিক্ষণৰ প্ৰতিষ্ঠান "বৰঠাকুৰ IAS একাডেমী"  চলোৱা প্ৰাক্তন IAS বিষয়াজন দুৰ্নীতিৰ কেলেংকাৰীত জেল হাজোতত !! আৰু দেশৰ প্ৰশাসনৰ দণ্ডিকা উপযুক্ত লোকৰ হাতত দিবৰ বাবে দায়িত্ব দিয়া মহা দুৰ্নীতিৰ নায়ক ৰাকেশৰ পৰীক্ষা পতাৰ নমুনা এয়া । এই সমস্ত কাৰ্য্য চাই এই দেশৰ উন্নতিকল্পে  কোন ভদ্ৰলোকে কি আশা কৰিব পাৰে  কওঁক !  এটা অতি দুৰ্দান্ত দুৰ্নীতিকাৰী চক্ৰৰ হাতত দেশৰ ক্ষমতাৰ বাঘজৰী দীৰ্ঘ দিনলৈ  দি আজি সীমাহীন তদন্তত চৰকাৰ ব্যস্ত । কাক বিশ্বাসত লৈ কোনে তদন্ত কৰিব এতিয়া ? মোৰ দৰে হোজা ঘটিৰাম বাটিৰামে এইবোৰ কথাৰ বুজ পোৱা টান । আন বিশ্ববিদ্যালয়ৰ বিষয়েও শ...

ALUMINIUM CONDUCTOR বোৰৰ Life আৰু পৰিবহন ক্ষমতা কিমান ?

Image
অসমত এইবছৰ বিদ্যুত তাঁৰ পৰি ইমান মানুহ স্বৰ্গগামী হৈছে কিয় এই বিষয়ে বিভিন্ন লোকৰ লগত কথা পাতোতে বিশেষজ্ঞ অভিযন্ত্ৰা দুই একে কৰা মন্তব্য মন কৰিব লগা পাইছিলোঁ । APDCL ৰ বিদ্যুত পৰিবাহী ALUMINIUM CONDUCTOR বোৰৰ Life কিমান সেই সম্পৰ্কে আমি সাধাৰণ লোকে একো নেজানো । বা এইবোৰৰ মান সম্পৰ্কেও আমি জ্ঞাত নহয় । কথা হ'ল আমি বিভিন্ন কামত ঘৰত বা উদ্যোগ বোৰত ব্যৱহাৰ কৰা তাঁৰ ডাল  কি কামত ব্যৱহাৰ হ'ব তাক ভিত্তি কৰি   0 .5 mm , 1mm ...10mm থাকে । অৰ্থাৎ কিমান load হ'ব তাৰ ওপৰত conductor ব্যৱহাৰ হয় । ধৰি লওঁ আমাৰ চুবুৰীত ৩০ বছৰ আগতে ৪০ ঘৰ মানুহ আছিল । সেই মতে পথৰ কাষৰ পোষ্টত conductor আৰু ১০০ KVA transformer আছিল । পিছত মানুহ বাঢ়ি ১৫০ ঘৰ হ'ল । Voltage নেথাকে আৰু সঘনাই transformer জ্বলে । পিছে ব্যক্তিগত কোনোবাই যদি transformer apply কৰে তেনে 100KVA  Transformer -ত 80KVA  load - লোৱাৰ  অনুমতিহে  APDCL ৰ পৰা দিয়ে । এতিয়া প্ৰশ্ন হ'ল , চৰকাৰৰ বিভিন্ন আঁচনিত বিদ্যুত বিতৰণ ব্যৱস্থা বাঢ়ি গৈ আছে আৰু সাধাৰণ অৱস্থাত মানুহৰ ঘৰো বাঢ়ি গৈ আছে । APDCL ৰ বৰ্তমান থকা Conductor বোৰৰ বহন ক্ষম...

জাতিৰ ভিতৰত ঈৰ্ষা ভাবে জাতীয় ক্ষতিৰ এট কাৰক হয়

Image
আমি প্ৰত্যেকজন অসমীয়াই আমাৰ যুৱ প্ৰজন্মৰ সকলোকে তেওঁলোকৰ নিজ নিজ বিষয়ত  দক্ষতা প্ৰকাশ কৰিবলৈ উৎসাহ দিব লাগে । লাগে তেওঁ আমাৰ পৰিয়াল কেন্দ্ৰীক শত্ৰুতাৰ আওঁতাত থকা পৰিয়ালৰ সন্তান হওঁক  বা অতি শত্ৰু বুলি ভবা চুবুৰীয়া জনৰ সন্তান হওঁক । তেওঁ যি ভাষা -ধৰ্ম- পণ্ঠৰ হওঁক , ভৱিষ্যতত আমাক এখন শক্তিশালী সমাজ, শক্তিশালী দেশৰ প্ৰয়োজন । আনক খুচৰি বেছি সময় ব্যয় কৰি আমি কোনো দিনেই  নিজক আৰু নিজৰ জাতিক প্ৰতিষ্ঠা দিব নোৱাৰো । মই তেনে বহু লোক পাইছো যি আনৰ সন্তানে কিবা ভাল কামত নিজৰ প্ৰতিভা প্ৰকাশ কৰি প্ৰতিষ্ঠা হোৱাটো সহ্য কৰিব নোৱাৰে । এইটো এটা ডাঙৰ বেমাৰ । আৰ্থিক ভাৱে অতি জুৰুলা পৰিয়ালৰ ল'ৰা এটাই বৰ ভালকৈ উচ্চতৰ মাধ্যমিকত পাছ কৰা পাইছিলো । একেলগে মোমায়েকৰ ল'ৰাইও পাছ কৰিলে । দুইটাই চিকিৎসা বিজ্ঞানৰ বাবে পৰীক্ষা দিলে । পৰীক্ষাৰ ফল নোলোৱা পৰ্যন্ত মামীয়েকৰ মুখত এটাই কথা । তাকনো এইবোৰ পৰীক্ষা দিবলৈ দিব লাগেনে ? কোনো guide নাই , কথা নাই বাৰ্তা নাই ...., ধেৎ , ডাক্তৰ হ'ব !! " সময়ত  ফলাফল  ওলাল আৰু সি প্ৰথম তালিকাতে  চিট পালে । মামীয়েকৰ ল'ৰাই নেপালে । কোনোবা এজন দেশ হিতৈশীয়ে ল'ৰা...

আমিয়েই সমাজৰ Most Idiot and Stupid person

Image
"মা" গুৱাহাটীলৈ গৈ বাথৰুমত পৰি ককালটো ভাঙিছিল ১৯৯৪ চনত । GMCH ত ৪৫ দিন থাকিল । ডাক্তৰ অনিল মহন্ত ছাৰে অস্ত্ৰোপচাৰ কৰিলে । মই তেতিয়া ৰঙিয়াত কোম্পানীৰ চাকৰি কৰো । দুজন দাদা চৰকাৰী চাকৰিত যোৰহাটত থাকে । মোৰ  দীৰ্ঘ দিনৰ ছুটি দেখি  কনিষ্ঠ সহকৰ্মী এজনে মোক এদিন  ক'লে "আপোনাৰ কি দৰকাৰ লাগি থাকিবলৈ ?" মই তেতিয়া আচৰিত হৈ তেওঁলৈ চাই অজানিতে কৈ পেলাইছিলো - "আপোনাৰ কি দৰকাৰ??" আজি তেওঁৰ কথাৰ অৰ্থটো  বুজিলোঁ । আজি বুজিলোং , মই আৰু মোৰ বাহিৰে বেলেগ চিন্তা কৰা মানুহ কেইটাই সমাজৰ   Most Idiot and Stupid person , হাঃ হাঃ হা বিশ বছৰৰ আগত দেউতা অসুস্থ হৈছিল । যোৰহাটত চৰকাৰী ডাক্তৰ মান্যবৰ শ্ৰীযুত  Kartik Baruah ছাৰৰ চিকিৎসা লৈছিল । Hemoglobin 5% হ'ল । মাত কথা প্ৰায় নাই । মই তেতিয়া ৰঙিয়াত চাকৰি কৰো । মোক ঘৰৰ পৰা খবৰ দিলে দেউতাৰ serious  । আহি দেখোঁ দেউতাৰ ভৰি হাত বোৰ ফুলি গৈছে বেয়াকৈ । টিপি দিলে গাঁত হৈ যায় । ঘৰৰ সকলোৱে দেউতা দুই এদিনতে যাব বুলি নিশ্চিত । মই  বৰুৱা ছাৰৰ ওচৰলৈ গ'লো । তেখেতে immediately  6 unit মান blood দিয়াৰ কথা লিখিছিল । সেই সময়ত আজি...

ৰাইজৰ আগত আত্ম সমৰ্পণ কৰক , ক্ষমা পাব

Image
মানুহে নিৰ্দিষ্ট কৰা ভৌগোলিক সীমাৰ ভিতৰত  আমি সকলো মানুহৰ সমষ্টিয়েই #দেশ । তাক আমি বঢ়াব-কমাব পাৰোঁ । আন জীৱ সকলক দেশ বুলিবলৈ কোনো সীমাৰ প্ৰয়োজন নাই আৰু সেয়ে কাটা তাঁৰৰ বেৰা বা অন্যান্য ব্যৱস্থাৰ প্ৰয়োজন নাই । সামূহিক সা সুবিধা আৰু অধিকাৰ সাব্যস্ত কৰি শান্তিপূৰ্ণ ভাৱে ভগৱান প্ৰদত্ত মানৱীয় গুণ- গৰিমাৰ বিকাশ ঘটাবৰ সুবিধাৰ বাবেই আমি জন সমষ্টি সমূহে সমাজ -ৰাজ্য-দেশ পাতি বাস কৰোঁ । সেয়ে চিন , আমেৰিকা বা জাপানৰ তুলনাত মোৰ দেশ উৎকৃষ্ট - সেই চিন্তা সকলোৱে মনত ৰাখি চলিব লাগিব । সকলোৱে বুলি কওঁতে কঠিয়া পৰা শ্ৰমিক জনৰ পৰা এবছৰত ৫০০০ গুণ সম্পদ বৃদ্ধিৰ হাবিয়াস কৰা মন্ত্ৰী জনলৈকে । যাৰ মনত ৰাষ্ট্ৰীয়তাবোধতকৈ অধিক গুৰুত্ব বৈষয়িক আৰু ইন্দ্ৰীয় সুখভিত্তিক হ'ব , তেওঁ এবাৰলৈও নিজৰ ৰাষ্ট্ৰীয় চিন্তাক প্ৰাধান্য দিব নোৱাৰে । দল নিৰ্বিশেষে  আমি প্ৰতি বিষয়বস্তুত নিজৰ মাজত খিয়লা-খিয়লী কৰাতকৈ সমাজৰ কল্যাণত নিজৰ বিচাৰ ধাৰাৰেই কাম কৰাত কি অসুবিধা ?? আগৰ চৰকাৰৰ দিনত বিজুলীৰ তাঁৰত লাগি ১০ জন লোকৰ প্ৰাণ গৈছিল বুলিয়েই মোৰ চৰকাৰৰ দিনত ৫ জনৰ প্ৰাণ যোৱাটো স্বীকৃতি দিয়া উচিত , নে এজনো মানুহ আৰু এটাও পশুধনৰ ক্ষত...

ত্যাগৰ মনোভাৱ অবিহনে দেশ সেৱা সম্ভৱ নহয়

গুৰু পূৰ্ণিমাৰ দিনত ভগৱদ্ধজক প্ৰণাম কৰি ঃ বিশ্বৰ সৰ্ববৃহৎ সংস্থা এটাৰ সৈতে সুদীৰ্ঘ ৩৩ বছৰ সংযুক্ত থাকি কেইটামান  কথাত নিশ্চিত হ'লো । চৰকাৰে কোনোবা মানুহৰ উন্নতিৰ বাবে অহৰহ বিভিন্ন সামগ্ৰী বিনামূল্যে বিতৰণ কৰি তেওঁলোকৰ উন্নতি সাধন কৰিব নোৱাৰে । যোৱা ৭০ বছৰে কম্বল-আঠুৱা-সূতা পোৱা কিমান মানুহৰ আমি  উন্নতি হোৱা দেখিছো ? এনৰেগা -মেনৰেগাৰ সুন্দৰ আঁচনিক নস্যাৎ কৰি হকে বিহকে যোগ্য অযোগ্য লোকৰ মাজত ধন বিতৰণ কৰি কৰ্মৰ প্ৰতি অনিহা সৃষ্টি কৰাই নহয়, কৰ্ম কৰাৰ বাবে মানুহ আমদানি কৰিবলগীয়া হ'ল । এই ব্যৱস্থাই সমগ্ৰ ভাৰতত কৰ্ম বিমুখ মানুহৰ সৃষ্টি কৰিলে । অন্তৰালত চৰকাৰী দলৰ মানুহৰ অবৈধ উপাৰ্জন । দেশৰ সাধাৰণ দুখীয়া মানুহৰ কাৰ কিমান উন্নতি হ'ল তেনে ? মানুহক ৰাষ্ট্ৰই সদায় কৰ্ম মুখী কৰিব লাগে । নিজৰ উন্নতিৰ যোগেদি ৰাষ্ট্ৰক সবল কৰাৰ সেইটো সঠিক উপায় । " যাচি দিয়া সোণৰ মূল্য নায় ।" ১৯৮৩ চনত আছুত থাকোঁতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেই সময়ৰ যোৰহাটৰ বিস্তাৰক শ্ৰীমথুৰ বৰ্মনক লগ পালোঁ । তেওঁৰ বহুবাৰৰ আমন্ত্ৰণ নেওচিব নোৱাৰি এদিন কাৰ্যালয় গ'লো । সেয়াই আৰম্ভণি । তাৰ পিছত বিভিন্ন কাৰ্যসূচী...

আৱেগ আনকহে সফলতাপূৰ্বক দিব বা বেচিব পাৰিব লাগিব

Image
নিজক মাৰ্বলৰ গুটিৰ দৰে প্ৰস্তুত কৰিব নোৱাৰিলে ৰাজনীতি কৰা অনুচিৎ । যি ফালে ভৰ পৰে সেইফালে বাগৰি যোৱাৰ কথাটো থাকিব লাগিব । ১৯৭৯ ৰ পৰা ছাত্ৰ ৰাজনীতিত আৰম্ভ কৰি শেষত কোনো দল বিশেষত  নহ'লেও ৰাজনৈতিক  ক্ষেত্ৰত জড়িত হৈ থাকি হোৱা অভিজ্ঞতা বোৰ আমাৰ সন্তান সকলকো সদায় কৈ আহিছোঁ । হাত চাপৰি বাই জীৱনৰ মহামূল্যবান সময়খিনি পাৰকৰি দিয়াৰ পিছত একোজন মানুহৰ #কাবিলিয়ৎ নোহোৱা হৈ যায় আৰু বিশেষ একোটা দিশত পাৰ্গত হোৱাৰ বাদে সমাজৰ কুশল চিন্তা  কৰিব পৰা  একো কামৰ মানুহো নহয়গৈ । ফলত সৰু পৰিসৰত ( ক্লাৱ , পূজা -বিহু- যজ্ঞ , ভাওনা , মহোৎসৱ  ইত্যাদি বোৰত ) পাল পাতি কেৱল  সম্পাদক -সভাপতি হৈ পৰিয়াল চলাই থকাৰ বাহিৰে অন্য কামৰ যোগ্যতা নেথাকে । ৰাজনীতি বেয়া বুলি নকওঁ । যি adjust কৰিব পাৰে , ৰাজনৈতিক চতুৰতা আছে , প্ৰচণ্ড বাক পটুতা আছে ,  সময়ৰ সোঁতত বাগৰি ফুৰিব জানে সেই সকলৰ বাবে ৰাজনীতি নিশ্চয়কৈ  ভাল । ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে সেয়েহে এই দিশবোৰ মন কৰিব লগা কথা । জীৱনৰ প্ৰতিটো সময়ৰ বাবে ভগৱানে কৰ্ম নিৰ্দ্দিষ্ট কৰি দিছে । যি সময়ৰ কাম কৰি যায়, তেওঁ কৃতিত্ব আৰ্জন কৰে । জীৱনটোক উপভো...

ক'ৰবাত কিবা এটা ত্ৰুতি হৈছে চৰকাৰৰ

Image
ক'ৰবাত কিবা এটা ত্ৰুতি হৈছে যাৰ বাবে চৰকাৰ যোৱা এটা বছৰত বিশেষ একো আগবাঢ়িব পৰা নাই । বিদ্যুতৰ অভাৱ একেই আছে , ৰাজ্যৰ সকলো পথৰ অৱস্থা একেই নাই (আগতকৈ ভয়ংকৰ হৈছে ) , বহু কাম পুনঃ পৰ্যালোচনাৰ সময়ৰ অভাৱত  আগৰ চৰকাৰৰ ব্যৱস্থাতে চলি আছে  , বিভিন্ন ক্ষেত্ৰত বিভিন্ন #তৰিকাত দুৰ্নীতি হৈ আছে, সময় নিৰ্দ্দিষ্ট কৰি কৰা ঘোষণা বোৰ সময়মতে কাৰ্যকৰী হোৱা নাই , বিভাগ বোৰত মুকলি লেনদেন নোহোৱা বাবে ওপৰৰ পৰা তললৈ ফাইলবোৰ নোযোৱা হৈছে , একেই বিভাগত কাম কৰা নিজৰ সহকৰ্মীৰ ব্যক্তিগত ফাইল বিনা উপধৌকনত লৰচৰ নকৰাৰ পূৰ্বৰ #নিৰ্লজ #অভ্যাসবোৰ  বহুতে ত্যাগ কৰিব পৰা নাই , নিজৰ সুবিধা মতে #ভাল (!) ঠাইত posting লোৱা বিষয়া সকলে আগৰ দৰেই লৈ আছে আৰু ১৫/২০ বছৰ খাই আছে , ইত্যাদি এশ এবুৰি অব্যৱস্থা চলি আছে । আমাৰ দৰে অপৰিপক্ক , ৰাজনৈতিক জ্ঞান শুন্য , বিৰাট শিক্ষাগত অৰ্হতা নথকা নাগৰিকে চৰকাৰক কিবা পৰামৰ্শ দিয়াৰ ধৃষ্টতা নকৰোঁ । তথাপি মনতে ভবা কেইটামান কথা লিখি দিওঁ বুলি এইবাবেই ভাবিলোঁ যে অন্য কাৰোবাৰ চকুত পৰিলে দেওবাৰে দিনটোত অন্ততঃ হাঁহিৰ খোৰাক পাব । ১) মুখ্যমন্ত্ৰী মহোদয়ে এটা অতি শক্তিশালী team তৈয়াৰ কৰি ল'ব...